ৰাষ্ট্ৰপতি আৰু মইনা নায়ক! ৰাজনীতি, শোষক, অন্যায়ৰ জলন্ত ছবি, সুস্থ হৈ উঠক মইনা…

ৰাষ্ট্ৰপতি আৰু মইনা নায়ক! ৰাজনীতি, শোষক, অন্যায়ৰ  জলন্ত ছবি, সুস্থ হৈ উঠক মইনা…

মইনা নায়কৰ দুৰ্ঘটনাৰ খবৰে কন্দুৱাইছে ৰাজ্যবাসীক। আশা কৰা হৈছিল মইনাক এয়াৰ এম্বুলেঞ্চেৰে গুৱাহাটীলৈ লৈ অনা হ'ব। কিন্তু তেনে নহ'ল। অন্যহাতে চৰ্চাত আছে দ্ৰৌপদী মুৰ্মু। এই দুটা নামতে প্ৰতিফলন হৈছে ৰাজনীতিৰ অন্য এক ছবি। শোষিত, লাঞ্চিত, বঞ্চিতৰ জীয়া ছবি এখন উদঙাই দিছে মইনাৰ ঘটনাই। মইনাই ন্যায় পাওক। এই সন্দৰ্ভত বৰষা শৰ্মাৰ বিশেষ প্ৰতিবেদন…

উফ! কি যন্ত্ৰনা! হয় মইনা নায়কৰ দুৰ্ঘটনাৰ ফটো দেখিলে জিকাৰ খাই উঠিব আপুনিও। ১৯ জুলাইত ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাত কৰ্মৰত যুৱতী মইনা নায়কৰ খবৰে ব্যাথিত কৰি তুলিছে সকলোকে।

চাহ বাগিচা কৰ্তৃপক্ষৰ  গাফিলতি আৰু শ্ৰমিকৰ আইন উলংঘা কৰাৰ বাবে চাহ বাগিচাৰ কলঘৰৰ কাটিং মেছিনত সোমাই পৰিছিল ২৫ বছৰীয়া যুৱতী মইনা নায়ক। এই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে মইনাৰ সোঁহাত খন ভাঙি যোৱাৰ লগতে চুলিকোচা কলঘৰৰ মেছিনত সোমাই লাওখোলাৰ ওপৰৰ ছালৰ তৰপ সহ উভালি যায়।

মেছিনৰ কাষতে পৰি ৰয় মইনাৰ চুলি কোচা সহ কাপোৰ আৰু লাওখোলাৰ ছাল। মইনাৰ যন্ত্ৰনা কল্পনা কৰা আমাৰ বাবে সম্ভৱ নহয়। প্ৰথম অৱস্থাত মইনাক অসম চিকিৎসা মহাবিদ্যালয়ত আৰু পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জীৱন – মৃত্যুৰ সৈতে যুঁজ দি আছে মইনা নায়কে।

মইনা নায়কৰ সমান্তৰাল ভাৱে কান্দোনৰ ৰোল পৰিয়ালত। পৰিয়ালে কৈছে- তায়েই ঘৰৰ ডাঙৰ ছোৱালী, তায়েই ঘৰখন চলাই আছে। তাইক ঘূৰাই দিয়ক।মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান পৰিয়ালৰ সকলো ধৰণৰ সহায় কৰাৰ বাবে। ন্যায়ৰ আহ্বান জনাইছে স্থানীয় দল সংগঠনেও।

প্ৰায় ১ দিন পূৰ্বে মাত্ৰ ৫ টা চিলাইয়ে কপাইছিল সমগ্ৰ অসম। মুখ্যমন্ত্ৰী, মন্ত্ৰীৰ পৰা সকলোৰে মুখত কেৱল এটাই কথা। সকলো ধৰণৰ ব্যৱস্থায়ে গ্ৰহণ কৰা হৈছিল। কিন্তু মইনা নায়কৰ মূৰৰ লাওখোলা ওলাই যোৱাৰ পাছতো খবৰ নাই ৰজাঘৰীয়াৰ। সাংসদ, বিধায়ক, মন্ত্ৰী কাৰোৱে এতিয়া খবৰ ল'বলৈ আহৰি নাই। মইনাৰ ক্ষেত্ৰত হয়তো ৰজাঘৰীয়াই বিচাৰি নাপায় ৰাজনীতিৰ কোনো স্থান।

সাধাৰণ মানুহৰ জীৱনৰ মূল্য নাই নেকি? প্ৰতিটো ক্ষেত্ৰতে জনতাৰ ওচৰত থিয় দিয়াৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰ খন মইনাৰ ক্ষেত্ৰত কিয় নিমাত? মইনাক এক সংকটজনক অৱস্থাত গুৱাহাটীলৈ এখন সাধাৰণ এম্বুলেঞ্চেৰে অনা হয়। মইনাক প্ৰয়োজন আছিল এয়াৰ এম্বুলেঞ্চৰ।যদি এই সময়তে চৰকাৰে জনতাৰ বাবে একো নকৰে তেন্তে কৰিব কেতিয়া?

এতিয়া ক'ত গল চাহ বাগিচাৰ শ্ৰমিক সকলৰ হ'কে কাম কৰাৰ ইচ্ছা থকা মন্ত্ৰী বিধায়ক সকল। চাহ জনগোষ্ঠীয় লোকসকলৰ অধিকাৰ সন্দৰ্ভত মাত মতা, বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰা দল সংগঠনবোৰে গ'ম পোৱা নাই নেকি মইনাৰ কথা? কিছুদিন পূৰ্বে বিধায়ক অখিল গগৈয়ে চাহ জনগোষ্ঠীয় লোকৰ বিৰুদ্ধে মন্তব্য প্ৰদান কৰি ক্ষমা খুজিব লগীয়াত পৰিছিল।

কলঘৰৰ মেছিনত মইনাৰ লাওখোলাৰ আধা অংশ চিঙি গৈছে। কোনো মতে বাহিৰত ওলাই পৰা নাই মগজু খিনি। মইনাক প্ৰয়োজন উন্নত চিকিৎসাৰ। মইনাৰ চিকিৎসা জানো সম্ভৱ গুৱাহাটীত? কিয় এতিয়া চৰকাৰে মইনাৰ বাবে কৰিব নোৱাৰে এয়াৰ এম্বুলেঞ্চৰ ব্যৱস্থা? প্ৰতিটো ক্ষেত্ৰতে হস্তক্ষেপ কৰা  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয় এতিয়া কোনো ধৰণৰ তদন্তৰ দায়িত্ব দিয়া নাই?

মাত্ৰ এজন মানুহেৰে চৰকাৰ গঠন হ'ব নোৱাৰে বা এজন মানুহেৰে সমাজ নচলে। মইনা নায়কৰ দৰে বহু লোকৰ লগত থকা দুখ, যন্ত্ৰনা, কষ্টৰ চিৰি বগাই একাংশই মন্ত্ৰী, বিধায়ক হয়গৈ। জীৱাই থকাৰ আশা এটা সুন্দৰ ভৱিষ্যতৰ আশাতেই মইনা হতৰ দৰে অনেকে নিৰ্বাচন কৰে জনপ্ৰতিনিধি। সেই জনপ্ৰতিনিধি সকলেও খাটি খোৱা লোকৰ দুৰ্বলতাৰ সুযোগ লৈ বগাই উন্নতিৰ জখলা।

মইনা নায়ক মাত্ৰ এক উদাহৰণ। শোষকৰ ৰূপত একাংশই জনতাৰ তেজ শুহি উন্নতিৰ চিৰি বগাই গঢ়িছে ৰাজপ্ৰসাদ। মইনা নায়কৰ এই ঘটনাই উদঙাই দিছে অসমৰ চাহ বাগিচা বোৰত চলি থকা অনিয়ম, গাফিলতি আৰু অত্যাচাৰৰ মুখামুখি হোৱা এক কৰুণ ছবি। মইনা জাতীয় শোষক-অৱদমনৰ জীয়া প্ৰতিফলন।

মইনা নায়কৰ লগতে আজি আন এক বিষয় অতি চৰ্চিত হৈ আছে। হয়তো কিছু সময় পাছতেই ভাৰতে পাব   এগৰাকী নতুন ৰাষ্ট্ৰপতি। সম্ভাৱণা, আদিবাসী প্ৰথম মহিলা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু।  নিৰ্বাচনৰ পূৰ্বে দ্ৰৌপদী মুৰ্মুক লৈ চলিছিল বহু প্ৰচাৰ অভিযান।বহু বিৰোধী নেতাই ব্যক্ত কৰিছিল যে তেওঁ জনগোষ্ঠীয় মূলৰ হোৱাৰ বাবে তেওঁক সমৰ্থন কৰিছে।

এয়া ভাল কথা যে দেশে দ্বিতীয় গৰাকী আৰু প্ৰথম আদিৱাসী মহিলা ৰাষ্ট্ৰপতি পাইছে। কিন্তু তাৰ বিপৰীতে শোষিত হৈছে মইনাৰ দৰে হাজাৰ হাজাৰ লোক। মইনা হতৰ দৰে লোকসকলৰ খবৰ ল'বলৈ আহৰি নাই কাৰোৱে। শোষনৰ পিপাসু সকলে কেৱল নিৰ্বাচনৰ বাবে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব বিচাৰে মইনা হতৰ দৰে একাংশক। সাধাৰণ জনতাৰ আশা বিশ্বাসৰ লগত খেলা কৰা একাংশ জনপ্ৰতিনিধিৰ বাবেই ৰাজনীতি লেতেৰা হৈ পৰিছে।

দ্ৰৌপদী মুৰ্ম আৰু মাইনা নায়ক। এই নাম দুটাৰ মাজতেই সোমাই আছে ৰাজনীতি, ন্যায়, অন্যায়, শোষক আৰু শোষিতৰ সংজ্ঞা। চৰকাৰৰ বাবে সাধাৰণ মানুহৰ অস্তিত্ব কেৱল নিৰ্বাচনৰ সময়তহে নেকি?

লাখ লাখ টকা খৰচ কৰি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীক এয়াৰ এম্বুলেঞ্চেৰে অনা গ'ল গুৱাহাটীলৈ। কিন্তু সঁচা অৰ্থত এয়াৰ এম্বুলেঞ্চৰ প্ৰয়োজন কাক আছিল সেয়া বহলাই নকলেও চলিব। অৱশ্যে এই কথা উল্লেখ কৰিব লাগিব যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত জনতাৰ অগাধ বিশ্বাস আছে। আৰু আশা কৰা হয় তেওঁ এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব।

চাহ জনগোষ্ঠীয় লোক সকলৰ অধিকাৰৰ বাবে প্ৰতিশ্ৰুতি লোৱা মন্ত্ৰী বিধায়ক তথা জন প্ৰতিনিধি সকল এতিয়া ঘোৰ নিদ্ৰাত। তেওঁলোক জাগিবৰ হ'ল। নহ'লে বিশ্বাস শব্দৰ ওপৰত ঘৃণা উপজিব সাধাৰণ লোকৰ মাজত।

এই চৰকাৰ কেৱল পূঁজিপতি গোষ্ঠীৰ বাবেই নেকি? যদি নহয় তেন্তে কিয় শোষিত, লাঞ্চিত, অৱহেলিত হাজাৰ হাজাৰ শ্ৰমিক ? দুখীয়া হওক ধনী হওক, নামী হওক অনামী হওক। সকলোৰে অধিকাৰ সমান।

এতিয়া প্ৰশ্ন হয়, ন্যায় পাবনে মইনাই? তদন্ত হ'বনে চাহ বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে? উপযুক্ত চিকিৎসা পাবনে মইনাই? মইনাৰ জীয়াই থকাৰ অধিকাৰ আছে। মইনা আকৌ সুস্থ হৈ উঠক। মইনা হৈ উঠক সাহসৰ প্ৰতীক। নহ'লে শোষিত, বঞ্চিত, লাঞ্চিত লোক সকলে হেৰাই পেলাব সকলো বিশ্বাস…

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in