লুৰিণে বাধ্য কৰিলে সোণোৱালক, ৰঞ্জিত দত্তই সমষ্টি এৰি দিলে পল্লৱক !

লোকসভা নিৰ্বাচনৰ বিজেপিৰ সমীকৰণ
লুৰিণে বাধ্য কৰিলে সোণোৱালক, ৰঞ্জিত দত্তই সমষ্টি এৰি দিলে পল্লৱক !
লুৰিণে বাধ্য কৰিলে সোণোৱালক, ৰঞ্জিত দত্তই সমষ্টি এৰি দিলে পল্লৱক !

বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকাতে অসমৰ সমূহ বিজেপি প্ৰাৰ্থীৰ নাম ঘোষণা। এই প্ৰাৰ্থী তালিকাত আছে কেইবাটাও সমীকৰণ। আছে দলক ভাৰাসাম্য কৰি ৰখাৰ নীতি। লুৰিণ জ্যোতি গগৈৰো প্ৰভাৱ পৰিছে এই প্ৰাৰ্থী তালিকাত। এই সকলো দিশ সামৰি তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা। ১৯৫ গৰাকী প্ৰাৰ্থীৰ নাম সন্নিৱিষ্ট এই তালিকাত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহ মন্ত্ৰী অমিত শ্বাহৰ পৰা আৰম্ভ কৰি মুঠ ৩৪ গৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ নাম।

অসমৰ মুঠ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত ১১ টা সমষ্টিৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম। এই ১১ টা লোকসভা সমষ্টি ক্ৰমে গুৱাহাটী, ডিফু, শিলচৰ, কৰিমগঞ্জ, নগাওঁ, শোণতিপুৰ, কাজিৰঙা, যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ আৰু দৰং-ওদালগুৰি। কোকৰাঝাৰ মিত্ৰ দল ইউ পি পি এললৈ আৰু বৰপেটা, ধুবুৰী সমষ্টি মিত্ৰদল এজিপিলৈ এৰিলে।

অসমত বিজেপিয়ে কাক কাক প্ৰাৰ্থীত্ব প্ৰদান কৰিব তাকলৈ পূৰ্বৰে পৰা চৰ্চা চলিছিল। আমিও পূৰ্বেই বিজেপিৰ সাম্ভাব্য প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছিলোঁ। আমাৰ সেই সাম্ভাব্য তালিকাত স্থান লাভ কৰাসকলেই আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা তালিকাত স্থান লাভ কৰিছে।

অসমৰ ১১ খন আসনৰ বাবে বিজেপিয়ে ঘোষণা কৰা প্ৰাৰ্থী তালিকাই কেইবাটাও ইংগিত বহন কৰিছে। একাষাৰতে বিজেপিৰ এই তালিকাই এক ভাৰাসাম্য ৰক্ষা কৰিব পাৰিছে বুলি ক'ব পাৰি যদিও অৱশ্যে এই প্ৰাৰ্থী তালিকাক লৈ দলটোৰ একাংশৰ মাজত অসন্তুষ্টি নিশ্চয়কৈ থাকিব।

দলটোৱে সাংসদ তপন গগৈ, প্ৰদান বৰুৱা, দিলীপ শইকীয়া, কৃপানাথ মাল্লাক পুনৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে যদিও কুইন ওজা, ৰাজদ্বীপ ৰয়, হৰেন সিং বেক প্ৰাৰ্থীত্ব প্ৰদান নকৰিলে। একেদৰে প্ৰাৰ্থীত্ব প্ৰদান নকৰিলে ৰামেশ্বৰ তেলীক। তেজপুৰ সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসেও নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ আগ্ৰহী নোহোৱাত তেওঁকো প্ৰাৰ্থীত্ব প্ৰদান নকৰিলে।

অনিশ্চা স্বত্বেও ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ বাধ্য হ'ল ৰাজ্যসভাৰ সাংসদ হৈ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি থকা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পূৰ্বেও লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা সোণোৱালে অৱশ্যে লখিমপুৰ লোকসভা সমষ্টিৰ পৰাহে নিৰ্বাচিত হৈ সংসদলৈ গৈছিল।

এইবাৰ পুনৰ তেওঁ নতুনকৈ ডিব্ৰুগড় লোকসভা সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব লাগিব। অৱশ্যে ডিগ্ৰুগড় লোকসভা সমষ্টি তেওঁৰ নিজা গৃহ সমষ্টি। কিন্তু ডিব্ৰুগড়ৰ সমষ্টিৰ বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলীক আঁতৰাই সোণোৱালক ডিব্ৰুগড়ত প্ৰাৰ্থীত্ব প্ৰদান কিয় কৰিলে? এই প্ৰশ্ন হয়তো বহুতৰে মনলৈ আহিছে।

দৰাচলতে বিজেপিয়ে ডিব্ৰুগড় সমষ্টিত তেওঁলোকৰ প্ৰাৰ্থী অনায়াসে নিৰ্বাচিত হ'ব বুলি কৈ আহিছিল যদিও কংগ্ৰেছে লুৰিণজ্যোতি গগৈক এই সমষ্টি এৰি দিয়াৰ সিদ্ধান্ত লোৱাৰ পাছতে এই সমষ্টি বিজেপিৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছিল। ৰামেশ্বৰ তেলীয়ে লুৰিণ জ্যোতিৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিলে সমষ্টিতো হেৰুওৱাৰ ভয়তে বিজেপিয়ে শক্তিশালী প্ৰাৰ্থী সোণোৱালক প্ৰক্ষেপ কৰিলে।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ ডিব্ৰুগড় লোকসভা সমষ্টিত আছে প্ৰভাৱ। দলটোৰ এজনো বিধায়ক নাই যদিও লুৰিণ জ্যোতিৰ নিজা ভাৱমূৰ্তিয়ে তেওঁৰ শক্তি হিচাপে বিবেচিত হৈছিল।

যদিও আপে এই সমষ্টিটোৰ বাবে মনোজ ধানোৱাৰক ইতিমধ্যে প্ৰক্ষেপ কৰিছে তথাপিও লুৰিণ শক্তিশালী হিচাপে স্বয়ং বিজেপিৰে দৃষ্টিত ধৰা দিছিল। ৰামেশ্বৰ তেলী আৰু মনোজ ধানোৱাৰ দুয়ো চাহ জনজাতীয় লোক হোৱাৰ বাবেই তেওঁলোকৰ পকেট ভোটৰ বিভাজনো বিজেপিৰ বাবে এক আশংকাৰ কাৰণ হৈ পৰিছিল।

এনে প্ৰেক্ষাপটতে সোণোৱালে অনিশ্চা স্বত্বেও ডিব্ৰুগড়ৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ বাধ্য হৈছে। অৱশ্যে সোণোৱলৰ প্ৰতিদ্বন্দিতাই লুৰিণ জ্যোতিক যে প্ৰথমটো আঘাত কৰিলে সেয়া নিশ্চিত। লুৰিণ জ্যোতিৰ তুলনাত ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল স্বাভাৱিকতে শক্তিশালী।

বিজেপিৰ প্ৰাৰ্থী তালিকাত আৰু এটা কথা স্পষ্ট হয়। নগাওঁ লোকসভা সমষ্টিত দলটোৱে ইতিমধ্যে পৰাজয় স্বীকাৰ কৰি লৈছে বুলি ক'লেও ভুল কোৱা নহ'ব। প্ৰাক্তন সাংসদ ৰাজেন গোঁহাইয়ে এই সমষ্টিত বিজেপিৰ পৰাজয় নিশ্চিত বুলি মন্তব্য কৰাৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকায়ো এই সমষ্টি তেওঁলোকৰ বাবে প্ৰত্যাহ্বান হিচাপে থিয় দিছে বুলি স্বীকাৰ কৰিছে।

নগাওঁ লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ অথবা গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দিতা কৰিব। এই দুয়োজনেই কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী। এওঁলোকৰ বিৰুদ্ধে বিজেপিয়ে প্ৰক্ষেপ কৰিলে সুৰেশ বৰাক।

বঢ়মপুৰ সমষ্টিত বিধানসভা নিৰ্বাচনত পৰাজিত হোৱা সুৰেশ বৰাই নগাওঁ জিলা কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব এৰি সৌ-সিদিনা বিজেপিত যোগদান কৰিছিল। বিধানসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পিছৰে পৰা জনতাৰ পৰা প্ৰায় আঁতৰি থকা সুৰেশ বৰাই বিজেপিত যোগদান কৰি বিজেপি কৰ্মীৰ সৈতে একাত্ম হোৱাৰ পূৰ্বেই তেওঁক প্ৰাৰ্থীত্ব প্ৰদান কৰাত স্বাভাৱিকতে একাংশ কৰ্মীৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হ'ব। তাতোকৈ ডাঙৰ কৰা সুৰেশ বৰা নিজেই কিমান নিৰ্বাচনৰ বাবে প্ৰস্তুত তাক লৈও বিভিন্নজনে প্ৰশ্নৰ অৱতাৰণা কৰিছে।

গুৱাহাটী সমষ্টিৰ সাংসদ কুইন ওজাৰ নাম আশা কৰা ধৰণেই বাদ পৰিছে। কিন্তু তেওঁৰ স্থানত বিজুলী কলিতা মেধিক প্ৰক্ষেপ কৰা বিষয়টোৱেও এক ইংগিত বহন কৰিছে। গুৱাহাটী লোকসভা সমষ্টিত বিজেপি স্বাভাৱিকতে আজিৰ তাৰিখত শক্তিশালী।

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত পাৰিষদ হিচাপে নিৰ্বাচিত হৈ আহি এতিয়া বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰীৰ দায়িত্ব পালন কৰি থকা বিজুলী কলিতা মেধি প্ৰাৰ্থী হিচাপে শক্তিশালী নহ'লেও গুৱাহাটী সমষ্টি মহিলাৰ বাবে অঘোষিত সংৰক্ষিত আসন হিচাপে পুনৰবাৰ প্ৰমাণ কৰিলে।

একেদৰে বিজেপিয়ে পৰিমল শুক্লবৈদ্য, ৰঞ্জিত দত্তৰ দৰে জ্যেষ্ঠ নেতাকো এইবাৰ প্ৰাৰ্থীত্ব প্ৰদান কৰি ক্ষোভিত একাংশ জ্যেষ্ঠ নেতাৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰিলে। অৱশ্যে ইয়াৰ আঁৰত আছে আন এক অংক।

জ্যেষ্ঠ বিজেপি নেতা ৰমেন ডেকাই টিকট বিচাৰিছিল যদিও তেওঁক টিকট বঞ্চিত কৰা হ'ল। এই বিষয়টোৱে চৰ্চালৈ আহি দলটোৰ ভিতৰচৰাত যাতে অসন্তুষ্টি বৃদ্ধি নকৰে তাৰ বাবেই ৰঞ্জিত দত্ত, পৰিমল শুক্লবৈদ্যৰ দৰে জ্যেষ্ঠ নেতাক টিকট প্ৰদান কৰিলে।

ৰঞ্জিত দত্তক টিকট দিয়াৰ আঁৰৰ মূল কাৰণ অৱশ্যে পৃথক। সমষ্টি পুনৰ নিৰ্ধাণৰ বাবে জ্যেষ্ঠ বিজেপি বিধায়ক তথা প্ৰাক্তন ৰাজ্যিক সভাপতি ৰঞ্জিত দত্তই সমষ্টি হেৰুৱাইছে। তেওঁৰ বিহালী সমষ্টি অনুসূচীত জাতিৰ বাবে সংৰক্ষিত হৈছে।

ইফালে সাংসদ পল্লৱ লোচন দাসে দিছপুৰলৈ ঘূৰি আহিবলৈ বিচৰাত পল্লৱৰ বাবেও এটা বিধানসভা সমষ্টিৰ প্ৰয়োজন। এনে পৰিস্থিতিত ৬৭ বছৰীয়া ৰঞ্জিত দত্তক শোণিতপুৰ (পূৰ্বৰ তেজপুৰ) বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰি বিহালী সমষ্টি পল্লৱ লোচনৰ বাবে মুকলি কৰিলে।

এই বিহালী সমষ্টিৰ পৰাই পল্লৱ লোচনে প্ৰথমবাৰৰ বাবে ৰঞ্জিত দত্তক পৰাস্ত কৰি অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। সেইদৰে কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত চাহ জনগোষ্ঠীয় ভোটাৰৰ অংকৰ বাবেই কামাখ্যা প্ৰসাদ টাছাক ৰাজ্যসভাৰ পৰা আনি লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ প্ৰাৰ্থীত্ব প্ৰদান কৰিলে।

হৰেনসিং বেক আঁতৰাই অমৰসিং টিচ' প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে। মন কৰিবলগীয়া যে, এই অমৰসি টিচ' তুলিৰাম ৰংহাঙৰ ঘনিষ্ঠ আৰু তুলিৰাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ মানুহ।

এনেবোৰ দিশৰ পৰা এটা কথাই স্পষ্ট হৈছে বিজেপিয়ে ১১ টা সমষ্টিত যিসকলক প্ৰাৰ্থীক প্ৰক্ষেপ কৰিলে তাৰ জৰিয়তে দলটোৰ মাজত এক ভাৰাসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰিলে। দলটোৰ পুৰণি আৰু ন-বিজেপি বা জ্যেষ্ঠ আৰু কনিষ্ঠৰ মাজত যাতে সংঘাতৰ সৃষ্টি নহয় তাৰো এক পদক্ষেপ গ্ৰহণ কৰিলে।

কিন্তু ইয়াৰ মাজতে ইতিমধ্যে মুখ খুলিছে নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ বিজেপি অশোক শৰ্মাৰ দৰে নেতাই। সেয়ে এতিয়া প্ৰশ্ন হয় দলটোৰ মাজত সৃষ্টি হোৱা এনে বিদ্ৰোহৰ কিদৰে মুখামুখী হয় দলটো?

লুৰিণে বাধ্য কৰিলে সোণোৱালক, ৰঞ্জিত দত্তই সমষ্টি এৰি দিলে পল্লৱক !
৩৪ কেন্দ্ৰীয় মন্ত্ৰী, ২৮ মহিলা আৰু ৪৭ যুৱকৰে বিজেপিৰ ১৯৫ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in