Advertisment

ইউনিফৰ্ম চিভিল ক'ড কাৰ্যকৰী হ'বলগীয়া স্বাধীন ভাৰতৰ প্ৰথমখন ৰাজ্য....

প্ৰতি বছৰে আদালতত মুছলমান মহিলাৰ বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু হয়। বিচ্ছেদৰ পাছত ভৰণ-পোষণ নোপোৱা বাবে সেই মহিলাসকলে আদালতৰ শৰণাপন্ন হয়। তেওঁলোকে অনুভৱ কৰে যে মুছলিম ল ব'ৰ্ডৰ আইন পুৰুষ সমাজৰ পক্ষত। সেয়ে আদালতে ইউনিফৰ্ম চিভিল ক'ডৰ আৱশ্যকতা অনুভৱ কৰিছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
েিে্ি্িু্্ু

ইউনিফৰ্ম চিভিল ক'ড (ইউচিচি) ৰূপায়ণ কৰা প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ লগে লগে আজি ইতিহাস ৰচিবলৈ সাজু হৈছে উত্তৰাখণ্ড। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰাজ্য ভ্ৰমণৰ ঠিক পূৰ্বে নিশা প্ৰায় ১২:৩০ বজাত এই আইন প্ৰৱৰ্তন কৰা হ’ব। ব্যক্তিগত আইন সমূহ শেষ কৰি ৰাজ্যখনত শান্তিপূৰ্ণভাৱে মাত্ৰ এখন আইন প্ৰযোজ্য কৰাত সফল হ'ব নে উত্তৰাখণ্ড? চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন... 

Advertisment

 

ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যপূৰ্ণ ধৰ্ম, সংস্কৃতি আৰু পৰম্পৰাৰ দেশ। প্ৰতিটো সম্প্ৰদায়ৰ নিজস্ব ব্যক্তিগত আইন আৰু ৰীতি-নীতিৰ গোট থাকে যিয়ে তেওঁলোকৰ দেৱানী বিষয়সমূহ নিয়ন্ত্ৰণ কৰে। ইফালে সমগ্ৰ দেশতে বৰ্তমান চৰ্চিত ইউনিফৰ্ম চিভিল ক'ডৰ অৰ্থাৎ এক দেশ এক আইনৰ অৰ্থ হ'ল ভাৰতত বসবাস কৰা প্ৰতিগৰাকী নাগৰিকৰ বাবে একে আইন। এগৰাকী ব্যক্তি যিয়েই জাতি-ধৰ্মৰ নহওক কিয়, প্ৰতিগৰাকীৰ বাবে হ'ব একেই আইন। গতিকে এনে বৈচিত্ৰ্যৰ মাজত এক উমৈহতীয়া ভিত্তি আৰু একাকাৰীতা বিচাৰি উলিওৱাটো অতি কঠিন আৰু জটিল। 

এক কথাত ক'বলৈ গ'লে প্ৰতিটো ধৰ্ম, জাতি, লিংগৰ বাবে একে আইন। যদি এই আইন প্ৰযোজ্য হয় তেন্তে বিবাহ, বিবাহ বিচ্ছেদ, সন্তান তুলি লোৱা আৰু সম্পত্তি বিভাজনৰ দৰে বিষয়ত সকলো নাগৰিকৰ বাবে এক সমান নিয়ম থাকিব। সেয়ে বহু ধৰ্মীয় আৰু সংখ্যালঘু গোটে ইউচিচিক তেওঁলোকৰ ধৰ্মীয় স্বাধীনতা আৰু সাংস্কৃতিক স্বায়ত্ব শাসনৰ উলংঘা বুলি ভাবে।

যাৰ বাবে একাংশ ইউচিচিৰ বিৰোধিতা কৰি আহিছে। কিন্তু ইয়াৰ মাজতে আজি উত্তৰাখণ্ডত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল ক'ড। এই সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে, সোমবাৰৰ পৰা ৰাজ্যখনত ইউনিফৰ্ম চিভিল ক'ড (ইউচিচি) কাৰ্যকৰী হ’ব আৰু ইয়াৰ লগে লগে ই ভাৰতৰ প্ৰথমখন ৰাজ্য হ’ব, য’ত এই আইন কাৰ্যকৰী হ’ব। ইউচিচি কাৰ্যকৰী হোৱাৰ লগে লগে বহু কথা সলনি হ’ব, যাৰ বাবে সজাগতা অভিযানো চলোৱা হ’ব। আইনখন প্ৰণয়ন লগে লগে ৰাজ্যখনত কাৰ্যকৰী হ'বলগীয়া নিয়ম সমূহ হৈছে-

  • ইউচিচি কাৰ্যকৰী হোৱাৰ পিছত বিবাহ পঞ্জীয়ন কৰাটো বাধ্যতামূলক হ’ব। প্ৰতিটো গ্ৰামসভা পৰ্যায়তো পঞ্জীয়নৰ সুবিধা উপলব্ধ হ’ব।
  • যিকোনো ব্যক্তিৰ জাতি, ধৰ্ম বা পন্থা নিৰ্বিশেষে বিবাহ বিচ্ছেদৰ একেধৰণৰ আইন থাকিব। বৰ্তমান সময়ত দেশৰ প্ৰতিটো ধৰ্মৰ লোকে নিজৰ ব্যক্তিগত আইনৰ জৰিয়তে এই বিষয়সমূহ নিষ্পত্তি কৰে।
  • ইয়াৰ বাহিৰেও ৰাজ্যত বহুবিবাহ নিষিদ্ধ কৰা হ’ব। জাতি ধৰ্ম নিৰ্বিশেষে ছোৱালীৰ বিয়াৰ বয়স একেই থাকিব। অৰ্থাৎ ছোৱালীজনীৰ বিবাহযোগ্য বয়স হ’ব ১৮ বছৰ।
  • ইউচিচি কাৰ্যকৰী হোৱাৰ পিছত সকলো ধৰ্মই শিশুক তুলি ল'ব পাৰিব। অৱশ্যে আন ধৰ্মৰ সন্তানক দত্তক ল’ব নোৱাৰিব।
  • ইউচিচি কাৰ্যকৰী হোৱাৰ পিছত উত্তৰাখণ্ডতো বন্ধ হ’ব হালালাৰ দৰে প্ৰথা। ছোৱালীৰ উত্তৰাধিকাৰৰ অংশ ল’ৰাৰ সমান হ’ব।
  • উত্তৰাখণ্ডত ইউচিচি কাৰ্যকৰী হোৱাৰ পিছত দম্পতীয়ে লাইভ-ইন ৰিলেচনশ্বিপ পঞ্জীয়ন কৰাটো বাধ্যতামূলক হ’ব। আনহাতে যদি দম্পতীহালৰ বয়স ১৮ৰ পৰা ২১ বছৰৰ ভিতৰত হয়, তেন্তে পঞ্জীয়নৰ সময়ত তেওঁলোকেও পিতৃ-মাতৃৰ সন্মতি পত্ৰ দিব লাগিব।
  • ইউ চি চিৰ অধীনত লাইভ ইন ৰিলেচনৰ পৰা জন্ম হোৱা সন্তানেও বিবাহিত দম্পতীৰ সন্তানৰ দৰে একে অধিকাৰ লাভ কৰিব।
  • অনুসূচীত জনজাতিসমূহক ইউনিফৰ্ম চিভিল কোডৰ নিয়ম-নীতিৰ পৰা সম্পূৰ্ণৰূপে বাদ দিয়া হৈছে। ইয়াৰ বাহিৰেও হিজৰা আৰু ধৰ্মীয় বিষয় যেনে পূজা আৰু পৰম্পৰাৰ লগত কোনো ধৰণৰ সালসলনি কাৰ হোৱা নাই।

উল্লেখযোগ্য যে, ২০২২ চনত বিধানসভা নিৰ্বাচনৰ সময়ত ভাৰতীয় জনতা পাৰ্টিয়ে দিয়া অন্যতম প্ৰধান প্ৰতিশ্ৰুতি আছিল উত্তৰাখণ্ডত ইউচিচি ৰূপায়ণ মাৰ্চ মাহত পুনৰ ক্ষমতা দখল কৰাৰ পিছত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ নেতৃত্বত কেবিনেটৰ প্ৰথমখন বৈঠকত ইউ চি চিৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। ইয়াৰ খচৰা প্ৰস্তুত কৰিবলৈ বিশেষজ্ঞ সমিতি গঠনত অনুমোদন জনোৱা হয়।

কিন্তু বৰ্তমান সময়ত ভাৰতত প্ৰতিটো ধৰ্মৰে নিজা নিজা আইন আছে। এনে ধৰণৰ ব্যক্তিগত আইনবোৰ শেষ কৰি কেৱল মাত্ৰ এখন আইন প্ৰযোজ্য কৰাৰ বিৰোধিতা কৰিছে বহু ধৰ্মীয় আৰু সংখ্যালঘু গোটে। ইউচিচিক তেওঁলোকৰ ধৰ্মীয় স্বাধীনতা আৰু সাংস্কৃতিক স্বায়ত্তশাসনৰ উলংঘা বুলিও উল্লেখ কৰিছে একাংশই।

আচলতে সমান নাগৰিক সংহিতা কোনো ধর্মীয় অনুশাসনৰ বিৰোধিতা কৰিবলৈ নহয়। বৰং বৈষম্যমূলক সামাজিক প্ৰথা বিলোপ কৰাহে ইয়াৰ লক্ষ্য। ইউনিফৰ্ম চিভিল ক'ডৰ ধৰ্মৰ সৈতে কোনো সম্পর্ক নাই। যদি থাকিলে হেতেন একাধিক ইছলামিক দেশে বিবাহ বিচ্ছেদ সংক্রান্তীয় আইন সংশোধন কৰি নাৰীৰ অধিকাৰ সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা নকৰিলেহেতেন। 

প্ৰতি বছৰে আদালতত মুছলমান মহিলাৰ বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু হয়। বিচ্ছেদৰ পাছত ভৰণ-পোষণ নোপোৱা বাবে সেই মহিলাসকল আদালতৰ শৰণাপন্ন হয়। তেওঁলোকে অনুভৱ কৰে যে মুছলিম ল ব'ৰ্ডৰ আইন পুৰুষ সমাজৰ পক্ষত। তাত মুছলমান মহিলাৰ স্বাৰ্থ সুৰক্ষিত হৈ থকা নাই। সেয়ে আদালতে সমান নাগৰিক সংহিতাৰ আৱশ্যকতা অনুভৱ কৰিছে।

তাৰেই সুযোগ লৈ মুছলমান পুৰুষে যথেষ্ট বিবাহ কৰে আৰু বিচ্ছেদ কৰে। লগতে পৰৱৰ্তী কালত প্রাক্তন স্ত্ৰীৰ ভৰণ-পোষণৰ দায়িত্ব অস্বীকাৰ কৰে। সামাজিক আৰু অৰ্থনৈতিক স্তৰ নিৰ্বিশেষে সকলো মুছলমান মহিলা এই বৈষম্যৰ বলি হৈ আহিছে। 

সেয়ে শনিবাৰে জাৰি কৰা এক বিবৃতিত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ ধামীয়ে কয় যে, ‘ইউচিচি কাৰ্যকৰী কৰাৰ বাবে সকলো প্ৰয়োজনীয় প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে, য’ত আইনখনৰ নিয়ম অনুমোদন আৰু সংশ্লিষ্ট বিষয়াসকলৰ প্ৰশিক্ষণ অন্তৰ্ভুক্ত কৰা হৈছে।’ সমাজ আৰু সকলো নাগৰিকৰ বাবে সম অধিকাৰ আৰু দায়িত্ব নিশ্চিত কৰা হ’ব। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশখনক এখন উন্নত, সংগঠিত, সুসম আৰু স্বাৱলম্বী জাতি হিচাপে গঢ়ি তোলাৰ বাবে যি মহাযজ্ঞ কৰি আছে তাত আমাৰ ৰাজ্যই আগবঢ়োৱা এটা প্ৰসাদ মাথো "ইউনিফৰ্ম চিভিল ক'ড"। 

ইউনিফৰ্ম চিভিল ক'ড