আই ঐ দেহী মৰম লগা ল'ৰাটোলৈ বেয়াই লাগে...

বাকীখিনি বাদ দিলো ১৯৪ খন ৰাষ্ট্ৰ থকাৰ পাছত তেওঁ ল'ৰা-ছোৱালী লৈ পাকিস্তান কিয় গ'ল সেই প্ৰশ্নৰ উত্তৰ দিয়ক। পাকিস্তানৰ প্ৰতি ইমান মৰম কিয়? যিয়ে নহওঁক গৌৰৱ গগৈ সেই দেশখনলৈ যোৱাতো মই বিশ্বাস কৰিবলৈ টান পাইছো।

New Update
yuuuuuuuuuu

দুখত ভাগি পৰিছে দেশৰ এগৰাকী কেবিনেট মন্ত্ৰী। গৌৰৱক লৈ চিন্তিত এইজন ৰাজনীতিবিদ। কেন্দ্ৰীয় বিদেশ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ এতিয়া বিৰাট টেনশ্যন। নিজ মুখে তেওঁৰ সেই চিন্তাৰ কথা ৰাজহুৱা কৰিলে মন্ত্ৰী গৰাকীয়ে। গৌৰৱ গগৈক লৈ এই চিন্তা মাৰ্ঘেৰিটাৰ। আই ঐ দেহী মৰম লগা ল'ৰাটোলৈ বেয়াই লাগে বুলি হুমুনিয়াহ এৰিলে তেওঁ। কিন্তু কিয় পঢ়ক এই প্ৰতিবেদনত...

Advertisment

এজন দায়িত্বশীল মন্ত্ৰী তেওঁ। ৰাজ্যিক বৈদেশিক মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদবীত থকা এইজনো অসমৰে জন প্ৰতিনিধি তথা ৰাজ্যসভাৰ সাংসদ। বিৰোধী দলৰ এজন সাংসদক লৈ তেওঁ ভীষণ দুচিন্তাত আছে। সংবাদ মেল পাতি সেই দুচিন্তাৰ কথা ব্যক্ত কৰিছে এই গৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে।

প্ৰসংগ- গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ আৰু পাকিস্তানৰ সৈতে তেওঁৰ সম্পৰ্ক থকাৰ অভিযোগ। এই বিষয়টোক লৈ মুখ খুলিলে বিদেশ ৰাজ্যিক মন্ত্ৰী মাৰ্ঘেৰিটাই। দায়িত্বশীল মন্ত্ৰীৰ দৰে নহয় এজন ৰাজনীতিবিদৰ দৰে এই প্ৰসংগত ৰাখিলে বক্তব্য।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা অভিযোগ মিছা হওঁক বুলি কামনা কৰিলে তেওঁ। কিয়নো বিৰেধী দলৰ সাংসদ হ'লেও গৌৰৱ গগৈ তেওঁৰ জ্ঞাতি। সেই টানে তেওঁক গৌৰৱ গগৈৰ প্ৰতি চিন্তা কৰিবলৈ বাধ্য কৰাইছে। 

মুখ্যমন্ত্ৰীয়ে মিছা নকয় বুলি উল্লেখ কৰি চতুৰ মাৰ্ঘেৰিটাই গৌৰৱ গগৈক মৰমলগা ল'ৰাটো বুলি আখ্যা দি ক'লে আই ঐ দেহী মৰম লগা ল'ৰাটোলৈ বেয়াই লাগে। গৌৰৱ গগৈ ১৫ দিনীয়া পাকিস্তান ভ্ৰমণক লৈ মুখ্যমন্ত্ৰীয়ে তোলা প্ৰশ্নৰ সুৰতে সুৰ মিলালে মাৰ্ঘেৰিটাই।

নতুন দিল্লীত শতাধিক দূতাবাস থকা পাছতো তেওঁ কিয় পাকিস্তানলৈ ল'ৰা-ছোৱালী লৈ যাব লগা হ'ল বুলি প্ৰশ্ন তুলিলে। সংবাদ মেলত পবিত্ৰ মাৰ্ঘেৰিটাৰ ভাস্য আছিল এনেধৰণৰ-  "যদিও আমাৰ তেল-পানীৰ সম্পৰ্ক তথাপিও এগৰাকী শ্ৰদ্ধাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুতেক পাকিস্তানলৈ যোৱা কথাটো মই বিশ্বাস কৰিবলৈ টান পাইছো। ভাৰতক বাদ দি বিশ্বত ১৯৪খন দেশ আছে, গৌৰৱ গগৈ তালৈ যাব পাৰিলে হেতেন, তেওঁ যিকোনো এখন দেশলৈ যাব পাৰিলে হেতেন, কিন্তু তেওঁ পাকিস্তান হে বিচাৰি পালে। পাকিস্তানৰ প্ৰতি তেওঁৰ মৰমতো তাতেই বুজিব পাৰি।

একেবাৰে সাধাৰণভাৱে ভাৱকচোন, আপুনি হোৱা হেতেন কি কৰিলে হয়। আমাৰ নতুন দিল্লীত ১ শতাধিক দূতাবাস আছে, তেওঁ নেপাল,জাপান,আমেৰিকা, আৰ্জেনটিনা কিমান সুন্দৰ দেশ আছে ক'তো নগৈ তেওঁ ল'ৰা ছোৱালী এগাল লৈ পাকিস্তান পালেগে।

বাকীখিনি বাদ দিলো ১৯৪ খন ৰাষ্ট্ৰ থকাৰ পাছত তেওঁ ল'ৰা-ছোৱালী লৈ পাকিস্তান কিয় গ'ল সেই প্ৰশ্নৰ উত্তৰ দিয়ক। পাকিস্তানৰ প্ৰতি ইমান মৰম কিয়? যিয়ে নহওঁক গৌৰৱ গগৈ সেই দেশখনলৈ যোৱাতো মই বিশ্বাস কৰিবলৈ টান পাইছো।

আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদায় প্ৰমাণসিদ্ধ আৰু তথ্য সমৃদ্ধ কথা কয়, সেইকাৰণে মোৰ মনটোত অলপ বেজাৰো লাগিছে। মোৰ জ্ঞাতি, আমাৰ এগৰাকী ভাৰতীয় সাংসদ পাকিস্তানলৈ গৈছে এইটো বিশ্বাস কৰিব নোৱাৰা এটা কথা। নোযোৱাটোৱে হওঁকচোন।

তাত কেতিয়াবা কোনোবা যায় এদিনৰ কাৰণে ক্ৰিকেট খেলিব যোৱা আমি দেখিছো বা কোনোবা আমাৰ কূটনীতিবিদ যোৱাও দেখিছো।  তাত কেইটামান ধৰ্মৰ তীৰ্থস্থান আছে তালৈও পৰ্যটক যায়, ১৪০ কোটি মানুহৰ ১০-১৫ হাজাৰ মানুহ তালৈ যায়। কিন্তু তেওঁ ১৫ দিনৰ বাবে তাত থকাকৈ গৈছে। তাত কি কৰিছে?

শেষত তেখেতৰ সহ ধৰ্মিনীয়ে বোলে পাকিস্তানৰ কোনোবা এন জি অ'ৰ দ্বাৰা দৰমহা লৈ আছে। সেইতোটো আৰু মাৰাত্মক কথা। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাত পতিয়ন গৈছো আৰু চেপ্তেম্বৰ-অক্টোবৰলৈ ৰৈ দিছো। সত্যটো জানিব বিচাৰিছো। সেই আই ঐ দেহী মৰম লগা ল'ৰাটোৰ পিছত বেলেগ কিবাও থাকিব পাৰে। গতিকে মই সময়ৰ অপেক্ষাত ৰও। ভগৱানে তেওঁৰ মংগল  কৰক। এগৰাকী অসমীয়া হিচাপে মই সেয়াই কামনা কৰিছো।"

 

গৌৰৱ গগৈ পবিত্ৰ মাৰ্ঘেৰিটা