/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/aca7290d-26d8-4779-9bae-3d341b326cbd/NDRF_13.jpg)
প্ৰকৃতিয়ে ধ্বংসলীলা চলোৱা অসমকে ধৰি ৫ ৰাজ্যলৈ কেন্দ্ৰই মুকলাই দিলে NDRF ৰ ধন...
ডিজিটেল ডেস্কঃ গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত বহা এক উচ্চস্তৰীয় কমিটীয়ে অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত প্ৰকৃতিয়ে চলোৱা ধ্বংস লীলাৰ ক্ষতিপূৰণ হিচাপে ১ হাজাৰ ৮১৬ কোটি টকা মুকলাই দিছে।
২০২২ ত বান, ভূমিস্খলন, ডাৱৰ বিস্ফোৰণ আদি প্ৰাকৃতিক কাৰণত ধ্বংস যজ্ঞ চলা অসম, হিমাচল প্ৰদেশ, কৰ্ণাটক, মেঘালয় আৰু নাগালেণ্ডলৈ ক্ষতিপূৰণ হিচাপে মুকলাই দিয়া হৈছে এই ধনৰাশী। অমিত শ্বাহৰ নেতৃত্বাধীন এই উচ্চস্তৰীয় কমিটীয়ে এন ডি আৰ এফ শিতানৰ অতিৰিক্ত কেন্দ্ৰীয় সাহায্য মুকলাই দিয়াৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰিছে।
এন ডি আৰ এফ শিতানৰ পৰা মুকলাই দিয়া এই ধনৰাশীৰ পৰা অসমে লাভ কৰিব ৫২০.৪৬৬ কোটি টকা। আনহাতে হিমাচলে ২৩৯.৩১ কোটি, কৰ্ণাটকে ৯৪১.০৪ কোটি টকা লাভ কৰিব।
একেদৰে মেঘালয়ে ৪৭.৩২৬ আৰু নাগালেণ্ডে ৬৮.০২ কোটি টকা লাভ কৰিব। উল্লেখ্য যে ২০২২-২৩ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে ২৫ খন ৰাজ্যৰ এছ ডি আৰ এফলৈ মুঠ ১৫,৭৭০ কোটি আৰু আন ৪ খন ৰাজ্যলৈ এন ডি আৰ এফ শিতানৰ পৰা ৫০২.৭৪৪ কোটি মুকলাই দিছে।