উত্থান-পতনৰ ৰাজনীতিৰে পাৰ হ'ল ২০২২, আপৰ শক্তি বৃদ্ধি, বাদ পৰিল কংগ্ৰেছ নেতৃত্বৰ পৰা গান্ধী পৰিয়াল

মাজত মাত্ৰ এটা দিন বাকী।নতুন বছৰ এটাৰ আগমনক লৈ আমি সদায় উৎসাহী হও। নতুন চিন্তা আৰু অনিশ্চিতাৰ মাজৰ পৰা নিজক উলিয়াই আশাৰ এক বাট কৰ্ষণ কৰি ভাল পাঁও।

author-image
Asomiya Pratidin
New Update
উত্থান-পতনৰ ৰাজনীতিৰে পাৰ হ'ল ২০২২, আপৰ শক্তি বৃদ্ধি, বাদ পৰিল কংগ্ৰেছ নেতৃত্বৰ পৰা গান্ধী পৰিয়াল

মাজত মাত্ৰ এটা দিন বাকী।নতুন বছৰ এটাৰ আগমনক লৈ আমি সদায় উৎসাহী হও। নতুন চিন্তা আৰু অনিশ্চিতাৰ মাজৰ পৰা নিজক উলিয়াই আশাৰ এক বাট কৰ্ষণ কৰি ভাল পাঁও।২০২২ বৰ্ষটোৱে আমাক বহুত দিলে আৰু বহুত নিলেও। কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত কি ধৰণৰ উত্থান-পতন হৈছে সেই দৃষ্টিৰেই ২০২২ বৰ্ষৰ অন্তিম মুহুৰ্তত বৰষা শৰ্মাৰ এক বিশেষ প্ৰতিবেদন।

Advertisment

২০২২ চনৰ আৰম্ভণি ভাৰতীয় নিৰ্বাচন আয়োগে উত্তৰ প্ৰদেশ, পঞ্জাৱ, গোৱা, উত্তৰাখণ্ড আৰু মণিপুৰৰ বাবে নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছিল। সেই মৰ্মে বছৰটোৰ আৰাম্ভণিতে অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনৰ ফলাফল সমূহ ১০ মাৰ্চত ঘোষণা কৰা হৈছিল। বিজেপিয়ে পঞ্জাৱৰ বাহিৰে সকলো ৰাজ্যত জয়লাভ কৰিছিল। আনহাতে আপে পঞ্জাৱত জয়লাভ কৰি ভগৱন্ত মানক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছিল।

up election
up election

আনহাতে বছৰৰ শেষৰ ফালে হিমাচল প্ৰদেশ আৰু গুজৰাটত নিৰ্বাচন অনুষ্ঠিত হয় । এই নিৰ্বাচনত হিমাচল প্ৰদেশত কংগ্ৰেছে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে গুজৰাটত প্ৰায় ১৫৬ খন আসন দখল কৰিবলৈ সক্ষম হয় গেৰুৱা দলটোৱে।

এই নিৰ্বাচনত বিজেপিয়ে ৫০ শতাংশতকৈ অধিক আসন লাভ কৰাৰ বিপৰীতে আপে ১৩ শতাংশ আসন লাভ কৰিবলৈ সক্ষম হয়। শতাংশ হিচাপত আপৰ এই নিৰ্বাচনত প্ৰদৰ্শন ভাল আছিল।

gujarat election
gujarat election

এই নিৰ্বাচনে আগন্তুত সময়ত অন্য ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়ে ৰাজস্থান, ছত্তীশগড়, মধ্য প্ৰদেশ, কৰ্ণাটক, ত্ৰিপুৰা, মেঘালয়, নাগালেণ্ড, মিজোৰাম আৰু তেলেংগানাত আগন্তুক নিৰ্বাচনৰ ওপৰত প্ৰভাৱ পেলাব।

এটা কথা লক্ষ্য কৰিলে দেখা যায় বিজেপিয়ে নিৰ্বাচনৰ বাবে বহু আগতেই ব্লু প্ৰিন্ট তৈয়াৰ কৰে। যাৰ ফল আমি যোৱা নিৰ্বাচন সমূহত দেখি আহিছো। সেয়া লাগিলে গুজৰাট, গোৱা, উত্তৰাখণ্ড আদিয়েই নহওক কিয়। যাৰ বাবে বিজেপিয়ে যোৱা ২৭ বছৰ ধৰি গুজৰাটত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈ আহিছে।

আহি আছে লোকসভা নিৰ্বাচন। যোৱা নিৰ্বাচনৰ ফলাফলৰ পৰা এইটো অনুমান কৰিব পাৰি যে কোন দলৰ আগন্তুত নিৰ্বাচনত জয়লাভ কৰাৰ সম্ভাৱণা বেছি। ২০১৭ চনত গোৱাত বিজেপিৰ আসনৰ সংখ্যা বেছি নাছিল কিন্তু বিজেপিয়ে তেওঁলোকৰ ৰণনীতিৰ জৰিয়তে ক্ষমতালৈ আহিবলৈ সক্ষম হৈছিল।

আনকি ২০২২ চনতো দলটোৱে ৪০ জনীয়া সদনত মাত্ৰ ২০ খন আসন লাভ কৰিছিল। কিন্তু অন্য দলৰ সমৰ্থন লাভ কৰি শাসন ভাৰ গ্ৰহণ কৰিবলৈ সক্ষম হয়।

এইবাৰো গুজৰাটৰ নিৰ্বাচনৰ সময়ত বহুতে ভাবিছিল এইবাৰ কিছু পৰিমাণে গুজৰাটে নিৰাশ কৰিব মোডীক। কিন্তু ইয়াৰ প্ৰত্যুত্তৰ বিজেপিয়ে ভালকৈ দিলে। সকলোকে আচৰিত কৰি বিজেপিয়ে গঢ়িলে অভিলেখ।

আনহাতে আপেও নিজৰ শক্তি দেখুৱাইছে। ২০২২ চনত দুজন আপ বিধায়কে গোৱা নিৰ্বাচনত জয়ী হৈছিল। কিন্তু বছৰটোৰ আটাইতকৈ ডাঙৰ নিৰ্বাচনী জয় পঞ্জাৱত হৈছিল।

অন্যহাতে হিমাচলত জয়লাভ কৰিলেও কংগ্ৰেছৰ ফলাফল ভাল বুলি ক'ব নোৱাৰি। আপে কংগ্ৰেছক ক্ষতিগ্ৰস্ত কৰিছে। তদুপৰি দিল্লীৰ পৌৰ নিৰ্বাচনত ইয়াৰ বিজেপিৰ ১৫ বছৰীয়া শাসনৰ সমাপ্তি ঘটাই অৰবিন্দ কেজৰিৱালে অনাগত সময়ত গেৰুৱা দলৰ বাবে প্ৰত্যাহ্বান ৰখাৰ ইংগিত দিয়ে। আগন্তুক নিৰ্বাচনত বিজেপিৰ বাবে আপে কিছু প্ৰত্যাহ্বান আনিব পাৰে।

কিন্তু ইয়াৰ পাছতো বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ এক উচিত বিকল্পৰ প্ৰয়োজন। কেৱল প্ৰধানমন্ত্ৰী মোডীক আৰু বিজেপি সমালোচনা কৰাতই ই আৱদ্ধ হৈ থাকিলে নহ'ব। অৰবিন্দ কেজৰিৱালে তেওঁৰ বিনামূলীয়া নীতি প্ৰচাৰৰ সৈতে সামান্য পৰিমাণে হিন্দুত্ববাদৰ কথা কৈ খেলত নামি পৰিছে।কিন্তু তেওঁ এই ৰণনীতিৰ সৈতে কিমান দূৰ যাব পাৰে সেয়া এক প্ৰশ্ন হৈ আছে।

কংগ্ৰেছৰ শতিকাজোৰা নেতৃত্বৰ পৰা গান্ধী পৰিয়াল বাহিৰ হ'বলগীয়া হোৱাতো বিগত বৰ্ষৰ বাবেই নহয় একবিংশ শতিকাৰ বাবে এক ডাঙৰ ঘটনা। জৱহাৰলাল নেহৰুৰ জৰিয়তে আৰম্ভ হোৱা কংগ্ৰেছৰ পৰিয়াল কেন্দ্ৰিক নেতৃত্ব অক্ষুন্ন ৰাখিবৰ বাবে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ লগতে গান্ধী পৰিয়ালে অপ্ৰাণ চেষ্টা কৰিছিল যদিও অৱশেষত ৰাহুল গান্ধীয়ে কংগ্ৰেছ হাইকামাণ্ডৰ পদ এৰি দিব লগাত পৰিল।

২০২২ ৰ শেষভাগত হোৱা এই ঘটনা দেশৰ ৰাজনীতি তথা কংগ্ৰেছী ৰাজনীতিত অভুতপূৰ্ব। অৱশ্যে পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ পৰা কংগ্ৰেছ মুক্ত হ'লেও বৰ্তমানৰ নেতৃত্বই সমগ্ৰ দেশত কংগ্ৰেছী জোৱাৰ সৃষ্টি কৰিবলৈ বহু কষ্ট কৰিব লাগিব।

কিন্তু চেষ্টা চলাই ৰাহুল গান্ধীয়ে তেওঁৰ ভাৰত জোড়া যাত্ৰাৰ সৈতে বিজেপিৰ বিৰুদ্ধে খেলত নামি পৰিছে। বিধ্বস্তৰ পিনে গতি কৰা কংগ্ৰেছে কিছু ঠন ধৰি উঠোৱাৰ অপ্ৰাণ চেষ্টা কৰিছে কংগ্ৰেছে।

rahul gandhi bharat jodo yatra
rahul gandhi bharat jodo yatra

ইয়াৰোপৰি আৰু বহু বিৰোধী দলে বিজেপিক প্ৰতিৰোধ কৰাৰ চেষ্টা কৰিছিল যদিও সফল হোৱা নাই। বিহাৰত বিজেপিক বিশ্বাস ঘাটকতা কৰি জেডেইউয়ে চৰকাৰ গঠন কৰিলে। কিন্তু ইয়াৰ প্ৰত্যুত্তৰ বিজেপিয়ে দিব।

আমি মহাৰাষ্ট্ৰৰ কথাকে আমি ক'ব পাৰো। এটা নিশাৰ ভিতৰত বিজেপিৰ হাতৰ পৰা সকলো লৈ যোৱা শিৱসেনাক প্ৰত্যুত্তৰ দিলে মোডীয়ে। প্ৰায় এবছৰৰ পাছত একনাথ সিন্দেৰ সহায়ত চৰকাৰ গঠন কৰিলে মহাৰাষ্ট্ৰত।

এই ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ অসম গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ হটস্পট হৈ পৰিছিল গুৱাহাটী। আৰু এই সমগ্ৰ ঘটনাত হাত থকাৰ অভযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে।

হয়তো হিমাচল প্ৰদেশতো হ'ব পাৰে এনে এক ৰাজনৈতিক ৰদ বদল। কংগ্ৰেছৰ দখললৈ যোৱা হিমাচল প্ৰদেশ কিমান দিন কংগ্ৰেছৰ হাতত থাকে সেয়া এক ডাঙৰ প্ৰশ্ন।

সকলো বিজেপি বিৰোধী দলৰ ভিতৰত আপ হৈছে একমাত্ৰ দল যি সম্প্ৰসাৰিত হৈ আছে। আপৰ শক্তি বৃদ্ধি হৈছে। কিন্তু অৰবিন্দ কেজৰিৱালৰ ৰাজনৈতিক পৰ্যলোচন কৰিলে দেখা যায় যে তেওঁ মোডীৰ বাবে বৰ বেছি প্ৰত্যাহ্বান নহ'ব। আগন্তুক মাহত মিত্ৰজোঁটৰ ৰূপ কি হ'ব কোনেও নাজানে। এই বছৰটো বিজেপিৰ বাবে উপযুক্ত।অন্যহাতে বিশ্বাস কৰা হয় যে কেজৰিৱালে ২০২৯ ৰ বাবে প্ৰস্তুতি চলাই আছে। যেতিয়া তেওঁৰ বয়স ৬১ বছৰ হ'ব আৰু তেতিয়া ৭৯ বছৰীয়া মোডী এই দৌৰত নাথাকিবও পাৰে।

আনহাতে পশ্চিমবংগৰ বিগত নিৰ্বাচন সমূহত বিজেপিয়ে মমতা বেনাৰ্জীক প্ৰত্যাহ্বান জনাব পৰা নাই। এই ক্ষেত্ৰত বিজেপিয়ে বহু বিকল্প ব্যৱস্থা হাতত লৈ পশ্চিম বংগ দখল কৰাৰ চেষ্টা কৰিছে। সেইবাবে আগন্তুত পশ্চিমবংগৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে ৰচনা কৰিছে ব্লু প্ৰিন্ট। একাংশৰ মতে এই ক্ষেত্ৰত বিজেপিয়  পশ্চিমবঙ্গ, বিহাৰ আৰু অসমৰ অবিভক্ত গোৱালপাৰা জিলাক সাঙুৰি পৃথক গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য গঠনৰ চেষ্টা কৰিছে।

অসম তথা উত্তৰ পূবো বিজেপিৰ বাবে গুৰুত্বপূৰ্ণ। বছৰৰ শেষত বিজেপিত দেখা যায় অসমত এক আভ্যান্তৰীণ সংঘাত। সদ্য সমাপ্ত দেউৰী স্বায়ত্ব শাসিত নিৰ্বাচনত যদিও শাসক দল বিজেপি সমৰ্থিত পাৰ্টীয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰে তৎস্বতেও পৰিষদ খনৰ মুখ্য কাৰ্যবাহী নিৰ্বাচনক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

দুৰ্নীতি গ্ৰস্ত বুলি অভিযুক্ত ভৈৰৱ দেউৰীক মুখ্য কাৰ্যবাহী আৰু ভাস্কৰ দেউৰীক উপ কাৰ্যবাহী সদস্য পতাক লৈ প্ৰত্যক্ষভাৱে নিৰ্বাচিত সদস্য সকলে শীৰ্ষ নেতা তথা মন্ত্ৰীৰ সন্মুখতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ইয়াকে লৈ পৰিস্থিতি ইমানেই হুলুস্থুলীয়া হয় যে ১০ মিনিটৰ ভিতৰতে বিশালভাৱে আয়োজন কৰা শপত গ্ৰহণ অনুষ্ঠান সামৰিব লগা হয় দলটোৰ শীৰ্ষ নেতা তথা মন্ত্ৰী সকলে।

modi in meghalaya
modi in meghalaya

উত্তৰ পূৱৰ অন্য ৰাজ্য সমূহৰ কথা লক্ষ্য কৰিলে দেখা যায় যে বিজেপিয়ে খোপনি পুতি ৰখাৰ অশেষ চেষ্টা কৰিছে। মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে এনডিএৰ সংগ এৰাৰ কথা ওলাই থাকোতেই প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আদিৰ আহ জহ বৃদ্ধি পাইছে উত্তৰ পূৱলৈ।

আনহাতে বছৰৰ শেষত সলনি হ'ল ভাৰতৰ দীৰ্ঘকালৰ বন্ধু দেশ নেপালৰ প্ৰধানমন্ত্ৰী। পূৰ্বৰে পৰা নেপালত খোপনি পোতাৰ বাবে চেষ্টা অব্যাহত ৰখা ৰঙা চীনৰ বাবে এয়া কূটনৈতিক সফলতা বুলি বিবেচিত হৈছে। ইয়াৰ বিপৰীতে ৭০ দেশে ঘেৰি ৰখা ভাৰতৰ বাবে নেপালত চীনৰ খোপনি সমাগত সময়ত আন এক মূৰৰ কামোৰণি যে হৈ পৰিব সেই আশংকাও পৰ্যবেক্ষক মহলে কৰিছে।

বিশেষকৈ লাডাখৰ পৰা অৰুণাচললৈ সমগ্ৰ উত্তৰ ভাৰতৰ সীমান্তত চীনৰ সামৰিক তৎপৰতাৰ সময়ত নেপালৰ ৰাজনৈতিক পৰিৱৰ্তন এক গুৰুত্বপূৰ্ণ ঘটনা হিচাপে পৰিগণিত হৈছে।

আৰু পঢ়ক: ছোৱালী যোগান ধৰা পল্লৱী শইকীয়াৰ পাৰ্লাৰত কি কাম ৰাজ্যৰ এজন জনপ্ৰিয় কণ্ঠশিল্পীৰ...

congress narendra modi bjp aap arvind kejriwal