ভাৰতত প্ৰধানমন্ত্ৰীৰ সংবাদ মেলৰ এটা দশক সম্পূৰ্ণ

ভাৰতত প্ৰধানমন্ত্ৰীৰ সংবাদ মেলৰ এটা দশক সম্পূৰ্ণ
ভাৰতত প্ৰধানমন্ত্ৰীৰ সংবাদ মেলৰ এটা দশক সম্পূৰ্ণ

ভাৰতত প্ৰধানমন্ত্ৰীৰ সংবাদ মেলৰ এটা দশক সম্পূৰ্ণ। ২০১৪ ৰ ৩ জানুৱাৰীত অনুষ্ঠিত হৈছিল অন্তিমখন সংবাদমেল। ড০ মনমোহন সিঙে সম্বোধন কৰা সেই সংবাদ মেলৰ পাছত নৰেন্দ্ৰ মোডীয়ে আজিলৈকে সম্বোধন কৰা নাই এখনো সংবাদ মেল। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

এটা দশক সম্পূৰ্ণ হ'ল। ১০ বছৰ পূৰ্বেই ভাৰতত প্ৰধানমন্ত্ৰীয়ে শেষবাৰৰ বাবে সম্বোধন কৰিছিল সংবাদ মেল। ২০১৪ ৰ ৩ জানুৱাৰীৰ পাছত আৰু দেশৰ প্ৰধানমন্ত্ৰীয়ে এখনো সংবাদ মেল সম্বোধন কৰা নাই। ১০ বছৰ পূৰ্বে অনুষ্ঠিত হোৱা সেই অন্তিমখন সংবাদ মেল সম্বোধন কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে।

সেই সংবাদ মেলখনত উপস্থিত আছিল দেশৰ শতাধিক সংবাদিক। এই শতাধিক সাংবাদিকে তেওঁক সেইদিনা মুঠ ৬২ টা প্ৰশ্ন কৰিছিল। তাৰ ভিতৰত অধিকাংশই আছিল অতি তীক্ষ্ণ আৰু কঠোৰ।

তেওঁক সুধিছিল, প্ৰধানমন্ত্ৰী কাৰ্যালয়ত লোৱা সিদ্ধান্তবোৰ ১০ জনপথ পোৱালৈকে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে সলনি কৰি দিয়ে। এয়া প্ৰধানমন্ত্ৰী হিচাপে আপোনাৰ কৰ্তৃত্বৰ খৰ্ব নহয়নে?

চৰম অস্বস্তিত পেলোৱা সেই প্ৰশ্নৰ উত্তৰো কিন্তু ড০ মনমোহন সিঙে সাধাৰণ আৰু সৰলতাৰেই দিছিল। তেওঁ কৈছিল ইয়াৰ পৰাও লাভেই হয়। ছোনিয়া বা ৰাহুল কংগ্ৰেছৰ সভাপতি বা সহ-সভাপতি হিচাপে চৰকাৰৰ সিদ্ধান্তক যিদৰে সমৰ্থন কৰে তেনেদৰেই কোনো কথাত মত প্ৰাৰ্থক্য হ'লে সেয়াও জনায়। সেই ক্ষেত্ৰত চৰকাৰৰ ভুল-ত্ৰুটি হ'লে সেইবোৰ শুধৰণি কৰাৰ সুযোগ থাকে।

দেশৰ প্ৰধানমন্ত্ৰীক সংবাদ মেলত সাংবাদিকে কৰা সেই কঠোৰ আৰু তীক্ষ্ণ প্ৰশ্নৰ উত্তৰ এইদৰেই সাধাৰণভাৱে দিছিল মনমোহন সিঙে। হয়তো প্ৰধানমন্ত্ৰীক যি মন তাকেই প্ৰশ্ন কৰাৰ সাংবাদিকৰ বাবে আছিল সেয়াই অন্তিম সুযোগ।

সেই সংবাদমেলতখনত উপস্থিত থকা কোনো সাংবাদিকেই হয়তো ভবা নাছিল ইয়াৰ পাছত আৰু প্ৰধানমন্ত্ৰীৰ সংবাদ মেল অনুষ্ঠিত নহ'ব। কোনেও কৰিব নোৱাৰিব এইধৰণৰ তীক্ষ্ণ, কঠোৰ প্ৰশ্ন।

সাংবাদিকক একাষৰীয়া কৰি দেশৰ প্ৰধানমন্ত্ৰীয়ে এসময়ৰ 'কানাডিয়ান' তথা এতিয়াৰ ন-ভাৰতীয় অভিনেতাক মাতি আনি 'আম কেনেকৈ খায়' জাতিয় প্ৰশ্নৰ উত্তৰ দিব বুলি ২০১৪ ৰ ৩ জানুৱাৰীৰ বিয়লিৰ সেই সংবাদ মেলখনত উপস্থিত থকা এজনো সাংবাদিকে কল্পনা কৰা নাছিল।

কংগ্ৰেছক পৰাস্ত কৰি বিজেপিয়ে দেশৰ ক্ষমতা দখলৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীয়ে প্ৰায় ১০ বছৰ সম্পূৰ্ণ কৰাৰ দিশে। হয়তো ফেব্ৰুৱাৰীৰ অন্তিম ভাগলৈ নতুবা মাৰ্চৰ প্ৰথমভাগতে নিৰ্বাচনী অধিসূচনা জাৰি হ'ব।

দুটাকৈ কাৰ্যকাল প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজিলৈকে দেশত এখনো সংবাদ মেল সম্বোধন কৰা নাই। বিদেশত হাতৰ আঙুলিত লেখিব পৰাকৈ দুই এখন সংবাদ মেল সম্বোধন কৰিছে যদিও সেয়াও নিৰ্ধাৰিত দুই এটা প্ৰশ্নৰ মাজতেই সীমাবদ্ধ।

প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ সৈতে মুখামুখি হোৱাৰ অভ্যাস নথকাৰ বাবেই হয়তো বিদেশত ভাৰতীয় সাংবাদিকক হঠাৎ সন্মুখত দেখি তেওঁৰ মুখৰ পৰা ওলাইছিল- 'অহ মাই গড'।

ভাৰতত প্ৰধানমন্ত্ৰীৰ সংবাদ মেলৰ এটা দশক পূৰ্ণ হোৱাৰ সন্ধিক্ষণত কংগ্ৰেছে নৰেন্দ্ৰ মোডীক আক্ৰমণৰ লক্ষ্য কৰি ল'লে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ সেই অন্তিমখন সংবাদ মেলৰ এটা ভিডিঅ' বুধবাৰে এক্সত আপলোড কৰিছে প্ৰধানমন্ত্ৰীৰ তেতিয়াৰ মিডিয়া উপদেষ্টাগৰাকীয়ে।

এক্সত সেই ভিডিঅ' আপোলড কৰি লিখিছে, ১০ বছৰ পূৰ্বে আজিৰ দিনটোতেই কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে অন্তিম সংবাদমেল সম্বোধন কৰিছিল। শতাধিক সাংবাদিক উপস্থিত আছিল। মনমোহন সিঙে ৬২ টা প্ৰশ্নৰ উত্তৰ দিছিল। প্ৰশ্ন বা উত্তৰৰ কোনো চিত্ৰনাট্য পূৰ্বৰ পৰাই প্ৰস্তুত কৰি থোৱা নাছিল।

অৱশ্যে একাংশ ৰাজনৈতিক বিশ্লেষকৰ মতে ২০১৯ ত লোকসভা নিৰ্বাচনৰ আগে আগে প্ৰধানমন্ত্ৰীয়ে এখন সংবাদমেল সম্বোধন কৰিছিল। কিন্তু বহুতৰ মতে সেয়া মোডীৰ সংবাদ মেল নাছিল।

আছিল ফটোছেচন। কিয়নো সেইদিনা মোডীয়ে নিৰ্ধাৰিত এজন নে দুজন সাংবাদিকৰ প্ৰশ্নৰহে উত্তৰ দিছিল। সেই প্ৰশ্নও হেনো মোডীৰ পৰাই আহিছিল। দুই এটা প্ৰশ্ন 'আউট অফ চিলেবাছ' আছিল বাবে তাৰ উত্তৰ আছিল নীৰৱতা।

প্ৰধানমন্ত্ৰী হিচাপে ড০ মনমোহন সিঙে ১০ বছৰত মুঠ ১১৭ বাৰ সংবাদমেল সম্বোধন কৰিছিল। কিন্তু প্ৰধানমন্ত্ৰী মোডীয়ে এখনো সংবাদ মেল সম্বোধন কৰা নাই। ১০ বছৰত মনমোহন সিঙে ১০ খন বাৰ্ষিক সংবাদ মেল সম্বোধন কৰিছিল। বিদেশ ভ্ৰমণৰ সময়ত ৭২ খন সংবাদমেল সম্বোধন কৰিছিল।

ভাৰতৰ বিভিন্ন ৰাজ্য ভ্ৰমণলৈ যোৱাৰ সময়তো তেওঁ সম্বোধন কৰিছিল ২৩ খন সংবাদ মেল। নিৰ্বাচনী প্ৰচাৰ, ৰাজনৈতিক কাৰ্যসূচীৰ মাজত সম্বোধন কৰিছিল ১২ খন সংবাদমেল। কিন্তু প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যকালত আজিলৈকে এখনো সংবাদ মেল অনুষ্ঠিত হোৱা নাই। ইফালে বিগত সময়ছোৱাত সাংবাদিক আৰু সংবাদ মাধ্যমৰ ভূমিকাত অসন্তুষ্ট আৰু ক্ষোভিত এচাম মানুহে কৈছে- সংবাদ মেলত প্ৰশ্ন কৰিবলৈ সাংবাদিকেই নাই, সেয়ে নৰেন্দ্ৰ মোডীয়ে সংবাদ মেলো সম্বোধন কৰা নাই।

ভাৰতত প্ৰধানমন্ত্ৰীৰ সংবাদ মেলৰ এটা দশক সম্পূৰ্ণ
২০২২-২৩ বৰ্ষত সৰ্বাধিক অনুদান লাভ কৰিলে বিজেপিয়েঃ কংগ্ৰেছৰ স্থান পঞ্চমত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in