/asomiyapratidin/media/media_files/2025/04/02/BQxzkP4xxEUCjC5Cok3h.jpg)
মৃদুল কুমাৰ সন্দিকৈ
এপেক্স বেংকৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ ফুকন ডাঙৰীয়া। আপোনাৰ সৈতে আমাৰ কোনো ব্যক্তিগত সম্পৰ্ক নাই। এজন জনপ্ৰতিনিধি আৰু এপেক্স বেংকৰ অধ্যক্ষ পদত থকাৰ উপৰিও পূৰ্বতে এটা জাতীয় সংগঠনৰ সৈতে আপুনি জড়িত বুলি জানো।
এপেক্স বেংকৰ সন্দৰ্ভত প্ৰকাশিত কেইখনমান প্ৰতিবেদনত তথ্য সহকাৰে বেংকটোৰ ভিতৰচৰাত সংঘটিত কেলেংকাৰীৰ খবৰ ফাদিল কৰাটোৱেই হয়তো আমাৰ অপৰাধ। সেই কেলেংকাৰীবোৰৰ আৰু কেলেংকাৰীৰ খলনায়কসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা সলনি আপুনি সামাজিক মাধ্যমত দিয়া কিছু মন্তব্যই এই বিষয়টোক আৰু গভীৰভাৱে অনুসন্ধান কৰি তুলি ধৰিবলৈ আমাক দায়বদ্ধ কৰিলে।
ফেচবুকত ভিডিঅ’ৰ জৰিয়তে আপুনি কোৱা শেহতীয়া কথাবোৰ গুৰুত্বসহকাৰে শুনাৰ পাছত আপোনাক এখন পত্ৰৰ আধাৰত কিছু প্ৰশ্ন সুধিব বিচাৰিছো। অসমীয়া প্ৰতিদিনত প্ৰকাশিত ৯ আগষ্ট, ২০২৩ ত খবৰৰ পাছতহে আপুনি বেংকৰ ভিতৰত এনে কেলেংকাৰী হৈ থকাৰ কথা প্ৰথম অৱগত হৈছিল বুলি সদৰি কৰিছে।
অভিযোগ কৰিছে সেই খবৰ ডিলিট কৰা হৈছে বুজাবুজিৰ জৰিয়তে। বিশ্বজিৎ ফুকন ডাঙৰীয়া যিজন ৰাজেশ বাজাজৰ সৈতে মিলি এইখবৰ ফাদিল কৰা বুলি আপুনি অভিযোগ কৰিছে সেয়া হাস্যকৰ। একেদৰে হাস্যকৰ আপুনি কোৱাৰ দৰে বেংকৰ ভিতৰত সংঘটিত হোৱা এই কোটি টকাৰ কেলেংকাৰীৰ বিষয়ে আপুনি নাজানো বুলি কোৱাতো।
২০২৩ ৰ ৩ এপ্ৰিল। সেইদিনা নৰ্থইষ্ট প্লেনটেছন এণ্ড কমাৰ্চিয়েল প্ৰাইভেট লিমিটেডৰ সঞ্চালক ৰাজেশ বাজাজে এখন পত্ৰ লিখিছিল এপেক্স বেংকৰ পৰিচালন সঞ্চালকলৈ। সেই পত্ৰত বাজাজে ডি বি পিৰ জৰিয়তে ১৫ কোটি টকা বিচাৰি তেওঁলৈ আবেদন জনাইছিল।আপুনি নিজেই কয়, বেংকটোক আপুনি বিশেষভাৱে তদাৰক কৰে।
এপেক্স বেংকত কাম কৰা মানুহেও জানে আপোনাৰ ইছাৰাৰ অবিহনে বেংকৰ কাগজ এখিলাও নলৰে। এই আবেদনখনৰ সোঁফালে আপোনাৰ এম ডি দিছপুৰৰ শাখাৰ বেংক পৰিচালকলৈ এই ধন দিয়াৰ ব্যৱস্থা কৰিবলৈ এটা নোট লিখি দিছিল। সেয়া আপোনাৰ অগোচৰে আছিল নে?
এসময়ত আপোনাৰ অতি ঘনিষ্ঠ আছিল ৰাজেশ বাজাজ। সেইজন বাজাজক এনেদৰে ধন দিবলৈ খোদ এম ডিয়ে ব্ৰাঞ্চ মেনেজাৰলৈ লিখি দিয়াৰ পাছত কিদৰে তেওঁ সেই নিৰ্দেশ অমান্য কৰিব পাৰে? এতিয়া আপোনাক প্ৰশ্ন কৰো, সুদীৰ্ঘ দিন ধৰি এইদৰে ৰাজেশ বাজাজক অনিয়মক নিয়ম কৰি আপোনাৰ পৃষ্ঠপোষকতাতে কোটি টকা বেংকৰ পৰা দিয়া নাছিল বুলি কিদৰে মানি লওঁ?
এই কেলেংকাৰীৰ বাবে কিয় উচ্চাৰিত নহ’ব আপোনাৰ নাম? কিয় আপুনি পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াক ইয়াৰ বাবে আজিও জবাব দিহি নকৰিলে? সেইবোৰ প্ৰশ্ন কৰিলে কি কোনোবা ৰাজেশ বাজাজৰ পুতলা হৈ যায়? আপোনাৰ হাতত যদি সেই পত্ৰ নাই তেনেহ’লে আপোনাৰ জ্ঞাতাৰ্থে উক্ত পত্ৰখন দিব পৰাকৈ আমাৰ হাতত মজুত আছে।
আপুনি মূল বিষয়ৰ পৰা ফালৰি কাটি আমাৰ সততাৰ ওপৰত প্ৰশ্ন তুলি ভয় খোৱাবলৈ চেষ্টা কৰিছে। তেনে ভয়, ভাবুকিৰে জানো সত্যক ঢাকি ৰাখিব পাৰি? বেংকৰ গোপন তথ্য ক’ৰ পৰা পালো বুলি আপুনি প্ৰশ্ন তুলিছে। এনে তথ্যৰে দুৰ্নীতি ফাদিল কৰাসকলৰ বিৰুদ্ধেই আদালতৰ দ্বাৰস্থ হম বুলি ঘোষণা কৰিছে।
এজন সাংবাদিক হিচাপে তেনে বিশ্বাসযোগ্য আৰু গোপনীয় তথ্য সংগ্ৰহ কৰাতো কৰ্তব্যৰ ভিতৰত পৰে। আপোনাক প্ৰশ্ন কৰিছো লিখা কথাবোৰ, দাঙি ধৰা তথ্য বোৰ যদি মিছা তেনে মিছা বুলি কওঁক। আপুনি নিজেই কৈছে, লগইন নকৰাকৈ বেংকৰ উৰ্ধতম কৰ্তৃপক্ষই নোপোৱা তথ্য আমি পাইছো।
কিন্তু আপুনি নিজেই চোন এটা জাতীয় সংগঠনৰ বেংকৰ একাউণ্টৰ তথ্য আৰু সেই একাউণ্টৰ পৰা ডি বি পিৰ জৰিয়তে এজন নেতাই কিমানবাৰ ধন উলিয়াই নিছিল সেই কথা ৰাজহুৱা কৰিলে। তাৰমানে আপুনিও এই তথ্য অধ্যয়ন কৰিছে।
তাৰ আধাৰতে ক’ব পাৰি নেকি যে, এই তথ্য প্ৰথম ফাদিল বেংকৰ নীতি, নিয়ম ভংগ কৰি আপুনিয়েই কৰিছে আৰু সেই সংগঠনটোৰ বেংকৰ সবিশেষ আপোনাৰ জৰিয়তে কেনেবাকৈ কোনো পক্ষৰ মাধ্যমেৰে সাংবাদিকৰ কাষ পাইছেহি? পাৰিবজানো আপুনি এই কথা অস্বীকাৰ কৰিবলৈ?
যিহেতু আপুনি সেই জাতীয় সংগঠনটোৰ সৈতে জড়িত আছিল আৰু ৰাজনৈতিক কাৰণত এতিয়া বিপৰীত মেৰুত অৱস্থান লোৱাৰ পাছত সেই সংগঠনটোৰ নেতৃত্বক নাকি লগাবলৈ এইদৰে বেংকৰ এই গোপনীয় তথ্যবোৰ এফালে ৰাজহুৱা কৰি আনফালে আপুনি আনক বিচাৰৰ কাঠগড়াত উঠোৱাতো হাস্যকৰ।
আকৌ এবাৰ উনুকিয়াই দিওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া এক ৰায়ত এপেক্স বেংকৰ এই কেলেংকাৰীৰ সৈতে বেংকটোৰ উৰ্ধতম কৰ্তৃপক্ষ জড়িত থকাৰ কথা স্পষ্টকৈ উল্লেখ কৰিছে। তাৰ পাছতো আপুনি এইবোৰ মুখ চুপতি মাৰি থকাতকৈ বেংকটোক যদি সঁচাকৈ ভাল পাই বা বেংকটোৰ যদি উন্নতি সঁচাকৈ বিচাৰে তেনে সেই কেলেংকাৰীৰ উপযুক্ত তদন্ত কৰি বেংকৰ পৰা বাহিৰ হৈ যোৱা ধন ঘূৰাই অনাৰ ব্যৱস্থা কৰক। তেতিয়াহে আপোনাৰ দায়বদ্ধতা প্ৰকাশ পাব।
এপেক্স বেংকে কাক, কিমান টকা ঋণ দিছে আৰু সেই হিতাধিকাৰীসকলৰ কিমানৰ ঋণ মাফ কৰি দিয়া হৈছে তাৰ তালিকাখনো এবাৰ প্ৰকাশ কৰিবচোন। তাতেই ৰাইজে ধৰিব পাৰিব আচলতে এই বেংকৰ গইনাৰে কোন শ্ৰেণীৰ লোকসকল লাভাম্বিত হৈছে। এয়া আপোনাক প্ৰত্যাহ্বান।
বেংকত মদগেজ দিয়া মহানগৰীৰ এটুকুৰা কোটি টকীয়া ভূমি কেনেকৈ মাটিৰ দালালে বিক্ৰীৰ বাবে চাইনব’ৰ্ড মাৰি থ’ব পাৰিছে সেই খবৰো এতিয়াই লৈ থ’ব। ঋণ ঘূৰাই দিব নোৱাৰা ব্যক্তিজনৰ নামত থকা মাটিখিনি এনেদৰে বিক্ৰী সম্ভৱনে? সেইবোৰ তথ্যও চাগে আপুনি সাংবাদিকে নিদিলে নাপাব।
আপুনি বিশ্বাস ৰাখক, এপেক্স বেংকত সংঘটিত প্ৰতিটো কেলেংকাৰী আৰু দুৰ্নীতিৰ তথ্য আপোনাক দি থকা হ’ব। ব্যৱস্থা গ্ৰহণ কৰা, নকৰাতো আপোনাৰ বিষয়। ৩ এপ্ৰিল, ২০২৩ তে ডি বি পি জৰিয়তে ৰাজেশ বাজাজক ধন দিবলৈ অনুমতি দিলে আপোনাৰ বিষয়াই। আপুনি গম নাপালে।
৯ আগষ্টত প্ৰতিদিন ডিজিটেলত আপুনি সেই কথা প্ৰথম হেনো শুনিলে! কিমান মিছা ক’ব পাৰে আপুনি। এপেক্স বেংকৰ ACAB/HO/A&FM/I-DBP/Dis/89/2023/ dtd 05.10.2023 নং চিঠিখনৰ আপুনি অফিচ কপি বিচাৰি পঢ়ি ল’ব। ৫ আগষ্ট, ২০২৩ তে বেংকৰ পৰা কি লিখা হৈছিল ৰাজেশ বাজাজলৈ।
শূন্যত গদা ঘূৰাই জানো কিবা লাভ আছে? বেংকৰ ভাল হওঁক আমি প্ৰতিজনে আশা কৰো। বেংকৰ ভিতৰত হোৱা দুৰ্নীতি গাপ দিবলৈ আপুনি ৰচনা কৰা নাটকবোৰৰ নাট্যকাৰসকল কোন সেয়াও আমি অৱগত হৈছো। সময়ত সেইবোৰ কথাৰ লগতে আপোনাৰ পত্নী অধ্যক্ষ হৈ থকা মহাবিদ্যালয়খনলৈ চেমিনাৰ পাতিবলৈ ধন দিয়াৰ উপৰিও মহাবিদ্যালয়খনৰ বিভিন্ন আলোচনীৰ বিজ্ঞাপনৰ নামত কিমান ধন দিছে এতিয়ালৈ সেই তথ্যও ৰাজহুৱা কৰাৰ সময় আহি পৰিছে।
Variable Dearness Allowance ৰ ক্ষেত্ৰত কি কৰা হৈছে এপেক্স বেংকত? পূৰ্বতে হিমন্ত বিশ্ব শৰ্মা অধ্যক্ষ হৈ থাকোতে কি হাৰত ভি ডি এ দিয়া হৈছিল আৰু আপোনাৰ কাৰ্যকালত এতিয়া কিমান শতাংশ ভি ডি এ দিয়া হয়? বেংকৰ অধিক লাভ দেখুৱাবলৈ এপেক্স বেংকৰ বিষয়া, কৰ্মচাৰীসকলে পাবলগীয়া ভি ডি এ কৰ্তন কৰি বছৰি প্ৰায় ১৮ কোটি টকা বেংকে লাভ কৰা বুলি দেখুওৱা হৈছে নেকি?
এইবোৰ প্ৰশ্নও হয়তো আপোনাৰ সফলতাৰ কাহিনীবোৰ কওঁতে বিচাৰ, বিবেচনালৈ আহিব। আশা কৰো আপোনাৰ শুভ বুদ্ধি উদয় হ’ব। এপেক্স বেংকৰ দুৰ্নীতি গাপ দিবলৈ আপুনি হাজাৰ ষড়যন্ত্ৰ আৰু চেষ্টা কৰিলেও সেই সঁচাবোৰ মিছা হৈ নাযায়।
আপুনি সকলো জানি, বুজি নিজক বচাবলৈ ১ নৱেম্বৰ ২০২৩ ত বাধ্যত পৰি অৰ্থনৈতিক অপৰাধ শাখাত গোচৰ দিলে। কিয় ইমান দিন আপুনি মৌন হৈ থাকিল? কিয়নো তেতিয়ালৈকে বাজাজৰ সৈতে আপোনাৰেই আছিল অতি ঘনিষ্ঠ সম্পৰ্ক। ফটোৱেটো মিছা নকয়। আপোনাক সুধিছো নিজেই ‘জাতীয় শত্ৰু’ আখ্যা দিয়া বাজাজৰ লগত আপোনাৰ কিহৰ ইমান মিতিৰালি?