/asomiyapratidin/media/media_files/2025/06/02/u9cwRjBzQUJ8YfsfuIm2.jpeg)
বান ! প্ৰতিবছৰে এখন সকৰুণ ছবিৰ সাক্ষী হৈ আহিছে উত্তৰ-পূব। এইবেলি বছৰটোৰ প্ৰথমটো বানতে সৰ্বহাৰা হ'ল অসম লগতে চুবুৰীয়া কেবাখনো ৰাজ্য। চৰকাৰী তথ্য অনুসৰি অসমত বান আৰু ভূমিস্খলনৰ ফলত মৃত্যু হৈছে ১০ জনকৈ লোকৰ। এয়া মাত্ৰ এখন ৰাজ্যৰহে তথ্য। সমগ্ৰ উত্তৰ-পূবতে হোৱা প্ৰচণ্ড বান আৰু ভূমিস্খলনৰ ফলত মৃত্যু হৈছে কমেও ৩৪ জন লোকৰ। এনে প্ৰেক্ষাপটত উত্তৰ-পূবৰ সামগ্ৰীক বান পৰিস্থিতি সন্দৰ্ভত চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন।
বান বুলিলেই বুকু কপি উঠে। কাৰণ বানপানীৰে অসম তথা উত্তৰ-পূবৰ চিনাকি আজিৰ নহয়। বান বিভীষিকাত সৰ্বহাৰা হয় অসম লগতে উত্তৰ-পূবৰ অন্য ৰাজ্যসমূহো। প্ৰতি বছৰৰ বানত নিঃশেষ হৈ যায় একো একোটা অঞ্চল, পৰিয়াল, ঘৰ-দুৱাৰ,কৃষিভূমি। প্ৰজন্মৰ পিছত প্ৰজন্ম গৈছে যদিও শেষ হোৱা নাই বানপানীৰ সমস্যা।
বিগত এসপ্তাহে উত্তৰ-পূবত সংহাৰী ৰূপ লৈছে বছৰটোৰ প্ৰথমটো বানে। যোৱা চাৰিদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণে পৰিস্থিতি ক্ৰমান্নয়ে ভয়াৱহ কৰি তুলিছে। অসম, মণিপুৰ, ত্ৰিপুৰা, ছিকিম, অৰুণাচল প্ৰদেশ, মেঘালয়কে ধৰি কেইবাখনো ৰাজ্যত এতিয়ালৈকে বানপানী আৰু ভূমিস্খলনৰ ফলত ৩৪ জন লোকৰ মৃত্যু হৈছে।
অসমৰ ১৯খন জিলাৰ ৭৬৪খন গাঁৱৰ প্ৰায় ৩.৬ লাখ লোক বৰ্তমান বানৰ কবলত। এই পৰ্যন্ত অসমত বান আৰু ভূমিস্খলনৰ ফলত ১০ জন লোকৰ মৃত্যু হৈছে। ডিব্ৰুগড়, নিমাতীঘাটকে ধৰি বহু ঠাইত বিপদৰ চিহ্নৰ ওপৰেৰে বৈ গৈছে ব্ৰহ্মপুত্ৰ নদী। ইয়াৰ উপৰিও আন পাঁচখন নদীৰ জলপৃষ্ঠেও বিপদসীমা অতিক্ৰম কৰিছে।
১০ হাজাৰৰো অধিক লোকক সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকীয়াই দিয়ে যে ৰাজ্য আৰু চুবুৰীয়া অঞ্চলত অবিৰতভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ বাবে নদীৰ পাৰত বসবাস কৰা লোকসকলৰ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে।
সোমবাৰৰ বাবে অসমৰ হাইলাকান্দি আৰু শ্ৰীভূমি জিলাৰ লগতে ত্ৰিপুৰাৰ খোৱাই আৰু পশ্চিম ত্ৰিপুৰা জিলাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে।কেন্দ্ৰীয় জল আয়োগৰ প্ৰতিবেদন অনুসৰি যোৰহাট জিলাৰ নিমাতীঘাটত ব্ৰহ্মপুত্ৰ নদীয়ে বিপদ সীমা অতিক্ৰম কৰাৰ বিপৰীতে ইয়াৰ উপনৈ বুঢ়ীদিহিং, ধনশিৰি, আৰু কপিলীৰ লগতে বৰাক উপত্যকাৰ কেইবাখনো নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে।
দেওবাৰে বানৰ ফলত কাছাৰত এটি শিশু আৰু শ্ৰীভূমি জিলাৰ এজন লোক মৃত্যমুখত পৰে। ফলস্বৰূপে মৃতকৰ সংখ্যা ৩৪লৈ বৃদ্ধি পাইছে। এই ক্ষেত্ৰত অসম চৰকাৰে বানত নিহতসকলৰ পৰিয়াললৈ ৪ লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে।
অৰুণাচল প্ৰদেশক বায়ু সেনাৰ সহায় হাত
ভাৰতীয় বায়ু সেনাৰ এগৰাকী বিষয়াৰ পৰা পোৱা তথ্য অনুসৰি, মূল ভূখণ্ডৰ পৰা বিচ্ছিন্ন অৰুণাচল প্ৰদেশৰ লোয়াৰ দিবাং উপত্যকাৰ বানপানীত ডুব যোৱা বমজিৰ নদীৰ মাজত আবদ্ধ হৈ থকা ১৪ জন লোকক ইতিমধ্যে নিৰাপদ স্থানলৈ উদ্ধাৰ কৰা হৈছে। এই অভিযান মি-১৭ হেলিকপ্টাৰেৰে কৰা হৈছিল।
ইফালে বতৰ বিভাগে ১ জুনৰ পৰা ৫ জুনলৈ প্ৰচণ্ড বৰষুণ, ধুমুহা আৰু বিজুলীৰ পূৰ্বাভাস দিয়াৰ বিপৰীতে ৫ আৰু ৬ জুনত কেৱল প্ৰচণ্ড বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে। চলিত সপ্তাহৰ আৰম্ভণিতে আই এম ডিয়ে বহু বিপদজনক বতৰৰ সতৰ্কবাণী জাৰি কৰিছিল।
ছিকিমত আবদ্ধ ১২০০ৰো অধিক পৰ্যটক
ছিকিমত আবদ্ধ হৈ আছে ১৫০০ৰো অধিক পৰ্যটক; তেওঁলোকক খালী কৰিবলৈ সেনা আৰু বায়ুসেনাৰ সহায় লোৱা হৈছে। বিষয়াসকলে জনোৱা মতে, পূব ছিকিমৰ নেমাচেন প্ৰেমলখাৰ সমীপত ভূমিস্খলন সংঘটিত হৈছে, যাৰ বাবে যাত্ৰীসকলক সাৱধান হ’বলৈ আৰু নিৰাপদ যাত্ৰা নিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
ছিকিমৰ উত্তৰ অঞ্চলত পৰিস্থিতি আৰু ভয়াৱহ হৈ পৰিছে। বৰষুণৰ ফলত মংগন জিলা যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ মাজতে সীমান্ত পথ সংস্থাই এতিয়াৰ বাবে লাচুঙলৈ যোৱাৰ সুবিধা পুনৰ ঘূৰাই আনিবলৈ সক্ষম হৈছে।
বানৰ ফলত মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাত ভয়াৱহ পৰিস্থিতি
মণিপুৰত বানৰ ফলত ১৯ হাজাৰৰো অধিক লোক প্ৰভাৱিত হৈছে বুলি সোমবাৰে বিষয়াসকলে প্ৰকাশ কৰে। কৰ্তৃপক্ষৰ মতে, বিগত চাৰিদিনত অবিৰত মুষলধাৰ বৰষুণে ৩,৩৬৫টা ঘৰৰ ক্ষতিসাধন কৰাৰ লগতে ১৯,৮১১ জন লোক ক্ষতিগ্ৰস্ত হৈছে।
ইম্ফল পূৱ জিলাত ৩১টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে। জানিব পৰা মতে, সেনাপতি জিলাৰ লগতে ইম্ফল পূবৰ হাইংগাং, ৱাংখেই, আৰু খুৰাই বিধান সভা সমষ্টিৰ ভিতৰত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চল হিচাপে পৰিগণিত হৈছে। তদুপৰি ৰাজ্যখনত বিগত ৪ দিনত ৪৭ টা ভূমিস্খলনৰ বাতৰি পোৱা গৈছে।
ভাৰতৰ বতৰ বিজ্ঞান বিভাগে মেঘালয়ৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। নাগালেণ্ড, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰাৰ বাবেও একেধৰণৰ সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে। মেঘালয়ৰ ১০খন জিলাত ক্ষন্তেকীয়া বান আৰু ভূমিস্খলনৰ ফলত জনজীৱন বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।
একেদৰে ত্ৰিপুৰাতো ১০ হাজাৰৰো অধিক লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। সমগ্ৰ ত্ৰিপুৰাত অবিৰত বৰষুণৰ ফলত মেনহ’লত পৰি এজন লোকৰ মৃত্যু হয়। ইফালে প্ৰচণ্ড বৰষুণে চহৰখনক প্লাৱিত কৰাৰ ফলত, বহু নিম্ন অঞ্চল প্লাৱিত হোৱাৰ লগতে মুখ্যমন্ত্ৰী মাণিক সাহাৰ বাসগৃহৰ সন্মুখত আঁঠুলৈকে পানীৰ মাজেৰে মানুহ ডুব যোৱা দেখা গৈছিল।
উদ্ধাৰ কামত নিয়োজিত সেনা আৰু বায়ুসেনা
এই বিপদৰ সময়ছোৱাত ভাৰতীয় সেনাই উদ্ধাৰ প্ৰচেষ্টাত সহায় কৰিবলৈ অপাৰেচন জল ৰাহট-২ আৰম্ভ কৰিছে। পৰিস্থিতিৰ ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত বায়ুসেনা আৰু অসম ৰাইফলছক সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে নিয়োগ কৰা হৈছে।
ক্ষতিগ্ৰস্ত অঞ্চলৰ লোকক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। ভাৰতীয় বায়ুসেনাই দেওবাৰে অসমৰ তিনিচুকীয়া জিলাৰ পৰা ১৩ জন শ্ৰমিকসহ ১৪ জন লোকক উদ্ধাৰ কৰে।
৭ ৰাজ্যৰ পক্ষত থিয় দিছে কেন্দ্ৰীয় চৰকাৰ