সাৱধান! দ্যা ইউনিয়ন ক'পাৰেটিভ বেংকত সাঁচতীয়া ধন থৈছিল নেকি?

কষ্টৰ ধন জমা থৈছিল বেংকত। কিন্তু এই ধনেই আত্মসাৎ কৰি পলাই ফুৰিছে বেংক কৰ্তৃপক্ষ। যাৰ বাবে চিন্তিত হৈ পৰিছে গ্ৰাহক।
সাৱধান! দ্যা ইউনিয়ন ক'পাৰেটিভ বেংকত সাঁচতীয়া ধন থৈছিল নেকি?

শ্বীট ফাণ্ডৰ দৰে আন এক ঘটনা। গ্ৰাহকক লুটি পলাই ফুৰিছে এটা বেংকৰ কৰ্মকৰ্তা। কষ্টৰ উপাৰ্জিত ধন আত্মসাৎ কৰাৰ অভিযোগ বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে। অসমৰে কোনটো বেংকে সংঘটিত কৰিছে এই কাণ্ড। 'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ এক অনুসন্ধানমূলক প্ৰতিবেদন...

গ্ৰাহকক জমা ধন উভতাই দিব নোৱাৰি পলাই ফুৰিব লগা হৈছে এটা বেংকৰ কৰ্মকৰ্তা। আনকি বেংকটোৰ মহানগৰীৰ এটা শাখা বন্ধ কৰি দিছে গ্ৰাহকৰ পৰা আঁতৰি থাকিবলৈ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৪০ টাৰো অধিক শাখা আছে দ্যা ইউনিয়ন ক'পাৰেটিভ বেংক লিমিটেডৰ।

সেই বেংকটোত প্ৰতিদিনে নিয়মীয়াকৈ ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি বিভিন্ন জন গ্ৰাহকে ধন জমা থয়। মূলত এবছৰ দৈনিক এনেদৰে ধন জমা ৰখাৰ পাছত সেই ধনৰ সুদে মূলে উভতাই দিব লাগে বেংক কৰ্তৃপক্ষই গ্ৰাহকক।

ধন জমা লয় ঠিকেই, বহু গ্ৰাহকক মেচুৰিটি হোৱাৰ পাছতো ধন ঘূৰাই নিদিয়া অভিযোগ উত্থাপন হৈছে এই বেংকৰ বিৰুদ্ধে। ২ বছৰৰ পৰা ধন বিচাৰি বেংকৰ ভঙাগড়ত থকা মুখ্য কাৰ্যালয়লৈ তাঁত বাটী কাঢ়িব লগীয়া হৈছে গ্ৰাহক।

অসমীয়া প্ৰতিদিন ডিজিটেলৰ আগত এগৰাকী গ্ৰাহকে জানিবলৈ দিয়া মতে দৈনিক ৮০০ টকাকৈ তেওঁ জমা থৈছিল ধন। প্ৰায় ২ লাখ ৫৫ হাজাৰ টকা ঘূৰাই পাব লগা গ্ৰাহক জনে বেংকটোৰ মুখ্য কাৰ্যালয়লৈ গৈ জানিব পাৰিলে সেই ধন জমা হোৱা নাই বেংকত।

বেংকটোৰ নুনমাটি শাখাত এনেদৰে ধন জমা থোৱা প্ৰায় ৩০০ গ্ৰাহকৰ আজি এই অৱস্থা। সাঁচতীয়া ধন কেইটা বিচাৰি বেংকলৈ গৈ তিক্ত অভিজ্ঞতাৰ সন্মুখীন হোৱা গ্ৰাহক সকলে ধন নিবলৈ অহা এজেন্ট সকলক ইয়াৰ বাবে জবাবদিহি কৰাত এজেন্ট সকলে কোনো সুদোত্তৰ দিব পৰা নাই।

১০ ফেব্ৰুৱাৰী ২০২৩ ত একাংশ এজেন্টে নুনমাটি থানাত ৰুজু কৰে এক গোচৰ। এজাহাৰত উল্লেখ কৰা মতে তেওঁলোকৰ ইনচাৰ্জ জুমি মেছ আৰু এম ডি ৰাজেন্দ্ৰ দাসে মিলি গ্ৰাহকৰ সেই ধন আত্মসাৎ কৰিছে।

এনেবোৰ অভিযোগৰ পাছতেই বেংকটোৰ নুনমাটি শাখা বন্ধ কৰি দিছে দ্যা ইউনিয়ন ক'পাৰেটিভ বেংক লিমিটেডে। ধন বিচাৰি নাপাই অতিষ্ঠ হৈ গ্ৰাহকে বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ প্ৰস্তুতি চলাইছে।

ইফালে বেংকটোৰ অধ্যক্ষৰ দায়িত্বত থকা ললিত শইকীয়াই এই ঘটনা সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰে। অৱশ্যে বেংকটোৰ আন এগৰাকী উচ্চ পদস্থ বিষয়াই নুনমাটি তেওঁলোকৰ শাখাত ৫০ লাখ টকা খেলি মেলি হোৱা কথা জানিবলৈ দিয়ে।

এনেদৰে গ্ৰাহকৰ ধন আত্মসাৎ, সময়মতে ধন ঘূৰাই নিদিয়া এই বেংকটোৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে ৰাইজে। এই বেংকটোৰ মুখ্য কাৰ্যালয় আছে জি এছ ৰোডৰ ভঙাগড়ত।

মুখ্যমন্ত্ৰী আৰু আৰক্ষীয়ে এই দুৰ্নীতি আৰু ধন আত্মসাৎ ঘটনাৰ উপযুক্ত তদন্তৰ ব্যৱস্থা কৰিবলৈ গ্ৰাহক সকলে দাবী জনাইছে।এই বেংকটোৰ বোৰ্ড অফ ডাইৰেক্টৰত আছে বিভিন্ন স্থানৰ ১৩ জন লোক।

আৰু পঢ়ক: ৪ দিনৰ আগলৈকে হাঁহি থকা ছোৱালীজনী কিয় হ'ল আত্মঘাতী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in