বিয়া নেকি? প্ৰয়োজন হ'লে আছে আয়োজন...

বিয়া নেকি? প্ৰয়োজন হ'লে আছে আয়োজন...

বিয়াৰ আয়োজন চলিছে নেকি? খোৱা-বোৱা, পেণ্ডেল, ৰভা, সকলো চাগে বন্দোবস্ত হৈ গৈছে। ১০-১৫ লাখ টকা অতিকমেও লাগে একোখন বিয়াত। গহনা-গাথৰিতো ব্য়য় এতিয়া বহু বাঢ়িল। পিছে এইবোৰ আয়োজনৰ পাছতো আন এক আয়োজন আপুনি কৰিবলৈ পাহৰি যায়।সেই আয়োজনেই আপোনাৰ বিয়াখনত কৰি দিব 'আয়োজন'য়ে। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন-

বিয়া বুলি ক'লেই বহু প্ৰস্তুতি লাগে। আগতে এখন বিয়া অনুষ্ঠিত কৰোতে বহু পৰম্পৰা মানি চলা হৈছিল। অসমীয়া সমাজত বিয়াৰ আয়োজন কৰাৰ সেই পৰম্পৰাগত নীতি-নিয়ম সমূহ এতিয়া বহুতে নাজানে।

কোনো কোনোৱে জানিলেও সেই পৰম্পৰাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি, সামগ্ৰীৰ ব্যৱস্থা কৰাতো এতিয়া এক ডাঙৰ কাম। সেই কামকেই যদি কোনোবাই আপোনাৰ বিয়াখনত কোনো চিন্তা নোহোৱাকৈ কৰি দিয়ে তেন্তে সেই সুবিধা লোৱাত আপত্তি ক'ত?

প্ৰথম লকডাউনৰ পাছত কিছুদিন স্বাভাৱিক কাম-কাজ আৰম্ভ হৈছিল। সেই সময়তেই মধুমিতা শৰ্মাৰ বান্ধৱী সংগীতা গোস্বামীৰ পুত্ৰৰ বিবাহ অনুষ্ঠান আছিল। লকডাউনৰ সময়চোৱাত বহু নতুন চিন্তাৰে কাম কৰাৰ অৱকাশ পাইছিল মধুমিতা শৰ্মাই।

তেনে এক চিন্তাৰ ফচল আছিল বিবাহ অনুষ্ঠানত কিছু মাংগলিক কামৰ বাবে সহায় কৰা। বান্ধৱী সংগীতা গোস্বামীয়ে সেই কথা জানিছিল। সেয়েহে তেওঁৰ পুত্ৰৰ বিয়াখনৰ পৰাই এই কাম আৰম্ভ কৰিবলৈ অনুৰোধ কৰিছিল মধুমিতা শৰ্মাক।

সেয়াই আছিল আৰাম্ভণী। এখন বিয়াৰ বাবে প্ৰয়োজনীয় মাংগলিক অনুষ্ঠানৰ সকলো দায়িত্ব লৈছিল মধুমিতা শৰ্মাই। পুৰোহিতৰ পৰা আৰম্ভ কৰি কলপুলিলৈকে সকলোখিনি ব্যৱস্থা কৰি দিছিল।

নিয়ম অনুসৰি মাছ দিয়াৰ বাবে মাছ, ফল-মূল, মিঠাইৰ টোপোলা, দৰা-কইনাৰ সাজ-পোচাক, পানী তোলাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী, মাংগলিক কাৰ্যৰ বাবে ডেকৰেশ্যন, বুকে, চকলেট আৰু আন সকলো পূজাৰ সামগ্ৰী বাবে কোনো চিন্তা কৰিব নালাগে।

সকলো আয়োজন কৰাৰ পাছতো এইবোৰ আয়োজন কৰিবলৈ গৃহস্থই অৱকাশ নাপায়। মহানগৰীত এইবোৰ বিচাৰ-খোচৰ কৰাটোও কম জটিল কাম নহয়। লাগ বুলিলেই বৰমালা, তুলসী মালা সময়ত বিচাৰিনো পাই ক'ৰ পৰা।

পানী তুলিবলৈ যাঁওতে গোৱা আয়তীৰ সেই বিয়ানামবোৰ এতিয়া জানেনো কিমানে? বহুতে আকৌ পানী তোলাত ব্যৱহাৰ কৰা লোটাটোকেই চিনি নাপায়। ধুম-ধামেৰে বিয়াবোৰ হৈ যায়। হৈ যায় মেহেন্দী, সংগীত আদি অনুষ্ঠানবোৰো। কিন্তু থাকি যায় এই পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতিবোৰ।

এই কামকে এখন বিয়াত সহজ কৰি সকলোখিনি সম্ভৱ কৰি তোলে মধুমিতা শৰ্মাৰ আয়োজনে। পুত্ৰই দিছিল তেওঁৰ এই অনুষ্ঠানটোৰ নাম। আয়োজনে ৪ জন মানুহ বিয়াৰ পূৰ্বৰ পৰা ব্যস্ত কৰি ৰাখে ইয়াৰ বাবে।

যি ধৰণে গৃহস্থই বিচাৰে সেই সকলোখিনি কৰি দিয়াৰ দায়িত্ব আয়োজনৰ। আনকি সামগ্ৰী সমূহ যোগান ধৰাৰ লগতে সেই ৰীতি-নীতি আৰু পৰম্পৰাবোৰ কিদৰে সম্পাদনা কৰিব লাগে তাকো শিকাই দিয়ে। নিজা ব্যয়ৰে বিবাহস্থলীলৈ নিয়া কলপুলিকে ধৰি সকলো প্ৰয়োজনীয় সামগ্ৰী।

কইনাৰ গা ধুৱাবলৈ প্ৰয়োজন হোৱা সকলো ব্যৱস্থা আয়োজনে কৰে। আনকি দৰা-কইনাৰ গা ধুওৱাৰ সময়ত ব্যৱহাৰ কৰা মাহ-হালধীও তেওঁলোকে যোগান ধৰে। এতিয়ালৈতে ১৫-১৬ খন বিয়াত এই কাম অতি সফলতাৰে তেওঁলোকে সম্পাদন কৰিছে।

এই অভিজ্ঞতাৰ কথা বৰ্ণণা কৰি আয়োজনৰ স্বত্বাধিকাৰী মধুমিতা শৰ্মাই ক'লে- আমাৰ পৰম্পৰাগত নীতি নিয়ম সমূহ মানি চলিবলৈ নতুন প্ৰজন্ম অতি আগ্ৰহী। মই যিকেইখন বিয়াত এই কাম কৰিছো তেওঁলোক ইমান সুখী হৈছে যে প্ৰয়োজনৰ বাবে নিজৰ বিয়াখন স্বকীয়তা ৰক্ষা কৰি সম্পাদন কৰিবলৈ পাই তেওঁলোকে নিজকে ভাগ্যবান বুলি ভাৱে। সেই অভিজ্ঞতাই মোক সমৃদ্ধ কৰিছে। এতিয়া মই গাড়ীতে আছো। মালিগাঁৱকৰ এখন বিয়াত যাৱতীয় কাম-কাজখিনি তদাৰক কৰিবলৈ গৈছিলো। আদহীয়া লোকসকলেই বিয়াখনত এই পৰম্পৰাবোৰ দেখি নস্তালজিত হৈ পৰে।

বিচাৰিলে আয়োজনে গায়ন-বায়ন, আয়তী, বিয়ানাম আদিও সুবিধা কৰি দিয়ে। আগতে বিয়াত এক পৰম্পৰা আছিল। ৭ দিনলৈকে বিবাহ অনুষ্ঠিত কৰিছিল। গাথিয়ন খুন্দা যুৱক-যুৱতীসকলৰ বাবে এক আনন্দৰ উৎস আছিল। এতিয়া সেইবোৰ সময়ত সলনি হৈছে। সেই পৰম্পৰাক সময়ৰ সৈতে খোজ মিলাই এখন বিয়াত ধৰি ৰখাৰ বাবে আয়োজনে ব্যৱস্থা কৰি দিয়ে।

বিহু , আয়তী, বিয়ানাম, গায়ন-বায়ন আদিৰ বাবে প্ৰয়োজনীয় লোকৰ যোগাযোগ নম্বৰ তেওঁলোকে যোগান ধৰে। অৱশ্যে পানী তোলাৰ বাবে নিৰ্বাচিত বিয়া নাম পেনড্ৰাইভযোগে তেওঁলোকে দি দিয়ে।

বিয়াৰ বাবে প্ৰয়োজন হয় বহু পিঠা-পনা। সেই পিঠা-পনাৰো দায়িত্ব লয় আয়োজনে। অৱশ্যে ইয়াৰ বাবে অতি কমেও এমাহৰ বাবে তেওঁলোকৰ সৈতে যোগাযোগ কৰিব লাগিব। খৰধৰ হ'লে সকলোখিনি ব্যৱস্থা কৰি দিয়াত কিছু অসুবিধা আহে।

এইখিনি কৰি দিয়াৰ বাবদ তেওঁলোকে নামমাত্ৰ মাননি লয়। সেয়া প্ৰয়োজনীয় আৰু ফৰমাইচ অনুসৰি ভিন্ন হয়। ন্যুনমত ৭০ হাজাৰৰ পৰা এই কামৰ বাবদ মাননি ভৰিব লাগিব আপুনি। ইমান টকা ব্যয় কৰি পতা বিয়াখনৰ বাবে এয়া অতি ন্যুনতম ব্য়য়।

ফৰমাইচ অনুসৰি সেই ব্যয় ভিন্ন হয়। ১ লাখ টকাৰ ভিতৰত প্ৰায় সকলোখিনি আপুনি পাই যাব। কইনাৰ মাকে পানী তুলিবলৈ যাঁওতে ব্যৱহাৰ কৰা গামোচাখনো তেওঁলোকে আপোনাৰ যুগুতাই দিব।

চাকি,ধুপদানী আয়োজনেই বিবাহ-বাহৰলৈ নিব। কইনাৰ ভৰি ধুওৱাৰ সময়ত ব্যৱহাৰ কৰা হয় এখন গামোচা। সেই গামোচাখনৰ ব্যৱস্থাও তেওঁলোকে কৰে। আনকি তেওঁলোকে দৰাৰ নোওৱাৰ সময়ত মাহ-হালধী সানি হাত ধুই হাত মোচাৰ বাবে ব্যৱহাৰ কৰিব লগীয়া গামোচাখনৰো চকু ৰাখে।

লগুণ গাঠীৰ কাপোৰ, দৰা-কইনাৰ আৰকাপোৰ, ডাব কটাৰী, কইনাঘৰৰ পুৰোহিতৰ বৰণ, দৰা ঘৰৰ পুৰোহিতৰ বৰণ, দৰা-কইনাৰ ফুলৰ মালা, ঘট, নাৰিকল, পঞ্চপল্লৱ আদি সকলোবোৰ সুন্দৰকৈ সজাই দিয়ে একোখন বিয়াত।

আয়োজনৰ পৰা এই সুবিধা লবলৈ আপুনি যোগাযোগ কৰিব লাগিব মধুমিতা শৰ্মাৰ সৈতে। আৰু কি কি সা-সুবিধা তেওঁলোকে যোগান ধৰে সেয়া তেওঁৰ মুখেৰেই জানিব পাৰিব সৱিশেষ। আয়োজনৰ যোগাযোগৰ নম্বৰ- ৯৮৫৪০-০৫৯৯৮। ব্যস্ততাৰ মাজত এখন বিয়া অনুষ্ঠিত কৰাতোৱেই ডাঙৰ কথা। এইবোৰ প্ৰয়োজনীয় কাম সময়ত সম্ভৱ নহয়, বহুতে এই নীতি-নিয়মবোৰ নাজানে। তেনে সময়ত আয়োজন আপোনাৰ বাবে এখন বিয়া অনুষ্ঠিত কৰাত অতি প্ৰয়োজনীয় হৈ পৰিব।

বিয়া নেকি? প্ৰয়োজন হ'লে আছে আয়োজন...
ভাৰতত প্ৰধানমন্ত্ৰীৰ সংবাদ মেলৰ এটা দশক সম্পূৰ্ণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in