এতিয়াৰে পৰা নাথাকিব জিলা উপায়ুক্ত ! ৫.৫০ কিলোমিটাৰ দীঘল ফ্লাই অভাৰ নিৰ্মাণ হ'ব গুৱাহাটীত....

এতিয়াৰে পৰা নাথাকিব জিলা উপায়ুক্ত ! ৫.৫০ কিলোমিটাৰ দীঘল ফ্লাই অভাৰ নিৰ্মাণ হ'ব গুৱাহাটীত....
এতিয়াৰে পৰা নাথাকিব জিলা উপায়ুক্ত ! ৫.৫০ কিলোমিটাৰ দীঘল ফ্লাই অভাৰ নিৰ্মাণ হ'ব গুৱাহাটীত....

ডিজিটেল ডেস্কঃ  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেটৰ অন্তত এই সিদ্ধান্তসমূহ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু পীযুষ হাজৰিকাই সাংবাদিকৰ আগত প্ৰকাশ কৰিছে।

তেওঁলোকে প্ৰকাশ কৰা অনুসৰি এতিয়াৰ পৰা প্ৰাক প্ৰাথমিক আৰু প্ৰাথমিক শিক্ষা মাতৃভাষাত দিয়া হ'ব৷ আনহাতে অসমত বাস কৰি অহা চাওঁতাল জনগোষ্ঠীয় লোকসকলৰ দীৰ্ঘদিনীয়া দাবীক মানি লৈ ৰাজ্য চৰকাৰে চাওঁতালী ভাষাতো শিক্ষাদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জনগোষ্ঠীটোৰ শিক্ষাৰ্থীসকলে অল চিকি লিপিত শিক্ষা গ্ৰহণ কৰিব পাৰিব।

আনহাতে মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ ক্ষেত্ৰতো আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি যিসকল মহিলাৰ ঋণ ২৫ হাজাৰ টকা আছিল, সেইসকলক তৃতীয় পৰ্যায়ত ধৰা হ'ব। এই মহিলাসকলৰ ঋণ চৰকাৰে পৰিশোধ কৰিব। ইতিমধ্যে ১৬০০ কোটি প্ৰথম পৰ্যায়ত, ১৯০ কোটি দ্বিতীয় পৰ্যায়ত মাইক্ৰ'ফাইনেন্সৰ ঋণ পৰিশোধ কৰিছে ৰাজ্য চৰকাৰে।

ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা সন্দৰ্ভতো আজিৰ কেবিনেটে গ্ৰহণ কৰিছে কেটবোৰ সিদ্ধান্ত। সেই অনুসৰি শেহতীয়াকৈ তিনিচুকীয়া জিলাত অনুষ্ঠিত হোৱা পঞ্চম উপায়ুক্ত সন্মিলনত যিসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সেই সিদ্ধান্তসমূহক আজিৰ কেবিনেটে অনুমোদন জ্ঞাপন কৰিছে।

এতিয়াৰে পৰা জিলা উপায়ুক্তসকলক জনা যাব জিলা আয়ুক্ত হিচাবে।  এই জিলা আয়ুক্তসকলেই নিজৰ জিলাৰ সকলো বিষয়াক বদলি কৰিব পাৰিব। গেজেটেড অফিচাৰসকলক জিলা আয়ুক্তই অভিভাৱক মন্ত্ৰীৰ সৈতে আলোচনা কৰি জিলাৰ ভিতৰতে বদলি কৰিব পাৰিব।

ইফালে গুৱাহাটীৰ প্ৰস্তাৱিত ৰিজাৰ্ভ বেংকৰ পৰা নুনমাটিলৈ ৫.৫০ কিলোমিটাৰ ফ্লাই অভাৰ নিৰ্মাণৰ বিষয়টোৱেও আজিৰ কেবিনেটত স্থান লাভ কৰে। এই কেবিনেট বৈঠকতে এই ফ্লাই অভাৰখন নিৰ্মাণ কৰিবলৈ অনুমোদন জনোৱা হৈছে। ইয়াৰ বাবে নিৰ্মাণ ব্যয় ধাৰ্য কৰা হৈছে ৮৫২.৬৮ কোটি টকা। উল্লেখ্য যে এই ফ্লাই অভাৰখন সম্পূৰ্ণ হৈ উঠিলে ই হ’ব দেশৰ ভিতৰতে দ্বিতীয়খন দীঘল ফ্লাই অভাৰ।

এতিয়াৰে পৰা নাথাকিব জিলা উপায়ুক্ত ! ৫.৫০ কিলোমিটাৰ দীঘল ফ্লাই অভাৰ নিৰ্মাণ হ'ব গুৱাহাটীত....
প্ৰাথমিক বিদ্যালয়ত চাওঁতালী ভাষাতো হ'ব পাঠদানঃ উৎফুল্লিত অসমৰ চাওঁতাল জনগোষ্ঠী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in