বজাৰত এইবোৰ কি গামোচা?

বজাৰত এইবোৰ কি গামোচা?

বজাৰত গামোচাৰ নামত বিক্ৰী হৈছে তিয়নী। দোকানিক সুধিলে কয় এইবোৰে হেনো গামোচা ! গামোচা কাক কয় এতিয়া দোকানিয়ে শিকাই অসমীয়াক। গামোচাৰ নামত বজাৰত কি বস্ত্ৰ হৈছে চাওঁক। অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন।

গামোচাক লৈ সৃষ্টি হোৱা অযথা বিতৰ্ক মাৰ গ'ল। এচামে এই বিতৰ্কৰ সপক্ষে, আন এচামে এই বিতৰ্কৰ বিপক্ষে মাত মাতি এক অহেতুক পৰিৱেশ সৃষ্টি কৰিছিল যদিও ইয়াৰ পাৰ্শ্বক্ৰিয়া প্ৰতিক্ৰিয়া দেখি গামোচাক বিকৃত কৰিব লোৱা সকলে ক্ষমা বিচাৰিবলগীয়া হ'ল।

অসমত বাহিৰৰ পৰা অনা পাৱাৰলুমৰ গামোচা নিষিদ্ধ কৰা আৰু এনে গামোচাৰ বিৰুদ্ধে অভিযান চলোৱা চৰকাৰে কিন্তু এই বিষয়টোক লৈ মৌনতা অৱলম্বন কৰিলে। কেৱল নীৰৱ দৰ্শক হৈ থাকিল ৰাজ্য চৰকাৰ। অথচ এই চৰকাৰে ব'হাগ বিহুক নিজস্ব আৰু স্বকীয় গৰীমাৰে বিশ্ব দৰবাৰত চিৰস্থায়ী কৰাৰ সংকল্পৰে প্ৰস্তুতি চলাই আহিছে।

ইয়াৰ বাবে বৃহৎ পৰিমাণৰ ধন চৰকাৰে ব্যয় কৰিছে। স্বৰ্গদেও গদাধৰ সিংহৰ শাসনৰ আগৰ কালত আৰু ব্ৰিটিছ শাসনৰ সময়ত বিহুলৈ সংকট নামি আহিছিল। এই সংকট যাতে ভৱিষ্যতে নাহে, বিহুৰ অস্তিত্ব আৰু প্ৰচাৰ, প্ৰসাৰ বিশ্বৰ মজিয়াত প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰে উদ্যোগ লৈছে।

কিন্তু ব'হাগ বিহুৰ সৈতে জড়িত গামোচাখনৰ বিশুদ্ধকৰণ, অসমীয়া শিপিনীৰ সৃষ্টিশিল পৰিশ্ৰমৰ উপযুক্ত মূল্যায়ণ কৰিবলৈ চৰকাৰে কেৱল বাহিৰৰ পৰা অহা গামোচা নিষিদ্ধ কৰিলেই জানো হ'ব? বিহুৰ বতৰত কোটিৰ ঘৰত গামোচাৰ প্ৰয়োজন হয়। কিন্তু আমাৰ থলুৱা শিপিনীয়ে ১০/১৫ লাখৰ অধিক গামোচা বজাৰত যোগান ধৰিব নোৱাৰে।

যিবোৰ গামোচা বজাৰত উপলব্ধ হৈছে সেইবোৰ গামোচাৰ নামত আন এক বিকৃতকৰণৰ প্ৰয়াস ৰূপে প্ৰতিফলিত হৈছে। গামোচা বুলি তিয়নী বিক্ৰী কৰি আছে এচামে। তাৰ মাজতে লুঙি, বিভিন্ন জনগোষ্ঠীয় বস্ত্ৰৰ আৰ্হিত তৈয়াৰ কৰা কাপোৰাৰ টুকুৰা এই চক্ৰটোৱে মুকলিকৈ মহানগৰীৰ ৰাজপথত বিক্ৰী কৰি গৈছে।

অসমত প্ৰয়োজনীয় গামোচা উৎপাদনৰ বাবে এখন ভাল বজাৰ থকাৰ পাছতো কিয় উপযুক্ত উদ্যোগ চৰকাৰে লোৱা নাই? সেই বজাৰখন কিহৰ কাৰণে অসমীয়া লোকে আনৰ হাতত এৰি দিবলগীয়া হৈছে। চেক চেক দিয়া তিয়নী সদৃশ এই কাপোৰবোৰ গামোচা বুলি বিহুৰ বতৰত বিক্ৰী কৰাসকলৰ বিৰুদ্ধে সচেতন অসমীয়াই এইবাৰ জাগি উঠিব পৰা নাই?

ইয়াৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ নকৰিলে গামোচা বিশুদ্ধিকৰণৰ প্ৰয়াস অথলে যাব। সামাজিক মাধ্যমত ডাঙৰ ডাঙৰ কথা লিখি গামোচাক জানো ৰক্ষা কৰিব পাৰি? থলুৱা ভাৱে উৎপাদিত এখন গামোচাৰ মূল্য নূন্যতম ২০০ টকা হৈছে। দুয়োফালে ফুল থকা গামোচাৰ মূল্য নূন্যতম ৩০০ টকা হৈছেগৈ।

চৰকাৰে বহিঃ ৰাজ্যৰ গামোচা নিষিদ্ধ ঘোষণা কৰাৰ পাছত গামোচাৰ মূল্য আকাশলঙ্ঘী হৈ পৰিছে। ভিতৰি ভিতৰি বাহিৰৰ পৰা অহা গামোচাবোৰ বিক্ৰী হৈ আছে দোকানত। এদিন বা দুদিন বহিঃ ৰাজ্যৰ গামোচাৰ বিৰুদ্ধে অভিযান চলায়েই আমি দায়িত্ব সামৰিছো।

বজাৰত এইবোৰ কি গামোচা?
বুলেন ভূঞাৰ অনন্য পদক্ষেপ : সংৰক্ষণ কৰিছে শতাধিক মাখিয়তি গছ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in