'আপ'লৈ ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি, মৰ্যদা হেৰুৱালে তৃণমূল কংগ্ৰেছ আৰু আন দুই দলে

আম আদমি পাৰ্টিলৈ ৰাষ্ট্রীয় দলৰ মৰ্যাদা। সোমবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে কৰিলে এই ঘোষণা। লগতে আয়োগে কয় যে তিনিটা দলে হেৰুৱালে ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি।

author-image
Asomiya Pratidin
New Update
'আপ'লৈ ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি, মৰ্যদা হেৰুৱালে তৃণমূল কংগ্ৰেছ আৰু আন দুই দলে

ডিজিটেল ডেস্কঃ আম আদমি পাৰ্টিলৈ ৰাষ্ট্রীয় দলৰ মৰ্যাদা। সোমবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে কৰিলে এই ঘোষণা। লগতে আয়োগে কয় যে তিনিটা দলে হেৰুৱালে ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি। নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি তৃণমূল কংগ্ৰেছ, শাৰদ পাৱাৰৰ দল এন চি পি আৰু চি পি আইয়ে হেৰুৱালে ৰাষ্ট্ৰীয় দলৰ মৰ্যদা।

Advertisment

কেইদিনমান পূৰ্বে আম আদমী পাৰ্টীয়ে কৰ্ণাটক উচ্চ ন্যায়ালয়ত ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি পাবলৈ এখন আবেদন দাখিল কৰিছিল। আবেদনত আপে কৈছিল যে পলম হোৱাৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত অসুবিধাৰ সৃষ্টি হৈছিল। লগতে এযাও কৈছিল যে আপে ৰাষ্ট্ৰীয় দলৰ সকলো চৰ্ত পূৰণ কৰাৰ পাছতো মৰ্যদা দিয়া নাছিল নিৰ্বাচনী আয়োগে।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় দলৰ মৰ্যদা লাভ কৰিবলৈ এটা দলৰ প্ৰাৰ্থীয়ে লোকসভা বা বিধানসভা নিৰ্বাচনত চাৰি বা ততোধিক ৰাজ্যত ক'মেও ৬ শতাংশ ভোট লাভ কৰিব লাগে ।ইয়াৰোপৰি ৪ খন লোকসভাৰ আসনত জয়লাভ কৰিব লাগে।

Also Read: গৱেষকৰ সংজ্ঞা কি?

aap tmc