প্ৰসংগ- APSC : বক্রপথেৰে চাকৰি লোৱা প্রাৰ্থীৰ সংখ্যা বৃদ্ধিৰ ইংগিত মুখ্যমন্ত্রীৰ

দুটা বৰ্ষৰ সকলোকে বিতাড়ন কৰিলে চৰকাৰ-প্রশাসন বিকল হৈ যাব আৰু এই প্রক্রিয়াত বহুত ভাল বিষয়াৰো চাকৰি যোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ মন্তব্য কৰে।

author-image
Asomiya Pratidin
New Update
প্ৰসংগ- APSC : বক্রপথেৰে চাকৰি লোৱা প্রাৰ্থীৰ সংখ্যা বৃদ্ধিৰ ইংগিত মুখ্যমন্ত্রীৰ

ডিজিটেল ডেস্কঃ দেওবাৰে এ পি এছ চিৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত কৰা মন্তব্যত তেওঁ পূৰ্বৰ তদন্তকাৰী বিষয়াই ফৰেনচিকলৈ অভিযুক্ত ৩৪জনৰ উত্তৰ বহী প্রেৰণ কৰা নাছিল বুলি মন্তব্য কৰি এইসকলৰ উত্তৰ বহী ফৰেনচিকলৈ চৰকাৰে প্রেৰণ কৰিব বুলি জানিবলৈ দিয়ে।

Advertisment

সমান্তৰালভাৱে দোষী প্রমাণিত হ’লে উচিত ব্যৱস্থা লোৱাৰো ইংগিত মুখ্যমন্ত্রীগৰাকীয়ে। ইয়াত কোনো আমাৰ ভাই-ভতিজা নাই বুলি সাংবাদিকৰে হোৱা মতবিনিময়ত দেওবাৰে বিয়লি এছ আই টি(SIT)ৰ জৰুৰী বৈঠক আহ্বান কৰাৰ কথাও জনাই তেওঁ।

সুৰজিৎ‍ সিং পানেছৰৰ বিৰুদ্ধে উষ্মা প্ৰদৰ্শন কৰি মুখ্যমন্ত্রীয়ে বিপ্লৱ শৰ্মা আয়োগৰ প্রতিবেদনত ১৪-১৫চনত উত্তীৰ্ণ সকলোকে বিতাড়নৰ পৰামৰ্শও আগবঢ়োৱাৰ কথা কয়। এই প্রতিবেদনৰ পৰামৰ্শাৱলী পৰীক্ষণৰ বাবে সমিতি বনোৱাৰ কথা সাংবাদিকৰ আগত প্ৰকাশ কৰে। উল্লেখ্য যে, ৩৪জনৰ উপৰি বক্রপথেৰে চাকৰি লোৱা আৰু প্রাৰ্থীৰ নাম প্রতিবেদনত থকাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

দুটা বৰ্ষৰ সকলোকে বিতাড়ন কৰিলে চৰকাৰ-প্রশাসন বিকল হৈ যাব আৰু এই প্রক্রিয়াত বহুত ভাল বিষয়াৰো চাকৰি যোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ মন্তব্য কৰে। গতিকে বিষয়টো আলাপ-আলোচনাৰ মাজেৰে বিবেচনা কৰিব লাগিব বুলি কৈ মুখ্যমন্ত্রীয়ে বিপ্লৱ শৰ্মাৰ ২য়খন প্রতিবেদনৰ বাবে অপেক্ষা কৰাৰ কথা ঘোষণা কৰে। তদুপৰি তেওঁ ২য় প্রতিবেদনতো একেই পৰামৰ্শ থাকিলে বিষয়টো পুনৰ চৰকাৰে বিবেচনা কৰিব বুলি জনায়।

Also Read: সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱালৈ মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ বিশেষ সন্মান

Assam police