/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/4a9808f8-9f45-4883-bba7-f1da2ab358c7/AP_FOR_WEB_bjp_list_.jpg)
৩৪ কেন্দ্ৰীয় মন্ত্ৰী, ২৮ মহিলা আৰু ৪৭ যুৱকৰে বিজেপিৰ ১৯৫ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা...
ডিজিটেল ডেস্কঃ বিজেপিয়ে আজি ঘোষণা কৰিলে ২০২৪ লোকসভা নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা। সেই অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিদ্বন্দিতা কৰিব উত্তৰ প্ৰদেশৰ বাৰনাসী সমষ্টিৰ পৰা। আনহাতে গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিদ্বন্দিতা কৰিব গান্ধীনগৰ লোকসভা সমষ্টিৰ পৰা।
উল্লেখ্য আজি ঘোষণা কৰা এই প্ৰথমখন প্ৰাৰ্থী তালিকাত মুঠ ১৯৫ গৰাকী প্ৰাৰ্থীৰ নাম সন্নিৱিষ্ট হৈছে। এই প্ৰাৰ্থী তালিকাত মুঠ ৩৪ গৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ নাম উল্লেখ আছে। মুঠ ১৯৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে ২৮ গৰাকী মহিলা। এছ চি সম্প্ৰদায়ৰ ২৭ গৰাকী, অ' বি চি সম্প্ৰদায়ৰ ৫৭ গৰাকী প্ৰাৰ্থী। ৫০ বছৰৰ তলৰ প্ৰাৰ্থী আছে ৪৭ গৰাকী। এই ৪৭ গৰাকী প্ৰাৰ্থীক দলটোৱে যুৱ প্ৰাৰ্থী আখ্যা দিছে।
তিনিজন প্ৰাক্তন মুখ্যমন্ত্ৰী ক্ৰমে মধ্যপ্ৰদেশৰ শিৱৰাজ সিং চৌহানে বিদিশা সমষ্টিত, ত্ৰিপুৰাৰ বিপ্লৱ দেৱ শৰ্মাই ত্ৰিপুৰা পশ্চিম সমষ্টিত আৰু সৰ্বানন্দ সোণোৱালক ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব দিয়া হৈছে।
সেইদৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক কোটা সমষ্টিত মুছলমান সম্প্ৰদায়ৰ ডাঃ আব্দুল ছালামক কেৰালাৰ মলপুৰম সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।
তালিকা অনুসৰি উত্তৰ প্ৰদেশৰ বাবে ৫১ গৰাকী, পশ্চিমবংগৰ বাবে ২০ গৰাকী মধ্যপ্ৰদেশৰ বাবে ২৪ গৰাকী, গুজৰাটৰ বাবে ১৫ গৰাকী, ৰাজস্থানৰ বাবে ১৫ গৰাকী, কেৰালাৰ বাবে ১২ গৰাকী, তেলেংগানাৰ বাবে ৯ গৰাকী, অসমৰ ১১ গৰাকী, ছত্তিশগড়ৰ বাবে ১১ গৰাকী, দিল্লীৰ বাবে ৫ গৰাকী আন্দামান আৰু নিকোবৰৰ বাবে ১ গৰাকী, অৰুণাচল প্ৰদেশৰ বাবে ২ গৰাকী, দাদৰ নগৰ হাৱেলী আৰু ডামান ডিউৰ বাবে ১ গৰাকী, গোৱাৰ বাবে এগৰাকী জম্মু কাশ্মীৰৰ বাবে ২ গৰাকী, ঝাৰখণ্ডৰ বাবে ১১ গৰাকী, উত্তৰাখণ্ডৰ বাবে ৩ গৰাকী, ত্ৰিপুৰাৰ বাবে ১ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে।
অৰুণাচল প্ৰদেশৰ ২ খন আসনৰ বাবে কেন্দ্ৰীয়মন্ত্ৰী কিৰেণ ৰিজিজু আৰু টাপিৰ গাৱৰ নাম ঘোষণা কৰা হৈছে। অসমৰ ১১ খন আসনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ তপন গগৈ, প্ৰদান বৰুৱা, কৃপানাথ মাল্লা, দিলীপ শইকীয়া, কামাখ্যা প্ৰসাদ তাছাৰ উপৰিও বিজুলী কলিতা মেধি, পৰিমল শুক্লবৈদ্য, সুৰেশ বৰা, অমৰসিং টিচ', ৰঞ্জিত দত্তৰ নাম ঘোষণা কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/14e55c53-78ec-48f9-b88d-854ca9cf81aa/GHq6hsUXIAAZ6Cy.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/a66bbd61-d707-42cd-ad3b-e12a27ccaa69/GHq6hwrWEAEo_AU.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/a85c5703-6832-4798-b9c9-f739297be7a4/GHq6hyIXAAABiM0.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/352692f0-a01c-4360-9d85-6d567d41bfa9/GHq6hz9WsAA2J1e.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/51564ae0-17ec-4c84-b53c-5c44fed3bfa3/GHq6iZsWYAAbh0A.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/786f755a-44a0-4556-a6fc-4ec45c793cb9/GHq6icuXkAAxLTS.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/6ba6fd1e-bcd7-444b-bb0b-e3317024071f/GHq6ilqXUAAMxz_.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/70aa1a23-f6c5-488c-81b9-65b82cfb562a/GHq6iszWkAAXwVw.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/d581d268-5fc8-4234-9b30-b2441c595a6c/GHq6jeIWIAAOcFs.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/7eaedf96-2b43-46d3-8b2f-59bb8615f3d5/GHq6jivWUAAEy51.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/9eca966a-ed79-4b35-9b65-18f3372362bf/GHq6jl0WoAAaa78.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/fbd5720b-5ee6-42c1-9998-eb5184475b02/GHq6ju7WMAECxjH.jpg)
Also Read: অসমৰ ১১ টা লোকসভা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা...