/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/65ecc509-a7c3-416a-8f78-73b43ffa7e14/AP_FOR_WEB_new_format_pratibedon_lovlina.jpg)
লাভলীনা বৰগোহাঁই। অসমৰ এই কন্যা গৰাকী এতিয়া সমগ্ৰ দেশৰে গৌৰৱ। বিশ্ব মহিলা বক্সিং ছেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰি লাভলীনাই ৰচিলে ইতিহাস। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন-
তেওঁ আৰু কিমান সফলতা লাভ কৰিব সেয়া এতিয়াই অনুমান কৰিব নোৱাৰি। বিশ্বৰ মহিলা বক্সিং ছেম্পিয়নশ্বিপত ৭৫ কেজি শাখাত স্বৰ্ণ জয়েৰে ইতিহাস ৰচিলে অসম কন্যা লাভলীনাই। লাভনীনা মানে দুৰ্দান্ত, অদম্য। বিশ্ব ছেম্পিয়নশ্বিপৰ ইতিহাসত স্বৰ্ণ জয় কৰি ইতিহাস ৰচা লাভলীনাই ইয়াৰ পূৰ্বে দুবাৰকৈ ছেমিফাইনেল খেলিছিল এই প্ৰতিযোগীতাত।
অষ্ট্ৰেলিয়াৰ কেটলিন পাৰ্কাৰক হৰুৱাই স্বৰ্ণ জয় কৰা লাভলীনাই ইয়াৰ পূৰ্বে বিশ্ব মহিলা বক্সিং ছেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদকতে সন্তুষ্ট হ'বলগীয়া হৈছিল। লাভলীনাৰ আছে অদম্য হেঁপাহ আৰু পৰিশ্ৰম কৰাৰ মানসিকতা। তেওঁ এতিয়া ভাৰতৰে নহয় বিশ্বৰ প্ৰতিষ্ঠিত ৱেলটাৰ ৱেট শ্ৰেণীৰ বক্সাৰ।
অসমৰ গোলাঘাটৰ বৰপথাৰৰ পৰা ৩ কিলোমিটাৰ আঁতৰৰ এখন গাঁও। গাঁওখনৰ নাম বাৰমুখীয়া। টিকেন বৰগোহাই আৰু মামনি বৰগোহাইৰ কন্যা লাভলীনাই ২০১৬ চনৰ পৰাই আন্তৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগীতাত অংশ লৈ আহিছে।
১৯৯৭ চনৰ ২ অক্টোবৰত জন্ম গ্ৰহণ কৰা লাভলীনাৰ উচ্চতা ১.৭৭মিটাৰ। সন্ধ্যা গুৰুং , পদুম বড়ো , শিৱ সিং আদি প্ৰশিক্ষকৰ ওচৰত বক্সিঙৰ শিক্ষা লোৱা লাভলীনাই অতি কষ্টৰে নিজক প্ৰতিষ্ঠা কৰিছে এই ক্ষেত্ৰখনত।
লাভলীনাই তেতিয়া ষষ্ঠ শ্ৰেণীত পঢ়ি আছিল। দেউতাকে ঘৰলৈ এটা মিঠাইৰ টোপোলা আনিছিল। বান্ধি আনিছিল এখন বাতৰি কাকত। লাভলীনাৰ চকু পৰিছিল সেই কাকতৰ টোপোলাটোত। য'ত লিখা আছিল বক্সাৰ মহম্মদ আলীৰ বিষয়ে এটি প্ৰৱন্ধ। দেউতাকেও লক্ষ্য কৰিছিল লাভলীনাই সেই কাকতখনৰ টুকুৰাতো চাই আছে।
দেউতাকে তাইক কৈছিল সেই লেখাটো পঢ়িবলৈ। লাভলীনাই পঢ়ি গৈছিল। মহম্মদ আলীৰ বিষয়ে জানিব পাৰি মনৰ ভিতৰত বক্সিঙৰ প্ৰতি যেন এটা টান অনুভৱ কৰিছিল লাভলীনাই। সেয়াই আছিল লাভলীনাৰ বক্সিং প্ৰেম।
লাভলীনাৰ দুগৰাকী বায়েকে কিক বক্সিং খেলিছিল। লাভলীনাইও কিক বক্সিঙেৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। এগৰাকী সম্পৰ্কীয় বায়েকে লাভলীনাক বক্সিং খেলিবলৈ অনুপ্ৰাণিত কৰিছিল।
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে বৰপথাৰ ছোৱালী হাইস্কুলত এক বক্সিং অনুশীলন শিবিৰ পাতিছিল। তালৈ গৈছিল প্ৰশিক্ষক পদুম বড়ো। তেতিয়াই তেওঁৰ চকু পৰিছিল লাভলীনাৰ ওপৰত। ২০১২ চনৰ পৰা তেওঁ লাভলীনাক বক্সিঙৰ আদিপাঠ শিকাইছিল।
২০১৮ চনত দিল্লীত অনুষ্ঠিত হোৱা এআইবিএ মহিলা বক্সিং বিশ্ব ছেম্পিয়নশ্বিপত লাভলীনাই অংশ লৈছিল। ৫৯ কিলোগ্ৰাম শাখাত সেইবাৰ ব্ৰঞ্জৰ পদক লাভ কৰিছিল লাভলীনাই।
২০১৯ চনত ৰাছিয়াত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগীতা। ৬৯ কিলোগ্ৰাম শাখাত ছেমিফাইনেলত চীনৰ বক্সাৰ ইয়াং লিয়ুৰ হাতত ২-৩ ব্যৱধানত পৰাস্ত হৈছিল লাভলীনা। ২০২০ চনত অনুষ্ঠিত হোৱা এখন প্ৰতিযোগীতাত উজবেকিস্তানৰ খেলুৱৈ মকতুন্ন খান মেলিভাক ৫-০ ব্যৱধানত পৰাস্ত কৰি লাভলীনাই টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছিল।
২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত হোৱা অলিম্পিকত লাভলীনাই ইতিহাস ৰচিছিল। অলিম্পিকত পদক পোৱা তেওঁৱেই আছিল প্ৰথম অসমীয়া। চীনৰ গু হঙৰ হাতত পৰাস্ত হৈ তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছিল।
লাভলীনা এতিয়া দেশৰেই এক প্ৰেৰণাৰ নাম। এইগৰাকী লাভলীনাই আকৌ ৰচিলে ইতিহাস। তেওঁ বিভিন্ন প্ৰতিযোগীতাত বহু সফলতা লাভ কৰিছে। কিন্তু আজি তেওঁ বিশ্বৰ শ্ৰেষ্ঠ ৰূপে নিজকে প্ৰতিষ্ঠা কৰিলে। আমি গৌৰাৱান্বিত লাভলীনাক লৈ। অভিনন্দন লাভলীনা বৰগোহাঁই।
Also Read: হাইব্ৰীড গামোচা!
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us