ছোৱালী যোগান ধৰা পল্লৱী কলিতাৰ পাৰ্লাৰত কি কাম ৰাজ্যৰ এজন জনপ্ৰিয় কণ্ঠশিল্পীৰ...

নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় চলোৱা জানমণি দাস আৰু তেওঁৰ সহযোগীক গ্ৰেপ্তাৰ কৰাৰ পাছতেই বৰ্তমানলৈকে কেচু খান্দোতে সাপ ওলাইছে।
ছোৱালী যোগান ধৰা পল্লৱী কলিতাৰ পাৰ্লাৰত কি কাম ৰাজ্যৰ এজন জনপ্ৰিয় কণ্ঠশিল্পীৰ...

ডিজিটেল ডেস্ক: নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় চলোৱা জানমণি দাস আৰু তেওঁৰ সহযোগীক গ্ৰেপ্তাৰ কৰাৰ পাছতেই কেচু খান্দোতে সাপ ওলাইছে। মহানগৰীৰ স্পা সমূহলৈ উজনি অসমৰ ধুনীয়া যুৱতীক যোগান ধৰা পল্লৱী কলিতা গ্ৰেপ্তাৰ কৰাৰ পাছত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য।

যোৰহাটৰ বৰুৱা চাৰিআলিত বাৰবাৰা নামৰ এখন ইউনিচেস্ক পাৰ্লাৰ খুলি এই ব্যৱসায় চলোৱা পল্লৱী কলিতাৰ ৰাজ্যৰ এজন বিশিষ্ট কণ্ঠশিল্পীৰ সু-সম্পৰ্ক। আনকি কিছুদিন পূৰ্বে যোৰহাটত জন্মদিন পালন কৰিবলৈ গৈ এই স্পাতেই কিছু সময় কটাইছিল এই গৰাকী কণ্ঠশিল্পীয়ে।

''অসমীয়া প্ৰতিদিন ডিজেটেল''ৰ হাতত পৰা তথ্য অনুসৰি এই কণ্ঠশিল গৰাকীৰ সৈতে থকা সম্পৰ্কৰ বাবে আৰক্ষীয়ে তেওঁক কৰায়ত্ব কৰাৰ পাছত এই গৰাকী নাৰী দেহৰ ব্যৱসায় কৰা মহিলাক উদ্ধাৰ অভিযানত নামিছে তেওঁৰেই একাংশ ঘনিষ্ঠ।

এজন চিকিৎসকৰ স্বত্বাধিকাৰত বিউটি পাৰ্লাৰ খুলি যোৰহাট পুলিচৰ অগচোৰেই এই ব্যৱসায় চলোৱা পল্লৱী কলিতাই হোটেল সমূহলৈও যোগান ধৰে যুৱতী। যোৰহাটৰ এখন বিশেষ হোটললৈ নিয়মীয়াকৈ যুৱতী যোগান ধৰা কলিতাই এজনী যুৱতী যোগান ধৰাৰ নামত আদায় লয় ৩ৰ পৰা ৫ হাজাৰ টকা।

এই গৰাকী শিল্পীৰ জন্মদিনৰ প্ৰথম শাৰীৰ আসনত বহিছিল পল্লবী কলিতা। এটা সাধাৰণ পৰিয়ালৰ পৰা অহা পল্লবী কলিতাই কম দিনৰ ভিতৰতে লাখ লাখ টকা সম্পত্তি গঢ়াৰ আঁৰত আছে এই ব্যৱসায়।

ইতিমধ্যে আৰক্ষীয়ে তেওঁৰ বেংক সমূহ জব্দ কৰি ছীল কৰি দিছে। বিশাল নামৰ এজন যুৱকৰ উদ্যোগত এই ব্যৱসায়ৰ পাতনি মেলা পল্লৱী কলিতাই বহু গ্ৰাহক তথা উচ্চ পদস্থ বিষয়াক ফৰমাইচ অনুসৰি যুৱতী যোগান ধৰে।

এই বিশাল নামৰ যুৱক গৰাকী হ'ল জানমণি দাসৰ দূৰ সম্পৰ্কীয় ভাতৃ। ইফালে এই ব্যৱসায় চলোৱা বিউটি পাৰ্লাৰখন থকা শ্যামন্ত গৌতম নামৰ যুৱক জনৰ সৈতেও পল্লৱী কলিতাৰ আছে সু-সম্পৰ্ক।

যোৰহাটৰ বাহিৰত থকা জনৈক সীমান্তৰ জৰিয়তে পল্লৱীয়ে সু সম্পৰ্ক স্থাপন কৰিছিল তেওঁৰ সৈতে নাম উচ্ছৰিত হোৱা কণ্ঠশিল্পী গৰাকীৰ সৈতে।

ইতিমধ্যে ''অসমীয়া প্ৰতিদিন ডিজিটেলে'' প্ৰকাশ কৰিছে গোলাঘাটৰ এগৰাকী যুৱতীক কেনেকৈ পল্লৱীয়ে আনি জানমণিৰ হাতত গতাই দিছিল আৰু পৰৱৰ্তী সময়ত সেই যুৱতী গৰাকীয়ে জানমণিৰ কব্জাৰ পৰা পলাই গৈ কিছুদিনৰ পূৰ্বে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল।

সততে নীতি শিক্ষা দিয়া এজন শিল্পীৰ নাম সাঙোৰ খাই পৰাত স্তম্ভিত হৈছে ৰাজ্যৰ সচেতন মহল। এতিয়া এই গৰাকী যুৱতীক উদ্ধাৰত নামিছে নতুন প্ৰজন্মৰ বৌদ্ধিক কচৰৎ কৰা এজন সচেতন যুৱক।

''অসমীয়া প্ৰতিদিন ডিজিটেল''ত সবিস্তাৰে পৰৱৰ্তী প্ৰতিবেদনত প্ৰকাশ কৰা হ'ব এই নাৰী সৰবৰাহকাৰী চক্ৰৰ আৰু অধিক তথ্য।ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ পৰা আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ মানুহ সৰবৰাহ কৰা চক্ৰৰ বিৰুদ্ধে কেন্দ্ৰীয় অনুসন্ধানকাৰী সস্থা তৎপৰ হৈ পৰিছে।এই বিশাল চক্ৰ উৎখাত কৰিলে বহু নিৰিহ যুৱতী ৰক্ষা পৰিব এই কবলৰ পৰা ।

আৰু পঢ়ক: ভয়ংকৰ পথ দুৰ্ঘটনাত ৫ জনৰ মৃত্যু, আহত কেইবাজনো...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in