/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/1f81e770-0e7c-405e-a916-decc660f538d/dr_barman.jpg)
ড০ শিৱনাথ বৰ্মনৰ ব্যক্তিগত পুথিভঁৰাল পঢ়ুৱৈৰ বাবে মুকলি কৰাৰ সিদ্ধান্তঃ ১২ নৱেম্বৰত বিশেষ সভা...
ডিজিটেল ডেস্কঃ ৰাজ্য়ৰ প্ৰয়াত বিশিষ্ট শিক্ষাবিদ, সমাজ বিজ্ঞানী ড০ শিৱনাথ বৰ্মনৰ ব্যক্তিগত পুথিভঁৰালটো আগ্ৰহী পাঠকৰ বাবে মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ড০ শিৱনাথ বৰ্মন স্মৃতি ন্যাসে গ্ৰহণ কৰা এই সিদ্ধান্তক কাৰ্যকৰীৰ কৰাৰ নিমিত্তে ১২ নৱেম্বৰত মহানগৰীৰ ৰাজগড়স্থিত ৮ নং উপপথত থকা প্ৰয়াত শিক্ষাবিদগৰাকীৰ বাসগৃহত (ঘৰ নং-২৩৯) এক বিশেষ সভাৰ আয়োজন কৰা হৈছে।
দিনৰ ২ বজাত এই সভাৰ জৰিয়তেই ড০ বৰ্মনৰ বহুমূলীয়া তথা আপুৰোগীয়া গ্ৰন্থৰে সমৃদ্ধ পুথিভঁৰাল পাঠক সমাজৰ বাবে মুকলি কৰা হ'ব। তদুপলক্ষে এই অনুষ্ঠানলৈ আগ্ৰহী গ্ৰন্থপ্ৰেমী তথা প্ৰয়াত শিক্ষাবিদগৰাকীৰ অনুগামীক আমন্ত্ৰণ জনাইছে ড০ শিৱনাথ বৰ্মন স্মৃতি ন্যাসে। উল্লেখ্য ১৯৪১ চনত যোৰহাটত জন্মগ্ৰহণ কৰা ড০ বৰ্মনে বিগত বছৰৰ ১৫ ডিচেম্বৰত ৰোগাক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/28d023bb-b5b7-422f-8a92-b025d67d5752/a0d18953_a558_4051_aa4b_a39fcd89dfe2.jpg)
Also Read: গাত খজুৱতিৰ সামগ্ৰী লগাই শিলচৰত বেংক গ্ৰাহকৰ পৰা দুৰ্বৃত্তই লুটিলে ৪.২০ লাখ...