জীৱন-মৃত্যুৰ যুঁজত মইনা, আই চি ইউত বিশিষ্ট চিন্তাবিদ…

জীৱন-মৃত্যুৰ যুঁজত মইনা, আই চি ইউত বিশিষ্ট চিন্তাবিদ…

মৃদুল কুমাৰ সন্দিকৈ

সুস্থ হৈ উঠক জুবিন গাৰ্গ। সু-চিকিৎসা লাভ কৰক মইনা নায়কে। এবাৰ খবৰ লওক বিশিষ্ট চিন্তাবিদ ড০ শিৱনাথ বৰ্মনৰ। দায়িত্ব চৰকাৰৰ সকলোৰে প্ৰতি আছে। কিছুমান ব্যক্তি বিশেষৰ প্ৰতি যেন চৰকাৰী পক্ষৰ দায়িত্বৰ কথা মনত পেলাই দিব লগা হয়।

প্ৰশ্ন উঠিছে চাহ বাগানৰ কলঘৰত কাম কৰা শ্ৰমিক মইনা নায়কে জুবিনৰ দৰে কিয় উন্নত চিকিৎসা লাভ কৰা নাই? শ্ৰমিক বাবেই তেওঁক কৰবাত উপেক্ষা কৰা হৈছে নেকি? জুবিনৰ দৰে মইনা নায়কৰ বাবেও এখন এয়াৰ এম্বুলেঞ্চৰ প্ৰয়োজনৰ কথা সকলোৱে ভাৱিছে।

আদিবাসী এই মহিলা গৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জীৱন-মৰনৰ সৈতে যুঁজি আছে। কলঘৰৰ কাটিং মেছিনত সোমাই মূৰৰ লাওখোলাৰ এফাল খুলি গৈছে। কিমান ভয়ানক হ'ব পাৰে এই দুৰ্ঘটনা। দৈনিক ২০০-৩০০ টকাৰ মজুৰি পোৱা মইনা নায়কেও উপযুক্ত চিকিৎসা পাব লাগে।

চাহ জনগোষ্ঠীৰ লোক সকলক প্ৰতিনিধিত্ব কৰা বহু নেতা মন্ত্ৰী বিধায়ক সাংসদ আছে। তেওঁলোকে কি কৰিছে? এই সকল লোককে লৈ জানো তেওঁলোকে ৰাজনীতি নকৰে? গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পাব জানো মইনা নায়কে উপযুক্ত চিকিৎসা? সেয়েহে বিভিন্ন পক্ষৰ পৰা দাবী উঠিছে প্ৰয়োজনত জুবিনৰ দৰে মইনা নায়কৰ বাবেও এখন এয়াৰ এম্বুলেঞ্চৰ ব্যৱস্থা কৰি বাহিৰলৈ নিয়া হওক উন্নত চিকিৎসাৰ বাবে।

অসমৰ সমাজ জীৱনৰ অন্যতম পুৰোধা ব্যক্তি ড০ শিৱনাথ বৰ্মন এগৰাকী নীৰৱ সাধক। একেধাৰে তেওঁ অধ্যাপক, লিখক, সম্পাদক, অনুবাদক। তেখেতৰ চিন্তাশীল লেখাই অসমীয়া সমাজ জীৱনৰ দিক নিৰ্ণয় কৰে। এখন কাকতৰ মুখ্য সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ।

এইগৰাকী পণ্ডিত তথা চিন্তাবিদক ২০২২ বৰ্ষত সাদিন-প্ৰতিদিন গোষ্ঠীয়ে ওজা হেমচন্দ্ৰ বৰুৱা ভাষা সাহিত্য সাধনা বঁটাৰে সন্মানিত কৰিছিল। অসমীয়া জীৱনী অভিধান, শ্ৰীমন্ত শংকৰদেৱ, কৃতি আৰু কৃতিত্ব, লোক কৃষ্টিৰ উৎস, ৰূপান্তৰৰ ৰেহ ৰূপ, অসমীয়া সাহিত্য বুৰঞ্জী, আইনষ্টাইন আৰু পদাৰ্থ জগত, অসমৰ জনজাতি সমস্যা, অৰ্দ্ধ আকাশ তেখেতৰ অমূল্য সৃষ্টি।

প্ৰচুৰ জীৱন বোধৰ মাজেৰে কাৰো ওচৰত নত শিৰ নকৰা এইগৰাকী বিদ্যান সম্প্ৰীতি অসুস্থ। তেওঁৰ বৌদ্ধিক বিচৰণৰ ক্ষেত্ৰখন বিশাল আৰু বৈচিত্ৰ পূৰ্ণ। পদাৰ্থ বিজ্ঞাপনৰ অধ্যাপক হৈও সংস্কৃতিৰ পৰা সমাজ তত্বলৈ, ধৰ্মৰ পৰা দৰ্শনলৈ,ভাষাৰ পৰা সাহিত্যলৈ, বুৰঞ্জীৰ পৰা বিজ্ঞানলৈ সকলোতে তেওঁৰ সমানে হাত।

ডেৰ কুৰিৰো অধিক গ্ৰন্থৰ ৰচনা কৰি মননশীল ভাৱে জ্ঞান সমুদ্ৰত অসমীয়া ভাষাত সমৃদ্ধ কৰা শিৱনাথ বৰ্মনে ইংৰাজী ভাষাতো লিখা মেলা কৰে। তেখেতৰ বিশাল ৰচনা সম্ভাৰত আছে বহু মাত্ৰিক চিন্তা চেতনাৰ প্ৰতিফলন। তেখেতৰ দৰে এগৰাকী বিশিষ্ট সাহিত্যিক চিন্তা বিদৰ প্ৰতি এক জাতীয় দায়িত্ব সকলোৰে আছে।

শিশু সাহিত্যৰ ক্ষেত্ৰতো তেখেতে ভালে কেইখন অনুপম গ্ৰন্থ ৰচনা কৰিছে। টংক মামাৰ শব্দৰ সাধু তেনে এখন গ্ৰন্থৰ নাম। এই গৰাকী বিশিষ্ট সাহিত্যিক তথা চিন্তাবিদ যোৱা ১০-১২ দিনৰ পূৰ্বে মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

মধুমেহকে ধৰি অন্যান্য ৰোগত আক্ৰান্ত শিৱনাথ বৰ্মনৰ খবৰ লবলৈ কাৰো আজৰি নাই। নীৰৱে তেওঁ চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ আছে।কেতিয়াও চৰাকীৰ পক্ষক বা শাসক পক্ষৰ কাষ নাচাপি জাতি ভাষাৰ বাবে বিজ্ঞান মনস্কতাৰ সাপেক্ষে কাম কৰি গৈছে তেওঁ।

তেওঁৰ কাষত এতিয়া কেৱল পৰিয়ালৰ লোক। নেমকেয়াৰ হস্পাতালত দুই এজন গুণমুদ্ধই খবৰ ল'বলৈ গৈছে। চৰকাৰৰ নিশ্চিতভাৱে দায়িত্ব আছে তেখেতৰ চিকিৎসাৰ প্ৰতিও কিবা এটা কৰাৰ। মইনা নায়কৰো একেই অৱস্থা। লেপেটকটা চাহ বাগিচাত চিটিচি মেছিনৰ কাষত কাম কৰিবলৈ মহিলা শ্ৰমিকক কিয় দিয়া হৈছিল সেয়াও এক ডাঙৰ প্ৰশ্ন।

জুবিনৰ দৰে সমান দায়বদ্ধতাৰে চৰকাৰে অসমীয়া সমাজ জীৱনৰ অন্যতম পুৰোধা চিন্তাবিদ, লেখক, বুদ্ধিজীৱী ড০ শিৱনাথ বৰ্মনৰো খবৰ ৰাখক। মইনা নায়কৰো চিকিৎসাৰ ব্যৱস্থা কৰক। এয়া এতিয়া সচতেন লোকৰ আহ্বান চৰকাৰৰ প্ৰতি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি।

বিশেষকৈ মইনা নায়কৰ ক্ষেত্ৰত চৰকাৰৰ উদ্যোগ অতিকৈ প্ৰয়োজনীয়। চাহ জনগোষ্ঠীয় নেতা সকলৰ চকুবোৰো মেল খাওক। দেশে এগৰাকী আদিৱাসী মহিলা ৰাষ্ট্ৰপতি পোৱাৰ সময়ত আন এগৰাকী আদিবাসী মহিলা শ্ৰমিকৰ জীৱন-মৃত্যুৰ যুঁজত তেওঁৰ কাষত সকলো থিয় হোৱাতো প্ৰয়োজন। কিবা এটা কৰক মইনা নায়কৰ বাবে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in