এছ বি আইক আৰু সময় দিয়াত নাই...

এছ বি আইক আৰু সময় দিয়াত নাই...

মৃদুল কুমাৰ সন্দিকৈ

চান্দা সংস্কৃতি বেয়া! এইবোৰ বন্ধ হ’ব লাগে। ক্ষমতাশালী নেতাৰ মুখত এনে কথা প্ৰায়েই শুনিবলৈ পোৱা যায়। কিন্তু ভিতৰি ৰাজনৈতিক দলবোৰে এনে এক সংস্কৃতি গঢ়ি তুলিছিল।

নিৰ্বাচনৰ বতৰত দলবোৰে বিভিন্ন পন্থাৰে বিভিন্ন কৰ্পাৰেট গোষ্ঠীৰ পৰা হাজাৰ হাজাৰ কোটি টকা দান গ্ৰহণ কৰে। নিৰ্বাচনী বণ্ডৰ ৰূপত গ্ৰহণ কৰা এই চান্দা বা ধন অবৈধ ঘোষণা কৰিছিল উচ্চতম ন্যায়ালয়ে।

১৫ফেব্ৰুৱাৰী, ২০২৪ত উচ্চতম ন্যায়ালৰ ৫জনীয়া সাংবিধানিক বিচাৰপীঠে প্ৰদান কৰিছিল এই ঐতিহাসিক ৰায়। ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এয়া আছিল নিৰ্বাচনী ৰাজনীতিৰ ওপৰত এক মোক্ষম আঘাত।

২০১৭চনৰ বিত্ত বিধেয়কৰ সংশোধনী ঘটাইছিল মোডী চৰকাৰে। তাৰ পাছত ২০১৮ত এই নিৰ্বাচনী বণ্ডক নায্যতা প্ৰদান কৰি ধন সংগ্ৰহৰ অভিযান নামিছিল ৰাজনৈতিক দল। নিৰ্বাচনী বণ্ড কি, সাধাৰণ মানুহৰ বাবে এক অজ্ঞ বিষয়।

সাধাৰণ ভাৱে ইয়াক কব পাৰি ৰাজনৈতিক দলক কোনো পুজিঁপতি গোষ্ঠী বা ব্যক্তিয়ে স্বইচ্ছাই নিৰ্বাচনৰ সময়ত ধনেৰে সহায় কৰা এক পন্থা। ধৰা হওক আপুনি কোনো এটা ৰাজনৈতিক দলক দান-বৰঙণি দিব খুজিছে। তেতিয়া এই নিৰ্বাচন বণ্ড ক্ৰয় কৰি ইয়াৰ জৰিয়তে নিৰ্দিষ্ট ৰাজনৈতিক দলটোক সেই ধন যোগান ধৰিব পাৰ

এই বণ্ড ১হাজাৰ, ১০হাজাৰ, ১লাখ, ১কোটি আদি ভিন্ন পৰিমাণৰ হব পাৰে। ভাৰতীয় ষ্টেট বেংকৰ কোনো এক শাখাৰ পৰা এই বণ্ড ক্ৰয় কৰি ৰাজনৈতিক দলৰ হাতত দিলে এই দলসমূহে তেওঁলোকৰ বেংক একাউণ্টত বণ্ড সমূহ জমা দিলে সমপৰিমাণৰ ধন তেওঁলোকৰ একাউন্টত জমা হৈ যায়।

পৰিতাপৰ কথাটো হ’ল, এছ বি আইৰ কোনো শাখাৰ পৰা কোনে এই বণ্ড ক্ৰয় কৰিছে সেই পৰিচয় গোপনে ৰখা হয়। ইয়াৰ ফলত কোন ৰাজনৈতিক দলক কোনে কিমান ধন দিছে, সেয়া দিওতাজন আৰু ধন লোৱা ৰাজনৈতিক দলটোৰ মাজতেই সীমাৱদ্ধ হৈ ৰয়।

এনেকৈয়ে বিভিন্ন কৰ্পৰেট গোষ্ঠীয়ে ৰাজনৈতিক দলক কোটি কোটি টকা জমা দি আহিছিল। ইয়াৰ ফলত সেই প্ৰতিষ্ঠান বা ব্যক্তি বিশেষে নিৰ্বাচনৰ পৰৱৰ্তী সময়ত তাৰ সুযোগ গ্ৰহণ কৰি মুনাফা লুটিছিল।

মূলতঃ ১৯৫১চনৰ জনপ্ৰতিনিধি আইনৰ অধীনত পঞ্জীভূত ৰাজনৈতিক দলে এই নিৰ্বাচনী বণ্ডৰ জৰিয়তে বৰঙণি পোৱাৰ যোগ্য। কিন্তু যিসকলে সেই ধন বণ্ডৰ জৰিয়তে দিয়ে, তেওঁলোকে কেতিয়াও দুৰ্বল ৰাজনৈতিক দলক ধন দিবলৈ নাযায়।

এছচিয়েশ্যন অৱ ডেমক্ৰেটিক ৰিফৰ্ম চমুকৈ এ ডি আৰ এ ২০১৮চনৰ পৰা ২০২২চনৰ লৈকে মুঠ কিমান নিৰ্বাচনী বণ্ড ক্ৰয়-বিক্ৰয় হৈছিল তাৰ তথ্য প্ৰকাশ কৰিছিল। সেই তথ্য অনুসৰি এই সময়চোৱাত ২৮০৩০খন নিৰ্বাচনী বণ্ড ক্ৰয়-বিক্ৰয় কৰিছিল এছ বি আয়ে।

ইয়াৰ জৰিয়তে দেশৰ ৰাজনৈতিক দলবোৰৰ একাউন্টত ১,৬৪,২৩৭.৬০কোটি টকা জমা হৈছিল। ইয়াৰে ৬০শতাংশ ধন লাভ কৰিছিল শাসকীয় দল বিজেপিয়ে। দ্বিতীয় স্থানত কংগ্ৰেছ থাকিলেও কংগ্ৰেছে মাত্ৰ ১.৪৭কোটি টকাহে বণ্ডৰ জৰিয়তে লাভ কৰিছিল।

এনেকৈ চলি আছিল নিৰ্বাচনৰ পুজিঁ সংগ্ৰহৰ ৰাজনীতি। দেশৰ উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত এক আবেদন গ্ৰহণ কৰি কঠোৰ নিৰ্দেশ দিছিল যে, ভাৰতীয় ষ্টেট বেংকে আৰু নিৰ্বাচনী বণ্ড ইচ্ছ্যু কৰিব নোৱাৰিব। ইয়াক অসাংবিধানিক ঘোষণা কৰি বাতিলৰ নিৰ্দেশ প্ৰদান কৰে সৰ্বোচ্চ ন্যায়ালয়ে।

যি ৫জনীয়া সাংবিধানিক বিচাৰপীঠে এই ৰায় প্ৰদান কৰিছিল তাৰ নেতৃত্বত আছিল মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়। সাধাৰণ লোকৰ বাবে তথ্য জনা অধিকাৰ আৰু সংবিধানে প্ৰদান কৰা সমতাৰ অধিকাৰ এই নিয়মে ভংগ কৰা বুলি উল্লেখ কৰি এনে কাৰ্যই নিকা আৰু মুক্ত নিৰ্বাচনত বাধা দিয়া বুলিও বিচাৰপীঠে মত পোষণ কৰিছিল।

তেনে কঠোৰ স্থিতিৰ পাছত এই বণ্ড ইচ্ছ্যু কৰা এছ বি আয়ে বণ্ডৰ সবিশেষ তথ্য ৰাজহুৱা কৰিবলৈ নিৰ্দেশ দিছিল। ন্যায়ালয়ত এছ বি আইৰ কৰ্তৃপক্ষই ইয়াৰ বাবে সময়ৰ প্ৰয়োজন হ’ব বুলি আবেদন জনাই ন্যায়ালয়ক তেনে তথ্য ৰাজহুৱা কৰিবলৈ ৩০জুন ২০২৪লৈ সময় দিবৰ বাবে অনুৰোধ কৰিছিল।

কিন্তু বিচাৰপীঠে ১১মাৰ্চ, ২০২৪ত শুনানি গ্ৰহণ কৰি ১২মাৰ্চ ২০২৪ৰ ব্যৱসায়িক লেনদেনৰ সময়ৰ ভিতৰত সেই তথ্য ৰাজহুৱা কৰিবলৈ কাঢ়া নিৰ্দেশ জাৰি কৰে। লগতে দেশৰ নিৰ্বাচন আয়োগক এই তথ্য ১৫মাৰ্চ ২০২৪ৰ বিয়লি ৫বজাৰ ভিতৰত ৱেবচাইটত উপলদ্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।

ন্যায়ালয়ৰ এই কঠোৰ স্থিতিয়ে উদঙাই দিব কোন পুজিঁপতি গোষ্ঠীৰ হাতত বন্দী ৰাজনৈতিক শাসক-বিৰোধী দলসমূহ। কিয় সেই পুজিঁপতি গোষ্ঠীলৈ আমাৰ শাসনত থকা দলসমূহৰ অহেতুক দৰদ, সেয়া পৰিৰ্স্ফূট হৈ পৰিব।

ন্যায়ালয়ৰ এই ৰায়দানে বহু প্ৰশ্নৰ উত্তৰ ৰাজহুৱা কৰিব। এতিয়া অপেক্ষা ভাৰতীয় ষ্টেট বেংকে এই নিৰ্বাচনী বণ্ডৰ তথ্যসমূহ কিধৰণে ৰাজহুৱা কৰে। দিওতাৰ নাম-ঠিকনা, লওতাৰ নাম-পৰিচয় ৰাজহুৱা হ’লেই ওলাই পৰিব আচলতে নিৰ্বাচনৰ নামত শাসনলৈ কোনো দল আহিলেও প্ৰকৃততে চৰকাৰ চলাই কোনে...

এছ বি আইক আৰু সময় দিয়াত নাই...
'সংৰক্ষণ'ত থাকেনে 'সমতা'!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in