অযোধ্যাত প্ৰস্তুত লোকসভাৰ ৰণনীতি ! বিশ্ব হিন্দু পৰিষদৰ নতুন নীতি...

ৰাম মন্দিৰেই হ'ব বিজেপিৰ মূল ইছ্যু
অযোধ্যাত প্ৰস্তুত লোকসভাৰ ৰণনীতি ! বিশ্ব হিন্দু পৰিষদৰ নতুন নীতি...
অযোধ্যাত প্ৰস্তুত লোকসভাৰ ৰণনীতি ! বিশ্ব হিন্দু পৰিষদৰ নতুন নীতি...

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। তাৰ পূৰ্বে অযোধ্যাত অনুষ্ঠিত হৈছে বিশ্ব হিন্দু পৰিষদৰ পাঁচ দিনীয়া চেণ্ট্ৰেল মেনেজিং কমিটীৰ বৈঠক। এই বৈঠকত গ্ৰহণ কৰা হৈছে এক বিশেষ প্ৰস্তাৱ। এই প্ৰস্তাৱেই বিজেপি তথা নৰেন্দ্ৰ মোডীৰ সপোন পূৰণ কৰিব নেকি? এই সন্দৰ্ভত তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব বিচাৰিছে নৰেন্দ্ৰ মোডী। একক সংখ্যাগৰিষ্ঠতাৰে তৃতীয়বাৰৰ বাবে বিজেপিৰ চৰকাৰ গঠন আৰু নিজেই প্ৰধানমন্ত্ৰী হোৱাৰ আগ্ৰহ প্ৰকাশ কৰা মোডীয়ে ইয়াৰ বাবে ৩৭০ খন আসনত বিজয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। সেইদৰেই দলটোৱে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান।

কিন্তু ৩৭০ খন আসন লাভ কৰাটো বিজেপিৰ বাবে বৰ এটা সহজো নহ'ব। যদিও আজিৰ তাৰিখত বিৰোধী শক্তিহীন তথাপিও বিজেপিৰ বিৰুদ্ধে ৰাজ্যভেদে আছে প্ৰতিষ্ঠান বিৰোধী ঢৌ। মূল্যবৃদ্ধি, সংস্থাপনহীনতাকে ধৰি একাধিক সমস্যাই জুৰুলা কৰা দেশত শাসকীয় চৰকাৰৰ বিৰুদ্ধে মানুহৰ মনত পুঞ্জীভূত হৈ আছে বিদ্ৰোহ।

এনে বিদ্ৰোহে দলটোক যে কিছু পৰিমাণে ক্ষতি কৰিব সেয়া প্ৰায় নিশ্চিত। গতিকে এনে পৰিস্থিতিত নৰেন্দ্ৰ মোডীৰ ৩৭০ খন আসনৰ লক্ষ্য বৰ এটা সহজ নহয়। কিন্তু আন এক অংকৰ জৰিয়তে এই সংখ্যাত উপনীত হ'বলৈ বৰ এটা কঠিনো নহ'ব।

দেশৰ হিন্দু ধৰ্মীয় ভোটাৰসকলে যদি ঐক্যবদ্ধভাৱে বিজেপিক ভোট দিয়ে তেন্তে সহজতে এই লক্ষ্যত উপনীত হ'ব পাৰিব বিজেপি। পুনৰবাৰ প্ৰধানমন্ত্ৰী হ'ব পাৰিব নৰেন্দ্ৰ মোডী। সেয়েহে এতিয়া ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ, বিশ্ব হিন্দু পৰিষদৰ দৰে সংগঠনসমূহে বিজেপিক পুনৰ এবাৰ ক্ষমতালৈ অনাৰ স্বাৰ্থত হিন্দু ভোটাৰ একত্ৰিত কৰাৰ এক অভিযান আৰম্ভ কৰিবলৈ প্ৰস্তুত হৈছে।

২০২৪ ৰ লোকসভা নিৰ্বাচনত ৰাম মন্দিৰ লৈ বিজেপিৰ জনসাধাৰণৰ মাজলৈ যোৱাটো নিশ্চিত। ইতিমধ্যে ৰাম মন্দিৰক কেন্দ্ৰ কৰি বিজেপিয়ে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। হিন্দুত্ববাদী সংগঠনসমূহে ৰাম মন্দিৰ নিৰ্মাণক লৈ অতি উৎসাহী হৈ আছে। এই ৰাম মন্দিৰ উদ্বোধনৰ পাছতে অযোধ্যাত অনুষ্ঠিত হোৱা বিশ্ব হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় সন্মিলনতে গ্ৰহণ কৰা হৈছে এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ।

এই প্ৰস্তাৱত কোৱা হৈছে 'ৰাষ্ট্ৰৰ স্বাৰ্থত ভোট, ১০০ শতাংশ ভোট'। অযোধ্যাত ২৫ ফেব্ৰুৱাৰীৰ পৰা ৫ দিনীয়াকৈ চলি থকা বিশ্ব হিন্দু পৰিষদৰ বৈঠকত সোমবাৰে গ্ৰহণ কৰা বিভিন্ন প্ৰস্তাৱৰ ভিতৰত ৩ নম্বৰৰ প্ৰস্তাৱ আছিল এয়া।

এই বৈঠকত প্ৰত্যক্ষভাৱে বিজেপিক ভোট দিবলৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই যদিও এই প্ৰস্তাৱৰ আঁৰতে হিন্দু ৰাজনীতি। কোৱা হৈছে ব্যক্তিগত, জাতিগত, ভাষিক, সাম্প্ৰদায়িক আৰু আঞ্চলিকতাবাদক আঁতৰাই ৰাখি ৰাষ্ট্ৰীয় স্বাৰ্থত ভোট দিব লাগে। ২০২৪ ৰ লোকসভা নিৰ্বাচনে ভাৰতৰ ভৱিষ্যত নিৰ্ণয় কৰিব। আগন্তুক প্ৰজন্মৰ বাবে এক সম্পূৰ্ণ সুৰক্ষিত, উন্নত আৰু শক্তিশালী ভাৰত গঢ়ি তোলাটো আমাৰ সকলোৰে কৰ্তব্য।

ইয়াৰোপৰি পৰিষদে কৈছে আমি এনে এখন চৰকাৰ বিচাৰো যি ভাৰতীয় সংস্কৃতি আৰু মূল্যবোধক সন্মান আৰু সুৰক্ষা দিয়ে। প্ৰতিজন হিন্দুয়ে ভোটাধিকাৰ সাব্যস্ত কৰাটো ৰাষ্ট্ৰীয় কৰ্তব্য বুলি বিবেচনা কৰি ভোটদানত অংশগ্ৰহণ কৰা উচিত। সকলোৰে নাম ভোটাৰ তালিকাত আছে নে নাই সেয়া আগতীয়াকৈ পৰীক্ষা কৰিব লাগে। আমি ১০০ শতাংশ ভোটদান নিশ্চিত কৰিব লাগিব। এইদৰেই হিন্দুসকলক ১০০ শতাংশ ভোটৰ প্ৰতিশ্ৰুতি ল'বলৈ কোৱা হৈছে। নোটাত ভোট দিয়াটো ৰাষ্ট্ৰৰ বাবে সঠিক সিদ্ধান্ত নহয় বুলিও কৈছে।

এইদৰেই বিশ্ব হিন্দু পৰিষদে হিন্দু ভোটাৰ একত্ৰিত কৰিবলৈ প্ৰচেষ্টা চলাইছে। ৰাম মন্দিৰ নিৰ্মাণ কৰি হিন্দু সংগঠনৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা নৰেন্দ্ৰ মোডীক পুনৰবাৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰাত গ্ৰহণ কৰিব এই সংগঠনসমূহে বিশেষ ভূমিকা।

উল্লেখ্য যে, ১৯৬৪ চনত জন্মগ্ৰহণ কৰা বিশ্ব হিন্দু পৰিষদ ৬০ বছৰীয়া হৈছে। একেদৰে আৰ এছ এছৰো শতবৰ্ষ হোৱাৰ দিশে। এনে এক সন্ধিক্ষণত এই দুয়োটা সংগঠনে সমগ্ৰ দেশৰ হিন্দু লোকসকলক একত্ৰিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপ নিশ্চিতভাৱে ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে গুৰুত্বপূৰ্ণ।

ইয়াৰোপৰি ৰাহুল গান্ধীয়ে অ' বি চিৰ ৰাজনীতিৰে বিজেপিৰ হিন্দুত্ববাদী ৰাজনীতিলৈ প্ৰত্যাহ্বান আনিবলৈ সক্ষম হৈছে। এনে পৰিস্থিতিত হিন্দুসকলক একত্ৰিত কৰাটো অতি জৰুৰী হৈ পৰিছে বিজেপিৰ বাবে।

মন কৰিবলগীয়া যে উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগত আছে দেশৰ মুঠ লোকসভা আসনৰ ৩০ শতাংশ আসন। ইয়াৰে উত্তৰ প্ৰদেশত মুছলিম ভোটাৰ ২০ শতাংশ আৰু পশ্চিম বংগত মুছলিম ভোটাৰ ২৫ শতাংশ। সেইদৰে বিহাৰত মুছলিম ভোটাৰ আছে ১৭ শতাংশ।

দক্ষিণ ভাৰতক বাদ দি উত্তৰ ভাৰতৰ লগতে আন আন প্ৰান্তৰ হিন্দু সংখ্যাগৰিষ্ঠ ৰাজ্যকেইখনত যদি হিন্দুত্ববাদী ভোটাৰসকলক ঐক্যবদ্ধ কৰিব পাৰি তেন্তে বিজেপিক পৰাভূত কৰাটো সহজ হৈ নাথাকিব।

কিন্তু ৰাহুল গান্ধীৰ অ' বি চি ৰাজনীতিয়ে এই হিন্দু ভোটাৰৰ মাজত বিভাজন আনি বিজেপিৰ অংকত খেলিমেলিৰ সৃষ্টি কৰিছে। সেয়ে ৰাম মন্দিৰৰ পৰাই এতিয়া ঐক্যবদ্ধ হিন্দু ভোটাৰ, ১০০ শতাংশ ভোট অভিযান আৰম্ভ হৈছে। ৰাম মন্দিৰৰ জৰিয়তেই হিন্দু আৱেগ সৃষ্টি কৰি ২০২৪ ৰণ জয় কৰিবলৈ সাজু বিজেপি। লগত আছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ আৰু বিশ্ব হিন্দু পৰিষদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in