ক'ত আছে ? ৩ শতকজুৰি শিক্ষা আৰু আশ্ৰয় প্ৰদান কৰা ভাৰতৰ প্ৰথমখন ইংৰাজী মাধ্যমৰ বিদ্যালয়খন...

দেশৰ লগে লগে বিদ্যালয়খনেও ইংৰাজৰ পৰা স্বাধীনতা পালে। বৰ্তমান এই বিদ্যালয়খনত ১৫০০ৰো অধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। সমগ্ৰ দেশৰ ভিতৰতে এই বিদ্যালয়খন অতি জনপ্ৰিয় আৰু ঐতিহাসিক।

author-image
চয়নিকা শইকীয়া
আপডেট কৰা হৈছে
New Update
্িিিিি

ভাৰতৰ এখন বিদ্যালয়, য'ত প্ৰৱেশত বাধা আছিল ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ। এই বিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰিছিল বৃটিছৰ সন্তানেহে। বিদ্যালয়খনত কেৱল  ইংৰাজৰ ল’ৰা-ছোৱালীকহে নামভৰ্তি কৰোৱা হৈছিল। কিন্তু আজিৰ সময়ছোৱাত এই বিদ্যালয়খন সম্পূৰ্ণৰূপে ভাৰতীয় মূলৰ অধীনস্থ। ৩১০ বছৰীয়া দেশৰ প্ৰথমখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ বিষয়ে পঢ়ক চয়নিকা শইকীয়াৰ আজিৰ প্ৰতিবেদনত...

Advertisment

ব্ৰিটিছ শাসন কালতে আৰম্ভ হোৱা এখন শতিকা পুৰণি বিদ্যালয় হৈছে "ছেইণ্ট জৰ্জ এংলো ইণ্ডিয়ান হায়াৰ ছেকেণ্ডাৰী স্কুল"। এইখন হৈছে দেশৰ প্ৰথমখন ইংৰাজী মাধ্যমৰ বিদ্যালয়। তামিলনাডুৰ চেন্নাই চহৰৰ শ্বেনয় নগৰ অঞ্চলত অৱস্থিত এই বিদ্যালয়খন। ১৭১৫ চনত পোন প্ৰথমে চাৰ্চ অৱ ইংলেণ্ডে ৩০ টা শিশুসহ এই বিদ্যালয়খনৰ প্ৰতিষ্ঠা কৰিছিল। 

পৰৱৰ্তী সময়ত ১৯১৭ চনত এই প্ৰতিষ্ঠানটোক পুৰুষ আৰু মহিলা অনাথ আশ্ৰয় শিবিৰৰ সৈতে সংযুক্ত কৰি স্থানান্তৰিত কৰিছিল। ক্ৰমান্বয়ে বিদ্যালয়খনত ১৪০ গৰাকী পৰ্যন্ত শিক্ষাৰ্থী বৃদ্ধি পোৱাৰ লগে লগে ১৮৬৭ চনত ইয়াক বৰ্তমানৰ এগম’ৰ ৰে’লৱে ষ্টেচন অঞ্চলটোলৈ স্থানান্তৰ কৰা হয়।

কিন্তু ৰেল ষ্টেচনৰ সম্প্ৰসাৰণৰ বাবে বিদ্যালয়খনক শ্বেনয় নগৰলৈ স্থানান্তৰিত কৰে। ১৯৫৪ চনত ইয়াৰ নাম সলনি কৰা হয় ছেইণ্ট জৰ্জ স্কুল এণ্ড অনাথ আশ্ৰম। অনাথ আশ্ৰয় শিবিৰ হিচাপে আৰম্ভ হোৱা এই প্ৰতিষ্ঠানখনক পাছলৈ ছেইণ্ট জৰ্জ এংলো ইণ্ডিয়ান হায়াৰ ছেকেণ্ডাৰী স্কুল নামেৰে নামাকৰণ কৰা হৈছিল। এইখনেই দেশৰ প্ৰথমখন ইংৰাজী মাধ্যমৰ বিদ্যালয়।

দেশৰ স্বাধীনতাৰ পূৰ্বে ইংৰাজ শাসকে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল। সেই অনুসৰি বিদ্যালয়খনৰ বয়স প্ৰায় ৩১০ বছৰ। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিজৰ কৰ্মচাৰীৰ ল’ৰা-ছোৱালীৰ বাবে এই বিদ্যালয়খন মুকলি কৰিছিল।সেই সময়ত ব্ৰিটেইনৰ পৰা কামৰ বাবে ভাৰতলৈ অহা বৃটিছ পুৰুষ সকল ইয়াতেই থাকিছিল।

ভাৰতীয় মহিলাক বিয়া কৰাই ভাৰততে পৰিয়ালসহ বসতি স্থাপন কৰিছিল। আচলতে সেই সময়ত ব্ৰিটেইনলৈ অহা-যোৱা কৰাটো অত্যন্ত কঠিন কাম আছিল। আগতে যাবলৈ আৰু আহিবলৈ মাহৰ পিছত মাহ লাগিছিল। সেই সময়ত আধুনিক যাতায়তৰ ব্যৱস্থা নাছিল। 

মানুহে কেৱল জাহাজ আৰু নাৱেৰে যাত্ৰা কৰিছিল। এনে পৰিস্থিতিত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কৰ্মচাৰীৰ ল’ৰা-ছোৱালীৰ বাবে এই বিদ্যালয়খন মুকলি কৰা হৈছিল। সেয়ে  বিদ্যালয়খনত প্ৰথমে কেৱল ইংৰাজৰ ল’ৰা-ছোৱালীকহে নামভৰ্তি কৰোৱা হৈছিল। 

পাছলৈ দেশৰ লগে লগে বিদ্যালয়খনেও ইংৰাজৰ পৰা স্বাধীনতা পালে। ইংৰাজৰ পৰা মুক্ত হৈ বিদ্যালয়খনে ভাৰতীয় ছাত্ৰ-ছাত্ৰীকো প্ৰৱেশৰ অনুমতি দিয়ে। বৰ্তমান এই বিদ্যালয়খনত ১৫০০ৰো অধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। সমগ্ৰ দেশৰ ভিতৰতে এই বিদ্যালয়খন অতি জনপ্ৰিয় আৰু ঐতিহাসিক। এই বিদ্যালয়খন প্ৰায় ২১ একৰ মাটিত নিৰ্মাণ কৰা হৈছে।  

ছেইণ্ট জৰ্জ এংলো ইণ্ডিয়ান হায়াৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষা সম্পূৰ্ণ ইংৰাজী মাধ্যমৰ। ৰঙা ইটাৰে নিৰ্মিত বিদ্যালয়খনৰ অট্টালিকাটো অতি চকুত লগা। ছেইণ্ট জৰ্জ এংলো ইণ্ডিয়ান হায়াৰ ছেকেণ্ডাৰী স্কুলত নাৰ্চাৰীৰ পৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষাদান কৰা হয়।

বিদ্যালয়খনত বৰ্ডিং হাউচ, ছাত্ৰাবাস, খেলপথাৰ আৰু পাকঘৰ অন্তৰ্ভুক্ত। বিদ্যালয়খনত এটা পুথিভঁৰাল আৰু এটা কম্পিউটাৰ চেণ্টাৰো আছে। লগতে বিদ্যালয় পুথিভঁৰালটোত আজিও ১৮ শতিকাৰ বহু পুৰণি কিতাপ আছে। এই ব্যৱস্থাখিনি সুচাৰুৰূপে চলাবলৈ বিদ্যালয়খনত ৩৮ গৰাকী শিক্ষক-কৰ্মচাৰী আছে।

লক্ষ্যণীয় যে, বিদ্যালয়খনৰ এটা হকী দল আছে, যিটো চহৰৰ অন্যতম শ্ৰেষ্ঠ দল বুলি গণ্য কৰা হয়। ইয়াৰোপৰি এই ছেইণ্ট জৰ্জ এংলো ইণ্ডিয়ান হায়াৰ ছেকেণ্ডাৰীৰ বহু প্ৰাক্তন ছাত্ৰ বৰ্তমান জাতীয় দলৰ সদস্য হৈ আছে। জানিব পৰা মতে, আন প্ৰতিষ্ঠানৰ তুলনাত এই বিদ্যালয়খনত ভৰ্তি মাচুল বহু কম। বৰ্তমান বিদ্যালয়খনৰ প্ৰধান শিক্ষক মিষ্টাৰ এন জৰ্জ, আনহাতে পৰিচালক ড° জি কে ফ্ৰান্সিছ।

উল্লেখ কৰা প্ৰয়োজন, ছেইণ্ট জৰ্জ এংলো ইণ্ডিয়ান হায়াৰ ছেকেণ্ডাৰী স্কুল আজিও চেন্নাইৰ এখন অন্যতম সন্মানীয় বিদ্যালয়। সমাজৰ প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে ইয়াত অধ্যয়ন কৰে।  এই বিদ্যালয়খনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ বহু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আজি বিশ্বৰ চুকে-কোণে প্ৰতিষ্ঠা লাভ কৰিছে।

প্রণিধানযোগ্য যে, ঔৰংজেবৰ মৃত্যুৰ মাত্ৰ ৮ বছৰৰ পাছত ভাৰতত প্ৰথমখন ইংৰাজী মাধ্যমৰ বিদ্যালয় মুকলি হৈছিল। ৩০০ বছৰতকৈও অধিক সময় পুৰণি এই ছেইণ্ট জৰ্জ এংলো ইণ্ডিয়ান হায়াৰ ছেকেণ্ডাৰী স্কুলখন আজিও চহৰখনত সগৌৰৱৰে থিয় হৈ আছে। এই বিদ্যালয়খনৰ ভৱনটো চেন্নাইৰ সংৰক্ষিত অট্টালিকাসমূহৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে।

ইংৰাজী বিদ্যালয় বিদ্যালয়