/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/d3f45dce-0490-4375-b6fa-1df61c3a47b6/AP_FOR_WEB_new_format_pratibedon_2_shivnath.jpg)
তেওঁ বিজ্ঞানৰ মাজেৰে ৰস ঢালি সমাজক দিছিল অমূল্য বাৰ্তা। তেওঁৰ লেখা অথবা তেওঁৰ অমূল্য গ্ৰন্থই সমাজক দিছিল চিন্তাৰ খোৰাক। অসমীয়া ভাষা-সাহিত্যৰ বাবে তেওঁ কৰিছিল অহোপুৰুষাৰ্থ। তেওঁ আছিল অসমীয়া জাতিৰ এক বৌদ্ধিক স্পন্দন। উৎসৱ তেওঁ উদযাপন কৰি ভাল নাপাইছিল। অৱশ্যে দীপাৱলীৰ প্ৰতি আছিল দুৰ্বলতা। তেওঁ আন কোনো নহয়।ড০ শিৱনাথ বৰ্মন। তেওঁৰ সন্দৰ্ভতেই অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
দীপাৱলী তেওঁৰ বৰ প্ৰিয় আছিল। আন উৎসৱবোৰৰ প্ৰতি তেওঁৰ আগ্ৰহ নাছিল যদিও দীপাৱলী বৰ উপভোগ কৰিছিল। এইদৰে কৈ হুকহুকাই কান্দি দিছিল ড০ শিৱনাথ বৰ্মনৰ পত্নী অঞ্জনা বৰ্মনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/12744838-8220-4f57-b7e3-8315015b4a09/67842533_a160_4ec6_8e08_a12484488033.jpg)
উপলক্ষ আছিল এক অনুষ্ঠান। তেওঁৰ নামত ড০ শিৱনাথ বৰ্মন স্মৃতি ন্যাসে আৰম্ভ কৰিছে এটা পুথিভৰাঁল। তেখেতৰ অবৰ্তমানত তেখেতৰ নিজৰ আৰু ব্যক্তিগত পুথিভৰাঁলত থকা কিতাপবোৰ আগ্ৰহী পঢ়ুৱৈৰ বাবে মুকলি কৰি দিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।
ৰাজগড় পথৰ ৮নং উপ-পথৰ ২৩৯ নম্বৰৰ ঘৰ(মিত্ৰালয়)ত আয়োজন কৰা হৈছিল- এই পুথিভৰাঁল মুকলি অনুষ্ঠান। বহু গুণমুগ্ধ আহি উপস্থিত হৈছিল সেই উপলক্ষে।
১২ নৱেম্বৰ ২০২৩ দেওবাৰে ঘৰৰ চৌহদতে আয়োজন কৰা হৈছিল এই অনুষ্ঠানৰ। বিশিষ্ট সাংবাদিক,লেখক হাইদৰ হুছেইনে ড০ শিৱনাথ বৰ্মনৰ নামত আৰম্ভ কৰা এই পুথিভৰাঁলৰ শুভাৰম্ভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/37088d44-2e9b-41c4-8960-32ecf6a09e76/bc485e8e_a554_4ac8_8528_feb452f416a4.jpg)
উক্ত অনুষ্ঠানত বিশিষ্ট লেখক সুনীলপৱন বৰুৱা,ড০ ৰজনীকান্ত দাস আদি বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকি ড০ বৰ্মনৰ সৈতে তেওঁলোকৰ সান্নিধ্যৰ দিনবোৰৰ কথা সোঁৱৰণ কৰে। বিশিষ্ট নিবন্ধকাৰ পৰমানন্দ মজুমদাৰে আঁত ধৰে এই অনুষ্ঠানৰ।
ড০ শিৱনাথ বৰ্মন আছিল বিজ্ঞান মনস্কতাৰে ভক্তিবাদৰ ধাৰাক লৈ গৱেষণা কৰা, পদাৰ্থ বিজ্ঞানৰ অধ্যাপক। অসমীয়া ভাষাক লৈ অতি সচেতন আছিল তেওঁ। সুদীৰ্ঘ কাল শিক্ষকতা কৰাৰ পাছতো সক্ৰিয় সাংবাদিকতাৰে এজন সম্পাদকৰ পৰিচয় দিয়া ড০ শিৱনাথ বৰ্মন আছিল অসমীয়া জাতিৰ এক বৌদ্ধিক স্পন্দন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/2b8f55c8-27db-4cfb-acac-475838ad2dc1/087fdc5c_1fbd_4b71_b2cb_3eeaa4df56d0.jpg)
তেওঁৰ ক্ষেত্ৰখন আছিল বিভিন্ন বিষয়েৰে ভৰা এখন বহল ক্ষেত্ৰ। অতি সাধাৰণভাৱেই তেওঁ কিছু অসাধাৰণ কাম কৰি গৈছিল। প্ৰজ্ঞা আৰু সাধনাই তেওঁক নিৰন্তৰ ব্যস্ত কৰি ৰাখিছিল। ৮১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা ড০ শিৱনাথ বৰ্মনৰ বৰ্ণময়ী জীৱনৰ কথা কৈ শেষ কৰিব নোৱাৰি।
ঈশ্বৰক তেওঁ বিশ্বাস নকৰিছিল। কিন্তু ভক্তিবাদক তেওঁ অৰ্থহীন ৰূপত প্ৰতিষ্ঠা কৰিবলৈ কোনোদিনেই চেষ্টা কৰা নাছিল। আইনষ্টাইন আৰু পদাৰ্থ জগতৰ পৰা স্বদেশ স্বমতলৈকে, শ্ৰীমন্ত শংকৰদেৱৰ কৃতি আৰু কৃতিত্বৰ পৰা অসমীয়া জীৱনী অভিধানলৈকে, অসমীয়া ব্যাকাৰণৰ অভিধানৰ পৰা অসমীয়াৰ জনজাতিৰ সমস্যালৈকে, হেমচন্দ্ৰ বৰুৱাৰ কৰ্ম আৰু প্ৰতিভাৰ পৰা সাধক-সাধনালৈকে তেওঁৰ সৃষ্টি বিয়পি আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/372933d6-e1fc-41cb-84cd-183ce277e78b/6a75597a_d569_4fe0_be70_1daf3e6bba05.jpg)
তেওঁ ৰচনা কৰা সেই অমূল্য গ্ৰন্থবোৰ আৰু তেওঁ সংগ্ৰহত থকা মূল্যৱান গ্ৰন্থসমূহ উপলব্ধ হ’ব এই পুথিভঁৰালত। পুঢ়ৱৈৰ বাবে সুখৰ কথা যে,সমাজ বিজ্ঞানী ড০ বৰ্মনৰ নামত আৰম্ভ কৰা এই পুথিভৰাঁল ৰাইজৰ বাবে পৰিয়ালটোৱে মুকলি কৰি দিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/848864cd-e66d-4c50-bb14-c30294d8a6dc/ec38a82f_9f55_4da9_a3f9_37b91f7626fc.jpg)
প্ৰণালীবদ্ধভাৱে এই গ্ৰন্থসমূহ সংৰক্ষণ কৰিব পুথিভৰাঁলটোত। গৱেষকসকলৰ বাবে এয়া হ’ব জ্ঞানৰ এক ডাঙৰ ভাণ্ডাৰ। এই অনুষ্ঠানত উপস্থিত থাকি পুথিভৰাঁলটো উদ্বোধন কৰি হাইদৰ হুছেইনে কয়-ড০ শিৱনাথ বৰ্মন আছিল এগৰাকী অনন্য ব্যক্তিত্বৰ অধিকাৰী। বিভিন্ন সময়ত তেওঁ মোৰ লগত লখিমপুৰ,ডিব্ৰুগড় আদি ঠাইলৈ গৈছিল। তেঁও ভিতৰত সহজ আছিল। কিন্তু বাহিৰত ক্ৰোধাম্বিত। প্ৰকৃতাৰ্থত মানুহৰ মাজত নিজক বিলীন কৰি দিব পাৰিছিল তেওঁ। লগতে ড০ বৰ্মনৰ সৈতে ঘটা বহু ঘটনা তেওঁ ৰোমন্থন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/e73010e1-10f3-4771-9a87-509a41b9cfd9/e6f5dd0b_e299_4450_a2b3_9f09ec027491.jpg)
অসমীয়া তেওঁ কতো পঢ়োৱা নাছিল। পঢ়াইছিল পদাৰ্থ বিজ্ঞান। শিক্ষক হিচাপে পদাৰ্থ বিজ্ঞানৰ চৰ্চাহে তেওঁ কৰিছিল। শ্ৰেণীকোঠাত পদাৰ্থ বিজ্ঞানৰ জটিল অংক, তত্ব বুজোৱা মানুহজনে কিন্তু ডক্টৰেট ডিগ্ৰী লৈছিল বুৰঞ্জী বিষয়ত।
প্ৰাক ঔপনিবেশৰ সময়চোৱাত ভাৰতত বিজ্ঞানৰ বিকাশক লৈ তেওঁ গৱেষণা কৰিছিল। অসমৰ বৌদ্ধিক ক্ষেত্ৰখনলৈ তেওঁৰ অৱদান অতি উল্লেখযোগ্য। ১৯৪২ চনত(সোঁৱৰণী অনুসৰি ১৯৪১) যোৰহাটত জন্মগ্ৰহণ কৰা বিশিষ্ট চিন্তাবিদ গৰাকীয়ে ১৯৬৩ চনত পদাৰ্থ বিজ্ঞানত কটন কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পৰৱৰ্তী সময়ক স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/ebe42557-e441-43ba-9476-e19d1abcef12/89de23d6_772f_4dc3_bd28_79e2541e3f5a.jpg)
বহু গ্ৰন্থৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছিল তেওঁ। আইষ্টাইন আৰু পদাৰ্থ জগত, স্বদেশ-স্বমত, ন মনুষ্যৎ, লোক-কৃষ্টিৰ উৎস, অন্বেষা ,শ্ৰীমন্ত শংকৰদেৱঃকৃতি আৰু কৃতিত্ব, অসমীয়া জীৱনি অভিধান, অসমীয়া আখৰ জোঁটনিৰ কথা, শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ উত্তৰ সুৰীসকল, অসমীয়া ব্যাকৰণ অভিধান, ভাৰতীয় চিন্তা, অসমৰ জনজাতি সমস্যা, হেমচন্দ্ৰ বৰুৱা, সাধক আৰু সাধনা আদিকে ধৰি প্ৰায় ৩৮ খনৰো অধিক মৌলিক গ্ৰন্থ তেওঁৰ ৰচনা কৰি থৈ গৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/fc0e15e2-a6be-4204-b0c8-bee59e4bb6db/194ed97c_92f6_485f_ad44_98c7e487ab70.jpg)
অসমীয়া জীৱনী সাহিত্যলৈ তেখেতৰ আছিল বিশেষ অৰিহণা। অসমীয়া জীৱনী অভিধান বুলি যিখন কিতাপ তেওঁ লিখিছিল তাত প্ৰায় ১৪০০ মানুহৰ বিষয়ে লিখিছিল।
‘তেওঁ অতি অধ্যয়নশীল আছিল। যিকোনো বিষয় এটা ইমান গভীৰভাৱে তেওঁ অধ্যয়ন কৰে। এতিয়া আজিকালি লিখা-পঢ়া মানুহ ওলাইছে ঠিকেই,কিন্তু ইমান গভীৰতালৈ কোনোও যাব নোখোজে।' অনুষ্ঠানত এইদৰে মন্তব্য কৰে সুনীলপৱন বৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/ba2a17b4-f79a-45b0-8e05-b3362cb91cce/a0014fa6_83e7_4a0d_af23_d9da2c4d9c35.jpg)
অনুষ্ঠানত ড০ ৰজনীকান্ত দাসে কয়- জ্ঞান চৰ্চা য'ত আছে,তাতেই পবিত্ৰতা আছে। ড০ শিৱনাথ বৰ্মন এজন সমাজ সচেতন আৰু লেখক হিচাপে অসমৰ জনসমাজত সন্মানীয় আসনত উপৱিষ্ট হৈ আছে। শেষত তেওঁ জ্ঞান অনন্বেষণত নতুনকৈ সংযোজন হোৱা এই পুথিভৰাঁলটোৰ দীৰ্ঘায়ু কামনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/1f2910dd-e959-4936-8fd1-a3c0d5c002b7/5113f45a_0ef3_4caa_993a_ce14678bf6f3.jpg)
Also Read: ড০ শিৱনাথ বৰ্মনৰ ব্যক্তিগত পুথিভঁৰাল পঢ়ুৱৈৰ বাবে মুকলি কৰাৰ সিদ্ধান্তঃ ১২ নৱেম্বৰত বিশেষ সভা...