ভগা বিয়া এৰক! ময়ুৰীৰ বাবে কিবা এটা কৰো আহক...

পিতৃ-মাতৃয়ে কেৱল নেদেখা জনক প্ৰাৰ্থনা জনাইছে।১৭ ডিচেম্বৰ ২০২২ ৰ সন্ধিয়া ফোন কৰিছিলো পিতৃলৈ। সন্ধিয়া তেতিয়া ৭ বাজো বাজো।

author-image
Asomiya Pratidin
New Update
ভগা বিয়া এৰক! ময়ুৰীৰ বাবে কিবা এটা কৰো আহক...

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

পিতৃ-মাতৃয়ে কেৱল নেদেখা জনক প্ৰাৰ্থনা জনাইছে।১৭ ডিচেম্বৰ ২০২২ ৰ সন্ধিয়া ফোন কৰিছিলো পিতৃলৈ। সন্ধিয়া তেতিয়া ৭ বাজো বাজো। পিতৃয়ে জনাইছিল তেওঁলোক তিতাবৰত। যোৰহাটলৈ নিছিল ময়ুৰীক। ডাইলচিচ কৰিবলৈ নিছিল যদিও তাত ৰোগী বহু হোৱাত তিতাবৰলৈ লৈ গ'ল।

উদাস কণ্ঠৰে মানুহজনে ক'লে, ২ ঘন্টা হৈ গ'ল ডাইলচিচ কৰি আছে এতিয়া। ছোৱালী জনীৰ নাম ময়ুৰী গগৈ। বয়স ১৯ বছৰ। ২০২২ বৰ্ষৰ আগষ্টৰ আগলৈকে ভৱা নাছিল জীৱনলৈ নামি আহিব এনে অমানিশা।

মেধাৱী ছাত্ৰী হিচাপে পিতৃ-মাতৃয়ে সপোন দেখিছিল ডাঙৰ কন্যা ময়ুৰীক লৈ। অনবৰতে পঢ়া টেবুলত ব্যস্ত থাকে তাই। মেট্ৰিকত ৯৪.৪ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈছিল ময়ুৰী। সেয়েহে বিজ্ঞানশাখাত উচ্চতৰ মাধ্যমিকত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম পঢ়াৰ লক্ষ্যৰে নামভৰ্তি কৰিছিল।

উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাতো সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল তাই। ৮৪.৫ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈ বহিছিল নীটত। ফলাফল ওলাল। ৪৭১ নম্বৰ স্থান দখলেৰে মেডিকেল পঢ়িবলৈ যোগ্যতা অৰ্জন কৰিছিল ময়ুৰীয়ে।

ডাক্তৰ হোৱাৰ লক্ষ্য পূৰণ নহ'ল ময়ুৰীৰ। ফুলি উঠা ভৰি দুটাৰ চিকিৎসা কৰাবলৈ প্ৰথমে পিতৃ-মাতৃয়ে লৈ গৈছিল যোৰহাটলৈ। পৰীক্ষাৰ অন্তত চিকিৎসকে জনালে তাইৰ দুয়োটা কিডনী বিকল হৈছে।

যোৰহাট মেডিকেল কলেজ হাস্পাতালৰ চিকিৎসকলে পৰামৰ্শ দিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ চিকিৎসাৰ বাবে নিবলৈ। পিতৃ গনেশ গগৈ আৰু মাতৃ ইলামণি গগৈৰ মূৰত আকাশ ভাগি পৰিল!

লৈ আহিল গুৱাহাটীলৈ। দীৰ্ঘদিন চিকিৎসা চলিল। লগৰবোৰ গৈ এমবিবিএচ পাঠ্য়ক্ৰমত নামভৰ্তি কৰিলে। চিকিৎসালয়ৰ বিচনাত কান্দি কান্দি ময়ুৰীয়ে জীৱনৰ যুঁজ কৰি আছে আজিও।

দেউতাকক কৈছিল নীটৰ সেই ৰিজাল্টবোৰ আৰু মোবাইলত থকা আন সকলো তথ্য মচি দিছে তাই। এইবোৰে তাইক বৰ আমনি কৰে। লগৰবোৰে তাইৰ খবৰ ল'বলৈ ফোন কৰিলে তাই আৱেগিক হৈ পৰে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দীৰ্ঘদিন চিকিৎসা কৰাৰ অন্তত ঘৰলৈ চিকিৎসকে লৈ যাব দিলে তাইক। ময়ুৰী গগৈৰ ঘৰ শিৱসাগৰ জাঁজী আমগুৰিত। জি এম চি চুপাৰ স্পেচিয়েলিটি হাস্পাতালত চিকিৎসাধীন হৈ আছিল ময়ুৰী।

ময়ুৰীৰ চিকিৎসাৰ নামত সকলো উদং। সৰু পাণ দোকানৰ তামোল এখন দি পৰিয়ালটোক পোহপাল দিছিল। ময়ুৰীৰ লগত চিকিৎসালয় চিকিৎসালয় ঘূৰি ফুৰোতে সকলো শেষ।

মেধাৱী ছাত্ৰী গৰাকীৰ জীৱন ৰক্ষাৰ বাবে চিকিৎসকৰ বাবে একমাত্ৰ পথ বৃক্ক সংৰোপন। কিন্তু ক'ত পাই এই ধন? দুই এক জাতীয় সংগঠন, ৰাজনৈতিক নেতাৰ কাষ চাপিছিল। সকলোৱে আশ্বাস দিছিল।

এনজিঅৰো কাষ চাপিছিল পিতৃয়ে। সামাজিক মাধ্যমত কোনোৱে ময়ুৰীৰ দুষাৰ কথা লিখিছিল। দুই একে সহায়ো কৰিছে। কিন্তু সেই ধনেৰে ময়ুৰীক বৃক্ক সংৰোপনৰ বাবে কলিকতালৈ নিয়াৰ বাবে যথেষ্ঠ নহয়।

পিতৃয়ে এতিয়া কেৱল ডাঙৰ ছোৱালীৰ জীৱন কেনেদৰে ৰক্ষা কৰিব পাৰি তাৰ চিন্তাত আছে। মাক আৰু তেওঁ কন্যাৰ সৈতে ছাঁৰ দৰে ঘূৰি ফুৰিছে। ঘৰত দুজনী ছোৱালী অকলে এৰি থৈ ময়ুৰীক চিকিৎসাৰ বাবে ইঠাইৰ পৰা সিঠাইলৈ নিছে।

ময়ুৰীৰ এই খবৰে কিন্তু কাৰো দৃষ্টি আকৰ্ষণ কৰিব পৰা নাই। দুৰ্ভগীয়া পৰিয়ালটোৰ বাবে সহায়ক হোৱাকৈ কোনো খবৰ সংবাদ মাধ্যমেও মানুহৰ মাজলৈ লৈ যোৱা প্ৰয়াস কৰাৰ প্ৰয়োজনবোধ নকৰিলে।

অথচ এইবোৰতকৈ অতি ব্যক্তিগত কাৰোবাৰ বিয়া ভগা খবৰক লৈ প্ৰয়োজনতকৈ অধিক ব্যস্ত। ময়ুৰীৰ দৰে মেধাৱী ছাত্ৰী এগৰাকীৰ বাবে আমি কোনোৱে একো এটা কৰিব নোৱাৰোনে। ৰাইজে নখ জোকাৰিলে নৈ বয়। সেই উদাহৰণ পূৰ্বতেও বহুবাৰ আছে।

কাৰোবাৰ এটা বা দুটা টকাই ময়ুৰীৰ জীৱন ৰক্ষা কৰিব পাৰে। ভাগি পৰা পিতৃয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিও কাতৰ প্ৰাৰ্থনা জনাইছে। চকুৰ সন্মুখত ছোৱালী জনী লৈ কোন স'তে তেওঁ চাই থাকে। মুখ্যমন্ত্ৰীক আহ্বান এই মেধাৱী ছাত্ৰী জনীৰ প্ৰতি অলপ দয়া কৰক।

ময়ুৰীক সহায় কৰিব বিচৰা সকলৰ বাবে তেওঁৰ একাউন্ট নম্বৰ- 34417709193, একাউন্ট নম্বৰৰ গৰাকী- Myuri Gogoi, IFSC code- SBIN0010552 এছ বি আই আমগুৰি শাখা। ময়ুৰীৰ সৈতে যোগাযোগৰ নম্বৰ- 8876268250। এই নম্বৰতেই আছে GPAY। UPI ID- 8876268250@paytm.

পিতৃ-মাতৃৰ আশা, ৰাইজে সহযোগ কৰিলে ময়ুৰী সুস্থ হৈ ঘৰলৈ উভতি আহিব। চিকিৎসকেও কৈছে যিমান পাৰি সোনকালে বৃক্ক সংৰোপনৰ ব্যৱস্থা কৰক। এতিয়া এই পৰিয়ালটোৰ বাবে ৰাইজ আৰু চৰকাৰেই ভৰসা।

আৰু পঢ়ক: ন্যুনতম সমৰ্থন মূল্যত ধান ক্ৰয় প্ৰক্ৰিয়াৰ পৰ্যালোচনা মন্ত্ৰী পীযুষৰ

assam himanta biswa sarma gmch