কটন বিশ্ববিদ্যালয়ত পৰাগ কুমাৰ দাস মেম'ৰিয়েল ট্ৰাষ্টৰ দ্বিতীয় বাৰ্ষিক স্মাৰক বক্ত্ৃতানুষ্ঠান

প্ৰয়াত সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে তেওঁৰ সহধৰ্মিণী পূৰবী দাস, জ্যেষ্ঠ সাংবাদিক নিত্য বৰা,মনিষা হাজৰিকা আদিয়ে
কটন বিশ্ববিদ্যালয়ত পৰাগ কুমাৰ দাস মেম'ৰিয়েল ট্ৰাষ্টৰ দ্বিতীয় বাৰ্ষিক স্মাৰক বক্ত্ৃতানুষ্ঠান

ডিজিটেল ডেস্কঃ নিৰ্ভিক, সাহসী সাংবাদিক তথা মানৱঅধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ ৬২ সংখ্যক জন্মদিৱস উপলক্ষে আজি কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত অনুষ্ঠিত হয় এক বিশেষ কাৰ্যসূচী। পৰাগ কুমাৰ দাস মেম'ৰিয়েল ট্ৰাষ্টে অনুষ্ঠিত কৰে দ্বিতীয় বাৰ্ষিক স্মাৰক বক্ত্ৃতানুষ্ঠান।

দিনৰ ঠিক ২-৩০ বজাৰ পৰা আৰম্ভ হোৱা এই স্মাৰক বক্তৃতা অনুষ্ঠানৰ বিষয় আছিল "সাম্প্ৰতিক প্ৰেক্ষাপটত আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আৰু জাতীয় অৰ্থনীতি নিৰ্মাণৰ প্ৰসংগ"। কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ সঞ্চালক ড০ জয়দীপ বৰুৱাই প্ৰদান কৰা এই স্মাৰক বক্তৃতা অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ বহুকেইজন বিশিষ্ট ব্যক্তিৰ লগতে বহু ব্যক্তি উপস্থিত থাকে।

বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা এই অনুষ্ঠানত প্ৰয়াত সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে তেওঁৰ সহধৰ্মিণী পূৰবী দাস, জ্যেষ্ঠ সাংবাদিক নিত্য বৰা,মনিষা হাজৰিকা আদিয়ে। অনুষ্ঠানটিৰ আঁত ধৰে পৰাগ কুমাৰ দাস মেম'ৰিয়েল ট্ৰাষ্টৰ সম্পাদক তথা সুবক্তা ময়ুৰ বৰাই।

অনুষ্ঠানত শীৰ্ষক বক্তৃতাৰ বিষয়ৰ ওপৰত বক্তব্য প্ৰদান কৰি ড০ বৰুৱাই আমদানি আৰু ৰপ্তানিৰ প্ৰসংগত কেতবোৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে। ঔপনিবেশ প্ৰক্ৰিয়া সম্পৰ্কে তেওঁ কয় যে ভাৰতৰ পৰা বৃটেইনলৈ সম্পদ পঠিওৱাৰ পাছত নিয়ম মাফিকভাৱে বৃটেইনে তাৰ মূল্য দিব লাগিছিল। এই মূল্য দিছিল যদিও তেওঁলোকে এটা সাংঘাটিক প্ৰক্ৰিয়াৰ মাজেৰে তাৰ মূল্য ভাৰতৰ ধনৰেই দিয়া হৈছিল বুলি উল্লেখ কৰে।

লগতে কয় যে বৃটেইনে অকল ভাৰতৰ পৰা সম্পদেই নিয়া নাছিল ভাৰতীয় মানুহৰ পৰা তেওঁলোকে বিভিন্ন কৌশলেৰে কৰ আদায় কৰিছিল আৰু এই আটাইবোৰ কৰ সংগ্ৰহ কৰি তাৰ বৃহৎ অংশ এক প্ৰক্ৰিয়াৰ মাজেৰে লণ্ডনলৈ পঠিয়াই দিছিল বুলি মন্তব্য কৰে।

অনুষ্ঠানত ট্ৰাষ্টৰ সভাপতি ড০ অপূৰ্ব কুমাৰ বৰুৱায়ো বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন,নিত্য বৰা,সুনীল পৱন বৰুৱা,মাইনী মহন্ত,নিতুমণি শইকীয়া,কমল কুমাৰ মেধি,জগদীশ ভূঞা,অনুপ চেতিয়াকে ধৰি আন আন ক্ষেত্ৰৰ ভালেকেইগৰাকী ব্যক্তি উপস্থিত থাকে।

কটন বিশ্ববিদ্যালয়ত পৰাগ কুমাৰ দাস মেম'ৰিয়েল ট্ৰাষ্টৰ দ্বিতীয় বাৰ্ষিক স্মাৰক বক্ত্ৃতানুষ্ঠান
মাজুলীৰ পৰা অনা ৭ টা শগুনক চিকিৎসা প্ৰদান কাজিৰঙাত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in