নিভাঁজত ভেজাল! কোঅপাৰেটিভ চছাইটিৰ সভাপতি হৈ লুণ্ঠনত ব্যস্ত চিকিৎসক
নিভাঁজত ভেজাল! কোঅপাৰেটিভ চছাইটিৰ সভাপতি হৈ লুণ্ঠনত ব্যস্ত চিকিৎসক

নিভাঁজত ভেজাল! কোঅপাৰেটিভ ছ'চায়েটিৰ সভাপতি হৈ লুণ্ঠনত ব্যস্ত চিকিৎসক

চৰকাৰী নিয়ম উলংঘনেৰে কোঅপাৰেটিভ ছ'চায়েটিৰ সভাপতিৰ দায়িত্বত চিকিৎসক। বহুজনৰ কষ্টৰ বিনিময়ত গঢ়ি উঠা লাভজনক প্ৰতিষ্ঠানত চলাইছে লুণ্ঠনৰাজ। এসময়ত জনপ্ৰিয় হৈ পৰা নিভাঁজত এতিয়া মৃত্যুৰ দিশে নেকি? অসমীয়া প্ৰতিদিন ডিজিটেলৰ অনুসন্ধানমূলক প্ৰতিবেদন।

ৰাজ্যৰ একাংশ কোঅপাৰেটিভ ছ'চায়েটিৰ নামত কোটি কোটি টকাৰ লুণ্ঠনৰাজ আৰু অনিয়ম সংঘটিত হৈ আহিছে। শেহতীয়াকৈ পোহৰলৈ আহিছে এসময়ত দেশৰ ভিতৰতে প্ৰতিষ্ঠিত ইষ্টাৰ্ণ এগ্ৰো প্ৰচেছিং এণ্ড টী ৱেৰ হাউচিং কোঅপাৰেটিভ ছ'চায়েটি লিমিটেডত সংঘটিত ভয়ংকৰ কেলেংকাৰী তথা অনিয়মৰ কাহিনী।

১৯৭১ চনত স্থাপন কৰা এই ছ'চায়েটিখনৰ বৰ্তমানৰ সভাপতিগৰাকীৰ বিৰুদ্ধেই চৰকাৰী তদন্তত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য যে, বৰ্তমান এই ছ'চায়েটিৰ সভাপতিৰ দায়িত্বত আছে চৰকাৰী হাস্পতালত চিকিৎসক হিচাপে কৰ্মৰত ডাঃ পংকজ চন্দ্ৰ বৈশ্য।

দ্যা আছাম চিভিল চাৰ্ভিছ (কনডাক্ট) ৰোলছ্ অমান্য কৰি উপযুক্ত চৰকাৰী এন অ' চি অবিহনেই এইগৰাকী চৰকাৰী চিকিৎসকে এই ছ'চায়েটিখনৰ সভাপতিৰ আসন দখল কৰি আছে। উল্লেখযোগ্য যে, ২০২৩ ৰ ২৩ এপ্ৰিলত এই ছ'চায়েটিখনত বৰ্ড অফ ডাইৰেক্টৰ্চ গঠনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰি এই দায়িত্বত ডাঃ বৈশ্যক সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

সেই অনুসৰি তেওঁৰ উপৰিও আন ১৫ জন বৰ্ড অফ ডাইৰেক্টৰ নিৰ্বাচন কৰা হৈছিল যদিও হাজোৰ বিষ্ণুৰাম মেধি সোঁৱৰণি সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডাঃ বৈশ্যই এই পদ দখল কৰাতো যে সম্পূৰ্ণ অনিয়ম সেই কথা চৰকাৰী প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

৮ ফেব্ৰুৱাৰী ২০২৪ ত কোঅপাৰেটিভ ছ'চায়েটিৰ অতিৰিক্ত পঞ্জীয়ক বি কে আগৰৱালাই দাখিল কৰা তদন্তমূলক প্ৰতিবেদনত সেই কথা স্পষ্টকৈ উল্লেখ কৰিছে। প্ৰতিবেদনৰ ৬ নং পৃষ্ঠাত তদন্তকাৰী বিষয়াজনে আয়ুৰ্বেদিক চিকিৎসক ডাঃ পংকজ চন্দ্ৰ বৈশ্য আৰু জয়ন্তীপুৰ এল পি স্কুলৰ প্ৰধান শিক্ষক কুলেন চন্দ্ৰ বৈশ্যই চৰকাৰী নিয়ম অনুসৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা যাৱতীয় এন অ' চি নোলোৱাকৈয়ে এই পদবীত অধিষ্ঠিত হৈ আছে বুলি কৈছে যদিও সেই সন্দৰ্ভত আজিও কোঅপাৰেটিভ ছ'চায়েটিৰ পঞ্জীয়কৰ কাৰ্যালয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

ইফালে এইজন চৰকাৰী চিকিৎসকে প্ৰতিদিনে কোঅপাৰেটিভ ছ'চায়েটিখনৰ কাৰ্যালয়লৈ অহাৰ বাবদ ২০০০ টকাকৈ দৈনিক বানচ লৈ আহিছে। সেই টকাৰ লোভতে মাহত ১৪/১৫ দিন কোঅপাৰেটিভ কাৰ্যালয়লৈ আহি ২৮ ৰ পৰা ৩০ হাজাৰ টকা ভ্ৰমণ বানচৰ নামত আদায় লৈছে ডাঃ বৈশ্যই।

উল্লেখযোগ্য যে, কোঅপাৰেটিভ ছ'চায়েটিখনৰ বৰ্ড অফ ডাইৰেক্টৰ্ছৰ সভাত সভাপতিক এনে ভ্ৰমণ বানচ বা দৈনিক বানচ দিব নালাগে বুলি সিদ্ধান্ত লোৱাৰ পাছতো গাৰ জোৰত তথাকথিত চিকিৎসকজনে এই ধন লৈ আহিছে। কেৱল এয়াই নহয়, চছাইটিখনৰ জৰিয়তে এক দালাল আৰু মধ্যভোগীৰ সৃষ্টিৰে ইয়াৰ ধন আত্মসাৎ কৰাৰো অভিযোগ উঠিছে এই চিকিৎসকজনৰ বিৰুদ্ধে।

৫৩৫ জন শ্বেয়াৰ হল্ডাৰ থকা এই চছাইটিখনৰ বিভিন্ন কামৰ জৰিয়তে লাখ লাখ টকা আত্মসাৎ কৰি ছ'চায়েটিখনক মৃত্যুমুখলৈ ঠেলি দিয়াৰো গুৰুতৰ অভিযোগ উঠিছে ছ'চায়েটিখনৰ সভাপতি, সম্পাদকৰ বিৰুদ্ধে। নিভাঁজ ব্ৰেণ্ডত মিঠাতেল, আটা, পাম অইল, ৰিফাইন, চয়াবিন অইল, চাহৰ পেকেজিং আৰু মাৰ্কেটিং কৰে এই ছ'চায়েটিখনে।

কিছুদিনৰ আগলৈকে নিভাঁজ ব্ৰেণ্ডৰ মিঠাতেলৰ জৰিয়তে যথেষ্ঠ লাভ কৰিছিল যদিও বৰ্তমান প্ৰতি লিটাৰ মিঠাতেলৰ পেকেজিঙৰ নামত ছ'চায়েটিখনে ১ টকাকৈ লোকচান ভৰি আহিছে। ইয়াৰ কাৰণ হ'ল ছ'চায়েটিখনৰ সভাপতিগৰাকী। অভিযোগ অনুসৰি, ইয়াৰ পূৰ্বে স্থানীয় যোগানকাৰীয়ে ছ'চায়েটিখনক যোগান ধৰিছিল মিঠাতেল। কিন্তু সভাপতিজনে মইমতালিৰে স্থানীয় যোগানকাৰীক বঞ্চিত কৰি ৰাজস্থানৰ পৰা অহা মিঠাতেল পোনপতীয়াকৈ টেংকেৰে সংগ্ৰহ কৰে।

ৰাজস্থানৰ পৰা অহা এই মিঠাতেল সংগ্ৰহ কৰাৰ সময়তে চলে কমিচনৰ অংক। প্ৰতি লিটাৰ মিঠাতেলৰ বাবদত ৰাজস্থানৰ সেই যোগানকাৰীৰ পৰা কমিচন আহে সভাপতি, সম্পাদকৰ জেপলৈ। সেই অভিযোগ একাংশ অংশীদাৰৰ।

ছ'চায়েটিখনৰ মিঠাতেল উৎপাদন কৰা ইউনিটত প্ৰতিদিনেই ১৯৮৮০ লিটাৰ মিঠাতেল উৎপাদন কৰিব পৰা ক্ষমতা থকাৰ পাছতো এতিয়া প্ৰতিদিনে ৩২০০ লিটাৰ মিঠাতেলহে উৎপাদন কৰে। কেতিয়াবা সেই পৰিমাণ আৰু হ্ৰাস পায়।

বৰ্তমান প্ৰতিলিটাৰ মিঠাতেলত ১.৩৯ টকাৰ লোকচানত বজাৰত বিক্ৰী কৰি আছে ৰহস্যজনক ভাবত। ইফালে চয়াবিন অইলৰ ৰিফাইন প্ৰজেক্ট প্ৰডাকচন ইউনিট লোকচানৰ বাবেই বন্ধ কৰি দিয়া হৈছে। যিকোনো প্ৰকাৰে এই ছ'চায়েটিখনৰ ধন ইহাত, সিহাত কৰাৰ স্বাৰ্থত এক লবী সৃষ্টিৰে সভাপতি ডাঃ বৈশ্যই একনায়কত্ববাদ চলাইছে।

আনকি যাৱতীয়া অনুমোদন নোহোৱাকৈয়ে বহিঃৰাজ্যত ছ'চায়েটিৰ বিষয়া, কৰ্মচাৰীক প্ৰশিক্ষণৰ বাবে পঠায় কোঅপাৰেটিভ পঞ্জীয়কৰ কাৰ্যালয়ৰো তেওঁ জবাবদিহি হৈছে। তেওঁৰ এনে মানসিকতাৰ বাবেই নিভাঁজ ৰিফাইন অইলৰ ইউনিটে ২৬ লাখ ২৪ হাজাৰ ৫১০ টকা লোকচান ভৰিবলগীয়া হৈছে।

লাভজনক এই ছ'চায়েটিখনৰ আছে ১৮ টাকৈ গুদাম। ১ লাখ ৯৩ হাজাৰ ২৮০ বৰ্গ ফুটৰ এই গুদাম কেইটাৰ পৰাই বছৰি ২৫ লাখৰো অধিক টকা উপাৰ্জন কৰে ছ'চায়েটিখনে। ছ'চায়েটিৰ নামত থকা বিল্ডিঙৰ ১৩২ টা ৰুমৰ ৬৪ টা ৰুম ভাড়ালৈ দিয়াত আছে।

বশিষ্ঠৰ জৱহাৰ নগৰত এই ৱেৰ হাউচৰ কম্প্লেক্স থকাৰ উপৰিও ছ'চায়েটিৰ নামত আছে ২৭ বিঘাকৈ ম্যাদী মাটি। ইয়াৰ উপৰিও চছাইটিয়ে ৯ খন বিভিন্ন প্ৰকাৰৰ গাড়ীও ক্ৰয় কৰি থৈছে। সেই গাড়ী ক্ৰয়ৰ বাবেও এইগৰাকী সভাপতিয়ে যাৱতীয় অনুমোদন নোলোৱাৰ অভিযোগ আছে।

ইফালে যিকোনো প্ৰকাৰে ধন আত্মসাৎ কৰা এই ছ'চায়েটিখনৰ সভাপতি সম্পাদকে অলপতে মহানগৰীত ১০ কঠা মাটিও কিনিবলৈও সিদ্ধান্ত লৈছিল। সেই মাটি বেচা-কিনাৰ নামতো কমিচনৰ আন এক ষড়যন্ত্ৰ ৰচনা কৰিছিল যদিও ছ'চায়েটিখনৰ একাংশ বৰ্ড অফ ডাইৰেক্টৰ্ছৰ তৎপৰতাত সেয়া সম্ভৱ হৈ উঠা নাই।

ইফালে ছ'চায়েটিখনৰ সভাপতিগৰাকীয়ে সম্পাদকৰ সৈতে মিলি ৮ মহলীয়া এটা অট্টালিকা নিৰ্মাণৰ বাবেও আগবাঢ়িছে। এই অট্টালিকাৰ বাবদ ছ'চায়েটিখনে প্ৰায় ৬ কোটি টকা ব্যয় কৰিব লাগিব। এই নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ বাবে পূৰ্বে আৰ্হি নক্সাৰ নিৰ্মাণৰ বাবেই ৩০/৪০ লাখ টকা ব্যয় কৰিবলৈ তেওঁলোক সাজু হৈছে।

বহু লোকৰ পৰিশ্ৰমৰ অন্তত থন ধৰি উঠা এই বাণিজ্যিক কোঅপাৰেটিভ সমবায়খনক এনেকৈয়ে এতিয়া মৃত্যুৰ মুখলৈ ঠেলি দিছে ডাঃ বৈশ্য আৰু তেওঁৰ কোম্পানীয়ে। হাজোৰ বেজেৰাৰ ঘৰৰ পৰা এই কো অপাৰেটিভখন নিয়ন্ত্ৰণ কৰিবলৈ মাহটোত ১৪/১৫ দিন বশিষ্ঠলৈ অহা ডাঃ বৈশ্যই কেনেকৈ চৰকাৰী চিকিৎসকৰ চাকৰি কৰি আছে সেয়াও এক গুৰুত্বপূৰ্ণ প্ৰশ্ন।

লাভজনক ছ'চায়েটিখন সময় থাকোঁতেই ৰক্ষা নকৰিলে ডাঃ বৈশ্য আৰু তেওঁৰ কোম্পানীয়ে এইখন যে লুটি-পুতি খাব সেয়া স্পষ্ট হৈ পৰিছে। আনহাতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা এন অ' চি নোহোৱাকৈয়ে তেওঁলোক কেনেকৈ এই চছাইটিৰ সভাপতি, সম্পাদক হ'ল তাক লৈ আইনী প্ৰশ্ন উঠিছে।

ছ'চায়েটিৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰোঁতে ডাঃ বৈশ্যই কামৰূপ গ্ৰাম্যৰ যুটীয়া সঞ্চালকৰ পৰা আৰু কুলেন চন্দ্ৰ বৈশ্যই কামৰূপ গ্ৰাম্যৰ কৰৰাৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ পৰা ধনৰ বিনিময়ত ধনৰ বিনিময়ত এই প্ৰমাণ পত্ৰ সংগ্ৰহ কৰাৰো অভিযোগ আছে। এই সমগ্ৰ কাণ্ড তদন্ত কৰিলে ছ'চায়েটিখনৰ ভিতৰভাগত ডাঃ বৈশ্যৰ নেতৃত্বত ব্যাপক আৰ্থিক কেলেংকাৰী আৰু অনিয়ম সবিশেষ পোহৰলৈ আহিব।

ৰাজ্য চৰকাৰ তথা কোঅপাৰেটিভ ছ'চায়েটি পঞ্জীয়কৰ কাৰ্যালয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হৈছে লক্ষ্যণীয়। ইফালে চৰকাৰী আয়ুৰ্বেদিক চিকিৎসক ডাঃ পংকজ বৈশ্যৰ বিৰুদ্ধে স্বাস্থ্য বিভাগে তদন্ত কৰিলেও জালিয়াতিৰে তেওঁ এন অ' চি সংগ্ৰহ কৰাৰ আন এক অধ্যায় মুকলি হ'ব।

নিভাঁজত ভেজাল! কোঅপাৰেটিভ চছাইটিৰ সভাপতি হৈ লুণ্ঠনত ব্যস্ত চিকিৎসক
ঔষধৰো বিশ্বাস নাইঃ কোম্পানীয়ে চান্দা দিলেই সন্তুষ্ট হয় চৰকাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in