ত্ৰিপুৰাত আকৌ ফুলিবনে পদুম?

কাৰ দখললৈ যাব ত্ৰিপুৰাৰ শাসন। শক্তিশালী ৰূপত বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে আছে কংগ্ৰেছ-চিপিআইএমৰ শক্তিশালী প্ৰাৰ্থী। বিভিন্ন উপজাতিৰে সংগঠিত ৰাজনৈতিক শক্তিয়েও মাৰিছে ভুমুকি।

author-image
Asomiya Pratidin
New Update
ত্ৰিপুৰাত আকৌ ফুলিবনে পদুম?

ত্ৰিপুৰাত কোনে মাৰিব শেষ হাঁহি। কাৰ দখললৈ যাব শাসন। নিৰ্বাচন অনুষ্ঠিত হৈ আছে। ২ মাৰ্চত ওলাব ফলাফল। ত্ৰিপুৰ নিৰ্বাচনক প্ৰেক্ষাপটক লৈ অসমীয়া প্ৰতিদিন ডিজিটেলৰ প্ৰতিবেদন-

Advertisment

২০১৮ চনৰ বিধানসভা নিৰ্বাচনত ৬০ খন আসনৰ ভিতৰত ৩৬ খনেই দখল কৰি শাসনলৈ আহিছিল বিজেপি। দুটা দশকৰ বাঁওদলৰ শাসন ওফৰাই দিছিল ক্ষমতা হস্তগত কৰিছিল দলটোৱে।

এতিয়া পৰিৱেশ পৰিস্থিতি কিছু সলনি হৈছে। বিজেপিয়ে আশা কৰি আছে পুনৰ তেওঁলোকে শাসনলৈ উভতিব। এইবাৰ মূলত তিনিকোনীয়া প্ৰতিদ্বন্দিতা দেখিবলৈ পোৱা যাব।

আইপিএফটিৰ সৈতে এই নিৰ্বাচনত বিজেপিৰ মিত্ৰতা আছে। ৰাজ্যখনত প্ৰায় ১৮ ৰ পৰা ২০ খন আসনত আইপিএফটিৰ প্ৰভাৱ মন কৰিবলগীয়া। এই সমীকৰনেৰে বিজেপি মিত্ৰজোটে ৩৩ ৰ পৰা ৪৪ খন আসন লাভ কৰিব বুলি আশা কৰিছে।

যোৱা ৫ বছৰৰ বিজেপিৰ শাসন কালত শাসকীয় দলটোৰ প্ৰতি প্ৰতিষ্ঠান বিৰোধী ঢৌ উঠাৰ বাবে জনজাতীয় শক্তি সমূহে মূৰ দাঙি উঠিছে। মানুহৰ মাজত চৰ্চা চলিছিল বিজেপিয়ে ৰাইজে বিচৰা ধৰণে শাসন দিব পৰা নাছিল। যাৰ বাবে নিৰ্বাচনলৈ মাত্ৰ ১০ মাহ থকা অৱস্থাত বিপ্লৱ দেক আঁতৰাই মানিক সাহাক মুখ্যমন্ত্ৰীৰ আসনত বহাইছিল বিজেপিৰ নেতৃত্বই।

এইবাৰ নিৰ্বাচনত কংগ্ৰেছ আৰু চিপিআই(এম)য়ে একেলগে প্ৰতিদ্বন্দিতা কৰিছে। ২০১৮ চনত চিপিআইয়ে ১৬ খন আসন লাভ কৰিছে। কংগ্ৰেছে এখনো আসন লাভ কৰা নাছিল। কিন্তু ভোটৰ শতাংশৰ হাৰত ২০১৮ৰ নিৰ্বাচন পৰ্যালোচনা কৰিলে দেখা পোৱা যায় যে বিজেপিয়ে মুঠ ভোটৰ ৪৪ শতাংশ আৰু চিপিআই ৪২ শতাংশ ভোট লাভ কৰিছিল।

সেইবাৰ কংগ্ৰেছে ২ শতাংশ ভোট লাভ কৰিছিল। অথচ ২০১৩ চনত কংগ্ৰেছে লাভ কৰা ভোটৰ শতকৰা হাৰ আছিল ৩৭ শতাংশ। কংগ্ৰেছৰ বেছিভাগ ভোটেই বিজেপিৰ শিবিৰলৈ গৈছিল।

এইবাৰ চিপিআই(এম)য়ে ৪৬ খন আসনত আৰু কংগ্ৰেছে ১৩ খন আসনত প্ৰতিদ্বন্দিতা কৰিছে। এই নতুন ৰাজনৈতিক সমীকৰনে ত্ৰিপুৰৰ নিৰ্বাচনৰ ফলাফলত প্ৰভাৱ পেলালেও আচৰিত হবলগীয়া একো নাই।

টিএমচিয়ে ত্ৰিপুৰা নিৰ্বাচনত শক্তিশালী প্ৰতিদ্বন্দিতা কৰিছে। ৰাজনৈতিক বিশেষজ্ঞ সকলৰ মতে টি এম চিয়ে মূলত কংগ্ৰেছ, বাঁওদলকহে ক্ষতি কৰিব। ২০১৮ চনত এখনো আসন লাভ নকৰা দলটোৱে এইবাৰ ২৮ খন আসনত প্ৰতিদ্বন্দিতা কৰিছে। বিভিন্ন উপজাতিৰে সংগঠিত ৰাজনৈতিক শক্তিয়েও এইবাৰৰ নিৰ্বাচনত ভূমিকা পালন কৰিব।

আৰু পঢ়ক: দক্ষিণ ত্ৰিপুৰা, ধনপুৰত অঘটনঃ চিপিআইএমৰ কৰ্মীক বিজেপি সমৰ্থকৰ প্ৰহাৰৰ অভিযোগ

bjp election tripura cpi m