পুলৱামা কাণ্ড! দেশৰ ইতিহাসৰ এটি ক'লা অধ্যায়...

পুলৱামা কাণ্ডৰ বাবে চৰকাৰ দায়ী। আক্ৰমণৰ পূৰ্বে চি আৰ পি এফে জোৱানক বিমানেৰে লৈ যোৱাৰ অনুৰোধ জনাইছিল। কিন্তু গৃহ মন্ত্ৰালয়ে সেই অনুমতি প্ৰদান কৰা নাছিল। 

author-image
চয়নিকা শইকীয়া
আপডেট কৰা হৈছে
New Update
াূাীূূ

১৪ ফেব্ৰুৱাৰী! আজিৰ দিনটোক সমগ্ৰ বিশ্বই প্ৰেমৰ দিন হিচাপে পালন কৰে যদি আজি ভাৰতৰ বাবে এটা ক'লা দিন। এই দিনটোতে পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হৈছিল দেশৰ ৪০ গৰাকীকৈ চিআৰপিএফ জোৱান। পুলৱামা শ্বহীদৰ স্মৃতিত চয়নিকা শইকীয়াৰ আজিৰ প্ৰতিবেদন..

Advertisment

সেইদিনা জোৱানৰ আৰ্তনাদ, জুই, কলা ধোঁৱাই পুলৱামাৰ আকাশ ছানি ধৰিছিল। অ'ত-ত'ত চিটিকি পৰিছিল জোৱানৰ মাংস আৰু তেজৰ চেকুৰা।পুলৱামাৰ পৰা কেৱল শুনা গৈছিল চিৎকাৰ। কিছু মুহূৰ্তৰ বাবে উশাহ-নিশাহ যেন বন্ধ হৈ পৰিছিল দেশবাসীৰ। 

ভাৰতীয়ৰ বুকুৰ এটুকুৰা কেঁচা ঘা আৰু ৬ টা বছৰ। আজি সম্পূৰ্ণ হ’ল পুলৱামা কাণ্ডৰ ৬ টা বছৰ। এই আক্ৰমণে প্ৰতিজন ভাৰতীয়ৰ বুকু কঁপাই তুলিছিল। ২০১৯ বৰ্ষৰ আজিৰ দিনটোতেই সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হৈছিল সেনা জোৱান ৷ কাশ্মীৰৰ পুলৱামা জিলাৰ লেথপোৰা অঞ্চলত সংঘটিত হৈছিল এই হৃদয়বিদাৰক ঘটনাটো ৷

এই ঘটনাৰ পাছতে সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল। তেওঁলোকে প্ৰেৰণ কৰা এটা ভিডিঅ’ই  প্ৰতিজন ভাৰতীয়ৰ কটা ঘাত নিমখ ছটিয়াইছিল। আক্ৰমণকাৰীজনক ২২ বছৰীয়া আত্মঘাতী বোমাৰু আদিল আহমেদ দাৰ বুলি চিনাক্ত কৰা হৈছিল। তেওঁ বিস্ফোৰক ভৰ্তি বাহনখন চিআৰপিএফৰ কনভয়ৰে খুন্দা মাৰিছিল। 

ঘটনাত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফৰ ৪০ জনকৈ জোৱানক হেৰুৱাইছিল দেশবাসীয়ে। ভাৰতৰ ইতিহাসৰ অন্যতম নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত প্ৰশাসনৰ ভূমিকা এতিয়াও সন্দেহহীন। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, এই ঘটনাৰ সময়ত সত্যপাল মালিক কাশ্মীৰৰ ৰাজ্যপাল আছিল।

ঘটনা সন্দৰ্ভত এটা সাক্ষাতকাৰত সত্যপালে কৈছিল, "পুলৱামা কাণ্ডৰ বাবে চৰকাৰ দায়ী। আক্ৰমণৰ পূৰ্বে চি আৰ পি এফে জোৱানক বিমানেৰে লৈ যোৱাৰ অনুৰোধ জনাইছিল। কিন্তু গৃহ মন্ত্ৰালয়ে সেই অনুমতি প্ৰদান কৰা নাছিল। 

কেৱল সেয়াই নহয়, জোৱানসকলে যি পথেৰে যাত্ৰা কৰি আছিল, সেই পথটোৰ সুৰক্ষাৰ বিষয়েও সঠিকভাৱে পৰীক্ষা কৰা হোৱা নাছিল। এই সকলোবোৰ দায়িত্বহীনতাৰ বাবেই হৈছিল বুলি অভিযোগ কৰিছিল সত্যপাল মালিকে।

কেৱল সেয়াই নহয়, তেওঁ দাবী কৰিছিল যে মোডীয়ে নিজেই তেওঁক এই সন্দৰ্ভত মাত নামাতিবলৈ নিৰ্দেশ দিছিল।  প্ৰধানমন্ত্ৰীয়ে তেওঁক এই বিষয়ত মৌনতা অৱলম্বন কৰিবলৈ কৈছিল। তাৰ পিছত মালিকে এন এছ এ অজিত ডোভালক ফোন কৰে। ডোভালেও তেওঁক মৌনতা অৱলম্বন উপদেশ দিয়া বুলি সাক্ষাতকাৰত কৈছিল মালিকে।

উল্লেখ্য যে, চৰকাৰ আৰু বিজেপিয়ে এই ঘটনাৰ বাবে পাকিস্তানক দোষাৰোপ কৰি নিৰ্বাচনী সুবিধা লাভৰ চেষ্টা কৰা বুলিও অভিযোগ কৰিছিল মালিকে। পুলৱামা কাণ্ডত চোৰাংচোৱাৰ বিফলতাও আঙুলিয়াই দিয়ে মালিকে।

সত্যপাল মালিকে উল্লেখ কৰিছিল যে, ৩০০ কিলোগ্ৰাম আৰ ডি এক্স বিস্ফোৰক কঢ়িয়াই অনা বাহনখন পাকিস্তানৰ পৰা আহিছিল যদিও ১৫ দিন ধৰি জম্মু-কাশ্মীৰৰ বিভিন্ন গাঁৱত ঘূৰি ফুৰিছিল গাড়ীখন।মালিকৰ এই গুৰুতৰ অভিযোগে সেই সময়ত ৰাজনৈতিক মহলত যিদৰে ব্যাপক চৰ্চা লাভ কৰিছিল সেইদৰে সময়ৰ ধামখুমীয়াত পাহৰণি হৈ গ'ল সেই অভিযোগ সমূহ।

অৱশ্যে এই আক্ৰমণৰ ঠিক ১২ দিনৰ পাছত ভাৰতে নিজৰ বীৰ সৈনিকৰ শ্বহীদৰ প্ৰতিশোধ লৈছিল। পুলৱামা আক্ৰমণৰ ঘটনাৰ পিছত ২০১৯ চনৰ ২৬ ফেব্ৰুৱাৰীত ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বালাকোটৰ সন্ত্ৰাসবাদীৰ ঠিকনাত এয়াৰ ষ্ট্ৰাইক চলাইছিল। লগে লগে নিহত হৈছিল কেবাজনো সন্ত্ৰাসবাদী।

আজি এই বৰ্বৰ আক্ৰমণৰ ছবছৰ সম্পূৰ্ণ হ'ল। দেশে কেতিয়াও পাহৰিব নোৱাৰে শ্বহীদ জোৱানৰ বলিদান। ইয়াৰোপৰি উল্লেখিত তথ্যই পতিয়ন নিয়াব নোৱাৰে যে, ক’ৰবাত জোৱানৰ নিৰাপত্তাৰ বেলিকা আপোচ কৰা হৈছিল...

পুলৱামা কাণ্ড