নলবাৰীত মোডীঃ উত্তৰ পূৰ্বাঞ্চলক কংগ্ৰেছে দিলে সমস্যা, বিজেপিয়ে ৰূপান্তৰ কৰিলে সম্ভাৱনাৰ উৎসলৈ

ৰাম মন্দিৰৰ প্ৰসংগৰে আৰম্ভ কৰিলে নিৰ্বাচনী প্ৰচাৰ সভাৰ ভাষণ
নলবাৰীত মোডীঃ উত্তৰ পূৰ্বাঞ্চলক কংগ্ৰেছে দিলে সমস্যা, বিজেপিয়ে ৰূপান্তৰ কৰিলে সম্ভাৱনাৰ উৎসলৈ
নলবাৰীত মোডীঃ উত্তৰ পূৰ্বাঞ্চলক কংগ্ৰেছে দিলে সমস্যা, বিজেপিয়ে ৰূপান্তৰ কৰিলে সম্ভাৱনাৰ উৎসলৈ

ডিজিটেল ডেস্কঃ ১৯ এপ্ৰিলত দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। আন আন ৰাজ্যৰ লগত অসমৰো ৫ টা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। এই ভোটগ্ৰহণৰ প্ৰাকক্ষণত আজি নলবাৰীত এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

নলবাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ বৰকুৰাৰ বিদ্যাঞ্চলৰ বিশাল ভূমিত অনুষ্ঠিত হোৱা এই নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী মোডীয়ে বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁট তথা অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ লগতে দৰং ওদালগুৰিৰ বিজেপি প্ৰাৰ্থী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থিৰ হৈ প্ৰচাৰ চলায়।

প্ৰায় ২ লাখ লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই জনসভাত প্ৰধানমন্ত্ৰী মোডীয়ে ৰাম মন্দিৰৰ প্ৰসংগৰেই নিৰ্বাচনী ভাষণ আৰম্ভ কৰে। তেওঁ কয়, আজি ৰাম নৱমীৰ এক ঐতিহাসিক ক্ষণ। ৫০০ বছৰীয়া এক সুদীৰ্ঘ অপেক্ষাৰ অন্তত ভগৱান ৰাম ৰামমন্দিৰৰ আসনত বহিছে, তেওঁৰ জন্মজয়ন্তী পবিত্ৰ অযোধ্যা চহৰৰ ৰাম মন্দিৰৰ ৰামৰ মূৰ্তিত সূৰ্য তিলকেৰে উদযাপন কৰা হয়।

মোডীৰ এই মন্তব্যৰ সময়ত উপস্থিত বিজেপি সমৰ্থকসকলে জয় শ্ৰীৰাম ধ্বনি দিয়ে। ইফালে মোডীয়ে পুনৰ কয়, সমগ্ৰ দেশত এক নতুন পৰিৱেশৰ সূচনা হৈছে। ভগৱান ৰামৰ এই জন্মদিন ৫০০ বছৰৰ পিছত আহিছে। তেওঁ নিজৰ ঘৰত জন্মদিন উদযাপন কৰাৰ সৌভাগ্য লাভ কৰিছে।

তেওঁ ভাষণত কয়, এন ডি এয়ে দেশৰ প্ৰতিজন নাগৰিকৰ কাষলৈ গৈ তেওঁলোকৰ প্ৰাপ্য সুবিধা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। অহা ৫ বছৰত দৰিদ্ৰ লোকসকলৰ বাবে আৰু ৩ কোটি নতুন ঘৰ নিৰ্মাণ কৰা হ'ব। সকলোৱে কোনো বৈষম্য নোহোৱাকৈ সেই সুবিধাবোৰ লাভ কৰিব।

নিজৰ ভাষণত মোডীয়ে ৭০ বছৰ উৰ্ধ্বৰ প্ৰতিজন লোককে বৈষম্যহীনভাবে আয়ুষ্মান যোজনাৰ অধীনত ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ গেৰাণ্টি প্ৰদান কৰিছে। ইয়াৰোপৰি মোডীয়ে কয়, সমগ্ৰ দেশতে মোডীৰ গেৰাণ্টি চলি আছে আৰু উত্তৰ পূৰ্বাঞ্চল নিজেই মোডীৰ গেৰাণ্টিৰ সাক্ষী। উত্তৰ পূৰ্বাঞ্চলক কেৱল সমস্যা প্ৰদান কৰা বিজেপিয়ে সম্ভাৱনাৰ উৎসলৈ ৰূপান্তিৰিত কৰিছে। কংগ্ৰেছে বিচ্ছিন্নতাবাদক ইন্ধন যোগালে আৰু মোডীয়ে শান্তি আৰু নিৰাপত্তাৰ বাবে প্ৰচেষ্টা চলালে। কংগ্ৰেছে ৬০ বছৰত যি কৰিব নোৱাৰিলে মোডীয়ে ১০ বছৰত কৰিলে।\

ভাষণত মোডীয়ে বিজেপিয়ে বিনামূলীয়াকৈ বিদ্যুৎ উৎপাদনৰ বাবে কম মূল্যত সৌৰ পেনেল যোগান ধৰাৰ লক্ষ্য সন্দৰ্ভতো মন্তব্য কৰে। তেওঁ কয়, আগন্তুক দিনবোৰত মানুহে বৈদ্যুতিক বাহন ক্ৰয় কৰিব আৰু এই সৌৰ পেনেলবোৰে পেট্ৰল, ডিজেলৰ চাৰ্জিং আৰু ভ্ৰমণ ব্যয় শূন্যলৈ হ্ৰাস কৰাৰ এক উত্তম পদক্ষেপ হ'ব।

তেওঁ দেশৰ ৩ কোটি মহিলাক লাখপতি 'দিদি' হিচাপে গঢ়ি তোলাৰ লক্ষ্য সন্দৰ্ভতো মন্তব্য কৰে। তেওঁ কয় আমাৰ লক্ষ্য দেশৰ ৩ কোটি 'ভগ্নী'ক লাখপতি দিদি হিচাপে গঢ়ি তোলা। গাওঁবোৰৰ পৰা আমাৰ ভগ্নী ওলাই আহি ড্ৰোণ পাইলট হ'ব। ই দলিত, দৰিদ্ৰ, বঞ্চিত, পিড়িত, কৃষক, চাহ শ্ৰমিক সকলোকে সহায় কৰিব।

মোডীয়ে সাৰখোৱা অসমীয়াৰ কথা উল্লেখ কৰি কয়, কৃষকসকলৰ প্ৰতি বিজেপিৰ যথেষ্ট সদিচ্ছা আছে। তেওঁ কয় খৰিফ শস্যৰ নূন্যতম সমৰ্থিত মূল্য বৃদ্ধি কৰা হৈছে আৰু ই স্থানীয় কৃষকসকলকো লাভাম্বিত কৰিব। প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধিৰ অধীনত অসমৰ স্থানীয় কৃষকসকলে ৫.৪০ কোটিৰো অধিক টকাৰ আৰ্থিক সাহায্য লাভ কৰিছে। বিজেপিয়ে আগন্তুক সময়ত এই প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ফলত অসমৰ কৃষকসকলেও আগন্তুক সময়ত বৈষম্য অবিহনে এই সাহায্য লাভ কৰি থাকিব।

নলবাৰীত মোডীঃ উত্তৰ পূৰ্বাঞ্চলক কংগ্ৰেছে দিলে সমস্যা, বিজেপিয়ে ৰূপান্তৰ কৰিলে সম্ভাৱনাৰ উৎসলৈ
এইবাৰ দৰকাৰ নে বিজেপিৰ চৰকাৰ ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in