আঞ্চলিকতাবাদ জীয়াই আছে, শেষ হাঁহি মাৰে সুবিধাবাদে !

আঞ্চলিকতাবাদ জীয়াই আছে, শেষ হাঁহি মাৰে সুবিধাবাদে !
আঞ্চলিকতাবাদ জীয়াই আছে, শেষ হাঁহি মাৰে সুবিধাবাদে !
উত্তৰ পূৰ্বাঞ্চলৰ ৩ ৰাজ্যত ঘোষণা হ'ল বিধানসভা নিৰ্বাচনৰ ফলাফল। বিজেপিৰ জয়জয়কাৰৰ মাজতে দেখা গ'ল আঞ্চলিকতাবাদৰ উত্থান। এই সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশষে প্ৰতিবেদন।

আজি ঘোষণা হ'ল উত্তৰ পূৰ্বাঞ্চলৰ ৩ ৰাজ্য মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। আশা কৰা ধৰণেই ত্ৰিপুৰা আৰু নাগালেণ্ডত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ বাট মুকলি হৈছে। মেঘালয়ত অৱশ্যে হ'ব ওলমা চৰকাৰ। এক্সিট প'লে কোৱাৰ দৰেই নিৰ্বাচনী ফলাফল দেখা গ'ল।

দুখন ৰাজ্যত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বিজেপিয়ে চৰকাৰ গঠন কৰিলেও অৱশ্যে এই নিৰ্বাচনত দেখা পোৱা গ'ল আঞ্চলিক ৰাজনৈতিক দলৰ উত্থান। যিসময়ত অসমত আঞ্চলিকতাবাদৰ প্ৰতি মানুহৰ বিশ্বাস হেৰাই আহিছে, আঞ্চলিকতাবাদৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয়তাবাদী দলৰ প্ৰকি আৰৃষ্ট হৈছে সেই সময়তে অসমৰ চুবুৰীয়া ৰাজ্য তিনিওখনতে আঞ্চলিক দলৰ উত্থানে আঞ্চিলকতাবাদী ভাৱাপন্ন ৰাইজক উৎফুল্লিত কৰিছে।

অসমত যি সময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু পৰৱৰ্তী সময়ত নাগৰিকত্ব সংশোধনী আইন আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছিল, অখিল গগৈৰ নেতৃত্বত ৭০ সংগঠন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ৩০ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল সেই সময়ত ত্ৰিপুৰাত অকলেই এই আন্দোলনক এক জন আন্দোলনলৈ ৰূপান্তৰ কৰিছিল প্ৰদ্যুৎ বিক্ৰম মানিক্য দেৱবাৰ্মাই।

একালৰ কংগ্ৰেছ নেতা জনে কংগ্ৰেছ ত্যাগ কৰি ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকৰ অস্তিত্ব ৰক্ষা আৰু তেওঁলোকৰ অধিকাৰ প্ৰাপ্তিৰ বাবে সংগ্ৰাম আৰম্ভ কৰিছিল। ত্ৰিপুৰাৰ খিলঞ্জীয়া ৰাইজৰ আস্থা আদায় কৰা প্ৰদ্যুৎ বিক্ৰম মানিক্যই পৰৱৰ্তী সময়ত গঠন কৰিছিল তিপ্ৰা মথা। এই তিপ্ৰ মথাৰ প্ৰধান দাবী গ্ৰেটাৰ তিপ্ৰা লেণ্ড।

প্ৰদ্যুৎ বিক্ৰম মানিক্যৰ স্পষ্ট কথা। যিয়েই গ্ৰেটাৰ তিপ্ৰা লেণ্ডৰ দাবী মানি ল'ব, খিলঞ্জীয়া ত্ৰিপুৰাবাসীৰ অস্তিত্ব সুৰক্ষাৰ দিশটোক গুৰুত্ব দিব তেওঁলোকৰ সৈতেও চামিল হ'ব। লাগে সেয়া বিজেপিয়েই হওক বা কংগ্ৰেছেই হওক।

নিৰ্বাচনৰ পূৰ্বে তেওঁৰ এই দাবী কোনেও মানি লোৱা নাছিল যদিও নিৰ্বাচনৰ ফলাফল বাহিৰ হোৱাৰ সময়ত বিজেপিয়ে তিপ্ৰা মথাৰ এটা দাবীৰ বাবে বাকী সকলো দাবী মানি লোৱাৰ কথা প্ৰকাশ কৰিছে। বিজেপিয়ে বিচাৰিছে তিপ্ৰা মথাৰে মিত্ৰতা।

ৰাজ্যখনত এইবাৰ তিপ্ৰা মথাই মুঠ ৪২ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। তাৰ ভিতৰত ১৩ খন আসন দখল কৰিলে। ইয়াৰ লগে লগে তিপ্ৰা মথা হৈ পৰিল বিধানসভাত দ্বিতীয় বৃহৎ দল।

পূৰ্বে কেইবা বাৰো শাসন কৰা বাওঁ দলে লাভ কৰিলে মাত্ৰ ১১ খন আসন। কংগ্ৰেছে লাভ কৰিলে ৩ খন আসন। আৰু আই পি এফ টিয়ে লাভ কৰিলে এখন আসন।

মাত্ৰ ২ খন আসনত বিজয় সাব্যস্ত কৰিয়েই মেঘালয় বিধানসভাত শাসকীয় পক্ষৰ অংশীদাৰ হৈছিল ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বিজেপি। সেই বিজেপিয়েই এইবাৰ এন পি পিক ধ্বংস কৰি মেঘালয় শাসন ভাৰ নিজৰ দখললৈ অনাৰ চেষ্টা কৰিছিল।

প্ৰধানমন্ত্ৰী মোডীৰ পৰা গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰচাৰ কৰিবলৈ আহি ভিৰ কৰিছিলহি মেঘালয়ত। তৎস্বত্বেও বিজেপিয়ে মেঘালয়ত মুখ ঠেকেচা খালে।

অৱশ্যে আসন নাপালেও মেঘালয়ত বিজেপি চৰকাৰৰ অংশীদাৰ হৈ পৰিব পাৰে। মাত্ৰ ২ খন আসনেৰে বিগত বিধানসভাত চৰকাৰৰ অংশীদাৰ হোৱা বিজেপিক কনৰাড চাংমাই কিদৰে আদৰি লয় সেয়াও অৱশ্যে হ'ব লক্ষ্যণীয়।

কিয়নো এইগৰাকী কনৰাড চাংমাকে নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ আহি বিজেপি নেতৃত্বই চোকা সমালোচনা কৰিছিল। বিজেপিৰ বিৰুদ্ধে পূৰ্বৰে পৰা আছে এক গুৰুতৰ অভিযোগ। আঞ্চলিক ৰাজনৈতিক দলৰ সহায়ত একোখন ৰাজ্যত প্ৰৱেশ কৰি বিজেপিয়ে সেই আঞ্চলিক শক্তিকে পৰৱৰ্তী সময়ত ধ্বংস কৰে।

অসমৰ অসম গণ পৰিষদেই তাক উৎকৃষ্ট উদাহৰণ। এসময়ৰ শক্তিশালী আঞ্চলিক দলটোৱে এতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ বিজেপিৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। কোনখন আসনত প্ৰতিদ্বন্দিতা কৰিব সেয়া দলটোৱে নিজেই নাজানে।

মেঘালয়তো বিজেপিৰ সেয়াই প্ৰচেষ্টা আছিল। ২ খন আসনেৰে প্ৰৱেশ কৰা দলটোৱে এইবাৰ ৬০ খন আসনতেই প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। পিছে ৰাষ্ট্ৰীয়তাবাদী দলৰ প্ৰতি আগ্ৰহী নহয় মেঘালয়ৰ নাগৰিক। সেয়ে কনৰাড চাংমাৰ এন পি পিক দিলে ২০ খনৰো অধিক আসন।

প্ৰতিবেদন লিখি থকা সময়লৈ, এন পি পিয়ে ২০ খন আসন দখল কৰাৰ বিপৰীতে আন এক আঞ্চলিক শক্তি ইউ ডি পিয়ে ১১ খন আসন দখল কৰিলে। এন পি পিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল ৫৭ খন আসনত। ইউ ডি পিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল ৪৬ খন আসনত।

আনহাতে মেঘালয়ত এইবাৰ আত্মপ্ৰকাশ কৰিছিল ভইচ অফ পিপল পাৰ্টি (ভি পি পি) নামৰ এটা আঞ্চলিক ৰাজনৈতিক দলে। মুঠ ১৮ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াই দলটোৱে ৪ খন আসন দখল কৰিলে।

ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল কংগ্ৰেছে ৫ খন, বিজেপিয়ে পূৰ্বৰ দৰেই ২ খন, তৃণমূল কংগ্ৰেছে৪ খন আসন লাভ কৰিলে। অৱশ্যে তৃণমূল কংগ্ৰেছ আৰু এখন আসনত আগবাঢ়ি আছে।

নাগালেণ্ডত বিজেপিয়ে চৰকাৰ গঠন কৰিলেও আঞ্চলিক ৰাজনৈতিক দলৰ পিঠিত উঠিয়েই সেই সফলতা অৰ্জন কৰিছে। নাগালেণ্ডৰ আঞ্চলিক দল এন ডি পি পিৰ পিঠিত ভৰ দি বিজেপিয়ে চৰকাৰৰ অংশীদাৰ হোৱাৰ দৰেই এইবাৰো চৰকাৰৰ অংশীদাৰ হ'ল।

দলটোৱে মুঠ ২০ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। ইয়াৰ ১২ খন আসনতহে বিজয় সাব্যস্ত কৰে বিজেপিয়ে। আনহাতে শক্তিশালী এন ডি পি পিয়ে ৪০ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াই দখল কৰিলে ২৫ খন আসন।

এইদৰেই উত্তৰ পূৰ্বাঞ্চলৰ তিনি ৰাজ্যতে আঞ্চলিক দলৰ উত্থান দেখা গ'ল। বিশেষকৈ ত্ৰিপুৰা আৰু মেঘালয়ত আঞ্চলিক দলৰ উত্থানে আঞ্চলিকতাবাদৰ প্ৰতি যে মানুহৰ আস্থা হ্ৰাস হোৱা নাই সেই কথা প্ৰমাণ কৰিলে।

অৱশ্যে এই আঞ্চলিক দলবোৰৰ অধিকাংশই যে নিজৰ সুবিধাৰ বাবে কেন্দ্ৰত শাসনাধিস্ত বিজেপিৰ শৰনাপন্ন হ'ব সেই কথাও নিশ্চিত। তাৰ মাজতে অৱশ্যে ব্যতিক্ৰম হৈ থাকিব দুই এটা আঞ্চলিক ৰাজনৈতিক দল। যিয়ে আঞ্চলিকতাবাদৰ প্ৰতি মানুহৰ আস্থাক জীয়াই ৰাখিব।

আঞ্চলিকতাবাদ জীয়াই আছে, শেষ হাঁহি মাৰে সুবিধাবাদে !
উত্তৰ পূবত মোডী মেজিক ! জ্যেষ্ঠ নেতাই সম্বৰ্ধনা জনাব প্ৰধানমন্ত্ৰী গৰাকীক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in