ভাল খবৰঃ জেবিৰ ৬ ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ বাবে আমন্ত্ৰণ মাৰ্কিন বিশ্ববিদ্যালয়ৰ

ভাল খবৰঃ জেবিৰ ৬ ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ বাবে আমন্ত্ৰণ মাৰ্কিন বিশ্ববিদ্যালয়ৰ
ভাল খবৰঃ জেবিৰ ৬ ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ বাবে আমন্ত্ৰণ মাৰ্কিন বিশ্ববিদ্যালয়ৰ

কিছুমান খবৰে মন পুলকিত কৰি তোলে। আমেৰিকাৰ এখন প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ে অসমৰ এখন শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ জলপানী দি পঢ়াবলৈ আগবাঢ়ি আহিছে। হ্ৰস্বকালীন এই পাঠ্যক্ৰমৰ বাবে অসমৰ ৩ গৰাকী ছাত্ৰ-ছাত্ৰীক নিৰ্বাচিত কৰিছে বিশ্ববিদ্যালয়খনে। এই সন্দৰ্ভত মৃদুল কুমাৰ সন্দিকৈৰ এক প্ৰতিবেদন।

উজনি অসমৰ এখন উল্লেখযোগ্য শিক্ষানুষ্ঠান জগন্নাথ বৰুৱা মহাবিদ্যালয়। চমুকৈ জেবি কলেজ নামেৰে বিখ্যাত পূৰ্বৰ এই মহাবিদ্যালয়খন এতিয়া বিশ্ববিদ্যালয় হ'ল। এই বিশ্ববিদ্যালয়খনৰে এটা গুৰুত্বপূৰ্ণ বিভাগ ভূ-তত্ত্ব বিভাগ।

জেবি বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগ আৰু আমেৰিকাৰ জৰ্জীয়া ইনষ্টিটিউট অফ টেকনলজিৰ সৈতে বিদ্যাৰ্থী বিনিময়ৰ এক বুজাবুজিৰ চুক্তি সম্পন্ন হৈছে। সেই বুজাবুজিৰ চুক্তি অনুসৰি জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ মুঠ ৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আমেৰিকাৰ বিশ্ববিদ্যালয়খনত এক হ্ৰস্বকালীন প্ৰশিক্ষণৰ পাঠ্যক্ৰমত অংশ লোৱাৰ সুযোগ লাভ কৰিছে।

আমেৰিকাৰ এই প্ৰতিষ্ঠিত আৰু বিশ্ববিখ্যাত বিশ্ববিদ্যালয়খনে এই বুজাবুজিৰ চুক্তি সম্পন্ন কৰাৰ পাছত তেওঁলোকৰ পাঠ্যক্ৰমত অধ্যয়ন আৰু গৱষেণাৰ বাবে ছাত্ৰ-ছাত্ৰী নিৰ্বাচন কৰিবলৈ অলপতে এক সাক্ষাৎকাৰো অনুষ্ঠিত কৰে। সেই সাক্ষাৎকাৰৰ ভিত্তিত জেবি বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগৰ ৩ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ জলপানীসহ আমেৰিকা বিশ্ববিদ্যালয়খনত অধ্যয়নৰ বাবে নিৰ্বাচিত কৰিছে।

নিৰ্বাচিত এই তিনি ছাত্ৰ-ছাত্ৰীয়ে জলপানীসহ বিনামূলীয়াকৈ এই অধ্যয়নৰ সুবিধা পাব। তেওঁলোকে জৰ্জিয়া ইনষ্টিটিউট অফ টেকনলজীৰ টেক্টৌনিক ৰিচাৰ্চ গ্ৰুপৰ আধুনিক গৱেষণাগাৰত হ্ৰস্বকালীন প্ৰশিক্ষণৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব।

বিশ্ববিদ্যালয়খনৰ জলপানী লাভ কৰা জেবি বিশ্ববিদ্যালয়ৰ নিৰ্বাচিত ছাত্ৰ-ছাত্ৰী কেইগৰাকী হ'ল স্নিগ্ধা দত্ত, পৰিচিতা বুঢ়াগোঁহাই আৰু বিনোদ গগৈ। ইয়াৰ উপৰিও আন ৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজা খৰচত সেই সুবিধা গ্ৰহণ কৰিব।

অসমৰ পৰা মুঠ ৬ জন ছাত্ৰ-ছাত্ৰীক আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ে এনে সুযোগ দিয়াটো অতি গৌৰৱৰ খবৰ। উল্লেখযোগ্য যে, বিশ্ববিদ্যালয়খনে এই কাৰ্যসূচীৰ বাবে ছাত্ৰ-ছাত্ৰীক নিৰ্বাচিত কৰাৰ পূৰ্বে এক পৰীক্ষা অনুষ্ঠিত কৰিছিল।

সেই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ ছাত্ৰ-ছাত্ৰীসকলক সাজু কৰাৰ ক্ষেত্ৰত জেবি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰাজীৱ শৰ্মাই বিশেষ উদ্যোগ লৈছিল। ছাত্ৰ-ছাত্ৰীসকলক তেওঁ বিভিন্ন পৰামৰ্শ প্ৰদান কৰাৰ লগতে জেবি বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগৰ শিক্ষক-শিক্ষয়ত্ৰীসকলে তেওঁলোকক সকলো ক্ষেত্ৰতে সহযোগ আগবঢ়াইছিল।

এই সফলতাত বিভাগটোৰ মুৰব্বী ড০ নুৰুল আমিন আৰু জেবিৰ অধ্যক্ষ ড০ উৎপল জ্যোতি মহন্ত যথেষ্ট সুখী। অৱশ্যে এই খবৰ জেবি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ৰাজহুৱা কৰা নাই। ২৭ মাৰ্চ ২০২৪ ত জেবি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'ব ভূ-তত্ত্ব বিভাগৰ এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্তৃতা সত্ৰ।

সেই সত্ৰতে নিৰ্বাচিত ছয়গৰাকী ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে মাৰ্কিন বিশ্ববিদ্যালয়খনে প্ৰেৰণ কৰা আমন্ত্ৰণ পত্ৰ প্ৰদান কৰা হ'ব। এই ক্ষেত্ৰত জাৰ্জিয়া ইনষ্টিটিউট অফ টেকনলজীৰ খনি টেক্টৌনিক ৰিচাৰ্চ গ্ৰুপৰ সঞ্চালক ড০ কাৰ্ল লাঙে লোৱা উদ্যোগৰ বাবে জেবি বিশ্ববিদ্যালয়ে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে।

ভাল খবৰঃ জেবিৰ ৬ ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ বাবে আমন্ত্ৰণ মাৰ্কিন বিশ্ববিদ্যালয়ৰ
এছ বি আইক আৰু সময় দিয়াত নাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in