হামাছ-ইজৰাইলৰ যুদ্ধত লাভ ভাৰতৰ ! মুকলি হৈছে সংস্থাপনৰ দুৱাৰ...

হামাছ-ইজৰাইলৰ যুদ্ধত লাভ ভাৰতৰ ! মুকলি হৈছে সংস্থাপনৰ দুৱাৰ...
হামাছ-ইজৰাইলৰ যুদ্ধত লাভ ভাৰতৰ ! মুকলি হৈছে সংস্থাপনৰ দুৱাৰ...
যুদ্ধই কেৱল ধ্বংস মাতে। কিন্তু কেতিয়াবা দুই পক্ষৰ যুদ্ধত তৃতীয় এক পক্ষ লাভাম্বিত হোৱাৰো উদাহৰণ নথকা নহয়। হামাছ আৰু ইজৰাইলৰ যুদ্ধত যদিও ভাৰতে কোনো ভূমিকা লোৱা নাই তথাপিও এই যুদ্ধই ভাৰতীয়ৰ বাবে কঢ়িয়াই আনিছে সম্ভাৱনৰ এখন নতুন দুৱাৰ। সুযোগ সন্ধানীসকলৰ বাবে মুকলি হোৱা এই সম্ভাৱনাৰ দুৱাৰখন দেশৰ অৰ্থনীতিৰ বাবেও আশাব্যঞ্জক হিচাপে চিহ্নীত হ'ব। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

শেষ হোৱাৰ পৰিৱৰ্তে অধিক তীব্ৰহে হৈছে হামাছ আৰু ইজৰাইলৰ যুদ্ধ। প্ৰতি মুহূৰ্ততে বোমা বৰ্ষণ, গুলী চালনাৰ শব্দত কঁপিছে পেলেষ্টাইন। বাৰুদৰ ক’লা ধোঁৱাই চানি ধৰিছে গাজাৰ আকাশ।

৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই যুদ্ধত মৃতকৰ সংখ্যাৰ তালিকাখন প্ৰতিদিনে দীঘল হৈ আহিছে। অতি শেহতীয়াকৈ গাজাত শেষ যুদ্ধত লিপ্ত হৈছে ইজৰাইল। আকাশ মাৰ্গৰ উপৰি গাজাত স্থলপেথেৰে প্ৰৱেশ কৰি হামাছক সম্পূৰ্ণৰূপে শেষ কৰিবলৈ তীব্ৰ আক্ৰমণ চলাইছে ইজৰাইলী সেনাই।

ইয়াৰ মাজতে ইজৰাইলী সেনাই শ শ সাধাৰণ মানুহক বন্দী কৰি নিছে। ৭ অক্টোবৰৰ পুৱতি নিশা হামাছে ইজৰাইলৰ ওপৰত চলাইছিল ধাৰাবাহিক মিছাইল আক্ৰমণ। এই আক্ৰমণত নিহত হৈছিল ১৪০০ ৰো অধিক ইজৰাইলী নাগৰিকৰ।

হামাছৰ অতৰ্কিত আক্ৰমণত পুৱতি নিশা কঁপি উঠিছিল ইজৰাইল। মুহূৰ্তৰ ভিতৰতে সৃষ্টি হৈছিল এই যুদ্ধৰ। ইজৰাইলী প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে হামাছক শিপাৰে সৈতে ধ্বংস কৰা প্ৰতিজ্ঞা লৈছিল।

আৰু তাৰ পাছৰ পৰাই ইজৰাইলে গাজাত চলাই আহিছে ধ্বংস লীলা। ইজৰাইলৰ প্ৰত্যাক্ৰমণত গাজাত এই পৰ্যন্ত নিহত হৈছে ১০ হাজাৰৰো অধিক লোক। পশ্চিম এছিয়াৰ এই দুই ৰাষ্ট্ৰৰ মাজত চলি থকা যুদ্ধখনলৈ ভাৰতে যদিও এতিয়া মৌনতা অৱলম্বন কৰিছে তথাপিও প্ৰথমে ইজৰাইলৈ সমৰ্থন আগবাঢ়াইছিল।

অৱশ্যে পৰৱৰ্তী সময়ত পেলেষ্টাইনলৈ সাহায্য প্ৰেৰণ কৰি যুদ্ধ বিধ্বস্ত ৰাষ্ট্ৰখনৰ কাষত ভাৰত থকা বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল। পশ্চিম এছিয়াত শান্তি স্থাপনৰ বাবে ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত আলোচনাৰ পোষকতা কৰিছে ভাৰতে।

ভাৰতৰ এনে স্থিতিৰ বাবেই শেহতীয়াকৈ ৰাষ্ট্ৰসংঘত ইজৰাইল আৰু হামাছৰ যুদ্ধ সন্দৰ্ভত হোৱা ভোটিঙত অংশগ্ৰহণৰ পৰা বিৰত থাকিল। ভাৰতৰ এনে স্থিতিৰ বিপৰীতে ইজৰাইলে যুদ্ধৰ মাজতো আন এক চিন্তাহে কৰা বুলি বিশেষজ্ঞই দাবী কৰিছে।

যুদ্ধৰ মাজতে ইজৰাইলে ভাৰতৰ সৈতে তেওঁলোকৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিবলৈ চেষ্টা কৰিছে বুলি দাবী কৰা হৈছে। ইয়াৰ ফলত ভাৰত লাভাম্বিত হ’ব বুলিও ধাৰণা কৰা হৈছে। অৰ্থাৎ হামাছ আৰু ইজৰাইলৰ যুদ্ধত লাভ হ’ব ভাৰতৰ। কিয়নো এই যুদ্ধত ইজৰাইল যি ক্ষতি হ’ব সেই ক্ষতি পূৰণ কৰিব ভাৰতে !

এই যুদ্ধৰ প্ৰথম অৱস্থাত ইজৰাইলে সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাষ্ট্ৰখনৰ বিভিন্ন সংস্থাত কৰ্মৰত হৈ থকা পেলেষ্টাইনীসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ। ইজৰাইলৰ প্ৰতিটো সংস্থাক তেওঁলোকৰ তাত কৰ্মৰত পেলেষ্টাইনী নাগৰিকক বিদায় দিবলৈ কোৱা হৈছে।

ইয়াৰ ফলত ইজৰাইলৰ নিৰ্মাণ প্ৰকল্পসমূহত সৃষ্টি হৈছে তীব্ৰ সংকট। নিৰ্মাণ প্ৰকল্পসমূহত হ্ৰাস পাইছে শ্ৰমিক তথা অন্যান্য কৰ্মীৰ। শ্ৰমিকৰ অভাৱৰ বাবেই প্ৰায় স্তব্ধ হৈ পৰিছে ইজৰাইলৰ নিৰ্মাণ প্ৰকল্পসমূহ।

বন্ধ হৈ পৰিছে সকলো নিৰ্মাণকাৰ্য। ফলত দেশখনৰ অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পৰিছে।যুদ্ধৰ খৰচ বহনৰ কৰাৰ উপৰি নিৰ্মাণ প্ৰকল্পসমূহত দেখা দিয়া এই সংকটে দেশখনক অৰ্থনৈতিক ভাৱে যথেষ্ট ক্ষতি কৰিছে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি ইজৰাইলৰ নিৰ্মাণ প্ৰকল্পসমূহত নিয়োগ কৰিবলৈ ইজৰাইলে ভাৰতৰ পৰা শ্ৰমিক আমদানি কৰাৰ বাবে আৱেদন জনাইছে। পেলেষ্টাইনী শ্ৰমিক তথা অন্যান্য দায়িত্বত থকা লোকৰ খালী স্থান পূৰণ কৰিব ভাৰতীয় শ্ৰমিকৰ জৰিয়তে।

প্ৰাথমিক ভাৱে এক লাখ ভাৰতীয় শ্ৰমিকক ইজৰাইললৈ লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছে। এই ১ লক্ষ্য ভাৰতীয় শ্ৰমিকে ইজৰাইলৰ নিৰ্মাণখণ্ডত প্ৰৱেশ কৰি স্তব্ধ হৈ থকা প্ৰকল্পসমূহৰ কাম পুনৰ আৰম্ভ কৰিব আৰু ৰাষ্ট্ৰখনৰ অৰ্থনীতি পুনৰুদ্ধাৰত জড়িত হৈ পৰিব।

অৱশ্যে ভাৰত চৰকাৰে এই পৰ্যন্ত ইজৰাইলৰ এই আৱেদন গ্ৰহণ কৰিছে নে নাই সেই কথা জানিব পৰা নাই। উল্লেখ্য যুদ্ধৰ মাজতে ইজৰাইলে ৯০ হাজাৰ পেলেষ্টাইনী শ্ৰমিকক কামৰ পৰা আঁতৰাইছে।

তেওঁলোকক ইজৰাইলত কাম কৰাৰ অনুমতি বাতিল কৰা হৈছে। ভাৰত চৰকাৰে ইজৰাইলৰ এই আৱেদন গ্ৰহণ কৰিলে নিশ্চিতভাৱে ভাৰতৰ নিৱনুৱাৰ লগতে নিয়োগ ক্ষেত্ৰখনত এক জাগৰণ সৃষ্টি হ'ব।

প্ৰথম পৰ্যায়ত ১ লাখ লোকেহে ইজৰাইলত সংস্থাপন পাব যদিও পৰৱৰ্তী সময়ত এই সংখ্যা যথেষ্ট বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ভাৰত আৰু ইজৰাইলৰ মাজত যদিহে শ্ৰমিক বা নিৰ্মাণখণ্ডৰ সৈতে জড়িত আন আন লোকৰ সংস্থাপনৰ এই বাট মুকলি হয় তেন্তে ভাৰতৰ সন্মুখত বৈদেশিক মুদ্ৰা লাভৰো এক বাট মুকলি হ’ব। ইজৰাইলত কৰ্মৰত ভাৰতীয়ৰ জৰিয়তেই সেই মুদ্ৰা আহিব দেশলৈ।

অৱশ্যে ভাৰতৰ পৰা ইজৰাইলত কাম কৰিবলৈ যোৱা বিষয়টো কোনো নতুন কথা নহয়। এই দেশখনত এতিয়াও কৰ্মৰত হৈ আছে বহু ভাৰতীয়। যুদ্ধৰ পূৰ্বে ভাৰতৰ পৰা পুনৰ ১০ হাজাৰ কৰ্মী ইজৰাইললৈ প্ৰেৰণ কৰাৰ এক সিদ্ধান্তত উপনীত হৈছিল দুয়োখন চৰকাৰ।

এই ১০ হাজাৰ কৰ্মীৰ ভিতৰত আছিল নিৰ্মাণখণ্ডৰ বাবে শ্ৰমিক আৰু স্বাস্থ্যখণ্ডৰ বাবে স্বস্থ্য কৰ্মী। যুদ্ধৰ বাবে কাৰ্যকৰী নহ’ল যদিও দুয়ো দেশৰ মাজত হোৱা সেই চুক্তি এতিয়াও বাহাল আছে।   

ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধই এমাহ অতিক্ৰম কৰিছে। এই সময়ত বহু ভাৰতীয়ক ভাৰতলৈ ঘূৰাই অনা হৈছে যদিও বহুতে এতিয়াও ইজৰাইলৰ বিভিন্ন ক্ষেত্ৰত বিশেষকৈ স্বাস্থ্যখণ্ডত কৰ্মৰত হৈ আছে।

যুদ্ধৰ পৰিৱেশ শান্ত হোৱাৰ পাছত স্বদেশলৈ ঘূৰি অহা শ্ৰমিক তথা অন্যান্য কৰ্মীসকল পুনৰ ঘূৰি যাব। এই লোকসকলৰ সৈতে সংস্থাপনৰ সুযোগত থকা এক বুজন সংখ্যক ভাৰতীয়ও ইৰাইললৈ যে ঢাপলি মেলিব সেয়া প্ৰায় নিশ্চিত।

হামাছ-ইজৰাইলৰ যুদ্ধত লাভ ভাৰতৰ ! মুকলি হৈছে সংস্থাপনৰ দুৱাৰ...
নাৰী শক্তি বন্দন আইন গৃহীত হ'ল : সলনি নহ'ল ৰাজনৈতিক দলৰ নাৰীৰ প্ৰতি ধাৰণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in