ভিৰৰ মাজত জিলিকিছে সেউজীয়া অটো ৰিক্সা....

ভিৰৰ মাজত জিলিকিছে সেউজীয়া অটো ৰিক্সা....
ভিৰৰ মাজত জিলিকিছে সেউজীয়া অটো ৰিক্সা....
ৰাজ্য চৰকাৰৰ সেউজ গুৱাহাটী, কাৰ্বনমুক্ত গুৱাহাটীৰ সপোন। তাৰ মাজতে বৃদ্ধি পাইছে CNG বাহনৰ চলাচল। এনে বাহনৰ তালিকাত আছে বাছৰ পৰা ব্যক্তিগত চাৰি চকীয়া বাহনলৈ সকলো। বাদ পৰি ৰোৱা নাই অটো ৰিক্সাও। শেহতীয়াকৈ গুৱাহাটীৰ যানজটৰ মাজত ৰিণিকি ৰণিকি ঠায়ে ঠায়ে জিলিকিছে সেউজীয়া অটো ৰিক্সাও এই সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

‘সেউজ গুৱাহাটী’ৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন দীৰ্ঘম্যাদী পদক্ষেপ। তাৰ মাজত এক উল্লেখযোগ্য পদক্ষেপ হ’ল ২০৭০ ৰ ভিতৰত গুৱাহাটী তথা অসমক কাৰ্বনমুক্ত কৰা।

এই লক্ষ্য আগত লৈয়ে ইতিমধ্যে ২০২৩ ৰ ১ জানুৱাৰীত গুৱাহাটীত চলাচল কৰিবলৈ অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত ১০০ খন চি এন জি চালিত বাছৰ ফ্লেগ অফ কৰাৰ লগতে গুৱাহাটীৰ প্ৰথমটো চি এন জি ষ্টেচন গুৱাহাটীৰ আই এছ বি টিত শুভ উদ্বোধন কৰিছিল। তেতিয়াৰে পৰা গুৱাহাটীৰ ৰাজপথত বিভিন্ন সমস্যাৰ মাজতো চি এন জি চালিত বাছে সেৱা আগবঢ়ায় আহিছে।

চি এন জি চালিত বাছৰ উপৰিও গুৱাহাটীত অন্যান্য ব্যক্তিগত বাহনো ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। প্ৰতিটো বাহন নিৰ্মাতা প্ৰতিষ্ঠানেই অসমৰ বজাৰত মুকলি কৰিছে চি এন জি চালিত বাহন।

এইসকলোবোৰৰ উপৰিও এতিয়া গুৱাহাটীৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে চি এন জি চালিত অটো ৰিক্সা। হাজাৰ হাজাৰ পুৰণি ভঙা, চিঙা অটোৰ মাজত ঠায়ে ঠায়ে জিলিকি আছে সেউজীয়া ৰঙৰ চি এন জি চালিত এই অটো ৰিক্সাসমূহ।

জানিব পৰা মতে গুৱাহাটীৰ বজাৰত আজিৰ তাৰিখত দুটাকৈ বহু জাতিক প্ৰতিষ্ঠানে চি এন জি চালিত অটো ৰিক্সা গ্ৰাহকৰ বাবে লৈ আহিছে। বাজাজ আৰু টিভিএছে গুৱাহাটীৰ বজাৰত মেলি দিছে চি এন জি চালিত অটো ৰিক্সা।

এই চি এন জি চালিত অটো ৰিক্সাৰ প্ৰতি এতিয়াও গুৱাহাটীৰ অটো ৰিক্সা চালক তথা মালিকসকল বৰ বেছি আকৃষ্ট হোৱা নাই যদিও দুই, এজনে চি এন জি চালিত অটো ৰিক্সাৰে ভাড়া মাৰিবলৈ আৰম্ভ কৰিছে। উল্লেখ্য যে দিল্লী, কলকাতাকে ধৰি দেশৰ কেইবাখনো মেট্ৰো চিটিত চি এন জি চালিত অটো ৰিক্সা বহু আগৰে পৰা চলি আহিছে যদিও গুৱাহাটীত চি এন জি চালিত বাহনৰ বিষয়টোৱেই বহু নতুন।

সেই অনুসৰি গুৱাহাটীৰ অটো ৰিক্সা চালকসকলে চি এন জি চালিত অটো ৰিক্সাক ইমান সোনকালে আকোৱালি নোলোৱাটোৱেই স্বাভাৱিক। আজিৰ তাৰিখত গুৱাহাটীৰ ৰাজপথত প্ৰায় ১০ হাজাৰখন অটো ৰিক্সা চলি আছে। বৰ্তমানৰ অ’লা, উবেৰ, ৰেপিড’, বেটাৰী চালিত ৰিক্সা আদিৰ যুগত গুৱাহাটীৰ ৰাজপথত পূৰ্বতকৈ অটো ৰিক্সাৰ সংখ্যা কিছু পৰিমাণে হ্ৰাস পাইছে যদিও আজিও যাতায়তৰ এক মাধ্যম হিচাপে গুৱাহাটীত অটো ৰিক্সায়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

এতিয়াও মহানগৰীৰ বহু লোকে অটো ৰিক্সাৰ মোহ এৰিব পৰা নাই। মাজে সময়ে গুৱাহাটীৰ অটো ৰিক্সাক লৈ কিছু বিতৰ্কৰ সূচনা হৈছে যদিও আজিও গুৱাহাটীৰ এক বিশ্বাসযোগ্য যাতায়ত ব্যৱস্থা অটো ৰিক্সা।

বছৰ বছৰ ধৰি গুৱাহাটীত একাংশ লোকে চলাই আহিছে এই বাহনখন। কিন্তু এতিয়া প্ৰশ্ন হয়, এই হাজাৰ হাজাৰ অটো ৰিক্সা চালক তথা মালিকসকলে সময়ৰ লগত মিলি আগবাঢ়ি যোৱাৰ বাবে কিবা পৰিকল্পনা হাতত লৈছেনে ? ন’কলেও হয়, গুৱাহাটীৰ অধিকাংশ অটো ৰিক্সায়েই আজিৰ তাৰিখত পৰিবহন বিভাগৰ নিয়ম অনুসৰি চলাচলৰ অনুপযোগী হৈ পৰিছে।

তাৰ পাছতো অৱশ্যে অটো ৰিক্সা চালকসকলে এই বাহনসমূহ চলায়েই আছে। আজিৰ তাৰিখত গুৱাহাটীত অটো ৰিক্সা চলোৱাৰ বাবে অনুজ্ঞাপত্ৰ আৰু আনুসাংগিক কাগজ, পত্ৰৰ বাবে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত গুৱাহাটী অটো ৰিক্সা মালিক সন্থাৰ পৰা এন অ চি লৈ জমা দিয়াৰ নিয়ম আছে যদিও সেই নিয়ম কিমানদূৰ ফলপ্ৰসু হৈছে সেয়াও এক প্ৰশ্নৰ বিষয়।

উল্লেখ্য যে, ১৯৭০ চনতে স্থাপিত হোৱাৰ লগতে পঞ্জিয়ন হৈছিল গুৱাহাটী অটো ৰিক্সা মালিক সন্থা। এই সন্থাৰ আছে নিজা স্থায়ী কাৰ্যালয় আৰু এখন সংবিধান। সংবিধান অনুসৰিয়েই তেওঁলোকৰ বিষয়ববীয়া আৰু কমিটী গঠন হয়।

এই সন্থাৰ পৰা এন অ’ চি লাভ কৰিলেহে গুৱাহাটী জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে এখন অটোক মহানগৰীত চলাচলৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন কাগজ পত্ৰ যোগান ধৰিব পাৰে। কিন্তু তাৰ মাজতে নতুনকৈ গঠন হোৱা আন দুটা পঞ্জিয়নবিহীন আৰু কাৰ্যালয়বিহীন সন্থায়ো শেহতীয়াকৈ এই নিয়ম বিঘ্নিত কৰাত হাত উজান দিছে।

গুৱাহাটীৰ একেবাৰে পুৰণি তথা প্ৰথমটো অটো ৰিক্সা মালিক সন্থাৰ গণেশগুৰিস্থিত কাৰ্যালয়ৰ সহয়াক গণেশ চৌধুৰীয়ে জানিবলৈ দিয়া অনুসৰি আজিৰ তাৰিখত গুৱাহাটীৰ বিভিন্ন পথত প্ৰায় ১০ হাজাৰৰো অধিক অটো ৰিক্সা চলাচল কৰি আছে। অৱশ্যে তেওঁলোকৰ সন্থাৰ সৈতে বৰ্তমান প্ৰায় ১২০০ মানহে সদস্য জড়িত হৈ আছে।

আজিৰ তাৰিখত গুৱাহাটীত অটো ৰিক্সাৰ ৩ টা সন্থা আছে। তাৰে এটা হৈছে আটইতকৈ পুৰণি গুৱাহাটী অটো ৰিক্সা মালিক সন্থা আৰু আন দুটাৰ এটা চালকসকলৰ সন্থা আৰু আনটো মালিকসকলৰ সন্থা। এই দুয়োটা সন্থাই পঞ্জিয়নবিহীন।

গণেশ চৌধুৰীয়ে জনোৱা মতে তেওঁলোকৰ সন্থাত এই পৰ্যন্ত মাত্ৰ এখন চি এন জি চালিত অটো ৰিক্সাহে পঞ্জীয়নভুক্ত হৈছে। অৱশ্যে এতিয়া গুৱাহাটীৰ ৰাজপথত ১০ খনৰো অধিক চি এন জি চালিত অটো ৰিক্সা চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে।

ইফালে গুৱাহাটীত সুদীৰ্ঘ ২৫ বছৰ ধৰি অটো ৰিক্সাৰ চলোৱা পুলক সৰকাৰ নামৰ এজন ব্যক্তিক তেওঁ বৰ্তমান চলাই থকা পেট্ৰলৰ অটো ৰিক্সাখন এৰি চি এন জি চালিত অটো ৰিক্সা চলাব নেকি বুলি সুধা এক প্ৰশ্নৰ উত্তৰত কয়, চি এন জিৰ ষ্টেচন যদিহে পৰ্যাপ্ত পৰিমাণে উপলব্ধ হয় তেন্তে পেট্ৰ’ল চালিত অটো ৰিক্সাখন সলনি কৰি চি এন জি চালিত অটো ৰিক্সা এখন লোৱাত তেওঁৰ আপত্তি নাই।

দেশৰ আন মহানগৰীৰ তুলনাত গুৱাহাটীত তুলনামূলকভাৱে নতুনকৈ অহা এই চি এন জি চালিত অটো ৰিক্সাক চালক বা মালিকসকলে এতিয়াও বহুল ভাৱে আকোঁৱালি নোলোৱাৰ আঁৰৰ কাৰণ কি বুলি সুধা আন এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, চি এন জি চালিত অটো ৰিক্সাৰ বহু ‘ৰিক্স’ থাকে।

তেওঁ কয়, দিল্লী, কলকাতা আদি ‘প্লেইন এৰিয়া’ হোৱাৰ বাবে তাত বৰ বেছি অসুবিধা নাই। কিন্তু গুৱাহাটী পাহাৰীয়া অঞ্চল হোৱাৰ বাবে ইয়াত দুৰ্ঘটনাৰ সম্ভাৱনা অধিক। পেট্ৰল চালিত অটো ৰিক্সাৰ দুৰ্ঘটনা হ’লেও জ্বলি যোৱাৰ সম্ভাৱনা নাই। কিন্তু চি এন জি চালিত অটো ৰিক্সা এখন দুৰ্ঘটনাত পতিত হ’লে জ্বলি যোৱাৰ সম্ভাৱনাই অধিক। যাৰ বাবে চি এন জি চালিত অটো ৰিক্সাত ‘ফায়াৰ এক্সিংগুইছাৰ’ দিয়া হয়।

মন কৰিবলগীয়া যে দেশৰ কেইবাটাও স্থানত এই পৰ্যন্ত কেইবাখনো চি এন জি চালিত বাহন চলি থকাৰ অৱস্থাতে জ্বলি যোৱাৰ উদাহৰণ নথকা নহয়। ইয়াৰোপৰিও তেওঁ কয়, বছৰ বছৰ ধৰি চলাই অহা পেট্ৰ’ল চালিত অটো ৰিক্সাখন এৰি চি এন জি চালিত অটো ৰিক্সাখন লোৱাৰ পূৰ্বে সেই অটো ৰিক্সাখনৰ চিলিণ্ডাৰ, ইঞ্জিন আদিও চাই ল’ব লাগিব। সকলো দিশ চাইহে পেট্ৰ’ল বা ডিজেলৰ অটো ৰিক্সাখন এৰি চি এন জি চালিত অটো ৰিক্সাখন লোৱা, নোলোৱাৰ ওপৰত সিদ্ধান্ত ল’ব লাগিব।

উল্লেখ্য যে সময়ৰ লগে লগে পেট্ৰ’ল, ডিজেলৰ বিকল্প হিচাপে চি এন জিয়ে আত্মপ্ৰকাশ কৰাৰ পাছৰে পৰা কেন্দ্ৰীয় চৰকাৰৰ লগতে বিভিন্ন সংস্থাই প্ৰদূষণ হ্ৰাস কৰাৰ লক্ষ্যৰে চি এন জি চালিত বাহনৰ পৃষ্ঠপোষকতা কৰি আহিছে। সেই অনুসৰিয়েই ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ১৯৯৮ চনতেই আৰম্ভ হৈছিল চি এন জি চালিত অটো ৰিক্সাৰ চলাচল।

আনহাতে পেট্ৰ’ল, ডিজেলৰ অত্যাধিক মূল্য বৃদ্ধিয়েও চি এন জি চালিত বাহনৰ প্ৰতি মানুহক আকৃষ্ট কৰি তুলিছে। বজাৰত চি এন জি চালিত বাহন সুলভ হৈ পৰাৰ সমান্তৰালকৈ প্ৰায় প্ৰতিখন বাহনৰে বিকল্প ইন্ধন ব্যৱস্থাৰ অংশ হিচাপে চি এন জি সুবিধাযুক্ত বাহনো উপলব্ধ হোৱাত এতিয়া দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমৰ দৰে ৰাজ্যতো এই বাহনৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।

আই চি আৰ এৰ এক প্ৰতিবেদন অনুসৰি দেশত চি এন জি চালিত বাহন দ্বিতীয় সৰ্বাধিক জনপ্ৰিয়ন বাহন হোৱাৰ দিশে আগবাঢ়িছে। ২০২২ ত যাত্ৰীবাহী বাহনখণ্ডত চি এন জি চালিত বাহনৰ প্ৰৱেশ আছিল ১১ শতাংশ। ২০২৭ ৰ ভিতৰত এই সংখ্যা ১৮ শতাংশলৈ বৃদ্ধি পাব।

গুৰুত্বপূৰ্ণ কথাটো হল যি সময়ত পেট্ৰ’ল, ডিজেলৰ মূল্যই আকাশ স্পৰ্শ কৰিছে সেই সময়ত চি এন জিৰ মূল্য প্ৰতি কেজিত ১০ শতাংশকৈ হ্ৰাস কৰা হৈছে। যাৰ বাবে বাণিজ্যিক নগৰী মুম্বাইত এক কেজি চি এন জিৰ মূল্য ৭৯ টকা হোৱাৰ বিপৰীতে দিল্লীত ৭৯. ৬ টকা আৰু বেংগালুৰুত ৮৩.৫ টকা।

এতিয়া লক্ষ্যণীয় বিষয় হ’ব মেট্ৰো হিচাপে গুৱাহাটীক ঘোষণা কৰাৰ পাছতো দেশৰ আন মেট্ৰো চিটিৰ সমানে সমানে আগুৱাই যোৱাত বিফসল হোৱা গুৱাহাটীত নতনুকৈ আগমণ ঘটা এই চি এন জি চালিত অটো ৰিক্সাক আদৰি ল’বনে? জনপ্ৰিয় হৈ পৰা কেব সেৱাৰ অধীনস্থ অ’লা, উবেৰৰ উপৰিও বেটাৰী চালিত ৰিক্সা বা টমটম আদিৰ প্ৰচলনে ইতিমধ্যে কঁকাল ভঙা অটো ৰিক্সা চালকসকলে সময়ৰ সৈতে সাপ খোৱাই নিজৰ পুৰণি অটো ৰিক্সাখন চি এন জি চালিত অটো ৰিক্সালৈ সলনি কৰিবনে? বা নতুকৈ আকৌ লাখ টকা খৰচ কৰি তেনে এখন অটো ৰিক্সা ক্ৰয় কৰিবনে?

মুখ্যমন্ত্ৰীৰ সেউজ গুৱাহাটীৰ যি লক্ষ্য সেই লক্ষ্যত উপনীত হ’বলৈ হ’লে অৱশ্যে নিজৰ প্ৰাচীন অটো ৰিক্সাখনক সলনি কৰি নতুনকৈ এখন চি এন জি চালিত অটো ৰিক্সা ক্ৰয় কৰাত এই অটো ৰিক্সা চালকসকলক চৰকাৰে সহযোগিতা নিশ্চয় কৰিব লাগিব। তেনে কৰিলে কৌটিকলীয়া সেই ক’লা ৰঙৰ অটো ৰিক্সাৰ থাইত গুৱাহাটীৰ চৌদিশে দেখা যাব সেউজীয়া ৰঙৰ প্ৰদূষণবিহীন চি এন জি চালিত অটো ৰিক্সা।

অন্যথা এই অটো ৰিক্সাবোৰৰ মাজত ক’ৰবাত ক’ৰবাত দেখিবলৈ পোৱা এই সেউজীয়া ৰঙৰ চি এন জি অটো ৰিক্সাবোৰ লাহে লাহে হেৰাই যাব আৰু সেউজ গুৱাহাটীৰ স্বপ্নও হয়টো বাস্তৱ সন্মত নহ’ব।

ভিৰৰ মাজত জিলিকিছে সেউজীয়া অটো ৰিক্সা....
এতিয়াৰে পৰা নাথাকিব জিলা উপায়ুক্ত ! ৫.৫০ কিলোমিটাৰ দীঘল ফ্লাই অভাৰ নিৰ্মাণ হ'ব গুৱাহাটীত....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in