/asomiyapratidin/media/media_files/2025/05/07/UzaHk59NC2E6xmJ5MNiX.jpg)
পেহেলগাম ঘটনাৰ প্ৰথমটো প্ৰতিশোধ হিচাপে ভাৰতীয় সেনাই অতৰ্কিতে চলালে এয়াৰ ষ্ট্ৰাইক। পেহেলগাম কাণ্ডৰ নিহতৰ পত্নীৰ নামত উছৰ্গিত এই অভিযানৰ নাম দিয়া হৈছিল "অপাৰেচন সিন্দুৰ"। পেহেলগাম কাণ্ডৰ প্ৰতিগৰাকী ভুক্তভোগী পৰিয়াললৈ ন্যায়ৰ লগতে সকাহ কঢ়িয়াই আনিছে অপাৰেচন সিন্দুৰে। কিদৰে এই অভিযানক আদৰণি জনালে ভুক্তভোগী পৰিয়ালে পঢ়ক চয়নিকা শইকীয়াৰ এই প্ৰতিবেদনত...
পেহেলগামৰ নৃশংস হত্যাকাণ্ডক লৈ প্ৰতিশোধৰ অগ্নিত জ্বলিছিল দেশবাসী। ভুক্তভোগী সকলৰ বাবে চকুলো টুকিছিল প্ৰতিজন ভাৰতীয়ই। এই সন্ত্ৰাসবাদী আক্ৰমণে শিৰৰ সেন্দূৰ মচি পেলাইছিল বহু মহিলাৰ। কিন্তু ঘটনাৰ ১৫ দিনৰ পাছতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰথমটো শক্তিশালী প্ৰত্যুত্তৰ দিলে ভাৰতে। এই অভিযানৰ নাম দিয়া হ'ল 'অপাৰেচন সিন্দুৰ'।
দেশৰ আই-মাতৃৰ শিৰৰ সেন্দুৰ কাঢ়ি নিয়া সন্ত্ৰাসবাদীৰ ৯টা কেন্দ্ৰক লক্ষ্য কৰি ভাৰতে চলালে মিছাইল আক্ৰমণ। ভাৰতীয় সেনা, নৌ সেনা আৰু বায়ু সেনাই এই অভিযানত সন্ত্ৰাসবাদীৰ বাহাৱালপুৰৰ জৈশ-ই-মহম্মদৰ ঘাটি,লাহোৰ আৰু শিয়ালকোটৰ ওচৰৰ মুৰিদকেত লস্কৰ-ই-তৈবাৰ মাৰ্কাজক লক্ষ্য কৰি আক্ৰমণ চলায়।
ভাৰতৰ অপাৰেচন সেন্দূৰত সন্ত্ৰাসবাদী মাছুদ আজাহাৰৰ পৰিয়ালৰ ১৪জনকৈ সদস্য নিহত হয়। ঘটনাত মুঠ ৯০ জন সন্ত্ৰাসবাদীৰ মৃত্যু হয়। ইয়াৰ পিছতে সন্ত্ৰাসবাদী আক্ৰমণৰ নিৰ্বিচাৰ আক্ৰমণৰ ভুক্তভোগী সকলে এই অভিযানক প্ৰশংসাৰে ওপচাই তোলে।
পেহেলগামত নিহত বায়ু সেনা বিষয়া বিনয় নৰৱালৰ পত্নী হিমাংশী তথা মাতৃ আশা নাৰৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, বিনয়ে সেনাবাহিনীত যোগদান কৰিছিল যাতে দেশত শান্তি থাকে আৰু সন্ত্ৰাসবাদী নিৰ্মূল হয়। মোদী চাহাবে পেহেলগাম কাণ্ডৰ প্ৰতিশোধ লৈছে, এইটো এটা ভাল খবৰ। তেওঁৰ সৈতে আমি আছোঁ। এই কথোপকথনত অত্যন্ত আৱেগিক হৈ পৰে হিমাংশী। স্বামীক শ্বহীদৰ মৰ্যাদা দিবলৈ ভাৰত চৰকাৰৰ ওচৰত দাবী জনাই বিনয় নৰৱালৰ পত্নী হিমাংশীয়ে।
ইফালে পেহেলগামৰ ভুক্তভোগী কানপুৰৰ শুভম দ্বিবেদীৰ বিধৱা পত্নী অশ্বন্যা দ্বিবেদীয়েও সশস্ত্ৰ বাহিনী আৰু মোদী চৰকাৰক 'অপাৰেচন সিন্দুৰ'ৰ বাবে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আমাক বিশ্বাস দিছে যে সকলো সন্ত্ৰাসবাদী কেন্দ্ৰক লক্ষ্য কৰি ধ্বংস কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে। লগতে শুভম দ্বিবেদীৰ পিতৃ সঞ্জয় দ্বিবেদীয়ে কয় যে, এই অভিযানৰ বাবে তেওঁৰ পৰিয়ালৰ চৰকাৰৰ প্ৰতি বিশ্বাস পুনৰ ঘূৰি আহিছে।
ভুক্তভোগী সন্তোষ জগদলেৰ কন্যা আশ্বৰী জগদলেই এই অভিযানৰ বিষয়ে শুনি আৱেগিক হৈ পৰে। তেওঁ কয়, আমাৰ সুখৰ চকুপানী ওলাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিশোধৰ বাবে অপাৰেচনটোক যিদৰে নামাকৰণ কৰিছে সেয়াটো শুনি আমাৰ চকুলো বন্ধ নহ'ল। সঁচাকৈয়ে বেলেগ অনুভৱ হৈছে।
অপাৰেচন সিন্দুৰক লৈ জম্মুৰ স্থানীয় ৰাইজে হাত চাপৰি বজাই ‘ভাৰতীয় সেনা জিন্দাবাদ’ আৰু ‘ভাৰত মাতা কি জয়’ শ্ল’গান দিয়ে। স্থানীয় কাশ্মীৰীয়ে কয় যে, পাকিস্তানে কৰা আক্ৰমণৰ প্ৰতি সঁহাৰি দিয়াটো চৰকাৰৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল। চৰকাৰ আৰু ভাৰতীয় সেনাৰ প্ৰতি আমি সঁচাকৈয়ে কৃতজ্ঞতা জ্ঞাপন কৰিছো।
পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা গুজৰাটৰ ভাৱনগৰৰ সুমিত পাৰমাৰ আৰু যতীশ পাৰমাৰৰ আত্মীয়ই কয় যে, ১৫ দিনৰ পিছতে ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ ওপৰত আক্ৰমণ কৰিলে। মই গৌৰৱান্বিত যে ভাৰতীয় সেনা আৰু প্ৰধানমন্ত্ৰী মোদীয়ে যি কৈছিল সেয়া কৰি দেখুৱালে।
সন্ত্ৰাসবাদীয়ে আক্ৰমণত নিহত ২৬ জন লোকৰ ভিতৰত আছিল এন ৰামচন্দ্ৰন। আজি তেওঁৰ কন্যা আৰথিয়ে অপাৰেচন সিন্দুৰ সন্দৰ্ভত কয়, উক্ত অভিযানটো ৰ বাবে অপাৰেচন সিন্দুৰ এটা উপযুক্ত নাম। এই অভিযানে পেহেলগামত পৰিয়ালৰ সদস্যসকলক হেৰুওৱা লোকসকলৰ বাবে কিছু সকাহ আনিছে।
কোচিত আৰথিয়ে কয়, পুৱা যেতিয়া বাতৰিটো আহিছিল,আমাৰ পৰিয়ালটোৰ বাবে ই এক সকাহ আৰু সান্তনাদায়ক পৰিস্থিতি আছিল। আমাৰ যি ক্ষতি সেয়া কোনোৱে পূৰণ কৰিব নোৱাৰে। কিন্তু এই বাতৰিটো আমাৰ বাবে এক প্ৰকাৰৰ সকাহ।
ইফালে পেহেলগাম আক্ৰমণৰ ভুক্তভোগী মহাৰাষ্ট্ৰৰ থানেৰ নিৱাসী সঞ্জয় লেলেৰ পুত্ৰ হৰ্ষল লেলে কয় যে, অপাৰেচন সিন্দুৰৰ বিষয়ে গম পোৱাৰ সময়ত আমি সাৰে আছিলো। পেহেলগাম আক্ৰমণত নিহত হোৱা মোৰ দেউতা, খুৰা আৰু আনসকলৰ আত্মাই নিশ্চয় ইয়াৰ পিছত কিছু সকাহ পাইছে। এইটোৱেই শেষ আক্ৰমণ হ'ব নালাগে । আমি সন্ত্ৰাসবাদীসকলক নিশ্চিহ্ন কৰা উচিত।
নাৰীশক্তি যেতিয়া জাগ্ৰত হয়, তেতিয়া শত্ৰুৰ নিস্তাৰ নাই ৷ অপাৰেচন সেন্দূৰে যেন তাকেই প্ৰমাণ কৰি দেখুৱালে কাৰণ এই অভিযানৰ সৈতে জড়িত আছিল দুগৰাকী বীৰাংগনা। ভাৰতীয় সশস্ত্ৰ বাহিনীৰ দুগৰাকী জ্যেষ্ঠ মহিলা বিষয়া কৰ্ণেল ছ’ফিয়া কুৰেশ্বী আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিঙে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ সৈতে অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত ব্যাখ্যাৰ নেতৃত্ব দি ইতিহাস ৰচনা কৰিলে।প্ৰেছ ব্রিফিঙত তেওঁলোকৰ বিশিষ্ট ভূমিকাই ভাৰতৰ প্রতিৰক্ষা বাহিনীত মহিলাৰ বর্ধিত নেতৃত্বৰ ওপৰত আলোকপাত কৰিছিল।