/asomiyapratidin/media/media_files/2025/04/02/S2kJNdy1anr9Nesd9NTn.jpg)
বিশ্বজিৎ ফুকনে জনাৰ প্ৰয়োজন
প্ৰকাশ মহন্ত
বিশ্বজিৎ ফুকন ডাঙৰীয়া, অসম কো'অপাৰেটিভ এপেক্স বেংকৰ কোটি কোটি টকীয়া কেলেংকাৰী সন্দৰ্ভত যোৱা কেইবাটাও বছৰ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি আৰু মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়তো চলা গোচৰ সন্দৰ্ভত দীৰ্ঘদিন আপুনি নিৰৱে আছিল। হঠাতে যোৱা মাৰ্চ মাহৰ পৰা জনৈক ব্যৱসায়ী ৰাজেশ বাজাজে ডিবিপিৰ মাধ্যমত উলিয়াই নিয়া প্ৰায় ২০ কোটি টকাৰ কেলেংকাৰীৰ বিষয়টোক লৈ আপুনি নিজকে নিৰ্দোষী প্ৰতিপন্ন কৰিবলৈ উঠি-পৰি লাগিছে। এইয়া কৰিবলৈ যাওঁতে উক্ত বৃহৎ কেলেংকাৰী সন্দৰ্ভত সৰৱ হোৱা দল, ব্যক্তি তথা সংবাদ মাধ্যমক এক প্ৰকাৰ জাতি আৰু জাতীয় বেংক প্ৰতিস্থানটোৰ বিৰোধী বুলি ক'বলৈও এৰা নাই। শেহতীয়াকৈ কালি পুৱা আপোনাৰ ফেচবুক প'ষ্ট আৰু নিশা আপোনাৰ ফেচবুক একাউণ্টৰ জৰিয়তে সম্প্ৰচাৰ কৰা এটা ভিডিঅ'ৰ জৰিয়তে আমাৰ সংবাদ গোষ্ঠীৰ সদস্য তথা অসমীয়া প্ৰতিদিন ডিজিটেলৰ ডে'স্ক এডিটৰ মৃদুল কুমাৰ সন্দিকৈক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিছে। ইয়াতে ক্ষান্ত নাথাকি অতি নিকৃষ্ট পন্থাৰে তেওঁৰ ভাৱমূৰ্ত্তী ম্লান কৰাৰ চেষ্টা কৰাৰ উপৰি ভিডিঅ'টোৰ এটা বাক্যত অতি কৌশলপূৰ্ণভাৱে প্ৰতিদিন গোষ্ঠীৰ শীৰ্ষ পদাধিকাৰকো সাঙুৰিছে। ভিডিঅ'টোত আপুনি কৈছে, বেংকটোৰ কেলেংকাৰীৰ প্ৰথম খবৰটো আপুনি ২০২৩ চনৰ ৯ আগষ্ট তাৰিখে অসমীয়া প্ৰতিদিন পৰ্টেলত প্ৰকাশিত এটা বাতৰিৰ জৰিয়তেহে আপুনি গম পাইছিল। আপুনি কোৱা মতে এই বাতৰিৰৰ খবৰ পাই আপোনাৰ যেতিয়া খং উঠিল, তেতিয়া এমডিক মাতি আনি সেই সন্দৰ্ভত তদন্ত কৰিবলৈ কওঁতে বিষয়াসকলে আপোনাক জনাইছিল যে, বাতৰিটো মৃদুল সন্দিকৈয়ে লিখিছে আৰু তেওঁৰ লগত ৰাজেশ বাজাজে কথা পতি আছে। সেই মৰ্মে সেইদিনা ৰাতি উক্ত বাতৰিটো ডিলিট কৰা হ'ল। আৰু আপুনিও তাৎক্ষণিকভাৱে লবলগীয়া ব্যৱস্থাৰ পৰা সেইবাবেই যে বিৰত থাকিল। পিছে এতিয়া পুনৰ মৃদুল সন্দিকৈয়ে ধাৰাবাহিকভাৱে লিখাৰ বাবেহে আপুনি গুজৰি-গুমৰি উঠিছে। এই কথা আপুনি মুখেৰে কোৱা নাই যদিও ভিডিঅ'টোৰ ভাৱাৰ্থ এইখিনিয়েই। বিষয়টোৰ লগত জড়িত, কেলেংকাৰীটোৰ সন্দৰ্ভত সৰৱ হোৱা প্ৰক্তন আছু নেতা লুৰিণজ্যোতি গগৈয়ে ৪০ বাৰকৈ ডিবিৰ জৰিয়তে অৰ্থ উলিয়াই নিয়াৰ কথা আপুনি অবগত হৈছিল যদিও সেইকথা এতিয়াহে উল্লেখ কৰিছে।
এপেক্স বেংকৰ দুৰ্নীতিৰ ইতিহাস প্ৰায় দুই দশকৰ। সেই বিষয়ত বহু কথা ক'বলৈ আছে। মই পিছে এই মুহুৰ্তত সিমানলৈ যাব খোজা নাই। মাথো থাউকতে আপোনাৰ বক্তব্যৰ ভিত্তিত কিছু কথাহে স্পষ্ট কৰি দিব খুজিছো।
ইয়াৰে প্ৰথম কথাটো হ'ল - অসমীয়া প্ৰতিদিন ডিজিটেল এটা সাধাৰন প'ৰ্টেল নহয়। অসমৰ সৰ্ববৃহৎ সংবাদগোষ্ঠীৰ দ্বাৰা প্ৰকাশিত ডিজিটেল সংস্কৰণহে। আনহাতে অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়তে প্ৰতিদিন টাইমৰ ডিজিটেল ডেস্কখনো আছে। দুয়োখন ডেস্কৰ ডেস্ক এডিটৰ বেলেগ বেলেগ যদিও অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক হিচাপে মই দুয়োখন ডেস্কৰ কাম-কাজ তদাৰক কৰো।
দ্বিতীয়তে, আপোনাক স্পষ্ট কৰি দিওঁ যে, অসমীয়া প্ৰতিদিন ডিজিটেলত আপোনাৰ বেংকৰ অনিয়ম সন্দৰ্ভত ২০২৩ চনৰ ৯ আগষ্ট নহয়, ২০২১ চনৰ ২৫ ছেপ্তেম্বৰৰ পৰাই বিভিন্ন বাতৰি প্ৰকাশ পাই আহিছে। আনহাতে ২০২৩ চনৰ ১৮ অক্টোবৰত বিধায়ক অখিল গগৈয়ে দিয়া এক সংবাদমেলৰ ভিত্তিত ৰাজেশ বাজাজৰ কেলেংকাৰীৰ বিষয়টো চিবিআই বা ইডিৰ দ্বাৰা তাৎক্ষণিক তদন্ত কৰিব লাগে বুলি এক বিস্তাৰিত বাতৰি প্ৰকাশ হৈছিল। কেৱল সেইয়াই নহয়, আপুনি কেলেংকাৰীত কিদৰে সাঙুৰ খাই থকা অভিযোগৰ পৰা নিজকে কৌশলেৰে আঁতৰাই ৰাখিব নোৱাৰে সেইয়াও অতি স্পষ্ট। সেইবোৰ বিষয় পৰ্যায়ক্ৰমে নিশ্চয় আমাৰ সাংবাদিকে তুলি ধৰিব। একেদৰে কি অৰ্হতা, যোগ্যতা বা অংশীদাৰিত্বৰ ভিত্তিত আপুনি এপেক্স বেংকৰ পৰিচালন বৰ্ডৰ সদস্য উপাধ্যক্ষ বা অধ্যক্ষ হৈ আছে সেইবোৰ প্ৰশ্নও পৰ্যায়ক্ৰমে তুলি ধৰিব।
শেষত আপোনাক কৈ থওঁ, আপুনি এপেক্স বেংকৰ সৰ্বশ্ৰেষ্ঠ শুভাকাংশী নে সৰ্বশ্ৰেষ্ঠ উপভোক্তা তাৰ বিস্তাৰিত বিবৰণো সময়ে সময়ে প্ৰকাশ পাই আহিছে। কিন্তু আপোনাৰ জন্মৰ পূৰ্বৰে পৰা অসম কো'অপাৰেটিভ এপেক্স বেংকৰ গ্ৰাহক হিচাপে আমাৰ পিতৃ-মাতৃ, পত্নী-কন্যা বেংকৰ অংশীদাৰ যদিও কাহানিও উপভোক্তা হোৱা নাই। অথচ মোৰ জীৱনৰ প্ৰথম ঘড়ীটো প্ৰাক বিশ্ববিদ্যালয় শাখাত পঢ়ি থাকোতেই নগাঁৱৰ এপেক্স বেংকৰ পৰা পইছা উলিয়াই মাতৃয়ে কিনিবলৈ দিছিল যদিও সামাজিক কামৰ বাবে সেই ধন ব্যয় হোৱাৰ বাবে জীৱনত কোনো দিন আৰু মই ঘড়ী পিন্ধা নাই। অথচ ঘড়ীৰ অবিহনেই ঘড়ীৰ কাটাৰ সৈতে সময় মিলাই গোটেই জীৱন পাৰ কৰিছো। এপেক্স বেংকৰ পৰা মাতৃৰ পইছাৰে কিনা ঘড়ীটোৰ অৱস্থিতি আজি ৬০ৰ দেওনা পাৰ কৰাৰ পিছতো মই গভীৰভাৱে অনুভৱ কৰো। সেয়ে বেংকটোৰ আপুনি কিমান শুভাকাংশী আৰু আমি কিমান অপকাৰী সেইয়া আপোনাৰ ফেচবুক পষ্ট বা ভিডিঅ'ৰ জৰিয়তে শুনিলেও মানি ল'ব নোৱাৰো। যথাসময়ত ৰাইজৰ মজিয়ালৈ আমি আৰু বহুবোৰ কথা আগবঢ়াই দিম।
মৃদুল কুমাৰ সন্দিকৈৰ সন্দৰ্ভত আপুনি উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰৰ লগতে সমগ্ৰ কেলেংকাৰীৰ প্ৰসংগবোৰ প্ৰতিদিন ডিজিটেল ডেস্কে পৰ্যায়ক্ৰমে প্ৰকাশ হৈ থাকিব।