ডিম্বেশ্বৰক কেনাৰাম সজাই এনকাউণ্টাৰ কৰা অসম আৰক্ষীয়ে এইবাৰ যোৰহাটত পাপুক সজালে জিতেন

ডিম্বেশ্বৰক কেনাৰাম সজাই এনকাউণ্টাৰ কৰা অসম আৰক্ষীয়ে এইবাৰ যোৰহাটত পাপুক সজালে জিতেন
ডিম্বেশ্বৰক কেনাৰাম সজাই এনকাউণ্টাৰ কৰা অসম আৰক্ষীয়ে এইবাৰ যোৰহাটত পাপুক সজালে জিতেন
ওদালগুৰিত কেনাৰাম মুছাহাৰী বুলি ডিম্বেশ্বৰ বসুমতাৰীক এনকাউণ্টাৰ কৰা অসম আৰক্ষীৰ আন এক জঘণ্য কাণ্ড পোহৰলৈ আহিছে। আৰক্ষীয়ে এই কাণ্ড গোপনে ৰাখিবলৈ চেষ্টা কৰিছে যদিও অসমীয়া প্ৰতিদিন ডিজিটেলৰ হাতত সবিস্তাৰ তথ্য আহি পৰিছে। এই সন্দৰ্ভ অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

নিশা তেতিয়া ডেৰ বাজিছে। ঐতিহ্যমণ্ডিত যোৰহাটৰ তৰাজান পূজা মন্দিৰৰ চৌহদত জিতেন ৰহিদাসক বিচাৰি আৰক্ষী প্ৰৱেশ কৰিছে। সেই সময়ত স্মৃতি ৰেখা ফুকনৰ নেতৃত্বত অহা আৰক্ষীৰ দলটোৱে পাপু ৰহিদাস নামৰ যুৱকজনকে জিতেন ৰহিদাস বুলি দাবী কৰি উপৰ্জুপৰি প্ৰহাৰ কৰে।

আনকি জোতা পিন্ধি অহা আৰক্ষী বাহিনীয়ে পূজাৰ মন্দিৰৰ বেদী গছকিবলৈও কুণ্ঠাবোধ নকৰিলে। পাপু ৰহিদাসে তেওঁ জিতেন ৰহিদাস নহয় বুলি কোৱাৰ পাছতো তেওঁকেই জিতেন ৰহিদাস সজাই থাকি আটক কৰি নিবলৈ চেষ্টা চলাওঁতে তেওঁ বাধা দিয়াত তেওঁক বেয়াকৈ প্ৰহাৰ কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

তাৰ পাছত আৰক্ষীৰ দলটোৱে নিজৰ ভুল বুজি পায় জিতেন ৰহিদাসক আটক কৰি সেই স্থানতে বেয়াকৈ প্ৰহাৰ কৰাত তেওঁৰ অৱস্থা কাহিল হৈ পৰে। মন্দিৰৰ ভিতৰত জোতা পিন্ধি প্ৰৱেশ কৰা, এজন নিৰপৰাধী ব্যক্তিক অপৰাধী সজাই আটক কৰিবলৈ চেষ্টা চলোৱা এই সমগ্ৰ কাণ্ডত স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে।

আৰক্ষীয়ে জিতেন ৰহিদাসক মুমুৰ্খ অৱস্থা আটক কৰি কোনো চিকিৎসা প্ৰদান নকৰাকৈ পুলিবৰ থানালৈ লৈ যোৱাৰ লগতে তেওঁক বিচাৰি সেই মন্দিৰৰ কাষৰ বহুলোকৰ ঘৰত প্ৰৱেশ কৰি আতংকময় পৰিৱেশৰ সৃষ্টি কৰে। এনে পৰিস্থিতি আৰু ধৰ্মীয় অনুভূতিত আঘাতহনাত তৰাজান পূজা মন্দিৰ সমিতিয়ে যোৰহাটৰ আৰক্ষী অধীক্ষক মোহন লাল মিনাক লিখিত ভাৱে ১৩ মাৰ্চ ২০২৩ ত এক স্মাৰক পত্ৰ প্ৰদান কৰে।

ইয়াৰ প্ৰতিলিপি প্ৰেৰণ কৰে যোৰহাটৰ উপায়ুক্তলৈ। আৰক্ষী অধীক্ষকগৰাকীয়ে মন্দিৰ কৰ্তৃপক্ষৰ ওচৰত দোষ স্বীকাৰ কৰি মন্দিৰৰ চিচিটিভি ফুটেজ কোনো কাৰণতে যাতে সংবাদ মাধ্যমে লাভ নকৰে তাক সতৰ্ক কৰি দি মন্দিৰ শুদ্ধিকৰণৰ সকলো ব্যৱস্থা আৰু ব্যয় বহন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

উল্লেখযোগ্য যে জিতেন ৰহিদাসে ২০১৬ চনতেই এজন আচামীৰ হৈ জামিন লৈছিল। সেই আচামীজনে সময়মতে আদালতত হাজিৰ নোহোৱাত আদালতে তেওঁক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছিল। সেয়েহে আৰক্ষীয়ে গৈ এইদৰে মন্দিৰৰ ভিতৰত জিতেন ৰহিদাসৰ বুলি পাপু ৰহিদাসৰ ওপৰত অত্যাচাৰ চলায়।

সমগ্ৰ ঘটনাক গাপ দিবলৈ আৰক্ষী অধীক্ষকজনে আহত ২ যুৱকৰ চিকিৎসা ব্যয় প্ৰদান কৰাৰো প্ৰতিশ্ৰুতি দিছে। অপৰাধী আৰক্ষীক শাস্তি দিয়াৰ সলনি আৰক্ষী অধীক্ষকৰ পৃষ্ঠপোষকতাত ৰক্ষণাবেক্ষণ দিয়া যোৰহাটতে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

লক্ষ্যণীয় ভাৱে এই গুৰুত্বপূৰ্ণ ঘটনাৰ খবৰ সংবাদ মাধ্যমতো প্ৰকাশ পোৱা নাই। প্ৰশ্ন হয়, আৰক্ষীয়ে নিৰপৰাধী লোকক অপৰাধী সজাই সংঘটিত কৰা এই ঘটনাৰ বাবে দোষী আৰক্ষী বিষয়া তথা জোৱানসকলৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যৱস্থা গ্ৰহণ কৰিবনে?

আনহাতে মন্দিৰৰ ভিতৰত পুৱতি নিশা প্ৰৱেশ কৰি এই সন্ত্ৰাস চলোৱাৰ অধিকাৰ আৰক্ষীক কোনে দিলে? মন্দিৰ কৰ্তৃপক্ষৰ সৈতে আৰক্ষীয়ে বুজাপৰাৰ চেষ্টা কৰিলেও এই ঘটনাত আহত যুৱকৰ পৰিয়ালে দোষী আৰক্ষীক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে।

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কৰিবনে এই ঘটনাৰ তদন্ত? ওদালগুৰি কাণ্ডৰ পাছতো শিক্ষা নহ'ল অসম আৰক্ষীৰ।

ডিম্বেশ্বৰক কেনাৰাম সজাই এনকাউণ্টাৰ কৰা অসম আৰক্ষীয়ে এইবাৰ যোৰহাটত পাপুক সজালে জিতেন
প্ৰকৃতিয়ে ধ্বংসলীলা চলোৱা অসমকে ধৰি ৫ ৰাজ্যলৈ কেন্দ্ৰই মুকলাই দিলে NDRF ৰ ধন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in