চানচিল্ক চেম্পু বাদ দিয়ক! নিজৰ সংস্কৃতি মনত কৰক...

বাহিৰৰ সংস্কৃতি আঁকোৱালী লৈ পাহৰি গৈছো নিজৰ খিনি। যৌতুক কেতিয়াও আমাৰ সংস্কৃতি নাছিল। বৰ্তমান সময়ত ছচিয়েল মিডিয়া, সংবাদ মাধ্যম আদিত চৰ্চিত খবৰতো হৈছে এখন বিয়া।
চানচিল্ক চেম্পু বাদ দিয়ক! নিজৰ সংস্কৃতি মনত কৰক...

বৰ্তমান সময়ত ছচিয়েল মিডিয়া, সংবাদ মাধ্যম আদিত চৰ্চিত খবৰতো হৈছে এখন বিয়া। এই বিয়াৰ আঁৰত লুকাই আছে বস্তু দিয়া নিদিয়াৰ এখন খেল। কিন্তু বিয়াত বস্তু দাবী কৰা যৌতুক লোৱা আমাৰ সংস্কৃতি নহয়। আমি বাহিৰৰ সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ পৰিছো। এই সন্দৰ্ভত বৰষা শৰ্মাৰ বিশেষ প্ৰতিবেদন...

ঘৰৰ পদুলিত দুটা কলপুলি। কলপুলি দুটাত লগাই থোৱা আছে আমডালি। ওচৰতে শৰাই এখন। ভিতৰলৈ গৈ চাৰিটা সৰু সৰু কলপুলি। কাষত থৈ দিয়া আছে কেইটামান ঘট, লগত আছে ১০১ ডাল আমৰ খৰি। এগৰাকী ছোৱালীয়ে ধুনীয়া এযোৰ কাপোৰ পিন্ধি ঘূৰি ফুৰিছে। ঘৰলৈ অহা আলহী-অতিথিক মাত বোল লগাইছে। মুঠতে ভীষন ব্যস্ততা। এয়া অসমীয়া সমাজ জীৱনৰ বিবাহ অনুষ্ঠানৰ এক ৰূপ।

বিবাহ! দুই পৰুষ-মহিলাৰ মাজৰ এক পৱিত্ৰ সম্পৰ্ক। বিবাহ এনে এক অনুষ্ঠান য'ত দুজন লোকৰ সম্পৰ্কক সামাজিক স্বীকৃতি দিয়া হয়। পুৰুষ, মহিলা সকলোৰে বিয়াকলৈ বহু আশা থাকে। কইনা সাজিব, দৰাই কইনা নিবলৈ আহিব, হোমৰ গুৰিত বহি চিৰদিনৰ বাবে এক সম্পৰ্কত সোমাই পৰিব। অসমীয়া সমাজ জীৱনত বিয়াৰ এক গুৰুত্বপূৰ্ণ স্থান আছে।

আগতে সেন্দুৰ অকনমান ,কপাহী কাপোৰ এযোৰেৰেও বিয়া হৈছিল। কিন্তু সময় সলনি হ'ল। যৌতুক নহ'লে বিয়া নচলে। কিছুদিনৰ পৰা প্ৰায়েই চৰ্চাত আছে এখন বিয়া। সংবাদ মাধ্যম, ছ'চিয়েল মিডিয়া সকলোতে কেৱল এই বিয়াখনকলৈ চৰ্চা।

সকলোৱে মতামত দিছে, ৰস লৈছে। কিন্তু বিয়াৰ দৰে পৱিত্ৰ সম্পৰ্কক লৈ হাস্যৰস কৰা কিমান গ্ৰহণযোগ্য়? কাৰোবাৰ সম্পৰ্ক এটা ভাগি গৈছে মানুহে ৰস লৈছে। আচলতে মানুহৰ ৰুচিবোধ সলনি হৈছে।

সম্পৰ্ক বা আন মানুহক লৈ হাঁহি-ধেমালি কৰি মানুহে ৰস পোৱা হ'ল। কেইটামান লাইক, ভিউজৰ আশাত মানুহে কিবা কিবি লিখিছে, হাঁহি ধেমালি কৰি পোষ্ট বোৰ শ্বেয়াৰ কৰিছে। চানচিল্ক চেম্পুৰ কথা কৈ হাঁহিছে। কিন্তু ভাৱি চোৱা নাই যে ইয়াৰ দ্বাৰা সমাজ এখনক কি প্ৰভাৱ পেলাইছে।

একাংশ সংবাদ মাধ্যমৰ কথাতো নোকোৱাই ভাল। খবৰৰ নামত মানুহৰ ব্য়ক্তিগত সম্পৰ্ক ৰাজহুৱা কৰিছে । টক শ্ব' পাতিছে। তাকেই মানুহে ভাল পাইছে। কেৱল একাংশ সাংবাদিকে নহয়, সমাজ খনেই হয়তো নিম্নগামী হৈছে।

এই বিয়া খনৰ চৰ্চা আমাৰ সমাজৰ বৰ্তমানৰ মানসিকতাৰেই প্ৰতিফলন। সমাজ সলনি হৈছে। অসমীয়া বিয়াত কেতিয়াও যৌতুক প্ৰথা নাছিল। মানুহৰ মনবোৰ সলনি হ'ল। ক'ব নোৱাৰাকৈ আনৰ সংস্কৃতিবোৰ আঁকোৱালী নিজৰ খিনি যে হেৰাই যোৱাৰ উপক্ৰম হৈছে গ'মেই পোৱা নাই।

আগতে অসমীয়া সমাজত বিয়া বুলি ক'লে জোৰণ আৰু তাৰ পাছদিনা বিয়া। দৰা ঘৰৰ মানুহে জোৰণ দি যোৱাৰ পাছদিনা বিয়া। ঘৰৰ মানুহৰ পৰা আৰম্ভ কৰি ওচৰ-চুবুৰীয়া সকলোৰে ব্যস্ততা। যেনেকে নহওক বিয়খন ভালে কুশলে হৈ গ'লেই সকলোৰে শান্তি।

মাছে মঙহে নাখালেও দৈ-চিৰা, ভাত এমুঠিৰে বিয়া খন হৈ যায়। কইনাই ৰৈ থাকে দৰালৈ বুলি। দৰা আহি কইনা লৈ যাব। সেই বিয়াবোৰত নাছিল কোনো ধন সম্পত্তিৰ লোভ, নাছিল যৌতুকৰ দাবী।

কিন্তু এতিয়া সকলো সলনি হ'ল। লাহে লাহে মানুহে পাহৰি পেলাইথে অসমীয়া কৃষ্টি সংস্কৃতি। এতিয়া বিয়া কেৱল ২ দিনৰ অনুষ্ঠান হৈ থকা নাই। এতিয়াৰ একাংশ বিয়াও কমেও ৫-৬ দিন চলে।

হালধী, মেহেন্দি, সংগীত,প্ৰি ৱেডিং শ্বুট আদি কেইবাটাও অনুষ্ঠান সংযোগ হ'ল বিয়াত। আগতে কইনাক গা ধুওৱাৰ পাছত মোমায়েক বা ভিনিয়েকে দাঙি আনে। এতিয়া অসমীয়া সমাজৰ একাংশ বিয়াত ৪ জনী ছোৱালীয়ে কইনাৰ মূৰৰ ওপৰত এখন কাপোৰ দি লৈ আনে। এয়া আমাৰ অসমীয়া সমাজ জীৱনৰ বিয়া হয় জানো?

দিনক দিনে মানুহ ব্যস্ত হৈ পৰিছে ছ'চিয়েল মিডিয়াত। বলিউডৰ ছবিৰ প্ৰতি বেছি আকৰ্ষিক একাংশ যুৱ প্ৰজন্ম। চিনেমা এখনত যি দেখে তাকেই বিচাৰে। আশা পাতে তেনে এখন বিয়াক লৈ। কিন্তু এই সমূহ যে উত্তৰ ভাৰত বা পশ্চিমীয়া আমদানি সেয়া মানুহে পাহৰি যায়।

অসমীয়াই নিজৰটো ধৰি ৰাখিব নোৱাৰে বুলি কথা এটা আছেই। নিজৰ কৃষ্টি সংস্কৃতি এৰি মানুহে নিজৰ খিনি পাহৰি যোৱাৰ উপক্ৰম। বিয়াগীত, পানী তোলা আদি বিভিন্ন ৰীতি নীতি সমূহ হেৰাই যোৱাৰ পথত।

ঠিক তেনেদৰে যৌতুকো আহি পৰিল বিয়াৰ মাজত। কেতিয়াবা যদি দৰাক দামী গাড়ী লাগে, কেতিয়াবা কইনাক লাগে দামী গহনা, কাপোৰ। প্ৰি ৱেডিং শ্বুট নহ'লে নচলেই। এতিয়া বিয়া মানে কেৱল টকাৰ খেল।

আনৰ সংস্কৃতিৰ প্ৰতি বেছিকৈ আকৰ্ষিত হোৱাৰ ফলত আজি এই পৰ্যায় পাইছেগৈ। বৰ্তমান সময়ত চৰ্চাত থকা বিয়াখনত কোন শুদ্ধ, কোন ভুল সেয়া ক'বলৈ নাযাও। কিন্তু এয়া যে আমাৰ সমাজৰ এক ভয় লগা স্বৰূপ সেয়া খাটাং।

আজি কালি ভাল খবৰ বোৰ খবৰ হৈ নাথাকে। কাৰণ তাত নাথাকে কোনো মছলা। কিছুদিন পূৰ্বে মৃত্যু হৈছিল বিশিষ্ট চিন্তাবিদ, সাংবাদিক , সাহিত্যিক ড০ শিৱনাথ বৰ্মনৰ। প্ৰায় ৩০ জন মানুহৰ উপস্থিতিত শিৱনাথ বৰ্মনৰ শেষকৃত্য সম্পন্ন হৈছিল।

কিমান জন মানুহে পাইছে এই মৃত্যুৰ খবৰ? কিমান জনে জানে শিৱনাথ বৰ্মন কোন? সংবাদ মাধ্য়মত কিয় ট্ৰেণ্ড হ'ব নোৱাৰিলে শিৱনাথ বৰ্মনে? আচলতে আজিকালি টিভিত ওলাই নাথাকিলে, বা মানুহে ৰস নাপালে সেই খবৰ গ'মেই নাপায়।অসমীয়া সাহিত্য আৰু সমাজৰ বাবে প্ৰাতঃস্মৰণীয় ব্যক্তিত্ব মহীৰূহ গৰাকী নীৰৱে সাধনা কৰি গুচি গ'ল।

কথাবোৰ সলনি হ'ল। মানুহে ৰস নাপালে সেইবোৰ গুৰুত্বপূৰ্ণ বুলি নাভাৱে। বিয়াৰ বাবে আচলতে বহু মানুহৰ আশীৰ্বাদৰ প্ৰয়োজন নাই। পৰিয়ালৰ লোকৰ আশীৰ্বাদেই যথেষ্ঠ। বৰ্তমানে চৰ্চাত থকা বিয়াখনো আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হোৱাৰ প্ৰয়োজন নাছিল। সেয়া আছিল এক ব্যক্তিগত বিষয়। যদি সঁচাকৈ যৌতুকক লৈ খেলি মালি লাগিছে তেন্তে আইন আছে। যাৰ লগত এই সমস্যা হৈছে তেওঁহে ভুগিছে।

কিন্তু কাৰোবাৰ হোৱাটচএপৰ ব্যক্তিগত মেছেজ শ্বেয়াৰ কৰাতো কিমান গ্ৰহণ যোগ্য? ইয়েতো সুস্থ মানসিকতাৰ পৰিচয় নিদিয়ে! সমাজ এখন সলনি কৰিবলৈ হ'লে মানুহৰ মানসিক চিন্তাধাৰাৰো বিকাশ হ'ব লাগিব।

তদুপৰি বিয়াৰ দৰে পৱিত্ৰ সম্পৰ্ক এটাক লৈ হাস্যৰস কৰি সান্তনা লভা সকলেও কথাবোৰ ভৱাতো দৰকাৰ। সংবাদ মাধ্যমৰ অধিকাৰ বহুত। সংবাদ মাধ্যমেও সমাজৰ বাবে কাম কৰাতো দৰকাৰ। সঁচা অৰ্থত খবৰবোৰ প্ৰকাশ কৰাতো প্ৰয়োজনীয়। হয়তো এনেদৰে চলি থাকিলে, আনৰ ব্যক্তিগত জীৱনক লৈ হাঁহিব পৰা মানসিকতা এৰিব নোৱাৰিলে এদিন মানৱীয়তাও হেৰাই যাব। এয়া এখন সুস্থ সমাজৰ বাবে শুভ লক্ষ্যণ নহয়।

আৰু পঢ়ক: ভগা বিয়া এৰক! ময়ুৰীৰ বাবে কিবা এটা কৰো আহক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in