কলং-সোণাইলৈ নকৰে মন...

সমগ্ৰ নগাঁও জিলাত সর্বমুঠ ১,৫৭,৫৬৯ বিঘা চৰকাৰী মাটি বেদখলকাৰীৰ কবলত। নগাঁও সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এলেকাত কলং নৈৰ ২৭ বিঘা লোচা আৰু সোনাই নৈৰ ৬বিঘা মাটিও নিজৰ কবলত ৰাখিছে বেদখলকাৰীয়ে...

author-image
চয়নিকা শইকীয়া
আপডেট কৰা হৈছে
New Update
ি্

এসময়ত বহু কবি, সাহিত্যিকৰ কলমত প্ৰাণ পাইছিল নগাঁওবাসীৰ আৱেগ কলঙে। কিন্তু বেদখলকাৰীৰ কবলত পৰি ক্ৰমাৎ স্তব্ধ হৈ পৰা কলং আজি অৰ্ধমৃত। কলঙ পুনৰুজ্জীৱিতকৰণ আঁচনিয়ে কাহানিও পূৰ্ণতা লাভ নকৰাত আজি সদনত বিভাগীয় তথা কলংপৰীয়া মন্ত্ৰী কেশৱ মহন্তলৈ প্ৰশ্ন স্থানীয় বিধায়ক ৰূপক শৰ্মাৰ। এই সন্দৰ্ভত চয়নিকা শইকীয়াৰ আজিৰ প্ৰতিবেদন....

Advertisment

 

নিতৌ সংবাদ শিৰোনাম দখল কৰিছে বেদখলে। বেদখলকাৰীৰ কবলত পৰি ইতিমধ্যে পৰিচয় হেৰুৱাইছে নগাঁৱৰ আয়ুস ৰেখা কলং আৰু সোণাই নদীয়ে। ব্ৰহ্মপুত্ৰৰ পিছতে স্থান কলং সূঁতিৰ ৷ কিন্তু বেদখলকাৰীৰ বাবে বৰ্তমান উকা হৈ পৰিছে কলং।

ৰাইজৰ অভিযোগ অনুসৰি, কলঙৰ বক্ষ বেদখল কৰা একাংশ লোকৰ হাতোৰাত বন্দী শাসক পক্ষ ৷ এই অভিযোগক নস্যাৎ কৰি আজি সদনত কলং-সোণাইক বেদখলমুক্ত কৰাৰ দাবী জনাই নগাঁৱৰ স্থানীয় বিধায়ক ৰূপক শৰ্মাই। কলং আৰু সোণাই নদীৰ বেদখল সন্দৰ্ভত বিভাগীয় মন্ত্ৰী কেশৱ মহন্তক কেইবাটও প্ৰশ্ন কৰে বিধায়ক ৰূপক শৰ্মাই। বিধায়ক শৰ্মাৰ প্ৰশ্ন সমূহ ক্ৰমে- 

ক) নগাঁও জিলাত চৰকাৰী আৰু VGR/PGR মাটি বে-দখল হৈ আছে নেকি? যদি আছে, ক'ত ক'ত কিমান মাটি বেদখল হৈ আছে? (সমষ্টি ভিত্তিত তথ্য দিব)।

(খ) VGR/PGR মাটি নগাঁও জিলাত ক'ত ক'ত আৰু কিমান আছে? (সমষ্টি ভিত্তিত তথ্য দিব)।

(গ) কলং আৰু সোনাই নৈত মাটি বেদখল হৈ আছে নেকি? (বিতং ভাৱে জনাব)।

(ঘ) যদি আছে, কিমান মাটি আৰু ক'ত ক'ত বেদখল হৈ আছে? (বিতং ভাৱে জনাব)।

(ঙ) এই বে-দখলকৃত ভূমি উচ্ছেদ কৰাৰ বাবে চৰকাৰে কিবা ব্যৱস্থা গ্রহণ কৰিছে নেকি? (বিতং ভাৱে জনাব)

(চ) যদি কৰিছে, কেতিয়াৰ পৰা এই অভিযান আৰম্ভ হ'ব? (বিতংভাৱে জনাব)।

বিধায়ক ৰূপক শৰ্মাৰ প্ৰশ্নৰ উত্তৰত ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কয় যে-  নগাঁও জিলা আযুক্তৰ পৰা পোৱা তথ্য অনুসৰি-

(ক) নগাঁও জিলাত সর্বমুঠ চৰকাৰী মাটি ১,২৯,৩৭২ বিঘা- ০৩ কঠা-০৪ লোচা, ভি জি আৰ মাটি ২৬,৪১৩ বিঘা- ৫লোচা আৰু পি জি আৰ মাটি ১,৭৮৪ বিঘা-১ কঠা-১৪ লোচা বেদখল হৈ আছে। বেদখল হৈ থকা মাটিৰ সবিশেষ তথ্য সমষ্টিভিত্তিত উপলব্ধ নহয় যদিও ৰাজহ চক্ৰ ভিত্তিত তথ্য পৰিশিষ্ট-ক সংলগ্ন কৰা হ'ল। 

্ি

(খ) নগাঁও জিলাত ৬১,৪১৬ বিঘা ০৪ কঠা ০৭ লোচা ভিজি আৰ মাটি আৰু ৪,০১২বিঘা - ৩ কঠা-১৯ লোচা পি জি আৰ মাটি আছে। উক্ত তথ্য সমষ্টিভিত্তিত উপলব্ধ নহয় যদিও ৰাজহ চক্র ভিত্তিত সবিশেষ তথ্য পৰিশিষ্ট 'খ' ত দিয়া হ'ল।

১১

গ) কলং আৰু সোনাই নৈত মাটি বেদখল হৈ আছে।

• নগাঁও সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এলেকাত কলং নৈৰ মাটি ২৭ বিঘা-৩ কঠা- ১৪ লোচা আৰু সোনাই নৈৰ মাটি ৬বিঘা- ২ কঠা-৭ লোচা বেদখল হৈ আছে। 

• ৰূপহী ৰাজহ চক্ৰৰ অন্তৰ্গত এলেকাত সোনাই নৈৰ মাটি ৪০ বিঘা- ১কঠা বেদখল হৈ আছে। 

• চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত সোনাই নৈৰ এলেকাত মাটি ১৫ বিঘা বেদখল হৈ আছে। বিতং তথ্য 'ঘ' ত দিয়া হ'ল।

ঘ) কলং নৈ আৰু সোনাই নৈৰ বেদখল হৈ থকা মাটিৰ পৰিমাণ তথা ক'ত ক'ত কিমান মাটি বেদখল হৈ আছে সমগ্র তথ্য তলত দিয়া হ'ল-

১১

(ঙ) অসম ভূমিনীতি ২০১৯ ৰ দফা ৬ অধীনত ভি জি আৰ আৰু পি জি আৰ সমূহ সংৰক্ষণ আৰু বেদখলমুক্ত কৰি ৰখাৰ ব্যৱস্থা আছে।

(চ) অসম ভূমি আৰু ৰাজহ অধিনিয়ম, ১৮৮৬ ৰ বন্দোৱস্তী নিয়ম ১৮(২) আৰু ১৮(৩)ৰ অধীনত চৰকাৰী ভূমি, সংৰক্ষিত ভূমি, ভি.জি.আৰ. / পি.জি.আৰ. আদিৰ পৰা বেদখলকাৰী সকলক উচ্ছেদ কৰাৰ ব্যৱস্থা আছে। বিভাগীয় তথ্য অনুসৰি মুঠ ৬৭,৮৯১ বিঘা ১ কঠা- ১৯ লোচা ভি.জি.আৰ. / পি.জি.আৰ. আৰু অন্যান্য চৰকাৰী ও বন ভূমি ২০১৬ চনৰ পৰা সমগ্ৰ ৰাজ্যত ইতিমধ্যে বেদখলমুক্ত কৰা হৈছে।

সদনত ৰূপক শৰ্মাই উত্থাপন কৰা লিখিত প্ৰশ্নৰ উত্তৰত কেশৱ মহন্তই ৰাজহ চক্ৰৰ ভিত্তিত বেদখল হৈ থকা ভূমিৰ তথ্য প্ৰকাশ কৰে যদিও সমষ্টিভিত্তিত তথ্য প্ৰকাশত ব্যৰ্থ হয় বিভাগীয় মন্ত্ৰী গৰাকী। তাৎপৰ্যপূৰ্ণভাৱে ৰাজহ মন্ত্ৰীগৰাকীৰ নিজ সমষ্টি কলিয়াবৰৰ পৰাই ওলাইছে কলং নৈ। নিজ সমষ্টিত কলঙৰ কিমান মাটি বেদখলকাৰীৰ কবলত আছে সেই তথ্য নাই খোদ কলংপৰীয়া মন্ত্ৰী গৰাকীৰ হাতত।

যি সময়ত নগাঁও চহৰত সভা-সমিতি অনুষ্ঠিত কৰিবলৈ চৰকাৰী মাটি খালী নাই সেই সময়ত বেদখলকাৰীৰ কবলত আছে জিলাখনৰ প্ৰায় ডেৰ লাখ বিঘা চৰকাৰী মাটি। উল্লেখ কৰা প্ৰয়োজন যে, মন্ত্ৰী কেশৱ মহন্তই উল্লেখ কৰা তথ্যত অন্তৰ্ভুক্ত নহয় সত্ৰ, বন বিভাগ বা অন্য স্থানৰ বেদখলকাৰীৰ কবলত থকা মাটিৰ তথ্য। সমগ্ৰ জিলাখনৰ বেদখলকাৰীৰ হাতত থকা চৰকাৰী মাটিৰ হিচাপ ওলালে সেয়া প্ৰায় কোটিৰ ঘৰ চুব বুলি আশংকা কৰিছে একাংশই। 

কলংপৰীয়া মন্ত্ৰী কেশৱ মহন্তৰ উত্তৰৰ পাছতে বিধায়ক ৰূপক শৰ্মাই এই বিষয়টো তেওঁক গুৰুত্ব সহকাৰে লৈ শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। উল্লেখযোগ্য যে, পূৰ্বতেও কলঙকলৈ চৰকাৰে বহু আঁচনি গ্ৰহণ কৰিছিল যদিও আজিকোপতি কোনো আঁচনি কৃতকাৰ্য্য নহ'ল।

আজি সদনত কলং আৰু সোণাই নদীৰ বেদখল সন্দৰ্ভত পুনৰ চৰ্চা হোৱা বিষয়ে মধ্য অসমৰ ৰাইজৰ মাজত এক আশাৰ বতৰা কঢ়িয়াই আনিছে। নগাঁওবাসীৰ আশা বিধায়কগৰাকীৰ প্ৰচেষ্টাতে এদিন পূৰ্ণতা পাব কলং নৈয়ে। আকৌ বেদখলমুক্ত হৈ শুৱনি হ’ব কলঙৰ পাৰ ৷ 

 

কলং-সোণাই