পল্লৱক দিছপুৰলৈ আনিবলৈ দিল্লীলৈ প্ৰেৰণ কৰিব ৰঞ্জিত দত্তক !

পল্লৱক দিছপুৰলৈ আনিবলৈ দিল্লীলৈ প্ৰেৰণ কৰিব ৰঞ্জিত দত্তক !
পল্লৱক দিছপুৰলৈ আনিবলৈ দিল্লীলৈ প্ৰেৰণ কৰিব ৰঞ্জিত দত্তক !

কোন হ'ব শোণিতপুৰ লোকসভা সমষ্টিৰ বিজপি প্ৰাৰ্থী? চৰ্চাত বহুতৰে নাম। মুখ্যমন্ত্ৰীয়ে দিলে ইংগিত। জ্যেষ্ঠ বিজেপি নেতাক দিব নেকি ফেয়াৰৱেল? পল্লৱ লোচন দাসক দিছপুৰলৈ আনিবলৈ ৰঞ্জিত দত্তক পঠিয়াব নেকি দিল্লীলৈ? এই সন্দৰ্ভত তুষাৰ প্ৰতিমৰ এক প্ৰতিবেদন।

কোন হ'ব শোণিতপুৰ (পূৰ্বৰ তেজপুৰ) লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী? বৰ্তমানৰ সাংসদ পল্লৱ লোচন দাসে দিল্লী এৰি পুনৰ দিছপুৰলৈ ঘূৰি অহাৰ আগ্ৰহ প্ৰকাশ কৰাৰ কথা ইতিমধ্যে সৰ্বত্ৰে প্ৰচাৰ হৈছে।

পূৰ্বৰ ৰঙাপৰা সমষ্টিৰ বিধায়ক হৈ অসম চৰকাৰৰ মন্ত্ৰীত্বৰো দায়িত্ব পালন কৰা পল্লৱ লোচন দাস ২০১৯ লোকসভা নিৰ্বাচনত তেজপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি দিল্লীলৈ গৈছিল যদিও দিল্লীত নাই তেওঁৰ আগ্ৰহ।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ তথা দাদা বিগ্ৰেডৰ অন্যতম সদস্য পল্লৱৰ আগ্ৰহ অনুসৰিয়েই তেওঁক পুনৰ দিছপুৰলৈ ঘূৰাই আনিব। এনে পৰিস্থিতিত স্বাভাৱিকতে মানুহৰ মনত প্ৰশ্নৰ উদয় হৈছে কোন হ'ব পল্লৱ লোচন দাসৰ বিকল্প?

ইতিমধ্যে ৰাজ্যিক বিজেপিৰ অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত কোকৰাঝাৰ আৰু বৰপেটাক বাদ দি ১২ টাৰ সাম্ভাব্য প্ৰাৰ্থীৰ তালিকা লৈ দিল্লীলৈ উৰা মাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা। এই তালিকাত আছে তেজপুৰ লোকসভা সমষ্টিৰো সাম্ভাব্য প্ৰাৰ্থীৰ নাম।

শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীক লৈ বহু কেইজন জ্যেষ্ঠ আৰু যুৱ নেতাৰ নাম চৰ্চালৈ আহিছে। সেইসকলৰ ভিতৰত আছে ঋতুবৰণ শৰ্মা, বাতাছ ওৰাং, কিশোৰ উপাধ্যায়ৰ দৰে যুৱ নেতা। ইয়াৰ উপৰিও চৰ্চাত আছে জ্যেষ্ঠ বিধায়ক ৰঞ্জিত দত্ত আৰু এগৰাকী অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আমোলা। চৰ্চা হৈছে অসম চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰো নাম।

এইসকল নেতাৰ নাম চৰ্চালৈ আহিছে যদিও অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া কিছু কথা আৰু কামে শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী কোন হ'ব তাৰ উমান দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাংবাদিকে শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ সন্দৰ্ভত কৰা এক প্ৰশ্নত মুখ্যমন্ত্ৰীগৰাকীয়ে কৌশলৰে দিয়া উত্তৰত ইয়াৰ এক ইংগিত পোৱা গৈছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকক জনোৱা অনুসৰি শোণিতপুৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী যিয়েই নহওক কিয় তেওঁৰ দেহত দেখা পাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।তাৎপৰ্যপূৰ্ণভাৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰাৰ সময়ত তেওঁৰ কাষত আছিল জ্যেষ্ঠ বিজেপি বিধায়ক তথা প্ৰাক্তনমন্ত্ৰী ৰঞ্জিত দত্ত। বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত বিজেপিৰ প্ৰাক্তন সভাপতিও।

শেহতীয়াকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত বিহালী সমষ্টিটো অনুসূচীত জাতিৰ বাবে সংৰক্ষিত হৈছে। ফলত সমষ্টি হেৰুৱাইছে ৰঞ্জিত দত্তই। ইয়াকে লৈ বিভিন্ন সময়ত প্ৰশ্নও উত্থাপিত হৈ আহিছিল।

বিজেপিৰ ভিতৰচৰাত চলি থকা পুৰণি বিজেপি আৰু ন-বিজেপিৰ মাজৰ সংঘাতক কেন্দ্ৰ কৰিয়েই পুৰণি বিজেপি ৰঞ্জিত দত্তক সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে পৰিকল্পিতভাৱে সমষ্টিহীন কৰাৰ কৌশল বুলিও একাংশই মুকলিকৈ কৈ আহিছিল। কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অত্যন্ত ঘনিষ্ঠভাৱে দেখা গৈছে এইগৰাকী জ্যেষ্ঠ বিজেপি নেতাক।

বিধায়ক ৰঞ্জিত দত্তকে ২০২৪ লোকসভা নিৰ্বাচনত শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা টিকট প্ৰদান কৰিব পাৰে বিজেপিয়ে। ৰঞ্জিত দত্ত সকলোৰে এখন চিনাকী মুখ হোৱাৰ লগতে যথেষ্ট অভিজ্ঞ আৰু দলটোৰ কৰ্মীসকলৰো সন্মানীয় নেতা। সমষ্টিহীন হোৱা ৰঞ্জিত দত্তক দিছপুৰৰ পৰা দিল্লীলৈ প্ৰেৰণ কৰি তেওঁক সংস্থাপিত কৰিব বিজেপিয়ে।

আনহাতে পল্লৱ লোচন দাসক দিল্লীৰ পৰা দিছপুৰলৈ ঘূৰাই আনিবলৈও প্ৰয়োজন এটা সমষ্টিৰ। ৰঞ্জিত দত্তক দিল্লীলৈ প্ৰেৰণ কৰিলে বিহালী সমষ্টি পল্লৱ লোচন দাসৰ বাবে মুকলি হয়। এই সমষ্টিৰ পৰাই পল্লৱ লোচন দাসে প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ টিকটত অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহিছিল।

আজিৰ তাৰিখত শোণিতপুৰ লোকসভা সমষ্টিত বিজেপি যথেষ্ট শক্তিশালী হৈ আছে। সমষ্টিটোৰ অধীনস্থ আটাইকেইটা বিধানসভা সমষ্টিতে আছে বিজেপিৰ বিধায়ক। একালৰ কংগ্ৰেছৰ দূৰ্গ হৈ পৰা এই সমষ্টিটো ১৯৫২ চনত গঠনৰ পৰা ২০০৪ চনলৈকে মাজত মাত্ৰ ১৯৭৭ ক বাদ দি বাকী সুদীৰ্ঘ সময় কংগ্ৰেছৰ দখলতেই আছিল।

১৯৯৮ চনৰ পৰা ২০০৪ চনলৈকে এই সমষ্টিটোৰ সাংসদ আছিল মণিকুমাৰ চুব্বা। ২০০৯ চনত মণিকুমাৰ চুব্বাক পৰাস্ত কৰি অসম গণ পৰিষদৰ পৰা জোছেফ তপ্প নিৰ্বাচিত হৈছিল। ২০১৪ ত সমষ্টিটো এজিপিয়ে বিজেপিক এৰি দিয়াত ৰাম প্ৰসাদ শৰ্মা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

২০১৯ লোকসভা নিৰ্বাচনত আৰ পি শৰ্মাক টিকট নিদি বিজেপিয়ে তেতিয়াৰ ৰঙাপৰাৰ বিধায়ক তথা মন্ত্ৰী পল্লৱ লোচন দাসক টিকট প্ৰদান কৰে আৰু পল্লৱ লোচন দাস সাংসদ হিচাপে নিৰ্বাচিত হয়। ২০২৪ তো এই সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰেই এক প্ৰকাৰে বিজয় নিশ্চিত বুলি ক'লেও ভুল নহ'ব।

সমষ্টিটোৰ তূণমূল পৰ্যায়ত আজিৰ তাৰিখত বিজেপিক বাদ দি আন কোনো দলৰেই অস্তিত্ব প্ৰায় নাই বুলিব পাৰি। লোকসভা সমষ্টিটোৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহত কংগ্ৰেছৰ বিধায়ক নোহোৱাৰ বাবে তৃণমূল পৰ্যায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তো ক'তো দেখিবলৈ নাই নিৰ্বাচনী তৎপৰতা।

আম আদমি পাৰ্টীয়ে সমষ্টিটোত প্ৰাৰ্থী ঘোষণা কৰাৰ পাছত ঠায়ে ঠায়ে দুই, এখন জনসভা আৰম্ভ কৰিছে যদিও দলটোৱে বিজেপিৰ সৈতে যুঁজ দিব পৰাকৈ শক্তিশালী হৈ উঠিব পৰা নাই। আপৰ প্ৰাৰ্থীগৰাকী বিজেপি দলটোৰ প্ৰতি প্ৰত্যাহ্বান হিচাপে থিয় দিব পৰা নাই।

এনে পৰিস্থিতিত বিজেপিৰ বিজয় এক প্ৰকাৰে নিশ্চিত হৈ থকা এই সমষ্টিটোৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ স্বাভাৱিকতে আগ্ৰহী জ্যেষ্ঠ বিজেপি নেতা ৰঞ্জিত দত্তও। ৬৭ বছৰীয়া এই নেতাগৰাকীৰ বাবে ২০২৪ লোকসভা নিৰ্বাচেই হয়তো হৈ পৰিব পাৰে অন্তিমটো নিৰ্বাচন।

ইয়াৰ পাছত বয়সেই তেওঁৰ বাবে বৈ পৰিব বাধা। সেয়ে ২০২৪ লোকসভা নিৰ্বাচনত বিজেপিয়ে হয়তো তেওঁক জনাব সন্মান। দললৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক শোণিতপুৰ লোকসভা সমষ্টি উপহাৰ দি জনাব ফেয়াৰৱেল !

পল্লৱক দিছপুৰলৈ আনিবলৈ দিল্লীলৈ প্ৰেৰণ কৰিব ৰঞ্জিত দত্তক !
অযোধ্যাত প্ৰস্তুত লোকসভাৰ ৰণনীতি ! বিশ্ব হিন্দু পৰিষদৰ নতুন নীতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in