উত্তৰ পূবত মোডী মেজিক ! জ্যেষ্ঠ নেতাই সম্বৰ্ধনা জনাব প্ৰধানমন্ত্ৰী গৰাকীক...

উত্তৰ পূবত মোডী মেজিক ! জ্যেষ্ঠ নেতাই সম্বৰ্ধনা জনাব প্ৰধানমন্ত্ৰী গৰাকীক...
উত্তৰ পূবত মোডী মেজিক ! জ্যেষ্ঠ নেতাই সম্বৰ্ধনা জনাব প্ৰধানমন্ত্ৰী গৰাকীক...

ডিজিটেল ডেস্কঃ উত্তৰ পূবৰ দুই ৰাজ্যত বিজেপিয়ে আশা কৰা ধৰণেই ফলাফল লাভ কৰিলে। ত্ৰিপুৰাত দলটোৱে সংখ্যা গৰিষ্ঠ হোৱাৰ দিশে আগবাঢ়িছে।

দলটোকে প্ৰয়োজন মাত্ৰ আৰু এখন আসনৰ। আনহাতে নাগালেণ্ডত মিত্ৰ দল এন ডি পি পিৰ সৈতে বিজেপিয়ে দিনৰ ভাগতে চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছিল।

ৰাজ্যখনত চলিল কেৱল বিজেপি আৰু এন ডি পি পিৰ সমিকৰণ। দলটোৰ এনে প্ৰদৰ্শনত অতি আনন্দিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও। সেয়ে তেওঁ আজি নিশাৰ ভাগত বিজেপি কৰ্মী আৰু সমৰ্থকসকলক সম্বোধন কৰিব।

আনহাতে বিজেপিৰ মুখ্য কাৰ্যালয়ত দলটোৰ জ্যেষ্ঠ নেতাসকলে প্ৰধানমন্ত্ৰী মোডীক এই সফলতাৰ বাবে সম্বৰ্ধনাও জনাব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, ত্ৰিপুৰাত এই পৰ্যন্ত বিজেপিয়ে একক ভাৱে ৩০ খন আসন দখল কৰিছে আৰু ২ খন আসনত আগবাঢ়ি আছে।

নাগালেণ্ডত বিজেপিয়ে ১২ খন আসন দখল কৰাৰ বিপৰীতে এন ডি পি পিয়ে ২৩ খন আসনত বিজয় সাব্যস্ত কৰিছে। দলটো আন ২ খন আসনত আগবাঢ়ি আছে। ৰাজ্যখনত ক্ষমতা দখলৰ বাবে মেজিক নম্বাৰ ৩১। বিজেপি মিত্ৰজোঁটো এই পৰ্যন্ত ৩৫ খন আসন দখল কৰিছে।

উত্তৰ পূবত মোডী মেজিক ! জ্যেষ্ঠ নেতাই সম্বৰ্ধনা জনাব প্ৰধানমন্ত্ৰী গৰাকীক...
১৮ খন আসনত প্ৰতিদ্বন্দিতা কৰি ৪ খন দখল কৰিলে নৱ গঠিত আঞ্চলিক দলে...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in