মাতৃৰ মমতা বনাম অপৰাধ...

মাতৃৰ মমতা বনাম অপৰাধ...
মাতৃৰ মমতা বনাম অপৰাধ...

এফালে পুত্ৰ হেৰুওৱাৰ শোক আনফালে মাতৃৰ মমতা। ভাতৃ হত্যাকাৰী পুত্ৰক জেলৰ পৰা উলিয়াবলৈ বিচাৰিছে সাহায্য। বিবুধিত জনতা। চৌদিশে বৃদ্ধি পোৱা হত্যা, হিংসাৰ আঁৰত আছে কি? এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

এগৰাকী দু্ৰ্ভগীয়া মাতৃ। স্বামী ৰুগীয়া। দুই সন্তান কৰ্মসূত্ৰে গৈছিল বেংগালুৰুলৈ। প্ৰথমে গৈছিল কনিষ্ঠ ভাতৃ তাৰ পিছত দ্বিতীয়জন ভাতৃ। পিতৃ-মাতৃক এৰি বহিঃৰাজ্যত কৰ্মৰত দুই ভাতৃৰ সপোন আছিল আৰ্থিক জুৰুলা অৱস্থাৰ পৰা মুক্ত হোৱা।

কনিষ্ঠ জনতকৈ মাজুজন আছিল অধিক দায়িত্বশীল। আৰ্থিক ভাৱে জুৰুলা ঘৰখনক টনকিয়াল কৰাৰ আশাত, বৃদ্ধ পিতৃ-মাতৃক কিছু সকাহ দিয়াৰ উদ্দেশ্যৰে জ্যেষ্ঠজন কাষ চাপিছিলগৈ বেংগালুৰুত কৰ্মৰত হৈ থকা কনিষ্ঠ ভাতৃৰ।

পিছে কালক্ৰমত দুই ভাতৃৰ এজনে বহিঃৰাজ্যতে হেৰুৱালে প্ৰাণ। আনজন আকৌ ভাতৃ হত্যাৰ অপৰাধত বন্দী কাৰাগাৰাত। ৰুগীয়া স্বামীক লৈ অসহায় এইগৰাকী মাতৃৰ এতিয়া কৰুণ বিননি। ভাতৃ হত্যাৰ অপৰাধত অপৰাধী কাৰাবন্দী পুত্ৰক জেলৰ পৰা মুক্ত কৰিবলৈ লাগে ৬০ হাজাৰ টকা।

অসমৰে কাহিনী এয়া। বহুতেই প্ৰশ্ন কৰিব পাৰে- নিজ ককায়েকক হত্যাকৰা ভায়েকক কিয় জেলৰ পৰা উলিয়াই আনিব লাগে? বহুতেই আকৌ ক’ব হত্যাৰ অপৰাধত অপৰাধী জন মুকলি আকাশৰ তলত নহয়, জেলত থকাৰে যোগ্য।

কোনো মাতৃয়ে নিজ সন্তানক অপৰাধী হিচাপে গঢ়ি তুলিব নিবিচাৰে। আনৰ দৃষ্টিত অপৰাধী হলেও মাতৃৰ বাবে সন্তান সদায়েই সন্তানেই। জন্মতে কোনো অপৰাধী হৈ নজন্মে। পৰিস্থিতিয়ে মানুহক অপৰাধী হিচাপে গঢ়ি তোলে।

শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি পাইছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা। অপৰাধ নিয়ন্ত্ৰণৰ বাবে আৰক্ষী, প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলেও অপৰাধৰ সংখ্যা হ্ৰাস হোৱাৰ পৰিৱৰ্তে বৃদ্ধিহে হৈছে। ইয়াৰ অন্তৰালৰ কাৰণবোৰ বাৰু কি?

ভালকৈ লক্ষ্য কৰিলে এটা কথা স্পষ্ট হয় যে, চাৰিওফালে সংঘটিত হৈ থকা ঋণাত্মক কাম-কাজ আৰু ইয়াৰ অত্যাধিক প্ৰচাৰে মানুহৰ মনতো ঋণাত্মক প্ৰভাৱ পেলাইছে। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে বন্দনা কলিতাৰ দৰে জঘণ্য হত্যাকাৰীকো আজিৰ তাৰিখত আদৰ্শ হিচাপে লোৱা মানুহ ওলাইছে এইখন অসমতেই।

হত্যা, হিংসা, ধৰ্ষণ, মৰেল পুলিচিং আদি ঘটনাৰ খবৰ ইমান বেছি চৰ্চা হ’বলৈ ধৰিছে যে, এই ঘটনাবোৰ তেনেই স্বাভাৱিক যেন হৈ পৰিছে। সামান্য কথাতে মানুহে, মানুহৰ গাত হাত তুলিবলৈ, হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে।

যেন হৈ পৰিছে ভাতৰ লগত পানী খোৱাৰ দৰে তেনেই সাধাৰণ কথা।হত্যাও হৈ পৰিছে মনোৰজঞ্জনৰ এক মাধ্যম। আন বাতৰিতকৈ হত্যা, ধৰ্ষণ আদিৰ বাতৰিৰ পঢ়ুৱৈ বা দৰ্শকৰ সংখ্যা সৰ্বাধিক। হত্যাৰ বাতৰিয়ে পাই অধিক ভিউজ।

মানুহক অপৰাধ কৰিবলৈ কেতিয়াবা পৰিস্থিতিয়েও বাধ্য কৰায়। পৰিস্থিতিৰ কৱলত পৰি মানুহে নভবাকৈয়ে অপৰাধ সংঘটিত কৰি বিপদ মাতি আনিছে। সৌ সিদিনাখন তেজপুৰৰ এটা বেংকৰ পৰা ২০ লাখৰো অধিক টকা লৈ উধাও হোৱা সেই ঘটনা হয়তো সকলোৰে মনত আছে।

২০ বছৰে এটা বেংকত অস্থায়ী কৰ্মচাৰী হিচাপে দায়িত্ব পালন কৰি অহা অমায়িক সেই চতুৰ্থবৰ্গৰ কৰ্মচাৰীজনে চাকৰি নিয়মীয়া নোহোৱাৰ দুখত, ধনৰ অভাৱত পৰিয়েই মদ্যপান কৰি ২০ লাখৰো অধিক টকা চোৰ কৰা নাছিল নে? আৰক্ষীৰ আগত নিজেই এই কথা স্বীকাৰ কৰা এই অপৰাধীজনৰ পক্ষতেই থিয় দিছিল সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰীসকল।

কোভিডৰ পাছৰ পৰ্যায়ত মানুহৰ আৰ্থিক অৱস্থা অধিক জুৰুলা হৈছে। কৰ্মসংস্থাপনহীনতাত ভূগি থকা বহুতেই মদ, জুৱা আদিৰ দৰে ৰাগিয়াল দ্ৰব্য আদিক আকোৱালি লৈ সাময়িক ভাৱে সকলো দুখ, বেদনা পাহৰি যোৱাৰ চেষ্টা কৰিছে। চৰকাৰে দৰিদ্ৰ, নিৱনুৱাৰ বাবে বিভিন্ন আঁচনি লৈছে যদিও সেই আঁচনিয়ে চুব পৰা নাই এইসকল লোকক।

তাৰ মাজতে আছে আকৌ মূল্যবৃদ্ধি, অত্যাধিক কৰৰ বুজাৰ দৰে সমস্যাবোৰ। এইসকলোবোৰ বাদ দিও আন এচামে আকৌ সংস্কাৰহীনতা, সঠিক দিক নিৰ্দেশনাৰ অভাৱত, পিতৃ-মাতৃৰ দায়িত্বহীনতা আৰু অত্যাধিক মৰম তথা প্ৰয়োজনতকৈ অধিক পকেট মানিৰ বাবে ড্ৰাগছৰ দৰে বৰবিহ সেৱন কৰি অন্য এখন জগতত বিচৰণ কৰিবলৈ লৈছে। যুৱ প্ৰজন্মৰ এটা অংশ ড্ৰাগছৰ কৱলত পৰিয়েই পৰ্যায়ক্ৰমে অপৰাধ জগতখনৰ সৈতে নিজকে জড়িত কৰি লৈছে।

নিয়মিত ড্ৰাগছ সেৱনৰ বাবে প্ৰথমে ঘৰত নানান ধৰণে অত্যাচাৰ কৰি পৰৱৰ্তী সময়ত সমাজত বিভিন্ন অপৰাধমূলক ঘটনা সংঘটিত কৰি বিশৃংখলতাৰ সৃষ্টি কৰাই নহয়, নিজৰ সুন্দৰ ভৱিষ্যতো ধ্বংস কৰিছে। ড্ৰাগছৰ বাবে পিতৃ, মাতৃক মাৰধৰ কৰা, ৰাজপথত পথাচাৰীক আক্ৰমণ কৰা, চোৰ, ডকাইতৰ দৰে ঘটনা সংঘটিত কৰি আহিছে এইসকল লোকে।

সমাজত বৃদ্ধি পোৱা এনে অপৰাধ প্ৰৱণতাই সমাজখনক বিশৃংখল কৰাই নহয় উঠি অহা কেইবাটাও প্ৰজন্মক অপৰাধৰ প্ৰতি আগ্ৰহী কৰি তুলিছে। সমাজত সংঘটিত হৈ থকা এনে অপৰাধৰ ঘটনা অত্যাধিক প্ৰচাৰে আন এচামৰ মনত সৃষ্টি কৰিছে অপৰাধ প্ৰৱণতা। ক’ব নোৱাৰাকৈয়ে অপৰাধ সংঘটিত কৰিছে বহুতেই।

মানসিক দুঃচিন্তা, আৰ্থিক দৈন্যতাই মানুহৰ সহনশীলতা নোহোৱা কৰিছে। যাৰ বাবেই বেংগালুৰুত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত হৈ থকা সোণমনি বৰাই ভাতৃ ৰঞ্জন বৰাক চুৰিৰে পেটত আঘাত কৰি হত্যা কৰিলে। বেংগালুৰুত একেটা গৃহতে বাস কৰা দুই ভাতৃৰ মাজত পূৰ্বৰ পৰা নাছিল কোনো সংঘাত।

যোৱা ফেব্ৰুৱাৰীৰ ১৭ তাৰিখে সংঘটিত হোৱা এই ঘটনাই নগাঁও জিলাৰ উৰিয়াগাওঁ আৰু গোমোঠা গাওঁ সীমান্তৰ কলংপাৰত চাঞ্চল্য সৃষ্টি কৰিছিল। যোৱা দুটা মাহে ভাতৃ হত্যাকাৰী সোণমনি বেংগালুৰুৰ কাৰাগাৰত আৱদ্ধ। তেওঁক কাৰাগাৰৰ পৰা মুক্ত কৰিবলৈ এতিয়া উকিলে বিচাৰিছে ৭০ হাজাৰ টকা।

সোণমনিৰ অসুস্থ পিতৃ নন্দেশ্বৰ বৰাই এই টকা যোগাৰ কৰিব পৰা নাই। অসুস্থ নন্দেশ্বৰ বৰাৰ পত্নীয়ে সেয়ে এতিয়া বাচিৰিছে বিভিন্নজনৰ সহায়। সমাজে এতিয়া এইগৰাকী অসহায় মাতৃক কিদৰে সহায় কৰিব?

এজন হত্যাকাৰীক কৰাগাৰৰ পৰা মুক্ত কৰিবলৈ সমাজ আগুৱাই আহিবনে? নে মাতৃৰ মমতাক উপলব্ধি কৰি সকলোৱে জেলৰ পৰা সোণমনিক উলিয়াই অনাত হাত উজান দিব?  অৱশ্যে বহুজনেই সোণমনিক জেলৰ পৰা মুক্ত কৰি অনাৰ বিৰোধিতা কৰিছে। ভাতৃ হত্যাৰ জঘন্য অপৰাধত অপৰাধী সোণমনিক জেলতেই থাকি আত্মশুদ্ধি কৰাৰ সপক্ষে মত দিছে বহুজনে।

তাৰ মাজতে আকৌ বহুতেই সোণমনিৰ দুৰ্ভগীয়া মাতৃক আইনী সাহায্য বিচাৰি হায়দৰাবাদৰ নিম্ন আদালত আৰু কৰ্ণাটকৰ উচ্চ ন্যায়ালয়লৈ আৱেদন কৰিবলৈ পৰামৰ্শ দিছে। এই আৱেদনে সোণমনিক জেলৰ পৰা মুক্ত আকাশৰ তললৈ অহাৰ বাট মুকলি কৰেনে নাই সেয়া সময়ে ক’ব। কিন্তু অপৰাধ আৰু অপৰাধী কেন্দ্ৰিক এনে পৰিস্থিতিৰ অৱসান কেতিয়া হ’ব? সেয়া আজিৰ তাৰিখত এক ডাঙৰ প্ৰশ্ন।

বৰ্ধিত অপৰাধ, অপৰাধীৰ সম্পৰ্কত পৰৱৰ্তী সময়ত বিস্তাৰিত ভাৱে অসমীয়া প্ৰতিদিন ডিজিটেলে প্ৰতিবেদন প্ৰচাৰ কৰিব। এই প্ৰতিবেদনতেই হয়তো সন্ধান ওলাব অপৰাধ দূৰিকৰণৰ বাট। মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও বিচাৰ কৰা হ’ব এই জটিল বিষয়টো।

মাতৃৰ মমতা বনাম অপৰাধ...
'আপ'লৈ ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি, মৰ্যদা হেৰুৱালে তৃণমূল কংগ্ৰেছ আৰু আন দুই দলে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in