স্বচ্ছতালৈ কিমান দূৰ...

স্বচ্ছতালৈ কিমান দূৰ...
-২০১৪ চনৰ পৰাই দেশত গান্ধী জয়ন্তী উপলক্ষে পালন কৰি অহা হৈছে স্বচ্ছতাৰ বিশেষ কাৰ্যসূচী। এই বৰ্ষও চৰকাৰে স্বচ্ছতাৰ ওপৰত গুৰুত্ব কৰি বিশেষ কাৰ্যসূচী হাতত লোৱা দেখা গৈছে। সেই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন...

সন্মুখত গান্ধী জয়ন্তী। জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষে পালন কৰা এই দিৱসত প্ৰতিবছৰেই দেখা যায় চৰকাৰী-বেচৰকাৰী অনুষ্ঠানে বিশেষ কাৰ্যসূচী হাতত লোৱা। এই বৰ্ষও ইয়াৰ ব্যতিক্ৰম নহয়। দেশৰ প্ৰধানমন্ত্ৰী-ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীক দিৱসটিৰ প্ৰাকমুহূৰ্তত ভীষণ ব্যস্ত হোৱা দেখিবলৈ পোৱা গ'ল।

গান্ধী জয়ন্তীৰ প্ৰাকমুহূৰ্তত দেওবাৰে সমগ্ৰ দেশত এঘণ্টাজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিলে স্বচ্ছতাৰ অভিযান। ২০১৪ চনত গান্ধী জয়ন্তী উপলক্ষে "স্বচ্ছ ভাৰত অভিযান" আৰম্ভ কৰা চৰকাৰে এই বৰ্ষও দিৱসটি উপলক্ষে গুৰুত্ব দিছে স্বচ্ছতাৰ ওপৰত। দেশৰ ২৮খন ৰাজ্য, ৮খন কেন্দ্ৰীয় শাসিত অঞ্চলে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি সঁহাৰি জনাই পালন কৰিলে এঘণ্টীয়া স্বচ্ছতা।

চৰকাৰী তথ্য অনুসৰি ১,৪৫,২২৬টা আবাসীক এলেকা; ১,২৫,১৫৭খন বিদ্যালয়-মহাবিদ্যালয়ৰ প্ৰাংগন; ৮৫,২৮৯খন অংগনবাড়ী কেন্দ্ৰৰ প্ৰাংগন; ৪৩,৭২৩খন বজাৰথলী; ১০,০৮০টা বাছ আস্থান সামৰি লোৱা হ'ল এই কাৰ্যসূচীত।

এয়া নিশ্চিতভাৱে এক ভাল কাম। চৰকাৰে স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰাতো আৰু ৰাজ্য চৰকাৰসমূহেও ইয়াৰ প্ৰতি সঁহাৰি জনাই চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ আশে-পাশে চাফ-চিকুণ কৰাতোয়ে পৰিৱেশত কিছু পৰিমাণে হলেও যুগাত্মক প্ৰভাৱ পেলাব। কিন্তু এই এঘণ্টীয়া স্বচ্ছতা যাতে চমতক ভমক সৃষ্টি কৰাৰ দৰে নহয় তাৰ প্ৰতিও চৰকাৰ সমানে দায়বদ্ধ হ'ব লাগিব।

স্বচ্ছতাৰ গইনালৈ চৰকাৰে যেন উছৱ পালন কৰাৰ দৰে নহয় তাৰ বাবে নজৰ দিব লাগিব খোদ চৰকাৰেই। ১ অক্টোবৰৰ দিনটোত এঘণ্টাৰ বাবে অৰ্থাৎ ১০ৰ পৰা ১১ বজালৈ চৰকাৰীভাৱে পালন কৰা হ'ল শ্ৰমদান কাৰ্যসূচী। দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীলৈ নামি পৰিল এই কাৰ্যসূচীত। অসমতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীস্থিত গান্ধী মণ্ডপত উপস্থিত হৈ ভাগ ল'লে স্বচ্ছতাৰ কাৰ্যসূচীত।

পিছে বছৰটোৰ বাৰ মাহে দুৰ্গন্ধত বুৰ্ গৈ থকা গুৱাহাটী মহানগৰীৰ বাট-পথসমূহত যাতে পুনৰ সেই দুৰ্গন্ধময় পৰিৱেশে বিৰাজ নকৰে তাৰ বাবে গুৱাহাটী পৌৰ নিগমৰ সমান্তৰালভাৱে চৰকাৰৰো দায়িত্ব বাঢ়িল। প্ৰতিদিনে জাবৰ সংগ্ৰহকে আদি কৰি চাফ-চিকুণৰ বাবে কাৰ্যসূচী হাতত ল'লে এয়া যে ধান খেৰৰ জুইৰ দৰে পলকতে নাইকীয়া নহয় সেয়া নিশ্চিত। মাজে সময়ে কৃত্ৰিম বানে বাৰুকৈয়ে ডুবাই পেলোৱা মহানগৰীৰ বাট-পথত যাতে আৱৰ্জনা জমা হৈ নাথাকে সেয়া নজৰ দিয়াতো অতি প্ৰয়োজনীয় বিষয়।

স্মাৰ্ট চিটিৰ সপোন দেখা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাত্ৰ আন্তঃগাঁথনিত গুৰুত্ব আৰোপ নকৰি চাফ-চিকুণৰ বাবেও যাতে দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰে তাৰ বাবে চিন্ত-চৰ্চা কৰাৰ প্ৰয়োজন আছে। বিগত ৯ বছৰে স্বচ্ছ অভিযান পালন কৰি অহা চৰকাৰে এই ক্ষেত্ৰত বৰ্তমানেও যে পূৰ্ণ সফলতা লাভৰ বাবে কিছু দূৰ বাকী আছে সেয়া সকলোৱে একমুখেই স্বীকাৰ কৰিব। গতিকে বৰ্তমানলৈ অৰ্জন কৰা সফলতাকলৈ অত্যুৎসাহী নহৈ ইয়াৰ আনুসংগিক দিশতো গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে।

আকৌ এই কাৰ্যসূচীকলৈ বাধ্যতামূলকভাৱে চৰকাৰী কৰ্মচাৰীক নমাই দিয়াতো কিমান গ্ৰহণযোগ্য সেয়াও লক্ষ্য ৰখাৰ প্ৰয়োজন আছে। স্বচ্ছতাৰ নামত যাতে কৰ্মচাৰীসকলে হাৰাশাস্তি ভোগ কৰিব লগীয়া নহয় তাৰ প্ৰতিও চৰকাৰ দায়বদ্ধ হোৱাৰ প্ৰয়োজন আছে। কাৰ্যালয়ৰ কাম-কাজ জাপতে সামৰি চৰকাৰী কাৰ্যসূচীত হকে-বিহকে কৰ্মচাৰী নামি পৰিলে লোকচান চৰকাৰৰে যে হ'ব সেয়া বুজিব লাগিব। অন্যথা বহু সময়ত চৰকাৰী কাৰ্যসূচীয়ে হানি কৰি আহিছে চৰকাৰক।

স্বচ্ছতালৈ কিমান দূৰ...
প্ৰসংগ- APSC : বক্রপথেৰে চাকৰি লোৱা প্রাৰ্থীৰ সংখ্যা বৃদ্ধিৰ ইংগিত মুখ্যমন্ত্রীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in