/asomiyapratidin/media/media_files/2025/03/21/4oCECx0fuS0EtUNR0zHv.jpg)
গুৱাহাটীৰ জিৰ' পইণ্ট
উত্তৰ-পূবৰ দুৱাৰমুখ হৈছে গুৱাহাটী মহানগৰী। প্ৰাগ ঐতিহাসিক যুগৰ পৰা ব্ৰিটিছ ঔপনিৱেশিক যুগলৈ গুৱাহাটীৰ আছে বহু ঐতিহাসিক গুৰুত্ব। প্ৰতিদিনে সপোন, সংগ্ৰাম অথবা জীৱিকাৰ বাবে সহস্ৰাধিক লোক আহি ভিৰ কৰেহি এইখন মহানগৰীত। যাৰবাবে ছয় মাইল, সাত মাইল, ন মাইল এইবোৰ হৈ পৰে বহুতৰ বাবে চিনাকী নাম। কিন্তু কেতিয়াবা আপুনি ভাবি চাইছে নে এই নামসমূহৰ উৎপত্তি কৰ পৰা হল? ক’ৰ পৰা জোখা হয় ইয়াৰ দুৰত্ব? ক’ত আছে গুৱাহাটীৰ শূন্য বিন্দু? এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ সাংবাদিক ৰিম্পী গগৈৰ এক প্ৰতিবেদন...
গুৱাহাটীলৈ প্ৰতিদিনে বহু লোক আহে। গুৱাহাটীলৈ অহা বা ইয়াত বাস কৰা প্ৰায় সংখ্যক লোকেই হয়তো নাজানে এই জিৰ’ পইণ্টটোৰ কথা। গুৱাহাটীৰ এই জিৰ’ পইণ্টটো আছে পাণবজাৰৰ নেহৰু পাৰ্কত অৱস্থিত। ব্ৰিটিছ ঔপনিৱেশৰ সময়ত স্থাপন কৰা এই বিন্দুটোৱে গুৱাহাটীৰ গুৰুত্বপূৰ্ণ স্থানসমূহৰ দূৰত্ব জোখাৰ কেন্দ্ৰবিন্দু হিচাপে কাম কৰিছিল। তেতিয়াৰ ব্ৰিটিছ প্ৰশাসনে ইয়াক কামৰূপ অঞ্চলৰ কেন্দ্ৰীয় জিঅ’ডেটিক ৰেফাৰেন্স পইণ্ট হিচাপে প্ৰতিষ্ঠা কৰিছিল। এই জিৰ’ পইণ্টটোৰ আছে বহু ঐতিহাসিক গুৰুত্ব।
এই “গুৱাহাটীৰ শূন্য বিন্দু” নামটোকে ‘গুৱাহাটী শূন্য’ বুলিও জনা যায়। গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা বিভিন্ন গুৰুত্বপূৰ্ণ স্থানলৈ দূৰত্ব গণনাৰ বাবে ই এক গুৰুত্বপূৰ্ণ ৰেফাৰেন্স পইণ্ট হিচাপে কাম কৰাৰ বাবেই পইণ্টটোক এই নাম দিয়া হৈছিল। তাৰ পৰা অনুমান কৰিব পাৰি যে, ই গুৱাহাটীৰ আন ঠাইলৈ দূৰত্ব গণনাৰ আৰম্ভণিৰ বিন্দু হিচাপে কাম কৰিছিল। সেই বিন্দুটোৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ স্থানৰ দূৰত্ব জুখিছিল। সেই অনুসৰি গুৱাহাটীৰ গুৰুত্বপূৰ্ণ স্থান যেনে ছিক্সমাইল আৰু নাইনমাইলৰ নামকৰণ কৰা হ’ল। এই ছিক্সমাইল অঞ্চল জিৰ’ পইণ্টৰ পৰা ছয় মাইল দূৰত, আৰু নাইনমাইল এই এই জিৰ’ পইণ্টটোৰ পৰা ন মাইল দূৰত আছে।
কেৱল ইমানেই নহয়, গুৱাহাটীৰ পৰা ইয়াৰ বাহিৰৰ ঠাইৰ দুৰত্ব জুখিবলৈও এই বিন্দুকে ব্যৱহাৰ কৰা হৈছিল। শেহতীয়াভাৱে চৰকাৰে পাৰ্কখনৰ উন্নতিকৰণ কৰাৰ লগতে এই জিৰ’ পইণ্টটো সুন্দৰকৈ সংৰক্ষণ কৰিছে। ঠাইখনে প্ৰচাৰ লাভ কৰিলে নিশ্চিতভাৱে ই হৈ পৰিব গুৱাহাটীৰ অন্যতম এটা উল্লেখযোগ্য পৰ্যটনস্থলী।
ইয়াৰ লগতে পাৰ্কখনৰ সন্মুখভাগত এখন ফলক লগাই দিলে বহুলোকে এই শূন্য বিন্দুটোৰ কথা জানিব পাৰিব। পাৰ্কখনলৈ দৈনিক অগণম লোক আহে যদিও সন্মুখভাগত একো লিখি নোথোৱাৰ বাবে লোকসকলে নজনাকৈয়ে গুচি যায়। পাৰ্কখনৰ চুকৰ এটা কোণত থকা জিৰ’ পইণ্টটোৰ কথা গমকে নাপায়। যাৰবাবে চৰকাৰ তথা প্ৰশাসনক এখন ফলক আঁৰি দিবলৈ অনুৰোধ জনাইছে ৰাইজে।
এই পইণ্টটো চাবলৈ হ'লে আপুনি যাব লাগিব নেহৰু পাৰ্কলৈ। কটন বিশ্ববিদ্যালয়ৰ সন্মুখত আছে এই নেহৰু পাৰ্কখন। ব্ৰহ্মপুত্ৰৰ পাৰত নান্দনিক প্ৰাকৃতিক পৰিৱেশ বিৰাজমান এই পাৰ্কখনত। মাজে মাজে আহে পৰিভ্ৰমী চৰাইৰ জাক। পাৰ্কখনৰ কাষতে আছে মেঘদূত ভৱন আৰু গুৱাহাটীৰ ৰ'প-ৱে।
পাৰ্কখনত প্ৰৱেশৰ বাবে আপুনি ক্ৰয় কৰিব লাগিব টিকট। জেষ্ঠ আৰু শিশুৰ বাবে পৃথকে পৃথকে নিৰ্ধাৰণ কৰা হৈছে এই টিকটৰ মূল্য। কেমেৰাৰ বাবে আপুনি দিব লাগিব অতিৰিক্ত ধন। আনহাতে প্ৰাত:ভ্ৰমণৰ বাবেও আপুনি আহিব পাৰে এই ঐতিহাসিক সমল থকা পাৰ্কখনলৈ।