/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/ccef93a3-3aef-47fa-938e-5264844c0bed/AP_Feed__bikhekh_Pratibedan_WAR.jpg)
যুদ্ধই কি দিয়ে, সকলো কাঢ়ি নিয়ে ! এবছৰীয়া হ'ল 'ইউক্ৰেইন ৱাৰ'
এবছৰ সম্পূৰ্ণ কৰিলে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই। এই যুদ্ধৰ পৰা কোনে কি পালে? ৩ লাখ সেনাই প্ৰাণ ত্যাগ কৰিলে। শেষ হোৱাৰ নাম নোলোৱা এই যুদ্ধৰ এবছৰ উপলক্ষত এক বিশেষ প্ৰতিবেদন।
সম্পূৰ্ণ এটা বছৰ। এতিয়াও শেষ হোৱা নাই ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ। যুদ্ধৰ ধ্বংসলিলা হ্ৰাস পালেও হ্ৰাস হোৱা নাই ভয়াৱহতা। কেতিয়া, কাৰ, ক'ত, কেনেকৈ মৃত্যু হয় তাৰ কোনো নিশ্চয়তা নাই।
যোৱা এটা বছৰত প্ৰায় ধ্বংসস্তূপত পৰিণত হ'ল ইউক্ৰেইন। অথচ হাৰ মনা নাই। ধ্বংস্তূপলৈ পৰিণত হোৱা কিভৰ মুকলি আকাশৰ তললৈ আহি ভ্লাদিমিৰ জেলেনস্কিয়ে এতিয়াও ৰাছিয়াক প্ৰত্যাহ্বান জনাই আছে। আঘাত কৰি কৰি ভাগৰি পৰিছে ৰাছিয়া।
মহাশক্তিধৰ ৰাছিয়া আহি এনে এটা পৰ্যায়ত উপনীত হৈছে, ইচ্ছা কৰিও শেষ কৰিব নোৱাৰে এই যুদ্ধ। আছে অহংকাৰৰ কথা, সন্মানৰ কথা, মহাশক্তি হিচাপে বিশ্বত প্ৰতিষ্ঠা হৈ থকাৰ কথা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/7fab94be-100e-44a0-95a0-ced071d9cfc5/russia_army_5_.jpg)
সকলোৱে জানে যুদ্ধই সমস্যাৰ সমাধান নকৰে। যুদ্ধই নতুন নতুন সমস্যাৰ সৃষ্টিহে কৰে। এক বিংশ শতিকাত বিশ্ব আহি আজি এনে এক পৰ্যায় পাইছেগৈ যে, কোনো এখন দেশেই একক ভাৱে বৰ্তি থকাটো সহজ হৈ থকা নাই। শত্ৰু, মিত্ৰ যিয়েই নহওক, এখন দেশ, আন এখন দেশৰ সৈতে আছে প্ৰত্যক্ষ অথবা পৰোক্ষ সম্পৰ্ক।
সেয়ে যুদ্ধই কেৱল দুখন দেশৰ নিৰ্দিষ্ট কেইজনমান সেনা অথবা যুদ্ধ বিধ্বস্ত এলেকাৰ জনতাৰে প্ৰাণ কাঢ়ি নিনিয়ে, যুদ্ধই দুখন দেশৰ লগতে সামগ্ৰিক ভাৱে সমগ্ৰ বিশ্বৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাই আহিছে।
এই কথা ৰাছিয়া অথবা ইউক্ৰেইন দুয়োখন ৰাষ্ট্ৰই জানে। এই কথা ভালকৈয়ে বুজি পাই পুঁজিবাদৰ পৃষ্ঠপোষক, যুদ্ধৰ দামামা সৃষ্টি কৰি আস্ত্ৰব্যৱসায়ৰ বজাৰ সৃষ্টি কৰা আমেৰিকাৰ দৰে ৰাষ্ট্ৰয়ো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/4cb6219b-a204-44b1-b895-534dbe5d08f7/UKRAINE_US_RUSSIA_CONFLICT_WAR_DIPLOMACY_11_167693_1676937594839_1676937595091_1676937595091.avif)
২০২২ ৰ ২৪ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ। ইউক্ৰেইনত আক্ৰমণ কৰাৰ পূৰ্বেই অৱশ্যে পুটিনে আমেৰিকাকে ধৰি ইউৰোপীয় ইউনিয়নক দুয়ো দেশৰ সংঘাতৰ মাজৰ পৰা আঁতৰি থাকিবলৈ সকিয়াই দিছিল। তথাপিও আমেৰিকা আৰু ইউৰোপীয় ইউনিয়নে ইউক্ৰেইনক উচতনি দিবলৈ নেৰিলে।
যাৰ পৰিণতিত ইউক্ৰেইন আজি ধ্বংস্তূপত পৰিণত হ'ল। এতিয়াও এই যুদ্ধৰ বাবে পশ্চিমীয়া দেশ সমূহে ৰাছিয়াকেই দোষাৰোপ কৰি আছে। সমান্তৰালকৈ ৰাছিয়ায়ো উভতি ধৰিছে এই দেশসমূহক।
এটা কথা স্পষ্ট যে, এই যুদ্ধৰ পৰা ৰাছিয়াৰো কোনো লাভ হোৱা নাই, ইউক্ৰেইনৰো একো লাভ হোৱা নাই। সামগ্ৰীক ভাৱে বিশ্বৰো যথেষ্ট ক্ষতি হৈছে। লাভ হৈছে যদি একমাত্ৰ আমেৰিকাৰ দৰে মানুহৰ জীৱনৰ সৈতে খেলা কৰা একাংশ অস্ত্ৰবেপাৰত মগ্ন ৰাষ্ট্ৰৰহে হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/dc00e3f3-00fa-447b-889e-03ae5889acbe/e6ef7675_a59f_4233_bc22_eaabfe7c2dde_AP_Russia_Ukraine_War_US_1.webp)
এক বিংশ শতিকাৰ অন্যতম ভয়ংকৰ আৰু চৰ্চিত এই যুদ্ধখনৰ আৰম্ভণিৰ সময়লৈ এবাৰ উভতি চাও
যুদ্ধৰ পূৰ্বেই ইউক্ৰেইনৰ দুখন চহৰ স্বাধীন হৈছিল !
ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ আনুষ্ঠানিক ভাৱে ঘোষণা হৈছিল ২৪ ফেব্ৰুৱাৰীত। ইয়াৰ পূৰ্বেই ২১ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনৰ দুখন চহৰ ডনটেস্ক আৰু লুহানস্কক স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছিল।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ এই ঘোষণাৰ পিছতে দুয়োখন ৰাষ্ট্ৰৰ মাজত আৰম্ভ হৈছিল যুদ্ধ উত্তেজনা। আমেৰিকা, অষ্ট্ৰেলিয়া, ফ্ৰান্স আদি ৰাষ্ট্ৰই ৰাছিয়াক সমালোচনা কৰি ইউক্ৰেইনৰ সপক্ষে থিয় দিছিল।
সমান্তৰালকৈ বৃদ্ধি কৰিছিল যুদ্ধ উত্তেজনা। ডনটস্ক আৰু লুহানস্ক আছিল ৰাছিয়াৰ সীমান্তৱৰ্তী দুখন ৰাজ্য। পুটিনৰ মতে এই দুই ৰাজ্যৰ নাগৰিকৰ দাবী আৰু দুয়োখন ৰাজ্যৰ পৰা হ'ব পৰা ভাবুকিৰ প্ৰতি লক্ষ্য কৰিয়েই পুটিনে দুয়োখন ৰাজ্যক স্বাধীন ঘোষণা কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/c5229884-34e1-433c-a781-cb2526662f0b/3000.jpg)
২৪ ফেব্ৰুৱাৰীত ঘোষণা হৈছিল আনুষ্ঠানিক যুদ্ধৰ
পুৱা তেতিয়া ৬ বাজিছিল। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ৰাছিয়াৰ নাগৰিকক সম্বোধন কৰি ডনটস্ক আৰু লুহানস্কক ইউক্ৰেইনৰ পৰা মুক্ত কৰিবলৈ ইউক্ৰেইনৰ বিৰুদ্ধে বিশেষ সামৰিক অভিযানৰ আহ্বান জনায়।
অৱশ্যে পুটিনে এই কথাও কয়, যুদ্ধৰ নকাৰকৈ সমস্যাৰ সমাধান কৰিবলৈ কেইবাটাও প্ৰচেষ্টা হাতত লৈছিল যদিও জেলেনস্কিৰ ফালৰ পৰা সহাৰি লাভ নকৰিলে। সেয়ে ডনটস্ক আৰু লুহানস্কৰ আহ্বানৰ প্ৰতি সহাৰি জনায় এই সামৰিক অভিযান আৰম্ভ কৰা হৈছে।
পুটিনৰ এই আনুষ্ঠানিক ঘোষণাৰ পূৰ্বেই ৰাছিয়ান সেনাই আগুৰি ধৰিছিল ইউক্ৰেইনক। উত্তৰ দিশে বেলাৰুছৰ পৰা কিভলৈ, পূবে ডনবাছৰ পৰা খাৰকিভলৈ, দক্ষিণে ক্ৰিমিয়াৰ পৰা ওডেচালৈ জাপোৰিজ্জিয়াৰ পৰা আৰিঅ'পোললৈ সেনাই আগুৰি ধৰিছিল ইউক্ৰেইনক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/4b25c234-454e-480a-839e-fe0033a25b08/000_323T4MF.webp)
এই যুদ্ধক শেষ কৰিব পাৰে ভাৰতেহে !
দ্বিতীয় বিশ্বযুদ্ধত ভাৰতৰ ভূমিকা সকলোৱে জানে। ভাৰতে শান্তি স্থাপনৰ বাবে লোৱা গোষ্ঠী নিৰপেক্ষ ভূমিকাক আজিও বিশ্বই সোঁৱৰি আহিছে। ৰাছিয়া, ইউক্ৰেইনৰ যুদ্ধৰ আৰম্ভণিতো উচ্চাৰিত হৈছিল ভাৰত নাম।
ইউক্ৰেইন আৰু বিশ্বৰ একাংশ ৰাষ্ট্ৰই বিশ্বাস কৰিছিল এই যুদ্ধক শেষ কৰিব পাৰে একমাত্ৰ ভাৰতে। সেয়ে পুটিনৰ সেনাই ইউক্ৰেইন আক্ৰমণ কৰাৰ লগে লগে ইউক্ৰেইনে বিচাৰিছিল ভাৰতৰ সহায়।
ভাৰতস্থিত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত ইগৰ পলিখাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক গোলকীয় নেতা আখ্যা দি এই যুদ্ধৰ বন্ধ কৰিবলৈ পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাইছিল। ৰাষ্ট্ৰসংঘৰ মজিয়াত দুয়ো দেশৰ যুদ্ধৰ সন্দৰ্ভত ভাৰতৰ স্থিতিক অৱশ্যে বহুতেই সমালোচনা কৰি আহিছে।
ইউক্ৰেইনৰ সপক্ষে ভোট দিয়াৰ পৰা বিৰত থাকি ৰাছিয়াৰ বিপক্ষেও অৱস্থান নকৰি ভাৰতে যি কৌশলী স্থিতি পূৰ্বৰে পৰা এতিয়ালৈ বজাই ৰাখিছে সেই স্থিতিক বিশ্বৰ যুদ্ধবাজ একাংশ নেতাই সমালোচনা কৰিলেও অৱশ্যে ভাৰতৰ স্থিতি যে সঠিক সেয়া নিশ্চিত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/94b4e380-700d-432b-9838-7ac6c43b2855/indian_students_1_.jpg)
যুদ্ধৰ প্ৰথম ভাগতে ধ্বংসস্তূপত পৰিণত হৈছিল ইউক্ৰেইন
জেলেনস্কিয়ে ভাবিছিল ইউৰোপীয় ইউনিয়ন আৰু আমেৰিকাই ইউক্ৰেইনৰ হৈ যুদ্ধত জপিয়াই পৰিব। ৰাছিয়াক চাৰিওফালৰ পৰা বেৰি ধৰি ধ্বংসকৰিব। আমেৰিকা, ইউৰোপীয় ইউনিয়নৰ কথায়ো সেই বিশ্বাস জন্মানইছিল জেলনস্কিৰ মনত।
কিন্তু কোৱা আৰু কাৰ্যক্ষেত্ৰত কৰি দেখুওৱাৰ মাজত আছে প্ৰাৰ্থক্য। কাগজৰ বাঘ ইউৰিপীয় ইউনিয়নে ভবাৰ দৰে যুদ্ধত জপিয়াই নপৰিল। আমেৰিকাই হুংকাৰ দিয়েই দায়িত্ব সামৰিলে।
যুদ্ধৰ প্ৰথম কেইদিনতে ধ্বংস্তূপত পৰিণত হ'ল ইউক্ৰেইন। বিশ্ববাসীয়ে ভাবিবলৈ আৰম্ভ কৰিলে হাৰ মানিব জেলনস্কিয়ে। কিন্তু সেয়া হৈ নুঠিল। ১০, ১৫ দিনতে শেষ হ'ব বুলি ধাৰণা কৰা যুদ্ধই এটা বছৰ অতিক্ৰম কৰিলে।
ধ্বাংসাৱশেষৰ মাজতেই মূৰ দাঙি থিয় দি থাকিলে জেলনস্কিয়ে। পৰাজয় তেওঁ স্বীকাৰ নকৰে। যুঁজী থকা ইউক্ৰেইনে এতিয়াও উভতি ধৰি আছে ৰাছিয়াক। যোৱা এটা বছৰত ইউক্ৰেইনে ৰাছিয়াৰ হাতৰ পৰা কাঢ়ি লৈছে বহু কেইটা বন্দৰ, বহু অঞ্চল।
যুদ্ধ আৰম্ভণিৰ পৰা ১ টা মাহৰ ভিতৰতে ৰাছিয়াই দখল কৰিছিল ইউক্ৰেইনৰ বহু চহৰ। ডনটেস্ক, লুহানস্কৰ উপৰিও মাৰিঅ'পোল, খাৰকিভ ৰাছিয়াৰ দখললৈ গৈছিল। কিন্তু যুঁজী যুঁজী ইউক্ৰেইনে পুনৰ নিজৰ দখললৈ আনিলে মাৰিঅ'পোল আৰু খাৰকিভ। অৱশ্যে এই দুই চহৰ দখলৰ বাবে ইউক্ৰেইনে নিজেই বোমাৰে উৰুৱাই দিছিল বহু দলং, বন্দৰ আদি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/bb563690-7c1e-4755-8a81-31dda51b5777/ukraine_new_3_.jpg)
অপাৰেশ্যন গংগাৰ জৰিয়তে সফলতাৰে ঘূৰাই আনিলে ভাৰতীয়ক
উত্তেজনাৰ মাজতো ইউক্ৰেইনত বহু ছাত্ৰই অধ্যয়নৰ বাবে বাহৰ পাতি আছিল। যুদ্ধৰ আশংকা আছিল যদিও ইমান সোনকালে যে মিছাই আক্ৰমণৰ সন্মুখীন হ'ব লাগিব সেয়া কাৰো কল্পনাত নাছিল। কিন্তু সেয়াই হৈছিল।
মাজ নিশা হঠাত শুনিছিল গুলী, বাৰুদ, বোমাৰ শব্দ। সন্মুখীন হৈছিল মিছাইল আক্ৰমণ। তাৰ মাজতে ভাৰতে আৰম্ভ কৰিছিল যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা ভাৰতীয়ক উদ্ধাৰৰ অভিযান।
ভাৰতৰ এই অভিযানলৈ সহায় আগবঢ়াইছিল ৰাছিয়ায়ো। ৰাছিয়াই জানে ভাৰত তেওঁলোকৰ বন্ধু। ৰাষ্ট্ৰসংঘৰ মজিয়াত লোৱা ভাৰতৰ স্থিতিয়ে সেয়া প্ৰমাণ কৰিছিল। সেয়ে ৰাছিয়াই ভাৰতীয়ক উদ্ধাৰ কৰিবলৈ যুদ্ধৰ মাজতে ঘোষণা কৰিছিল যুদ্ধ বিৰতি।
হোমেন কৰিডৰ সৃষ্টি কৰি ভাৰতীয়ক যুদ্ধ বিধ্বস্ত কিভ, খাৰকিভ আদিৰ পৰা উলিয়াই অনাৰ ব্যৱস্থা কৰা হৈছিল। ভাৰতীয় ত্ৰিৰংগ উৰুৱাই সেই হোমেন কৰিডৰৰ জৰিয়তে স্বদেশলৈ ঘূৰি আহিছিল পাকিস্তানী ছাত্ৰও।
ভাৰত চৰকাৰে ইউক্ৰেইনত অধ্যয়ন কৰিবলৈ যোৱা ভাৰতীয় শিক্ষাৰ্থীসকলক ঘূৰাই অনাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতে ফোনযোগে কথা পাতিছিল আৰু ভাৰতীয়সকলৰ উভতি অহাৰ কথা কৈছিল।
ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে অপাৰেচন গংগা আৰু মালবাহী বিমানৰ লগতে ২৫০ খনতকৈও অধিক বিমান ইউক্ৰেইন, ৰোমানিয়া, পোলেণ্ড আৰু হাংগেৰীলৈ প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰে। ভাৰতে ইউক্ৰেইনৰ পৰা ভাৰতীয় ছাত্ৰক উদ্ধাৰৰ বাবে যি অভিযান চলাইছিল সেই অভিযানৰ নাম দিয়া হৈছিল অপাৰেশ্যন গংগা।
অপাৰেশ্যন গংগাৰ জৰিয়তে ভাৰতে ২৫০ খনতকৈ অধিক বিমান ইউক্ৰেইন, ৰোমানিয়া, পোলেণ্ড আৰু হাংগেৰী আদিলৈ প্ৰেৰণ কৰিছিল। ইয়াৰ জৰিয়তে স্বদেশলৈ আহিছিল ২০ হাজাৰৰো অধিক শিক্ষাৰ্থী। এই অভিযানৰ নেতৃত্ব লৈছিল ৪ গৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/fcb043d2-2a31-46e3-8103-c88a402bddeb/u5tv6an8_first_iaf_c17operation_gangahindon_air_force_stationghaziabadpti_625x300_04_March_22.webp)
২ লাখ সেনাই হেৰুৱালে প্ৰাণ
এই যুদ্ধই এটা বছৰ অতিক্ৰম কৰিলে। যুদ্ধই কেৱল মৃত্যুক আহ্বান কৰে। সেই কথা সকলোৱে জানে। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই এই পৰ্যন্ত ৩ লাখ সেনাৰ মৃত্যু মাতি আনিলে।
ইয়াৰ ভিতৰত ৰাছিয়াৰ মৃত সেনাৰ সংখ্যা ২ লাখ আৰু ইউক্ৰেইনৰ ১ লাখ। সাধাৰণ নাগৰিকৰ মৃত্যুৰ সংখ্যাই ৩০ হাজাৰ অতিক্ৰম কৰিছে। যুদ্ধৰ ভয়াৱহতাৰ বাবে এই পৰ্যন্ত ইউক্ৰেইন ত্যাগ কৰিলে ১৪ নিযুত নাগৰিকে।
অৰ্থনৈতিক ভাৱে বিধ্বস্ত হৈ পৰা ইউক্ৰেইনৰ এই পৰ্যন্ত ৮ ট্ৰিলিয়ন ডলাৰ ক্ষতি হৈছে। আমেৰিকাই ইউক্ৰেইনলৈ আগবঢ়াইছে ২৫ বিলিয়ন ডলাৰৰো অধিক ধন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/043313c3-ee2b-4d86-b6af-d557d49cfeb7/ukrain1_3_.jpg)
এঘৰীয়া হ'ল ৰাছিয়া
এই যুদ্ধই বিশ্বত বহু প্ৰভাৱ পেলাইছে। গোলকীয় অৰ্থনীতিত বিস্তৰ ক্ষতি কৰিছে। কোভিডে জুৰুলা কৰা বিশ্বক ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই আৰু অধিক বিধ্বস্ত কৰি তুলিলে।
আই এম এফে বিশ্বব্যাপী বিকাশৰ হাৰ এই সময়ছোৱাত ৩.২ ৰ পৰা ২.৯ লৈ হ্ৰাস হোৱাৰ তথ্য দিছে। মুদ্ৰাস্ফীতিও যথেষ্ট বৃদ্ধি পাইছে।এই যুদ্ধৰ বাবেই বিশ্বই হেৰুৱাইছে ৩২ ট্ৰিলিয়ন ডলাৰ ।
যাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্স, জাৰ্মানীকে ধৰি বহুতো দেশে ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কত ইতি পেলাইছে। ৰাছিয়ায়ো বহু দেশলৈ তেল, গেছ আদিৰ যোগান বন্ধ কৰিছে।
এই সময়ছোৱাত ৰাছিয়াৰ পৰা বাণিজ্য সামৰি ওলাই আহিছে বহু দেশৰ বিত্তীয় সংস্থা। ৰাছিয়ায়ো যুদ্ধৰ মাজতে গুৰুত্ব দিছে সকলো ক্ষেত্ৰতে স্বাৱলম্বী হ'বলৈ। কেৱল অৰ্থনীতিৰ ক্ষেত্ৰতেই নহয়, ক্ৰীড়া ক্ষেত্ৰতো নিষিদ্ধ হ'ল ৰাছিয়া। অলিম্পিক, ফিফাত নিষিদ্ধ হ'ল ৰাছিয়া।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/34dc3029-e2a3-43fd-84da-9ad6dcc1a77a/16459557596292.jpg)
ফটোৰ মাজেৰে চাও আহক এই যুদ্ধৰ বিভীষিকা
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/f574bb8b-bb20-4886-a59b-b5e27841c313/1.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/025f5650-864a-4d08-92b1-4cfdcde6231b/Russia_Ukraine_1.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/4977c019-c4ec-4031-a3a4-3c0dc5d5ce38/ukraine_war_2_2_.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/d279d79a-0b69-431c-9e0d-841e699411b1/ukraine_4_1_.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/0f7fae84-9882-4988-8825-891f8464577d/ukraine_war_5_2_.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/51b863cc-8a62-4357-ad5b-678f93d07a8c/ukraine_6_1_.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/751d31f9-7e11-48c0-ae69-d96f3989c1ec/ukraine_7_1_.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/3529ab63-f4ab-4a83-a444-f4d6f073461c/ukraine_8.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/7252cd9b-288b-4f38-a264-92617170094e/0188f1d1_dc6b_4cbc_9eba_01ca942a0c36.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/8f2e0e69-843d-4a17-a557-ae32437832e2/2001972d_50f3_43e4_8dc7_b08ccea1a9f5.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/d9aa85ba-9ae1-43c2-802a-dfa4b3794374/8bdd6b32_3bb8_4f15_b20c_7cb4ada066c5.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/7232e0fd-6393-4437-86d2-e16eab442968/e925a9b8_5625_4be1_898a_07ac31f3258a.jpg)
Also Read: কটন বিশ্ববিদ্যালয়ত পৰাগ কুমাৰ দাস মেম'ৰিয়েল ট্ৰাষ্টৰ দ্বিতীয় বাৰ্ষিক স্মাৰক বক্ত্ৃতানুষ্ঠান