দা লিটল বয় ফ্ৰ'ম ৰোজাৰিয়ো...

দা লিটল বয় ফ্ৰ'ম ৰোজাৰিয়ো...

দা লিটল বয় ফ্ৰ'ম ৰজাৰিয়ো, আৰ্জেন্টিনা । অন বিহাফ অফ এভ্ৰী চাইল্ড ৱেৰিং হিজ শ্বাৰ্ট... মেছি অন এ মিলিয়ন বেকছ্ ,  মেছি ফৰ এ মিলিয়ন ফ্লেশ্ববেকছ্... এইয়া আছিল বিশ্বকাপৰ পূৰ্বে পীটাৰ দ্ৰুৰীৰ ঘোষণা মেছিৰ বাবে । মেছিৰ কান্ধত ন্যস্ত থকা সমগ্ৰ দেশবাসীৰ আশাৰ কথা মহাতাৰকা জনক সুৱঁৰাই দিছিল ব্ৰিটিছ ঘোষক গৰাকীয়ে নিজস্ব কাব্যিক ভংগীত । দা লিটল বয় ফ্ৰ'ম ৰজাৰিয়ো সন্দৰ্ভত আজিৰ এই প্ৰতিবেদন...

মন্টিয়েলৰ বিজয়সূচক গ'লটোৰ সৈতেই ভাঁহি আহিছিল ব্ৰিটিছ ঘোষক পীটাৰ দ্ৰুৰীৰ কন্ঠত ধ্ৰপদী শৈলীৰ ঘোষণা । ৩৬ বছৰ অন্তত মাৰাডোনাৰ পাছত বিশ্বকাপৰ ট্ৰ'ফীটো তুলি ল'বলৈ সক্ষম হৈছিল অত দিন ফুটবলৰ মুকুটবিহীন সম্ৰাট ৰূপে খ্যাত মেছিয়ে । পীটাৰ দ্ৰুৰীৰ এই ঘোষণাত আছিল আৱেগ, উল্লাস, উন্মাদনা আৰু সন্তুষ্টি । পীটাৰ দ্ৰুৰীৰ এই আৱেগ আৰু উল্লাসত আছিল ফুটবলৰ একছত্ৰী সম্ৰাট গৰাকীৰ অত বছৰৰ বিশ্বকাপ খিতাপ দখলৰ আশা । উন্মাদনাত আছিল সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফাইনেলখন প্ৰত্যক্ষ কৰাৰ আনন্দ ।

পীটাৰ দ্ৰুৰীৰ এই ঘোষণাৰ বাবেই অপেক্ষাৰত হৈ আছিল বিশ্বৰ কোটি কোটি দৰ্শক । পীটাৰ দ্ৰুৰী নহয় যেন আধুনিক কালৰ শ্বেইক্সপীয়েৰ হে । ঘোষণাৰ সলনি নিগৰি আহে চনেটৰ এটা এটা শাৰী । খেলৰ সমান্তৰালকৈ চলি থকা ঘোষণা কালত কবিতাৰ পংক্তি আওৰোৱা নহয় কোনো সহজ কথা । কিন্তু ই সম্ভৱ কৰি দেখুৱাইছিল পীটাৰ দ্ৰুৰীয়ে ।

এই খেলৰ পূৰ্বে ফুটবল জগতৰ অন্যতম খেলুৱৈ মেছিৰ বাবে কৰা ঘোষণাৰ বহু কেইটা জনপ্ৰিয় হৈ পৰিছিল দৰ্শকৰ মাজত । দা লিটল বয় ফ্ৰ'ম ৰোজাৰিয়া খ্যাত মেছিয়ে এক শ্বাসৰুদ্ধকৰ খেলত আজুৰি আনিলে বিশ্বকাপৰ খিতাপ । ফুটবলৰ প্ৰায় সকলো খিতাপেই ইয়াৰ পূৰ্বে নিজৰ দখললৈ অনা মেছিৰ ওচৰত নাছিল কেৱল বিশ্বকাপৰ খিতাপ । ইয়াৰ সৈতেই এই বিশ্বকাপেই অন্তিম আন্ত:ৰাষ্ট্ৰীয় খেল হ'ব বুলি ঘোষণা কৰিছিল খেলুৱৈ গৰাকীয়ে ।

কিন্তু এই বিশ্বকাপ যেন ৰচনা কৰা হৈছিল কেৱল মেছিৰ বাবেই । চলিত বৰ্ষত কোপা আমেৰিকাৰ খিতাপ জয় কৰি আত্মবিশ্বাসৰ তুংগত আছিল দলটি । বিগত তিনিটা বছৰত এখনো খেলত পৰাস্ত নোহোৱা দলটিয়ে কিন্তু বিশ্বকাপৰ প্ৰথমখনি খেলতেই পৰাজয়ৰ মুখ দেখিছিল চৌদি আৰবৰ হাতত । খন্তেকতেই ভাঙি পৰিল কোটি কোটি দৰ্শকৰ আশাৰ বালিৰ ৰাজপ্ৰসাদটো । উত্তাল সাগৰৰ ঢৌৱে উটুৱাই লৈ গ'ল আৰ্জেন্টিনাৰ বিশ্বকাপ জয়ৰ আশা । কিন্তু এতিয়ালৈ কেৱল এখন হে খেলত অৱতীৰ্ণ হৈছিল মেছি বাহিনী । গ্ৰুপ পৰ্যায়ৰ খেলতো আছিল আৰু দুটাকৈ প্ৰত্যাহ্বান । সন্মুখত আছিল চৌদি আৰৱতকৈ তুলনামূলক ভাৱে শক্তিশালী পোলেণ্ড আৰু মেক্সিকো ।

পোলেণ্ডত আছিল চলিত বৰ্ষৰ বেলন ডি অ'ৰৰ দাবীদাৰ লিৱান'দস্কী আৰু মেক্সিকোত আছিল বিশ্বকাপৰ শ্ৰেষ্ঠ গ'লৰক্ষক সমূহৰ অন্যতম অছ'ৱা । কোনো পধ্যেই সহজ নাছিল এই বাট । অৱশ্যে মেছিৰ বাবে বিপক্ষ দলৰ পৰাক্ৰম যেন কাহানিও প্ৰত্যাহ্বান হৈ উঠাই নাই । গ্ৰুপ পৰ্যায়ৰ খেলৰ পৰা নক আউটলৈ উত্তীৰ্ণ হ'ল আৰ্জেন্টিনা । আৰ্জেন্টিনা দলৰ দুৰ্বল ডিফেন্স আৰু ফ্ৰান্স, ক্ৰ'ৱেছিয়াৰ দৰে দলৰ পৰাক্ৰম দেখি অধিকাংশ দৰ্শকে ইতিমধ্যেই বুজি উঠিছিল আৰ্জেন্টিনা দলৰ বাবে সপোনেই হৈ ৰ'ব মেছিক বিশ্বকাপ জয় কৰোৱাৰ । কিন্তু ইতিমধ্যে উল্লেখ কৰি অহাৰ দৰেই এইবাৰৰ বিশ্বকাপ ৰচনাই কৰা হৈছিল যেন মেছিক জয়ী কৰোৱাবলৈ । এখনৰ পাছত আন এখন খেলত জয় লাভ কৰি ফাইনেলত উপস্থিত হ'ল আৰ্জেন্টিনা ।

তাৰ পাছতেই সমগ্ৰ ঘটনা ইতিহাস । ফিফা বিশ্বকাপৰ কোনো এখন ফাইনেলেই ইয়াৰ পূৰ্বে এনে শ্বাসৰুদ্ধকৰ হৈ উঠা নাছিল । সমগ্ৰ খেল খনত ২-০ ৰ অগ্ৰগতি লৈও ৮০ মিনিটত ২-২ত অতিৰিক্ত সময়লৈ নিব লগীয়া হৈছিল খেলখন । এইয়া অছিল ফ্ৰান্সৰ যুৱ খেলুৱৈ এমবাপেৰ পৰাক্ৰম । অতিৰিক্ত সময়ত খেল হ'লগৈ ৩-৩ । যাৰ বাবে সহায় ল'ব লগীয়া হ'ল পেনাল্টী শ্বুট আউটৰ । আৰ্জেন্টিনাৰ হৈ চতুৰ্থটো পেনাল্টী গ্ৰহণ কৰিছিল মন্টিয়েলে । মন্টিয়েলৰ গ'লৰ পাছতেই নিশ্চিত হৈ পৰিল আৰ্জেন্টিনাৰ জয় ।

কিন্তু এই যাত্ৰা মসৃণ নাছিল মেছিৰ বাবে । বহু উত্থাপ পতনৰ অন্তত আহিছিল ফাইনেললৈ । বিগত ৪ খন বিশ্বকাপত ট্ৰ'ফীটো কেৱল দূৰৈৰ পৰাই চাই সন্তুষ্টি লভিছিল মেছিয়ে । খিতাপ দখল নকৰাকৈয়ে বিদায় মাগিলে হয় যাদুকৰ জনে । এইবাৰ আৰ্জেন্টিনা দলৰ আন খেলুৱৈ সকল আকৌ অৱতীৰ্ণ হৈছিল মেছিক খিতাপ দখল কৰাবলৈ ।

খেলপথাৰত সকলো সময়তেই মেছিৰ ছাঁটো হৈ থকা মিডফিল্ডাৰ ডি প'ল ফাইনেলত আঘাতপ্ৰাপ্ত । প্ৰতিপক্ষই বাৰে বাৰে বিচাৰি লয় ডি প'লৰ ভৰি । কিয়নো ডি প'লৰ ঠিক সন্মুখতেই মেছি । কোনো অসৰ্তক মূহুৰ্তত ডি প'লৰ পৰা অহা এটা পাছ গ'ললৈ ৰুপান্তৰ কৰিবলৈ বৰ বেছি সময়ৰ প্ৰয়োজন নহ'ব মেছিক । তেনেস্থলত ডি প'লক আঘাতপ্ৰাপ্ত কৰাই হ'ব মেছিৰ বাবে বাধা । মেছি আৰু মিডফিল্ডৰ মাজত ব্যৱধান আনিব পাৰিলেই খেলপথাৰত অসাৰ হৈ পৰিব মেছিৰ যাদু । কিন্তু ভাগ্যই সহায় কৰিলে মেছিক । তুলি ল'লে বিশ্বকাপৰ ট্ৰ'ফী ।

দা লিটল বয় ফ্ৰ'ম ৰোজাৰিয়োই তুলি ল'লে বিশ্বকাপৰ ট্ৰ'ফী । আৰ্জেন্টিনাৰ জাৰ্ছী পৰিধান কৰা প্ৰত্যেকটো শিশুৰে আশা পূৰণ কৰি আৰ্জেন্টিনালৈ লৈ গ'ল বিশ্বকাপৰ ট্ৰ'ফী । মাৰাডোনাৰ পৰা মেছিলৈ সম্পূৰ্ণ হ'ল আৰ্জেন্টিনাৰ যাত্ৰা । ফুটবলৰ ৰাজকুমাৰৰ পৰা উত্তৰসূৰীলৈ দুয়োৱেই সাৱটিবলৈ পালে ট্ৰ'ফীটো । ইয়াৰ সৈতেই সমাপ্ত হ'ল দ্ৰুৰীৰ ধ্ৰুপদী ভংগিমাত ঘোষণা কৰিলে দা লিটল বয় ফ্ৰ'ম ৰজাৰিয়োৰ যাত্ৰা সম্পূৰ্ণ হোৱাৰ কথা । সমাপ্ত হ'ল শেষ নৃত্য ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in