ঔষধৰো বিশ্বাস নাইঃ কোম্পানীয়ে চান্দা দিলেই সন্তুষ্ট হয় চৰকাৰ...

ইলেক্টৰেল বণ্ডৰ তথ্যত উন্মোচিত ভয়ংকৰ তথ্য
ঔষধৰো বিশ্বাস নাইঃ কোম্পানীয়ে চান্দা দিলেই সন্তুষ্ট হয় চৰকাৰ...
ঔষধৰো বিশ্বাস নাইঃ কোম্পানীয়ে চান্দা দিলেই সন্তুষ্ট হয় চৰকাৰ...

ঔষধৰ মূল্য বৃদ্ধি নতুন কথা নহয়। জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধিয়ে মানুহক জুৰুলা কৰিছে। কিন্তু এই ঔষধসমূহৰ মানদণ্ড কিমান সেয়া কোনে সৰ্বসাধাৰণক জনাব? চৰকাৰত থকা ৰাজনৈতিক দলক চান্দা দিলেই 'সাত খুন মাফ' ঔষধ প্ৰস্তুতকাৰী কোম্পানীসমূহৰ। ইলেক্টৰেল বণ্ডেই পোহৰলৈ আনিছে এই তথ্য। এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন।

ইলেক্টৰেল বণ্ডৰ নামত দেশত সংঘটিত হোৱা এটাৰ পিছত এটাকৈ ক'লা অধ্যায় পোহৰলৈ আহিছে। কিদৰে বিজেপিয়ে কেন্দ্ৰত শাসনত থকাৰ সোৱাদতে বিভিন্ন ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাক ব্যৱহাৰ কৰি একাংশ প্ৰতিষ্ঠানৰ পৰা ইলেক্টৰেল বণ্ডৰ নামত চান্দা সংগ্ৰহ কৰিছিল সেয়া পোহৰলৈ আহিছে।

কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ইলেক্টৰেল বণ্ডৰ নামত একাংশ ঔষধ প্ৰস্তুতকাৰী কোম্পানীৰ পৰা ধন সংগ্ৰহ কৰি এই প্ৰতিষ্ঠানসমূহক মানুহৰ জীৱনৰ সৈতে খেলা কৰিবলৈও এৰি দিয়া হৈছিল। এই বিষয়েও শেহতীয়াকৈ তথ্য পোহৰলৈ আহিছে।

ব্লাড প্ৰেছাৰ, ডায়েবেটিচ, মেলেৰিয়া, কোভিড, হৃদৰোগ আদিৰ দৰে ৰোগত আক্ৰান্তৰ চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা প্ৰচলিত ঔষধসমূহৰ চাহিদা দেশত যথেষ্ট বৃদ্ধি পাইছে। এনে পৰিস্থিতিত যদি এই ঔষধ প্ৰস্তুতকাৰী কোম্পানীসমূহৰ ঔষধ পৰীক্ষা বিফল হয় তেন্তে সেয়া নিশ্চয় এক চিন্তাৰ কাৰণ হৈ পৰে।

কিন্তু তাতোকৈ ডাঙৰ কথা এনে ঔষধ প্ৰস্তুতকৰ্তা কোম্পানীয়েই আকৌ ইলেক্টৰেল বণ্ডৰ নাত শ শ কোটি টকা শাসকীয় দলক চান্দা হিচাপে আগবঢ়াইছে। শেহতীয়াকৈ দেশত জীৱনদায়িনী ঔষধৰ মূল্য বহুগুণে বৃদ্ধি পাইছে। ইয়াৰ অন্তৰালত যে ইলেক্টৰেল বণ্ডৰ নামত ঔষধ প্ৰস্তুতকাৰী কোম্পানীয়ে ৰাজনৈতিক দলক দিবলগীয়া হোৱা চান্দাও এটা মূখ্য কাৰণ সেয়া প্ৰমাণ হৈছে।

ইলেক্টৰেল বণ্ডৰ তথ্য এছ বি আইয়ে নিৰ্বাচন আয়োগক দাখিল কৰাৰ পাছত আয়োগে ৰাজহুৱা কৰা এই তথ্যৰ বিশ্লেষণ এতিয়াও সম্পূৰ্ণ হোৱা নাই। প্ৰায় প্ৰতিদিনেই এই তথ্যৰ আধাৰত ন ন তথ্যৰ উন্মোচন হৈছে। শেহতীয়াকৈ বি বি চিৰ এক প্ৰতিবেদনত ঔষধ প্ৰস্তুতকাৰী একাংশ কোম্পানীৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।

তথ্য অনুসৰি দেশৰ মুঠ ২৩ টা ফাৰ্মা কোম্পানীয়ে আৰু এখন চুপাৰ স্পেচিয়েলিটি হাস্পতালে ইলেক্টৰেল বণ্ডৰ জৰিয়তে ৭৬২ কোটি টকা ৰাজনৈতিক দলক চান্দা হিচাপে দিছিল। এই ২৩ টা কোম্পানীৰ ভিতৰত বহু কেইটা কোম্পানীৰে ঔষধ পৰীক্ষা বিফল হৈছিল।

তেনে কেইটামান ঔষধ প্ৰস্তুতকাৰী কোম্পানী হৈছে টৰেন্ট ফাৰ্মাচিউটিকেল লিমিটেড, চিপ্লা লিমিটেড, চান ফাৰ্মা লেবৰেটৰিজ লিমিটেড, জাইডাছ হেল্থকেয়াৰ লিমিটেড, হেটেৰো ড্ৰাগছ লিমিটেড আৰু হেটেৰো লেবচ লিমিটেড, ইণ্টাছ ফাৰ্মাচিউটিকেলচ লিমিটেড, আই পি চি এ লেবৰেটৰিজ লিমিটেড, গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলচ লিমিটেড আদি।

ইয়াৰে গুজৰাটত পঞ্জীয়নকৃত টৰেন্ট ফাৰ্মাচিউটিকেল লিমিটেডে ২০১৮ ৰ পৰা ২০২৩ ৰ মাজত প্ৰস্তুত কৰা ৩ টাকৈ ঔষধৰ পৰীক্ষা বিফল হৈছিল। এই তিনিটা ঔষধ আছিল ডিপ্লেট এ ১৫০, নিকোৰান আই ভি ২আৰু লোপামাইড।

ইয়াৰে ডিপ্লেট এ ১৫০ য়ে হৃদৰোগত আক্ৰান্ত হ'লে মানুহৰ জীৱন ৰক্ষা কৰে, নিকোৰান আই ভি ২ য়ে হৃদযন্ত্ৰৰ কাৰ্য হ্ৰাস কৰে আৰু লোপামাইড হ্ৰস্বম্যাদী বা দীৰ্ঘম্যাদী ডায়েৰিয়াৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। এই কোম্পানীয়ে ২০১৯ ৰ ৭ মে'ৰ পৰা ২০২৪ ৰ ১০ জানুৱাৰীলৈ মুঠ ৭৭.৫ কোটি টকা ইলেক্টৰেল বণ্ডৰ নামত চান্দা দিছিল। ইয়াৰে ৬১ কোটি টকাই গৈছিল বিজেপিলৈ। ৫ কোটি গৈছিল কংগ্ৰেছলৈ আৰু ৭ কোটি গৈছিল ছিকিম ক্ৰান্তিকাৰী মৰ্চালৈ।

সেইদৰে চিপ্লা লিমিটেড নামৰ ঔষধ প্ৰস্তুতকাৰী কোম্পানীটো পঞ্জীয়ন হৈ আছে মুম্বাইত। ২০১৮ ৰ পৰা ২০২৩ ৰ ভিতৰত এই কোম্পানীৰ মুঠ ৭ বাৰ ঔষধ পৰীক্ষা বিফল হৈছিল। ঔষধ পৰীক্ষন বিফল হোৱা এই ঔষধসমূহৰ ভিতৰত আছে আৰচি কফ চিৰাপ, লিপাভাছ টেবলেট, অণ্ডানছেট্ৰন আৰু চিপেৰামি বেজী।

ইয়াৰে চিপেৰোমি বেজী কোভিডৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। কলেষ্টেৰল হ্ৰাস কৰিবলৈ, হৃদৰোগৰ আশংকা দূৰ কৰিবলৈ লিপৱাছ ব্যৱহাৰ কৰা হয়। কৰ্কট ৰোগৰ কেমোথেৰাপী, কেমোথেৰাপি চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ ফলত হোৱা ওকালি অহা আৰু বমি অহা আদি ৰোধ কৰিবলৈ অণ্ডেনছেট্ৰন ব্যৱহাৰ কৰা হয়।

এই কোম্পানীটোৱে ইলেক্টৰেল বণ্ডৰ নামত ২০১৯ ৰ পৰা ২২ ৰ ভিতৰত মুঠ চান্দা দিছে ৩৯.২ কোটি টকা। ইয়াৰে ৩৭ কোটি টকাই গৈছে বিজেপিৰ একাউণ্টলৈ। কংগ্ৰেছৰ একাউণ্টলৈ গৈছিল ২.২ কোটি টকা।

মুম্বাইত পঞ্জীয়ন হৈ থকা চান ফাৰ্মা লেবৰেটৰিজ লিমিটেডে প্ৰস্তুত কৰা ঔষধ ২০২০ ৰ পৰা ২০২৩ লৈ মুঠ ৬ বাৰ ঔষধ পৰীক্ষনত বিফল হৈছে। ঔষধ পৰীক্ষনত বিফল হোৱা তেনে ঔষধৰ তালিকাত আছে কাৰ্ডিভাচ, লেটোপ্ৰষ্ট আই ড্ৰপ আৰু ফ্লেক্সুৰা ডি।

ইয়াৰে উচ্চ ৰক্তচাপ, হৃদযন্ত্ৰ সম্পৰ্কীয় বুকুৰ বিষ আৰু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ চিকিৎসাৰ বাবে কাৰ্ডিভাচ ব্যৱহাৰ কৰা হয়। এইকোম্পানীটোৱে ২০১৯ ত ৰাজনৈতিক দলক মুঠ চান্দা দিছে ৩১.৫ কোটি টকা। এই সমুদায় ধন লাভ কৰিছে বিজেপিয়ে।

মুম্বাইতে পঞ্জীয়ন হোৱা আন এটা ঔষধ প্ৰস্তুতকাৰী কোম্পানী হৈছে জাইডাছ হেল্থকেয়াৰ লিমিটেড। এই প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰা ঔষধত গুণগত মানদণ্ডৰ অভাৱ থকাৰ বিষয়ে ২০২১ ত এক প্ৰতিবেদনত উল্লেখ কৰিছিল বিহাৰৰ ঔষধ নিয়ন্ত্ৰকে।

কিন্তু এই কোম্পায়ীটোৱে ২০২২ ৰ অক্টোবৰৰ পৰা ২০২৩ ৰ জুলাইৰ ভিতৰত মুঠ ২৯ কোটি টকা ৰাজনৈতিক চান্দা দিছে। ইয়াৰে ১৮ কোটি যায় বিজেপিৰ একাউণ্টলৈ, ৮ কোটি টকা যায় ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ একাউণ্টলৈ আৰু কংগ্ৰেছৰ একাউণ্টলৈ যায় ৩ কোটি টকা।

তেলেংগানাৰ হায়দৰাবাদত পঞ্জীয়নকৃত হেটেৰো ড্ৰাগছ লিমিটেড আৰু হেটেৰো লেবচ লিমিটেডে প্ৰস্তুত কৰা কেইবাটাও ঔষধ ২০১৮ ৰ পৰা ২০২১ চনৰ ভিতৰত ঔষধ পৰীক্ষনত বিফল হৈছিল। ইয়াৰ ভিতৰত আছিল কোভিডৰ চিকিৎসাত ব্যৱহাৰ কৰা ঔষধৰ উপৰিও ডায়েবেটিচ ৰোগৰ ঔষধো।

২০২২ ৰ এপ্ৰিলৰ পৰা ২০২৩ ৰ জুলাইৰ ভিতৰত এই কোম্পানীটোৱেই নিৰ্বাচনী চান্দা দিছিল ৩০ কোটি টকা। এই সমুদায় ধন গৈছে বি আৰ এছৰ একাউণ্টলৈ। ইয়াৰ পৰৱৰ্তী সময়ত প্ৰতিষ্ঠানটোৱে পুনৰ ২৫ কোটি টকা দিছিল। ইয়াৰে ২০ কোটি গৈছিল বি আৰ এছলৈ আৰু ৫ কোটি টকা গৈছিল বিজেপিলৈ।

গুজৰাটৰ আহমেদাবাদত মুখ্য কাৰ্যালয় থকা ইণ্টাছ ফাৰ্মাচিউটিকেলচ লিমিটেড নামৰ ঔষধ নিৰ্মাতা প্ৰতিষ্ঠানটোৱে ২০২২ ৰ ১০ অক্টোবৰৰ ভিতৰত নিৰ্বাচনী বণ্ড হিচাপে বিজেপিক দিছিল ২০ কোটি টকা। এই প্ৰতিষ্ঠানটোৰো উচ্চ ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ হোৱা ঔষধ পৰীক্ষন বিফল হৈছিল।

আই পি চি এ লেবৰেটৰিজ লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে ২০২২ ৰ নৱেম্বৰৰ পৰা ২০২৩ ৰ অক্টোবৰৰ ভিতৰত ইলেক্টৰেল বণ্ড হিচাপে দিছিল ১৩.৫ কোটি টকা। ইয়াৰে ১০ কোটি গৈছিল বিজেপিলৈ আৰু ৩.৫ কোটি গৈছিল ছিকিম ক্ৰান্তিকাৰী মৰ্চালৈ। এই প্ৰতিষ্ঠানটোৱে ২০১৮ ত প্ৰস্তুত কৰা মেলেৰিয়া প্ৰতিৰোধৰ ঔষধ পৰীক্ষন বিফল হৈছিল।

গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলচ লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে ২০২২ ৰ পৰা ২৩ ৰ ভিতৰত প্ৰস্তুত কৰা ৬ টা ঔষধ পৰীক্ষা বিফল হৈছিল। এই ঔষধসমূহ আছিল উচ্চ ৰক্তচাপ, ডায়েবেটিচ ৰোগৰ। অথচ এই প্ৰতিষ্ঠানটোৱেও ২০২২ ত বিজেপিক দিছিল ৯.৭৫ কোটি টকাৰ চান্দা।

উল্লেখ্য যে, জাইডাছ হেল্থকেয়াৰ লিমিটেডৰ বাহিৰে বাকী আটাইকেইটা কোম্পানীৰ ঔষধৰ পৰীক্ষা কৰিছিল মহাৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসন বিভাগে। ইয়াৰ ঔষধৰ নমুনাবোৰ সংগ্ৰহ কৰিছিল ছিকিম, চিৰমৌৰ, বিজয়ৱাড়া, ডেৰাডুন, নৱসাৰী, চোলান আৰু কামৰূপ, অসমত নিৰ্মিত কোম্পানীবোৰৰ পৰা।

এনে ঔষধ প্ৰস্তুতকাৰী কোম্পানীয়ে ৰাজনৈতিক দলক এইদৰে বৃহৎ পৰিমাণে চান্দা আদায় দিয়া বিষয়টোক সহজভাৱে ল'ব পৰা নাই বিশেষজ্ঞমহলে। কোনো কাৰণ নোহোৱাকৈ এই ফাৰ্মা কোম্পানীবোৰে ৰাজনৈতিক দলক চান্দা নিদিয়ে।

যিহেতু এই ফাৰ্মা কোম্পানীবোৰক চৰকাৰে নিয়ন্ত্ৰণ কৰে গতিকে তেওঁলোকে এনে বহু কাৰণৰ বাবেই চৰকাৰী পক্ষত থকা দলক চান্দা আদায় দিছে। ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ সচিব হিচাপে এসময়ত কাম কৰা সুজাতা ৰাও নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াই বি বি চিক কোৱা মতে ফাৰ্মা কোম্পানীবোৰৰ সৈতে সদায় বিভিন্ন সমস্যা থাকে। বিশেষকৈ তেওঁলোকৰ ঔষধৰ মানদণ্ডৰ ক্ষেত্ৰত যথেষ্ট সমস্যা থাকে।

উল্লেখ্য যে, ইলেক্টৰেল বণ্ডৰ তথ্য পোহৰলৈ অহাৰ পাছতে দেশজুৰি চৰ্চালৈ আহিছিল কিদৰে ফাৰ্মা কোম্পানীত ইডি, আয়কৰ বিভাগৰ অভিযান চলিছিল আৰু তাৰ পাছতে ৰাজনৈতিক দললৈ চান্দা আগবঢ়াইছিল। ইয়াৰ পৰাই অনুমান কৰিব পাৰি দেশত ঔষধৰ নামত কিদৰে এক খেলা হৈ আছে।

কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল এতিয়াও স্পষ্ট হোৱা নাই এই প্ৰতিষ্ঠানসমূহে প্ৰস্তুত কৰা ঔষধৰ পৰীক্ষন বিফল হোৱাৰ পাছতো সেই ঔষধসমূহ ব্যৱহাৰ হৈ আছে নে, বন্ধ হৈছে। কিন্তু এই কথা নিশ্চিত যে, মানুহৰ জীৱনৰ সৈতে খেলা হৈছে।

ঔষধৰ মানদণ্ড হ্ৰাস পাইছে। এইসকলোবোৰৰ পৰা লোকচান কেৱল সাধাৰণ মানুহৰে হৈছে। ঔষধৰ মূল্য বৃদ্ধিয়ে যিদৰে সাধাৰণ মানুহৰ পকেটত প্ৰভাৱ পেলাইছে সেইদৰে নিম্ন মানদণ্ডৰ ঔষধে মানুহৰ স্বাস্থ্যলৈও বিপদ মাতিছে। টকা খৰচ কৰি ঔষধো ক্ৰয় কৰিছে অথচ সেই ঔষধেই ভেজাল হৈ পৰিছে।

ঔষধৰো বিশ্বাস নাইঃ কোম্পানীয়ে চান্দা দিলেই সন্তুষ্ট হয় চৰকাৰ...
সোনম ৱাংচুকৰ ২১ দিনীয়া অনশনৰ সমাপ্তি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in