বুলেন ভূঞাৰ অনন্য পদক্ষেপ : সংৰক্ষণ কৰিছে শতাধিক মাখিয়তি গছ

গৰু বিহুৰ দিনা জামুগুৰিহাটৰ পাতলৰচুক গাঁৱৰ এই ব্যক্তিজনৰ ঘৰলৈ বহুলোকৰ সমাগম হয়
বুলেন ভূঞাৰ অনন্য পদক্ষেপ : সংৰক্ষণ কৰিছে শতাধিক মাখিয়তি গছ

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ বছৰটোৰ ৩৬৫ দিনৰ ৩৬৪ দিনেই অনাদৃত হৈ থকা এজোপা গছ। গৰু বিহুৰ দিনা গ্ৰাম্যাঞ্চলত অতিকৈ প্ৰয়োজন হয় এই গছজোপাৰ ডাল-পাত।

গছজোপা হ'ল মাখিয়তি গছ। গৰু বিহুৰ দিনা গৰু নোৱাই ধুৱাই ঘাঁহ খাবলৈ এৰি দিয়া গো-ধনসমূহ যেতিয়া সন্ধিয়াৰ পৰত ঘৰলৈ ঘুৰি আহে,তেতিয়া এই মাখিয়তি গছৰ পাতৰে গো-ধনক গৰাকীয়ে 'মাখিয়তি মাখিপাত মাখি মাৰো জাক জাক' শীৰ্ষক গীতৰে কোবাই কোবাই ঘৰলৈ লৈ আহে। কিন্তু দুখলগা কথা এই যে মাখিয়তি গছ আজিৰ প্ৰজন্মৰ একাংশই চিনি নোপোৱাৰ উপক্ৰম হৈছে।

গ্ৰাম্যাঞ্চলসমূহতো এতিয়া দুৰ্লভ হৈ পৰিছে এই বিশেষ গছজোপা। এটা সময়ত গাঁৱৰ বাৰীত অতিকৈ সুলভ এই গছজোপা এতিয়া গ্ৰাম্যাঞ্চলতো ক্ৰমান্বয়ে নাইকিয়া হোৱাৰ পথত । নৱপ্ৰজন্মই পাহৰাৰ উপক্ৰম হ'লেও কিন্তু জামুগুৰিহাটৰ পাতলচুক গাঁৱৰ এগৰাকী ব্যক্তিয়ে নিজৰ বাৰীৰ চৌহদত বছৰ বছৰ ধৰি সংৰক্ষণ কৰি ৰাখিছে এই মাখিয়তি গছ।

গাঁৱখনৰ বুলেন ভূঞা নামৰ লোকজনে তেওঁৰ বাৰীত অতি সযত্নে সংৰক্ষণ কৰি ৰাখিছে ১০০ৰো অধিক মাখিয়তি গছ। নৱপ্ৰজন্মক চিনাকী কৰাই দিয়াৰ উদ্দেশ্যেই সংৰক্ষণ কৰা এই মখিয়তি গছৰ ডাল-পাত নিবলৈ গৰু বিহুৰ দিনা জামুগুৰিহাটৰ পাতলৰচুক গাঁৱৰ এই ব্যক্তিজনৰ ঘৰলৈ বহুলোকৰ সমাগম হয় বুলি জনায়।

যান্ত্ৰিকতাৰ প্ৰভাৱেই হওঁক বা অন্য কাৰণতেই হওঁক আমাৰ গ্ৰাম্য সমাজৰ পৰা ক্ৰমশ হেৰাই যোৱা তথা অচিনাকি হ'বলৈ ধৰা এই মাখিয়তি গছজোপা সংৰক্ষণ কৰি ৰখাতো ইতিবাচক দিশ হিচাপে বিবেচিত হৈছে।

বুলেন ভূঞাৰ অনন্য পদক্ষেপ : সংৰক্ষণ কৰিছে শতাধিক মাখিয়তি গছ
ঐতিহাসিক ধন্দি দৌলত ধুমুহা বিহু দলৰ তত্বাৱধানত বিহুৰ কৰ্মশালা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in