গৰুখুটি প্ৰকল্পত এতিয়ালৈকে স্থায়ী কি কি হৈছে?

গৰুখুটি প্ৰকল্পৰ বাবে চৰকাৰে দিছিল কেইবাকোটি টকা। ইয়াৰে আধা ধন ব্যয় কৰা হৈছে প্ৰকল্পৰ নামত। গাঁৱৰ যুৱক-যুৱতী সকলৰ জৰিয়তে গৰুখুটি প্ৰকল্পক এক অন্য ৰূপ দিয়াৰ চেষ্টা চলাই অহা হৈছে।

author-image
Asomiya Pratidin
New Update
গৰুখুটি প্ৰকল্পত এতিয়ালৈকে স্থায়ী কি কি হৈছে?

কি পৰ্যায়ত আছে গৰুখুটি প্ৰকল্প। গৰুখুটি এই কৃষি প্ৰকল্পক লৈ সপোন দেখিছিল অসমবাসীয়ে। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন-

Advertisment

অবৈধ বেদখলৰ বিৰুদ্ধে অভিযান চলিছিল। শ শ বিঘা মাটি বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰি তাত আৰম্ভ কৰা হৈছিল কৃষি কৰ্ম। মঙলদৈৰ সেই গৰুখুটি অঞ্চলত আৰম্ভ কৰা কৃষি প্ৰকল্পৰ নাম দিয়া হৈছিল গৰুখুটি কৃষি প্ৰকল্প।ইয়াৰ নেতত্ব লৈছিল চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

গৰুখুটি প্ৰকল্পৰ বাবে ৬ মাৰ্চ ২০২৩ লৈকে এইচ ডি এফ চি, মঙলদৈ শাখাৰ বেংক একাউন্ট নম্বৰ ৫০১০০৪৮৭৮৩৪৮৪৪ ৰ জৰিয়তে মোকলাই দিয়া মুঠ ধনৰ পৰিমাণ হ'ল- ১৪,৫২,৯৩,৩৪৮.০০ টকা। ৰাজ্য চৰকাৰে মোকলাই দিয়া এই ধনৰ পৰিৱৰ্তে ৬ মাৰ্চ ২০২৩ লৈকে এই প্ৰকল্পৰ নামত ৮,৩৯,৯৬,২৫৬.০০ টকা ব্যয় কৰা হৈছে।

বৰ্তমান এই প্ৰকল্পৰ নামত জমা আছে ৬ কোটি ১২ লাখৰো অধিক টকা। এটা সময়ত এই প্ৰকল্পৰে স্থানীয় ৬০০ গৰাকী যুৱক-যুৱতী কৰ্মৰত আছিল। এতিয়া গৰুমুখী বহুমুখী কৃষি প্ৰকল্প সমিতিয়ে প্ৰকল্প পৰিচালনা কৰাৰ পাছত ৩৪৪ জন লোকে কাম কৰি আছে।তেওঁলোকক দৈনিক কৰ্মৰ ওপৰত নো ৱাৰ্ক নো পে ভিত্তিত ধন আদায় দিয়া হয় মাহিলী।

জুলাই ২০২২ ত ১০,১৭,৬২৯ টকা, আগষ্ট ২০২২ ত ৬,৬০,১২৮ টকা, ছেপ্টেম্বৰত ১৪,৮০,৩৮৪ টকা,অক্টোবৰত ১৬,৭০,০৩৯ টকা, নৱেম্বৰত ২১,৭১,৫৮৭ টকা, ডিচেম্বৰত ২০,৮৯,১৩২ টকা, জানুৱাৰীত ২০২৩ চনত ১৮,৯৪,৬২৪ টকা নো ৱৰ্ক নো পেৰ ভিত্তিত নিয়োজিত কৰ্মচাৰীৰ বাবে মোকলাই দিয়া হৈছে।

গৰুখুটি প্ৰকল্পক বৰ্তমানলৈকে সম্পূৰ্ণ হৈ উঠা সম্পদ সমূহৰ ভিতৰত আছে ৫ টা জৰ্নেল কেম্প, ১০ খন ট্ৰেক্টৰ , ১টা কম্পাইন হাৰভেষ্ট মেচিন, এটা শ্ল্যেজ মেছিন,১০০ টা ছোলাৰ ইৰিকেশ্যন পাম্প, ৩ টা স্থায়ী অত্যাধুনিক গৰুৰ গোহালী,এটা অস্থায়ী গৰু গোহালী,এটা স্থায়ী বিজ্ঞান সন্মত ভাৱে সজা গাহৰি ৰখা ঘৰ,এটা ট্ৰেইনিং ছেন্টাৰ, এটা কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়, ৩ টা আৰক্ষী শিবিৰ, ২ টা পুখুৰী, ১০ টা অমৃত সৰোবৰ,২টা ডিজিটেল জেনেৰেটৰ, ৫ টা ৱাটাৰ পাম্প, ২টা ইলেক্ট্ৰনিক ৱাচাৰ পাম্প,১৩১ খন বিচনা আৰু তুলী, ২৫ টা স্প্ৰে মেছিন, ৬ টা গা ধোৱা আৰু শৌচাগাৰ আছে।

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পই কৃষি শস্য উৎপাদন কৰি উপাৰ্জন কৰা ধনৰ পৰিমাণ ৭৩,৩৫,৪৩৫ টকা । এই ধন ৰাশি এইচ ডি এফ চি মঙলদৈ শাখাত থকা একাউন্ট নম্বৰ ৫০১০০৬০৭৯৮৫৩১৭ ত জমা ৰখা হৈছে।

ইয়াৰ ভিতৰত মাহজাতীয় সামগ্ৰী বিক্ৰী কৰি ৫,২৪,৯২৮ টকা, গাখীৰ আৰু দৈ বিক্ৰী কৰি ২০,০১,২৬৬ টকা, সৰিয়হ বিক্ৰী কৰি ২২,৭০,১৪২ টকা, গাহৰি বিক্ৰী কৰি ৫০,০০০ টকা, ৰঙালাও বিক্ৰী কৰি ১২,৩৭,৫৯২ টকা, তিল বিক্ৰী কৰি ২,১১,৬৪৯ টকা, শাক-পাচলি বিক্ৰী কৰি ৫,১৩,৬৫৮ টকা আয় কৰিছে।

এই প্ৰকল্পৰ বাবে চৰকাৰে প্ৰদান কৰা ধনেৰে আন্তগাঠনি প্ৰায় সাজু হৈ উঠিছে। আশা কৰা হৈছে অনাগত দিন সমূহত এই বহুমুখী কৃষি প্ৰকল্প লাভজনক আৰু আদৰ্শৰ প্ৰকল্প হৈ উঠিব।

Also Read: ডিম্বেশ্বৰক কেনাৰাম সজাই এনকাউণ্টাৰ কৰা অসম আৰক্ষীয়ে এইবাৰ যোৰহাটত পাপুক সজালে জিতেন

gorukhuti