/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/49f7d091-e589-4503-b9ed-4850719bb4a3/AP_FOR_WEB_new_format_pratibedon_bank.jpg)
এই বেংকত ধন থৈছে নেকি। যদি থৈছে সাৱধান। আপোনাৰ জমা ধন বিচাৰি বেংকলৈ অহা-যোৱা কৰোতে ছেন্দেলৰ ফিটা চিঙিব। কিন্তু আপুনি জমা ধন নাপাব। ধনৰ সলনি বেংকৰ বিষয়া-কৰ্মচাৰীয়ে আপোনাক দিব ভাবুকি। ৰাজ্যৰ একাংশ গ্ৰাহকক ৰাম ঠগন দিয়া দ্যা ইউনিয়ন কৰ্পাৰেটিভ বেংক লিমিটেডত এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন-
দ্যা ইউনিয়ন কৰ্পাৰেটিভ বেংক লিমিটেড। মহানগৰীতে ধৰি ৰাজ্যৰ বিভিন্ন অংশত এই বেংকৰ আছে কেইবাটাও শাখ। বেংকে নিয়োগ কৰা এজেন্টে ক্ষুদ্ৰ ব্যৱসায়ী, দোকানীৰ পৰা তোলে নিয়মীয়াকৈ ধন।সেই ধনৰ মেছুৰিটি হোৱাৰ পাছত সুদে-মূলে বেংকে গ্ৰাহকক ধন উভতাই দিব লাগে।
সেই ধনহে উভতাই নিদিয়ে বেংক কৰ্তৃপক্ষই । গ্ৰাহকক বিভিন্ন অজুহাতত হাৰাশাস্তি কৰে এই বেংকে। ধন সংগ্ৰহ কৰোতে মিঠা-মিঠা প্ৰতিশ্ৰুতি দিয়া বেংকটোৰ সহস্ৰাধিক গ্ৰাহকে তেওঁলোকৰ কথাত ভোল গৈ ধন জমা দিয়ে।
গ্ৰাহকক ধন উভতাই নিদিয়াৰ বাবে আৰক্ষীৰো কাষ চাপিছে কেইবাজনো লোক। কিন্তু থানাত গোচৰ ৰুজু হ'লেও এতিয়ালৈকে বেংকটোৰ এজনো উচ্চ পদস্থ বিষয়াক আটক বা গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে। এই বেংকটোৰ পৰিচালনাৰ বাবে যিখন বোৰ্ড এফ ডাইৰেক্টৰছ আছে তাত তিনিচুকীয়া ফিল'বাৰী, বৰগাঁও ললিত শইকীয়া আছে অধ্যক্ষ পদত।
ভাইছ শ্বেয়াৰমেন পদত আছে মহম্মহ আব্দুছ ছামাদ সৰকাৰ। ডাইৰেক্টৰ পদত অমৰেশ ৰয়, মনিকা কছাৰীস নৰেশ্বৰ হাজৰিকা, অজিত চেতিয়া, সন্তোষ কুমাৰ বৰুৱা, মহৎ চন্দ্ৰ চলিহা, পংকজ বীৰ দাস, অনন্ত কুমাৰ গোস্বামী , আব্দুল হানন বৰা, ৰাজেন্দ্ৰ দাস আদি আছে।
এই বেংক কৰ্তৃপক্ষ বিৰুদ্ধে নুনমাটি থানাত ৰুজু হৈ আছে গোচৰ। আই পি চি ৪৩/২৩ নম্বৰ গোচৰৰ আই পি চি ধাৰা ৪২০, ৪১৮, ৪০৯ ত গোচৰ ৰুজু হল যদিও এতিয়ালৈকে কিন্তু গ্ৰাহকে ধন ঘূৰাই পোৱা নাই।
আনহাতে বেংকটোৰ নুনমাটি শাখাৰ প্ৰৱন্ধকৰ দায়িত্বত থকা ব্যক্তি গৰাকীয়ে বেংকৰ ধন ইহাত-সিহাত কৰা বুলি যুক্তি দৰ্শাই গ্ৰাহকক ধন উভতাই দিয়া নাই এই বেংকটোৱে। নুনমাটি থানাত ১০ ফেব্ৰুৱাৰী ২০০৩ ত বেংকটোৰে একাংশ এজেন্টে দাখিল কৰিছিল এজাহাৰ।
এজেন্ট সকলৰ অভিযোগ মতে গুৱাহাটী মুখ্য কাৰ্যালয়ত থকা পৰিচালন সঞ্চালক গৰাকীয়েও এই অনিয়মৰ সৈতে জড়িত। নুনমাটি এই বেংকৰ শাখাত থকা একাউন্ট নম্বৰ ১৫৯৪ গ্ৰাহকজনে মেছুৰিটি ধন বিচাৰি লাঞ্চনাৰ সন্মুখীন হ'বলগীয়া হৈছে।
উল্লেখ্য যে তেওঁ একাউন্টত দৈনিক জমা কৰি কৰি ২ লাখ ৫৫ হাজাৰ টকা জমা হৈছিল। জমা ধন উলিয়াবলৈ গৈ তেওঁ জানিব পাৰে নুনমাটি এই বেংকৰ শাখাতো কেতিয়াবাই বন্ধ কৰি দিয়া হৈছে। ৪-৫ মাহৰ পূৰ্বে ধনৰ লেন-দেনৰ অনিয়মৰ বাবে বেংকটোৰ শাখা বন্ধ কৰি দিয়াৰ পাছত দিগন্ত ডেকা নামৰ গ্ৰাহক জনে জি এছ ৰোডৰ কনকলতা পথত থকা মুখ্য কাৰ্যালয়লৈ গৈ পৰিচালন সঞ্চালক গৰাকীকো সাক্ষাৎ কৰিছিল।
এয়া মাত্ৰ এটা উদাহৰণহে। উজনি অসমত বহু লোকে এই বেংকত থয় ধন। সেই লোকসকলৰ ধনো যে এতিয়া সুৰক্ষিত সেয়াও এক উদ্বেগৰ বিষয় হৈ পৰিছে। গ্ৰাহকক ৰাম ঠগন দিয়া এই বেংকটোৰ বিৰুদ্ধে উপযুক্ত তদন্ত চলালে অনিয়মৰ বহু তথ্য পোহৰলৈ আহিব।
Also Read: দেউতাকে মিঠাই বান্ধি অনা বাতৰি কাকতৰ এটা পুৰণি পৃষ্ঠাই লাভলীনাক দিছিল বিশ্ব জয়ৰ এই পথৰ সন্ধান...